জিনিয়াছ: উদ্দীপ তালুকদাৰ (অন্তিম খণ্ড)

জিনিয়াছঃ এলান টুৰিং (২৩ জুন, ১৯১২ – ৭ জুন, ১৯৫৪)

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এলান টুৰিঙে সংকেত পাঠোদ্ধাৰৰ কাৰ্যত জড়িত হৈ ইংলেণ্ডৰ চৰকাৰৰ পৰা বিশেষ সন্মান লাভ কৰাৰ কথা আগৰ অধ্যায়তে কৈ অহা হৈছে।এই কাৰ্যৰ মূখ্য সদৰ আছিল Bletchley park নামৰ এখন সৰু ঠাই।ইয়াৰ কাম কৰাৰ সময়তে টুৰিঙে নিজ সহকৰ্মী জোআন ক্লাৰ্কক বিবাহৰ প্ৰস্তাৱ আগবঢ়াইছিল।কিন্তু বাগদত্তাৰ আগত নিজৰ সমকামীতাৰ কথা প্ৰকাশ কৰাৰ পাছত এই সম্বন্ধ ভাঙিযায়।
১৯৪২ চনত আমেৰিকাৰ পৰা উভতি আহি টুৰিঙে ইলেকট্ৰনিক্‌চত মনোনিবেশ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত দেখি অহা কলোছাছ নাম কম্পিউটাৰৰ দক্ষতা দেখি তেখেত অনুপ্ৰাণিত হৈছিল। আৰু ধাৰণা কৰিছিল যে তেখেতৰ দ্বাৰা আলোচিত টুৰিং মেচিনৰ নিৰ্মান ইলেক্ট্ৰনিক্‌চৰ দ্বাৰাহে সম্ভৱ। কলোছাছ আদিকো কম্পিউটাৰ বোলা হৈছে যদিও আজিৰ কম্পিউটাৰৰ লগত ইয়াৰ এটা মূলগত পাৰ্থক্যআছে। আজিৰ ডিজিটেল কম্পিউটাৰ বা টুৰিঙৰ টুৰিং মেচিনৰ বিশেষ ধৰ্ম হৈছে যে এইযন্ত্ৰবোৰ কোনো বিশেষ তাৰ্কিক গণনাৰ বাবে নিৰ্মিত নহয়। ডিজিটেল কম্পিউটাৰ বা টুৰিং মেচিনত একেটা যন্ত্ৰৰ দ্বাৰাই সকলো গাণিতিক সমস্যাৰ বিশ্লেষণসম্ভৱ। ১৯৪৪ চনৰ নৰ্মাণ্ডি দখলৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধৰ ব্যস্ততা কমি আহে আৰু টুৰিঙে তেখেতৰ টুৰিং যন্ত্ৰৰ প্ৰকৃত নিৰ্মাণৰ বাবে চেষ্টা কৰে।আধুনিক কম্পিউটাৰ নিৰ্মাণৰ বাবে সকলোখিনি ধাৰণা টুৰিঙে একগোট কৰিব পাৰিছিল।এই ধাৰণাকেইটা আছিলঃ ১. নিজৰে আৱিষ্কৃত টুৰিং মেচিনৰ ধাৰণা, ২.ইলেকট্ৰনিক্‌চৰ জ্ঞান (আমেৰিকা ভ্ৰমণৰপৰা আহি টুৰিঙে ইলেকট্ৰনিক্‌চ অধ্যয়ণ কৰিবলৈ আৰম্ভ কৰিছিল), ৩. বিশেষ গাণিতিক কামৰ বাবে ব্যৱহৃত সীমিত সুবিধাৰ যন্ত্ৰৰ বিষয়ে তেখেতৰ যথেষ্ট জ্ঞান আছিল (আগতে উল্লেখ কৰা bombe, banburismus আদি আছিল সীমিত গাণিতিক বিশ্লেষণৰ বাবে ব্যৱহৃত যন্ত্ৰ যিবোৰ সংকেত পাঠোদ্ধাৰৰ বাবে টুৰিঙে নিতে ব্যৱহাৰ কৰিছিল।
<
টুৰিং মেচিনৰ গণিতে দেখুৱাইছিল যে সকলো সমস্যা সমাধান কৰিব পৰা এলগৰিথম নাথাকে, কিন্তু এলান টুৰিঙে বুজিছিল যে নোৱাৰাখিনি বাদ দি পৰাখিনি কৰিবলৈ প্ৰকৃত যন্ত্ৰএটা সাজি উলিয়াব পাৰিলেই পৃথিৱীৰ বুৰঞ্জী সলনি হৈ যাব।

এনে সময়তে১৯৪৫ আমেৰিকা যুক্তৰাষ্ট্ৰত EDVAC আঁচনিৰ অধীনত এটা বৈদ্যুতিন কম্পিউটাৰ (EDVAC) সজাৰ কাম আৰম্ভ কৰা হয়। ইংলেণ্ডতো প্ৰতিযোগিতাৰ মনোভাৱেৰে বৈদ্যুতিন কম্পিউটাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়, আৰু ইয়াৰে জ্যেষ্ঠ মূখ্যবিজ্ঞান প্ৰাধিকাৰীৰ পদত টুৰিঙক অধিষ্ঠিত কৰা হয়। এই আঁচনিৰ অধীনত স্বয়ংক্ৰিয় গাণনিক যন্ত্ৰ (Automatic Computing Machine (ACE))-ৰ নিৰ্মাণকাৰ্য আৰম্ভ হয়।

আমেৰিকাই নিৰ্মাণ কৰিবলৈ লোৱা কম্পিউটাৰৰ লগত ACE-ৰ এটা মূলগত পাৰ্থক্য আছিল। টুৰিঙে বিচাৰিছিল এটা বিশ্বজনীন গাণনিকযন্ত্ৰ, য’ত এলগ’ৰিথম সমূহ যন্ত্ৰৰ অংশ হিচাপে সংলগ্ন নাথাকিব, বৰং সমস্যা সমাধানৰ এলগ’ৰিথম সমূহ কম্পিউটাৰটোক প্ৰয়োজনমতে শিকাব পৰা যাব। এইব্যৱস্থাত একেটা যন্ত্ৰতে বেলেগ বেলেগ এলগ’ৰিথম ব্যৱহাৰ কৰি অংকৰপৰা দবা খেললৈকে সকলো কৰিব পৰা যাব। এই ব্যৱস্থা কম্পিউটাৰ প্ৰোগ্ৰামিঙৰ দ্বাৰাকৰাটো সম্ভৱ আছিল। এই কামৰ বাবে টুৰিঙে সাজি উলিয়াইছিল, Abbreviated Code Instructions, যিটো প্ৰথম ব্যৱহৃত কম্পিউটাৰ প্ৰগ্ৰামিং লেংগুৱেজ।

অৱশ্যে টুৰিঙৰ তাত্বিক অগ্ৰগতিৰ বাহিৰে ACE-ৰ প্ৰকৃত নিৰ্মাণৰ কাম অলপো আগবঢ়া নাছিল। ১৯৪৭ চনত ACE-আঁচনিৰ পৰিচালক সংস্থা National Physics Laboratory-য়ে (NPL) টুৰিঙক কেমব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যাপনাৰ কামত নিয়োগকৰে। অধ্যাপনা কালতে টুৰিঙে স্নায়ুবিজ্ঞান আৰু ফিজিঅ’লজীত মনোনিবেশ কৰে আৰুতাৰ আধাৰতে ‘স্নায়ৱিক জাল’ (neural net)-ৰ ধাৰণা সম্বলিত এখন গৱেষণা পত্ৰ NPL-লৈ প্ৰেৰণ কৰে। ‘স্নায়ৱিক জাল’-ৰ ধাৰণা কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় ধাৰণা।

NPL-ৰ অনীহাৰ বাবেই ACE-ৰ নিৰ্মাণৰ কাম পিছপৰি ৰয়, আৰু আমেৰিকাত চলি থকা গৱেষণা বহুদূৰ আগবাঢ়ি যায়, আৰু ১৯৪৯ চনত EDVAC-ৰ নিৰ্মান সম্পূৰ্ণ হয়। এই সময়খিনিত টুৰিঙৰ গৱেষণাৰ কাম-কাজ কিছু স্তিমিত হয় যদিও তেখেতে দৈৰ্ঘ্য দূৰত্বৰ খোজ কঢ়াত বিশেষ ভাৱে মনোনিবেশ কৰে।কেবাটাও অপেছাদাৰী প্ৰতিযোগিতাত তেখেতে বিজয়ীৰ পুৰস্কাৰ লাভ কৰিছিল, আনকি১৯৪৮-চনৰ অলিম্পিক খেলৰ বাবে ব্ৰিটিছ দলত তেখেতৰ নাম অন্তৰ্ভুক্ত হোৱাৰো সম্ভাৱনা আছিল।

কেমব্ৰিজত বসবাস কৰা কালচোৱাত নেভিল জনছন নামে এগৰাকী গণিতৰ ছাত্ৰৰ লগত টুৰিঙৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। এই সময়তে এলান টুৰিঙে নিজৰ সমকামিতাৰ কথা খোলাখুলিকৈ ৰাজহুৱা কৰিবলৈ আৰম্ভ কৰে।

১৯৯৪ চনত ভন নিউমেনৰ অনুৰোধ মৰ্মে এলান টুৰিং আহি মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ উপ-অধীক্ষক পদবীত যোগ দান কৰে। অৱশ্য এই সময়খিনিত কম্পিউটাৰ বিজ্ঞানৰ প্ৰতি টুৰিঙৰ বিশেষ অৱদান পোৱা নাযায়। এই সময়ত তেখেতে বিভিন্ন বিষয় সম্পৰ্কে চিন্তা-চৰ্চা আৰম্ভ কৰে। এই সানমিহলি কামবোৰৰ মাজতে তেখেতে দৰ্শনৰ জাৰ্নেল Mind-ত ‘Computing Machinery and Intelligence’ নামে এক সুদূৰপ্ৰভাৱী প্ৰবন্ধ প্ৰকাশ কৰে। এই প্ৰবন্ধতে তেখেতে কৃত্ৰিম বুদ্ধিমত্তাৰ দাৰ্শনিক দিশত কেবাটাও মূল্যবান মতবাদ আগবঢ়ায়। ইয়াতেই ‘টুৰিঙৰপৰীক্ষা’ (Turing Test)-ৰ বিষয়ে কোৱা হৈছিল।

‘টুৰিঙৰ পৰীক্ষা’ কৃত্ৰিম বুদ্ধিমত্তাৰ এক ধ্ৰুপদী পৰীক্ষা বুলিব পাৰি। এলান টুৰিঙে লিখিছিল, মানহৰ বুদ্ধিমত্তা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ মাজত দাৰ্শনিক পাৰ্থক্য থাকিলেও পৰীক্ষামূলক ভাৱে দুয়োটা একে পৰ্যায়ৰ বুলি ক’ব পৰা অৱস্থতা এটা পাবপাৰি। তেখেতে কৃত্ৰিম বুদ্ধিমত্তাক প্ৰাকৃতিক বুদ্ধিমত্তাৰ লগত তুলনা কৰিবপৰা এটা পৰীক্ষা উদ্ভাৱন কৰি আগবঢ়াইছিল। ইয়াকে ‘টুৰিঙৰ পৰীক্ষা’ বোলা হয়।টুৰিঙ পৰীক্ষাত এগৰাকী সাধাৰণ বুদ্ধি সম্পন্ন সঁচা মানুহে একে সময়তে এজন সঁচা মানুহ আৰু এটা কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন যন্ত্ৰৰ লগত মিথস্ক্ৰিয়াকৰে (interact) কৰে আৰু নিৰ্ণয় কৰিব লাগে (অৱশ্যে এই মিথস্ক্ৰিয়া চাক্ষুসহ’ব নালাগিব, লিখিত হে হ’ব (ইণ্টাৰনেট চেটিঙৰ দৰে)), আৰু সেই মিথস্ক্ৰিয়াৰ ভিত্তিত ব্যক্তিগৰাকীয়ে ক’ব লাগিব কোনজন সঁচা, কোনটো কৃত্ৰিম বুদ্ধিৰ যন্ত্ৰ। যেতিয়াই মানুহজনে প্ৰশ্নোত্তৰ আধাৰত এই পাৰ্থক্য নিৰ্ণয় কৰিব নোৱাৰা অৱস্থা এটা পাব, তেতিয়াই কৃত্ৰিম বুদ্ধিমত্তাক স্বাভাৱিক বুদ্ধিমত্তাৰ পৰ্যায় পোৱা বুলিব পাৰি। ওপৰত ইণ্টাৰনেট চেটিঙৰ কথা উল্লেখকৰা হৈছে। লগতে উল্লেখযোগ্য যে আজিকালি বহুতো চেটিং চাইটত (বিশেষকৈ যৌনবাৰ্তাৰ বাবে ব্যৱহৃত চেটিং চাইটবিলাকত) এনে কাৰ্যৰ বাবে বিভিন্ন কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰগ্ৰাম ব্যৱহাৰ কৰা হয়। অৱশ্যে এতিয়াও কোনেও টুৰিং পৰীক্ষাতসফল হ’ব পৰা নাই।

টুৰিং পৰীক্ষাৰ লগতে একে সময়তে এলান টুৰিঙে জীৱবিজ্ঞানৰ বিকাশ আৰু বৃদ্ধিৰ গাণিতিক তত্ব (The Chemical Basis of Morphogenesis)কিছুমান প্ৰণয়ন কৰে। সেই সময়তে টুৰিঙে গণিতৰ এটা অদ্য অমীমাংসিত সমীকৰণ ‘ৰাইমান জেটা সমীকৰণ’-ৰ ওপৰতো কম্পিউটাৰ প্ৰয়োগ কৰি সমাধান কৰাৰ চেষ্টা কৰে। ১৯৫১ চনত টুৰিং ৰয়েল ছোছাইটিৰ সভ্য নিৰ্বাচিত হয়।
১৯৫২ চনৰ জানুৱাৰী মাহত টুৰিঙৰ চিনাকী হয় আৰ্নল্ড মাৰে-ৰ সৈতে। এই চিনাকীৰ সূত্ৰে দুয়োজনৰ মাজত যৌন সম্বন্ধ গঢ়ি উঠে। মাৰে-ৰ সহযোগত টুৰিঙৰ ঘৰত হোৱা চুৰিৰ অনুসন্ধানত দুয়োজনৰ মাজত থকা সমকামী সম্পৰ্কৰ কথা পোহৰলৈ আহে। ৩১ মাৰ্চ ১৯৫৩ চনত টুৰিঙৰ ওপৰত মোকৰ্দমা আৰম্ভ হয়। মোকৰ্দমাৰ সময়ত টুৰিঙে নিজৰ সমকামীতাৰ কথা মুকলিকৈ মানি লয় আৰু এই সম্বন্ধত কোনো দোষৰ কথামনলৈ নহা বুলি দোহাৰে। বিচাৰত টুৰিঙৰ এবছৰৰ জেল বা যৌন-ইচ্ছা ৰোধকাৰী হ’ৰমনৰ বেজী লোৱাৰ ৰায় দিয়া হয়। টুৰিঙে বেজী ল’বলৈ মান্তি হয় আৰু এবছৰলৈ ইষ্ট্ৰ’জেনৰ বেজী লৈ থাকে। এই্ বেজীৰ প্ৰভাৱত টুৰিঙৰ যৌন ক্ষমতা নোহোৱা হোৱাৰ লগতে স্তন নাৰীৰ দৰে হ’বলৈ আৰম্ভ কৰিছিল।
সমকামীতাৰ দোষত দোষীসাব্যস্ত হোৱাৰ লগে লগে টুৰিঙৰ বিভিন্ন সা-সুবিধা কৰ্তন কৰা হয়। লগতেৰাষ্ট্ৰীয় নিৰাপত্তা জনিত বিষয়তো তেখেত জড়িত আছিল নেকি তাৰ ওপৰত অনুসন্ধান আৰম্ভ কৰা হয়। সেই সময়ত চলি থকা শীতল যুদ্ধৰ পৰিপ্ৰেক্ষিতত ছোভিয়েট ৰাছিয়াই দুগৰাকী সমকামী ব্যক্তিক দেশৰ বিৰূদ্ধে স্পাই হিচাপে নিয়োগ কৰা হৈছিলবাবেই টুৰিঙৰ ওপৰতো সন্দেহৰ দৃষ্টি পৰিছিল।

১৯৫৪ চনৰ ৮ জুনতাৰিখে টুৰিঙৰ ঘৰৰ বন কৰা মহিলাগৰাকীয়ে আহি তেখেতক মৃত অৱস্থাত পায়। তেখেতৰসম্মুখত মেজত এটা আধা-খোৱা আপেল পোৱা গৈছিল আৰু টুৰিঙৰ মৃত্যুৰ কাৰণ হিচাপে পোৱা গৈছিল চায়েনাইডৰ বিষক্ৰিয়া। ১২ জুনৰ দিনা টুৰিঙৰ দেহ চিতাত তোলা হয়। টুৰিঙৰ মৃত্যুক আদালতে আত্মহত্যা বুলি ৰায় দিয়ে। এই বিষক্ৰিয়া দুৰ্ঘটনাজনিত নে আত্মহত্যা সেয়া সঠিককৈ নিৰ্ণয় কৰিব পৰা হোৱা নাই।

২০০৯ চনৰ ১০ ছেপ্টেম্বৰ তাৰিখে হাজাৰৰ সংখ্যাত স্বাক্ষৰ কৰা এখন আপীলৰ উত্তৰত ব্ৰিটি্ছ চৰকাৰৰ হৈ প্ৰধানমন্ত্ৰীৰ দ্বাৰা স্বাক্ষৰিত এক পত্ৰতটুৰিঙৰ প্ৰতি কৰা ভুল স্বীকাৰ কৰি দুঃখ প্ৰকাশ কৰা হয়। ব্ৰিটিছ চৰকাৰৰ প্ৰতি এলান টুৰিঙক নিৰ্দোষ বুলি স্বীকৃতি দিবলৈ আন এখন আপীল কৰা হয়। কিন্তুএই পত্ৰৰ উত্তৰত ব্ৰিটিছ চৰকাৰে মন্তব্য কৰে, “সেই সময়ৰ আইন ব্যৱস্থা অনুযায়ী যি ৰায় দিয়া হৈছিল, তাক ঘূৰাই লোৱাৰ আধিকাৰ নাই।.. সেই সময়ত কৰাভুলৰ পৰিতাপো এতিয়া কৰা সম্ভৱ নহয়, সেয়ে ইতিহাসক সলনি কৰাৰ চেষ্টা কৰাৰ পৰিৱৰ্তে আমি অনাগত দিনত যাতে তেনে ভুল নকৰোঁ তাৰ বাবেহে প্ৰতিশ্ৰতি বদ্ধহোৱা উচিত।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!