কেনে হ’ব আমাৰ চিন্তাৰ তৰংগই যদি এটা যন্ত্ৰক নিয়ন্ত্ৰণ কৰিব পাৰে? – ভাৰ্গৱ বৰঠাকুৰ

একৈশ শতিকাৰ ভৱিষ্যতদৰ্শীসকলৰ অন্যতম এজন হৈছে ইল’ন মাস্ক (Elon Musk)৷ বৰ্তমান সময়ত মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ বাবে মাস্ক এটা চিনাকী নাম৷ কিন্তু এইবাৰ মহাকাশৰ গভীৰতালৈ নহয়, এইবাৰ মানৱ মগজুৰ গভীৰতালৈ অধ্যয়ন কৰাহে মাস্কৰ মূল উদেশ্য৷ কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু প্ৰয়োগকলৈ বিভিন্ন বিশেষজ্ঞৰ দ্বন্দমূলক ভৱিষ্যতবাণী শুনিবলৈ পোৱা যায়৷ 2017 চনত ফেচবুক জন্মদাতা মাৰ্ক জুকাৰবাৰ্গ আৰু ইল’ন মাস্কৰ এই সন্দৰ্ভত বিপৰীত প্ৰতিক্ৰিয়া শুনিবলৈ পোৱা গৈছিল৷ মাস্ক আজিও নিজৰ স্থিতিত অটল৷ অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ উন্নত বিকাশে যে এটা সময়ত মানৱ সভ্যতালৈ ভাবুকিৰ সৃষ্টি কৰিব পাৰে সেই সম্পৰ্কে মাস্কে বিভিন্ন মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে৷ ভৱিষ্যতে এই দ্ৰুতগতিত বিকাশ হ’বলগীয়া কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত মানুহৰ নিয়ন্ত্ৰণ থকাটো অত্যন্ত আৱশ্যক৷ ইল’ন মাস্কে ‘নিউৰালিংক’ (Neuralink) নামেৰে ঘোষণা কৰা প্ৰজেক্টটোৰ মূল উদেশ্য আচলতে এইটোৱেই! এই নিউৰালিংক প্ৰজেক্টটো কি আৰু কেনেকৈ ই কাম কৰিব আজি আমি এই বিষয়ে থুলমূলকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম৷

কল্পনা কৰক, আমি যদি কম্পিউটাৰটো হাতেৰে নহয়, আমাৰ মগজুৰ চিন্তাৰেই পোনে পোনে নিয়ন্ত্ৰণ কৰিব পাৰোঁ তেন্তে কি হ’ব? কেনেকুৱা হ’ব আমি যদি মেচিনবোৰক আমাৰ মগজুৰে নিয়ন্ত্ৰণ কৰিব পাৰোঁ? কথাবোৰ অদ্ভূট যেন লাগিলেও, একৈশ শতিকাৰ বিজ্ঞানী-প্ৰযুক্তিবিদসকলৰ বাবে এই কথাবোৰ কোনো আচৰিত হ’বলগীয়া কথা হৈ থকা নাই৷ বৰঞ্চ এই ধাৰণাবোৰ বাস্তৱত পৰিনত হ’বলৈ গৈ আছে৷ মানুহৰ মগজুতো ‘মাইক্ৰ’চিপ’ (micro chip) সংস্থাপনৰ বাবে বিভিন্ন গৱেষণা, চিন্তা-চৰ্চা চলি আছে৷ এনে কিছুমান ভিডিঅ’ গেমৰ আৱিষ্কাৰ হ’বলৈ গৈ আছে যি প্ৰতিজন মানুহৰ বিচাৰ-বিবেচনাবোৰ পঢ়ি সেইমতে ‘গেম প্লেন‘বোৰ সলনি কৰিব পাৰে! ইল’ন মাস্কে এই বিষয়ত কিছুমান শিঁহৰণকাৰী ভৱিষ্যতবাণী কৰিছে, যিবোৰ সাধাৰণতে হলিউডৰ কল্পবিজ্ঞানৰ ছবিবোৰত দেখা যায়৷ এনে কিছুমান চিন্তাধাৰাৰ ওপৰত গৱেষণা অব্যহত ৰখা ইল’ন মাস্কৰ সেই বিশেষ প্ৰজেক্টটোৰ নাম হৈছে নিউৰালিংক৷ ‘নিউৰালিংক’ নামৰ প্ৰজেক্টটোৰ যোগেদি মানৱ মগজুক কিছুমান বিশেষ অত্যাধুনিক প্ৰযুক্তিৰে কম্পিউটাৰৰ লগত সংযোগ কৰা হ’ব!

আমি যেতিয়া কিবা এটা অনুভৱ কৰোঁ, চিন্তা কৰোঁ অথবা শৰীৰৰ অংগবোৰক লৰচৰ কৰোঁ তেতিয়া এই কামবোৰত আমাৰ মগজুৰ নিউৰনবোৰে সক্ৰিয় হৈ কিছুমান স্নায়ু-সংকেত অথবা স্নায়ুস্পন্দৰ সৃষ্টি কৰে৷ মগজুৰ নিউৰনৰ আদেশ অনুযায়ী পেশীলৈ সঞ্চালিত সংকেতবোৰে আমাক কাম কৰায়, তেনেদৰে আমি কামবোৰ ভাবি লওঁ৷ এই স্নায়ু-সংকেতবোৰ বা স্নায়ুস্পন্দবোৰ আকৌ বৈদ্যুতিক সংকেত৷ বৰ্তমান বৈজ্ঞানিকসকলে এই স্নায়ু- সংকেতবোৰ বিশ্লেষণ কৰি এই সংকেতবোৰে কি ক’ব বিচাৰিছে তাকো বুজিবলৈ সক্ষম হৈছে৷ উদাহৰণস্বৰূপে এজন গৱেষকে বিশ্লেষণ কৰিব পাৰে, আমাৰ চকুৱে যদি ৰঙা ৰং দেখিছে তেন্তে চকুৰ ‘অপ্টিক স্নায়ু‘য়ে মগজুক কি ধৰণৰ সংকেত পঠাব৷ ঠিক সেই মতে ‘ৰিভাৰ্চ’ ইঞ্জিনিয়াৰিঙৰ সহায়ত সেই সংকেতবোৰ পঢ়ি, মগজুৰ লগত যদি এটা কেমেৰাৰ সংযোগ কৰোঁ , তেন্তে কেমেৰাৰ লেন্সে আবদ্ধ কৰা ছবিবোৰ কম্পিউটাৰৰ সহায়ত বিশ্লেষণ কৰি এজন অন্ধ মানুহক দেখাব পৰা হ’ব যে কেমেৰাই কি দেখিছে! মগজুৰ নিউৰনৰ লগত কম্পিউটাৰৰ এনেধৰণৰ বিশেষ সংযোগ প্ৰযুক্তিক কোৱা হয় Brain computer interface (BCI) অথবা neural control interface(NCI)৷ নিউৰালিংক প্ৰজেক্টটোত এই BCI প্ৰযুক্তিটোক আৰু কি ধৰণে অধিক উন্নত কৰিব পৰা যায় তাৰ ওপৰেই গৱেষণা চলি আছে৷

নিউৰালিংক বা নিউৰেল কম্পিউটাৰৰ দ্বাৰা মানুহ এজন Cyborg হ’ব পাৰিব৷ Cyborg মানে হৈছে মানৱ শৰীৰত ইলেক্ট্ৰ’ড নাইবা আন প্ৰযুক্তিগত উপকৰণ ব্যৱহাৰ কৰি, সাধাৰণ মানুহতকৈ কাৰ্যক্ষমতা বৃদ্ধি কৰিব পৰা এক বিশেষ আধুনিক উচ্চ প্ৰযুক্তি৷ আৰু শৰীৰত ব্যৱহাৰ কৰা এই সৰু মেচিন বা প্ৰযুক্তিগত উপকৰণবোৰক ‘নিউৰেল লেচ’ (Neural lace) বুলি কোৱা হয়৷ এই ‘নিউৰেল লেচ’ অথবা ‘নিউৰেল ইণ্টাৰফেচ'(Neural interface)বোৰে শৰীৰৰ সকলো নিউৰনৰ লগত একেলগে কাম কৰিব, যাৰদ্বাৰা সাধাৰণ মানুহ এজনৰ মগজুৰ কাৰ্যক্ষমতা বহু গুণে বৃদ্ধি পাব৷ এই প্ৰযুক্তিৰ ওপৰত গৱেষণা কৰা বিশেষজ্ঞসকলৰ মতে ‘নিউৰ’লেচ’-এ আমাৰ ভৱিষ্যতৰ পৃথিৱীখনক সাংঘাতিক ধৰণে সলনি কৰিব পাৰিব৷ মানুহৰ মগজুটো যদি এনেকুৱা এটা যন্ত্ৰ হিচাপে চোৱা হয়, যি প্ৰথমে তথ্য সংগ্ৰহ কৰিব তাৰ পাছত সংশোধিত কৰিব আৰু শেষত তাৰ আউট পুট দিব, তেন্তে ইয়াৰ দুৰ্বল অংশটো হ’ব ইয়াৰ ‘প্ৰছেচিং’ বেগ! অৰ্থাৎ ইনপুটৰপৰা আউটপুট লাভ কৰাৰ মাজৰ সময়ৰখিনি৷ ইল’ন মাস্কৰ মতে আমাৰ তথ্য সংগ্ৰহৰ ‘ইনপুট’ বহু শক্তিশালী কাৰণ আমাৰ মগজুৰ লগত এটা অতি শক্তিশালী ‘high speed visual interface’ (চকু) সংযুক্ত হৈ আছে৷ আমাৰ চকুৱে বহু তথ্য সংগ্ৰহ কৰিব পাৰে কিন্তু আমাৰ মগজুৱে যি আউট পুট দিয়ে সি ইনপুট ৰ তুলনাত বহুখিনি ক’ম৷ অৰ্থাৎ ইয়াৰ ‘প্ৰচেছিং’ শক্তি বহু পৰিমাণে কম! মাস্কৰ মতে মগজু তথা ডিজিটেল বুদ্ধিমত্তাক যদি এটা “Symbiotic system” ত সংলগ্ন কৰিব পৰা যায় তেন্তে এই সমাৰোপনৰদ্বাৰা চিধাই মগজুৰ ‘চেৰিব্ৰেল কৰ্টেছ’লৈ সংকেত প্ৰেৰণ কৰিব পৰা হ’ব৷ যাৰদ্বাৰা মগজুৰ ‘প্ৰচেছিং’ শক্তি বহুগুণে বৃদ্ধি পাব৷ কিন্তু এই ‘নিউৰেল লেচ’বোৰক মানৱ শৰীৰত কি দৰে স্থাপন কৰা হ’ব? যিহেতু কেৱল সিৰা আৰু ধমনীৰ জৰিয়তে ইয়াক মগজুৰ নিউৰনত সংস্থাপিত কৰিব পৰা হ’ব; ইয়াৰ বাবে দৰকাৰ হ’ব নেকি সঘন ‘চাৰ্জাৰী’?

মানৱ শৰীৰত ‘নিউৰেল লেছ’সমূহক সফলভাৱে কিদৰে সংস্থাপন কৰিব পৰা হ’ব এই বিষয়ে মাস্কৰ ‘নিউৰালিংক’ কোম্পানীয়ে বিভিন্ন গৱেষণা অব্যহত ৰাখিছে৷ কোম্পানীৰ শেহতীয়া গৱেষণা মতে মানুহৰ ডিঙিৰ ধমনীত যদি অতি সূক্ষ্ম ইলেক্ট্ৰনিক চিপ বাহিৰৰ পৰা ইঞ্জেকচনৰ সহায়ত এৰি দিব পৰা হয়, তেন্তে ই ৰক্ত সঞ্চালনৰদ্বাৰা মগজুলৈ পাবগৈ৷ এই প্ৰযুক্তিকলৈ কৰা গৱেষণাত আমেৰিকা আৰু চীনৰ গৱেষকসকলে বহু সফলতা লাভ কৰিছে৷ য’ত কেৱল মানুহৰ মগজুৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে মানুহৰ typing speedটো কম্পিউটাৰত গণনা কৰা হৈছিল৷ দেখা গৈছিল মানুহৰ মগজুত যি চিন্তা কৰা হৈছিল সেইটো পোনে পোনেই কম্পিউটাৰ স্ক্ৰীনতো টাইপ হৈ গৈছিল৷ অহা ন-দহ বছৰত মানসিকভাৱে দুৰ্বল, অন্ধ তথা বিশেষভাবে সক্ষমসকলৰ বাবে অতি সূক্ষ্ম ইলেক্ট্ৰনিক ‘চিপ’ বজাৰত মুকলি হৈ যাব৷ বিজ্ঞানীসকলৰ মতে ইয়াৰ অধিক উন্নত প্ৰযুক্তিৰে মানুহৰ স্মৃতি শক্তি বৃদ্ধি কৰাৰ লগতে, ভৱিষ্যতে দুজন অন্ধ, বোবা মানুহৰ মাজৰ চিন্তা ধাৰাক আদান-প্ৰদান কৰিব পৰা হ’ব৷ দূৰ দূৰণিৰ পৰাই কম্পিউটাৰটো নিয়ন্ত্ৰণ কৰিব পৰা হ’ব! মহাকাশ বিজ্ঞানৰ চমৎকাৰী অভিযানসমূহৰ ক্ষেত্ৰতো মাস্কৰ এই ‘নিউৰালিংক’ প্ৰযুক্তিয়ে নতুন দিগন্তৰ সূচনা কৰিব৷

বিশেষজ্ঞসকলৰ মতে এই BCIৰ দ্বাৰা এজন মানুহৰ মগজুৰ সমগ্ৰ তথ্য ভাণ্ডাৰক আন ইলেক্ট্ৰনিক সঁজুলি অথবা ‘ক্লাউড’ (cloud)ত আপলোড কৰিব পৰাকৈ সম্ভৱ হৈ উঠিব৷ BCI প্ৰয়োগ কৰি থকা দুজন মানুহে বেলেগ ঠাইত থাকিও নিজৰ ভাবৰ আদান-প্ৰদান কৰিব পাৰিব৷ বিজ্ঞানীসকলে বহু সময়ৰ আগৰ পৰাই কম্পিউটাৰে মানৱ মগজুৰ বুদ্ধিমত্তাক বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে যদিও সম্পূৰ্ণৰূপে সফল হ’ব পৰা নাই! কিন্তু মানৱ মগজু আৰু কম্পিউটাৰে যদি এটা ভাষাতেই ইনপুট ল’ব পাৰে তেন্তে সকলো সলনি হৈ যাব পাৰে৷ হলিউডী চিনেমা ‘মেট্ৰিক্স’ৰ দৰে আমিও মগজুত নতুন তথ্য আপলোড কৰিব পৰা যাব৷ বৰ্তমান এই পদ্ধতিৰদ্বাৰা ‘পেৰালাইছিচ’ ৰোগত ভোগা মানুহ এজনৰ লগত ভাবৰ আদান-প্ৰদানত সহায় কৰিবলৈ ব্যৱহাৰ কৰা হৈছে৷ কিন্তু ইয়াৰ সফল প্ৰয়োগত ভৱিষ্যতৰ পৃথিৱীখন সলনি হৈ পৰিব৷ আমি মৰিলেও অমৰ হৈ ৰ’ম! মানুহৰ কায়িক দেহাটোৰ মৃত্যু হ’লেও এই প্ৰযুক্তিৰ সহায়ত আমাৰ মগজুৰ তথ্যপাতিক কম্পিউটাৰ বা আন ইলেক্ট্ৰনিক উপকৰণত আপলোড কৰি থ’ব পাৰিম৷ ইয়াৰ জৰিয়তে ‘ক্লনিং’ও কৰিব পৰা হ’ব৷ কম্পিউটাৰ বিজ্ঞানী Hans Moravecৰ মতে মানুহ এজনৰ মগজুৰ সচেতনতাক (Consciousness) ধ্বংস নকৰাকৈ তাক ৰ’বটত সংস্থাপন কৰিব পৰা হ’ব৷ বিজ্ঞানীজনৰ মতে, প্ৰথমে মানুহজনক শল্য চিকিৎসকৰ সহায়ত মগজুৰ প্ৰতিডাল নিউৰনৰ, প্ৰতিলিপি নিউৰন (transistor ৰে গঠিত) সাজি ৰ’বটত সংস্থাপন কৰা হ’ব৷ এডাল বিশেষ তাঁৰৰে এই transistorized নিউৰনবোৰক মানুহজনৰ মগজুৰ লগত সংযোগ কৰা হ’ব৷ সময়ৰ লগে লগে , নিউৰনবোৰ মানুহজনৰ মগজুৰ পৰা আঁতৰি, ইয়াৰ প্ৰতিলিপি হিচাপে ৰবটটোত transistorized নিউৰনৰ গঠন হ’ব৷ কাৰণ মানুহজনৰ মগজটো ৰবটটোৰ মগজুটোৰ লগত সংযোগ হৈ আছে৷ যাৰ বাবে মানুহজনে কোনো সচেতনতাক হেৰুৱাবলগীয়া নহয়; কিন্তু মগজুৰ নিউৰনবোৰৰ প্ৰতিলিপি transistor হিচাপে ৰবটটোত সৃষ্টি হৈ গৈ থাকিব৷ এটা সময়ত ৰবটটোত এশ বিলিয়ন নিউৰনৰ সম্পূৰ্ণ প্ৰতিলিপি transistor-ৰ সৃষ্টি হ’ব৷ অৰ্থাৎ মানুহজনৰ মগজুটো আৰু নিউৰনবোৰৰ সম্পূৰ্ণ ঠাই ল’ব transistorএ ,আৰু এনে সময়তে ৰবটৰ কৃত্ৰিম মগজু আৰু মানুহজনৰ মগজুৰ মাজৰ কৃত্ৰিম সংযোগ সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব৷ এই মুহূৰ্তত মানুহজনে উঠি চালে দেখিব যে তেওঁৰ মানৱ শৰীৰটো নিথৰ হৈ পৰি আছে৷ কিন্তু তেওঁৰ সকলো চিন্তা-সচেতনতা আৱদ্ধ হৈ ৰ’ল এটা ৰবটৰ ভিতৰত!

ইল’ন মাস্কৰ এই গৱেষণাৰ সফল প্ৰয়োগেৰে কৃত্ৰিম (ৰব‘টিক) হাত, ভৰি ইত্যাদি মানুহৰ স্নায়ুতন্ত্ৰৰ লগত সংযোগ কৰিব পৰা হ’ব কাৰণ ই মগজুত সংস্থাপন কৰা ‘miniature chip’ ৰ সহায়ত সংকেত পঠাব পৰিব তথা সেই সংকেতবোৰ পঢ়িবও পাৰিব৷ গতিকে বিশেষভাবে সক্ষমসকলৰ বাবে এই প্ৰযুক্তিয়ে এক নতুন দিগন্তৰ সূচনা কৰিব! কম্পিউটাৰ তথা আমাৰ মগজুৱে যদি একেটা ভাষাতে তথ্যৰ আদান-প্ৰদান কৰে তেন্তে আমাৰ আৱেগবোৰ কম্পিউটাৰৰ বাবে হ’ব ডাটা আৰু ইয়াক ব্যৱহাৰ কৰি আমাৰ ‘মুড’ৰ ওপৰত ই কাম কৰিব পাৰিব৷ যদি আমাৰ চিন্তাত ‘ডাটা কনভাৰ্ট’ হ’ব পাৰে তেন্তে সম্পূৰ্ণ ‘কমিউনিকেচন’ ব্যৱস্থাটোৱেই সলনি হ’ব৷ মুখেৰে উচ্চাৰণ নকৰাকৈও এজন মানুহৰ চিন্তা তথা ভাবানুভুতিক আন এজনে বুজি পাব পাৰিব৷ কম্পিউটাৰ গেমবোৰ যিমানেই জটিল নহওঁক কিয় কেইবাৰমান ভালকৈ খেলাৰ পাছত আমনিদায়ক হয় আৰু আমি বেলেগ গেম বিচাৰিবলগীয়া হয়৷ কাৰণ বহুবাৰ খেলাৰ পাছত তাত আমাৰ বাবে নতুনত্ব বুলি একো নাথাকে৷ কিন্তু নিউৰালিংক প্ৰযুক্তিৰ যদি প্ৰয়োগ কৰা হয়, তেন্তে এই গেমবোৰ কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ চিন্তা আৰু বুদ্ধিৰ উমান লৈ নিজক সলনি কৰিব পাৰিব৷ কাৰণ আমাৰ চিন্তা আৰু উচ্চাকাংক্ষাবোৰক ই ডাটা হিচাপে পঢ়িব পাৰিব৷ গতিকে গেমৰ কৃত্ৰিম বুদ্ধিমত্তাই আগতেই ধৰা পেলাব যে আমি কি ভাবিছোঁ আৰু কি চাল খেলিব গৈ আছোঁ৷ এনেকুৱা গেম হয়তো আমাৰ বাবে সদায় ৰোমাঞ্চকৰ হৈ ৰ’ব৷

সম্ভাৱনাই বৰ্তমানৰ সৃষ্টি কৰে৷ ইল’ন মাস্কৰ যি চিন্তা সেয়া হয়তো অনাগত সময়ত দিঠকত পৰিণত হ’ব৷ আৱশ্য ‘নিউৰালিংক’ প্ৰজেক্টটোৰ সম্পৰ্কত বিভিন্ন বিকৰ্তও শুনিবলৈ পোৱা যায়৷ ভৱিষ্যতে ‘নিউৰালিংক’ প্ৰযুক্তিয়ে মানুহৰ অপৰাধমূলক কাম-কাজ, ব্যক্তি স্বাধীনতা তথা নৈতিকতাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে নেকি? বৰ্তমান এই বিষয়ে মাস্কৰ কোম্পানীয়ে কোনো কথা স্পষ্ট কৰা নাই৷ যিহেতু এই সকলোবোৰ কথাৰ ওপৰত বৰ্তমানেও গৱেষণা চলি আছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!