কেৰলী টাকাছ।
লেখক- ৰিতুপৰ্ণা বৰুৱা।
১৯৩৯ চনৰ হাংগেৰীৰ ৰাজধানী বুডাপেষ্টৰ এটা উজ্জ্বল ৰাতিপুৱা। সেই বছৰৰ ৰাষ্ট্ৰীয় ১০০ মিটাৰ এয়াৰ পিষ্টল প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগীসকল সাজু হৈছে। ঠিক সেই সময়তে ফেল্ট হেট আৰু অভাৰকোট পৰিহিত এজন ব্যক্তি ষ্টেডিয়ামৰ ভিতৰলৈ সোমাই আহে। আগন্তকক দেখাৰ লগে লগে অন্য প্ৰতিযোগীসকল এজন এজনকৈ তেওঁৰ ওচৰলৈ আহি অভিবাদন জনায়। তেখেতেও হাঁহি মুখে বাঁওহাতখন আগবঢ়াই সকলোৰে লগত কৰমৰ্দন কৰে। ইতিমধ্যে দৰ্শকৰ মাজতো তেওঁক দেখা পোৱাৰ পাছৰেপৰা এক হৈ-চৈ আৰম্ভ হয় আৰু বহুজনে তেওঁৰ নাম লৈ চিঞৰিবলৈ আৰম্ভ কৰে। কেৰলী কেৰলী এই নামটো ষ্টেডিয়ামৰ চাৰিওফালে গুঞ্জৰিত হ’বলৈ ধৰে।
ষ্টেডিয়ামৰ পৰিবেশ দেখি ঘোষকে কোৱা আৰম্ভ কৰে -’আমি আপোনালোকক জনাব পাৰি অত্যন্ত সুখী হৈছোঁ যে আমাৰ মাজত আহি উপস্থিত হৈছেহি ১০০ মিটাৰ এয়াৰ পিষ্টল শাখাৰ পূৰ্বৰ ৰাষ্ট্ৰীয় বিজেতা কেৰলী টাকাছ। কেৰলীৰ লগত যোৱা এটা বছৰে যিখিনি ঘটি গ’ল সেয়া আমি সকলোৱে জানো। তৎসত্ত্বেও কেৰলী আজি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ দিনা আহি আমাৰ মাজত উপস্থিত হোৱাতোৱে এক অভূতপূৰ্ব খেলুৱৈসুলভ মনোভাবৰ নিদৰ্শন দাঙি ধৰিছে। ই নিশ্চিতভাৱে প্ৰতিযোগী সকলৰ মনোবল বৃদ্ধি কৰিব। আমি সকলোৱে কেৰলীৰ এই ………’.। ঠিক সেইখিনি সময়তে আয়োজক এজনে আহি ঘোষকৰ কাণে কাণে কিবা এষাৰ ক’লে। লগে লগে ঘোষকৰ মুখৰ অভিব্যক্তি সম্পূৰ্ণৰূপে সলনি হৈ পৰে। সন্মুখত থকা পানীৰ গিলাছটোৰপৰা এঢোক পানী খাই ঘোষকজনে পুনৰ মাইকটো হাতত তুলি লয়।
” ক্ষমা কৰিব দৰ্শকবৃন্দ, আমি এইমাত্ৰ জানিব পাৰিছোঁ যে কেৰলী আমাৰ মাজত অকল প্ৰতিযোগী সকলৰ উৎসাহ বঢ়াবলৈ অহা নাই। তেওঁ আহিছে আজিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ।” এই ঘোষণা শুনাৰ লাগে লগে দৰ্শক, প্ৰতিযোগী সকলোৱে আচৰিত হৈ ইজনে সিজনৰ চকুলৈ চালে। দুই এজন প্ৰতিযোগীৰ মুখত এক বিদ্ৰূপৰ হাঁহি বিৰিঙি উঠে। এই সকলো পৰিস্থিতিলৈ অকণো ভ্ৰূক্ষেপ নকৰাকৈ কেৰলী নিজৰ স্থানত গৈ থিয় হয়। সকলো উৎকণ্ঠাৰ অন্ত পেলাই যথা সময়ত খেল আৰম্ভ হয়। এজন দুজনকৈ খেলুৱৈৰ পাছত সবাতোকৈ শেষত কেৰলীৰ পাল পৰে। সমগ্ৰ ষ্টেডিয়ামত তেতিয়া কাঁহ পৰি জিন যোৱা পৰিস্থিতি। ধুম, ধুম, ধুম, কেৰলীয়ে তিনিবাৰ ফায়াৰ কৰে আৰু তিনিওবাৰত বুলছ আই হিট কৰিবলৈ সক্ষম হয়। সমগ্ৰ ষ্টেডিয়াম কেৰলীৰ নামৰ হৰ্ষধ্বনিৰে গুঞ্জৰিত হৈ পৰে। মাইকত ঘোষকৰ উৎসাহিত কণ্ঠস্বৰ ভাহি আহে “আমি উপস্থিত সকলো আজি এক বিৰল ঘটনাৰ প্ৰত্যক্ষদৰ্শী হ’লোঁ। আজিৰ খেলত সকলো প্ৰতিযোগীয়ে তেওঁলোকৰ শ্ৰেষ্ঠ হাতখন লক্ষ্যভেদ কৰিবলৈ ব্যৱহাৰ কৰিছিল কিন্তু কেৰলীয়ে এই কাম কৰি দেখুৱালে তেওঁৰ একমাত্ৰ হাতখনেৰে।”
কেৰলী টাকাছৰ জন্ম ১৯১০ চনত হাংগেৰীৰ ৰাজধানী বুডাপেষ্টত।
কিশোৰ অৱস্থাৰপৰাই কেৰলীয়ে পিষ্টল শ্বুটিঙত অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিয়ে। ডাঙৰ হৈ তেওঁ হাংগেৰীৰ সামৰিক বাহিনীত এজন ছাৰ্জেণ্ট হিচাপে যোগদান কৰে। ইতিমধ্যে কেৰলীয়ে দেশৰ ভিতৰতে এজন বিখ্যাত পিষ্টল শ্বুটাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। তেওঁৰ সপোন আছিল ১৯৩৬ চনৰ বাৰ্লিন অলিম্পিকত যোগদান কৰি দেশৰ কাৰণে পদক কঢ়িয়াই অনা। কিন্তু কেৰলীৰ এই সপোন আধৰুৱা হৈ ৰ’ল কাৰণ, সেই সময়ৰ হাংগেৰীৰ নিয়ম অনুসৰি সামৰিক বাহিনীৰ কেৱল অফিছাৰ পদবীধাৰী সকলকহে দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিয়া হৈছিল। পিছলৈ অৱশ্যে এই নিয়ম উঠাই দিয়া হয় আৰু কেৰলীয়ে ১৯৪০ চনৰ অলিম্পিকৰ বাবে পূৰ্ণোদ্যমে প্ৰস্তুতি আৰম্ভ কৰে। কিন্তু কেৰলীৰ জীৱনৰ পথ ইমান মসৃণ নাছিল। ১৯৩৮ চনত এক সামৰিক অনুশীলনত হোৱা এটা গ্ৰেনেড বিস্ফোৰণত কেৰলীয়ে তেওঁৰ সোঁহাতখন সম্পূৰ্ণৰূপে হেৰুৱাই পেলায়।
এনে এক দুৰ্ঘটনা যদি আমাৰ জীৱনত ঘটিলহেঁতেন তেন্তে নিশ্চিতভাৱে ই আমাক হতাশাৰ মাজলৈ ঠেলি পঠালেহেঁতেন। কিন্তু কেৰলী আছিল অন্য ধাতুৰে গঢ়া মানুহ। চকুৰ সন্মুখতে জীৱনযোৰা সপোন থানবান হৈ পৰা দেখিও কেৰলী বিচলিত হোৱা নাছিল।
তেওঁ যি হেৰুৱালে তাৰ বাবে কান্দি সময় নষ্ট কৰাতকৈ তেওঁৰ হাতত যি আছে তাকে লৈ আগবাঢ়ি যাবলৈ থিৰাং কৰিলে। দুৰ্ঘটনাৰ এসপ্তাহৰ পাছত চিকিৎসালয়ৰপৰা ওলাই আহি কেৰলীয়ে বাঁওহাতৰে শ্বুটিং প্ৰেক্টিছ আৰম্ভ কৰে। যিখন বাঁওহাতৰে তেওঁ সেই সময়ত নিজৰ নামতোও লিখিব নোৱাৰিছিল সেই বাঁওহাতেৰে কেৰলীয়ে বিশ্বজয় কৰাৰ মনস্থিৰ কৰিলে। তেওঁ উপলব্ধি কৰিব পাৰিছিল যে সাধাৰণ মানুহে তেওঁৰ এই সংকল্প কেতিয়াও বুজি নাপাব আৰু অনেকে অনেক কথা কৈ তেওঁক ব্যতিব্যস্ত কৰিব। সেয়ে তেওঁ লোকচক্ষুৰ আঁতৰত তেওঁ অনুশীলন অব্যাহত ৰাখিলে। সম্পূৰ্ণ এবছৰৰ মূৰত ১৯৩৯ চনৰ হাংগেৰীৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ দিনাখন তেওঁ ৰাইজৰ মাজলৈ ওলাই আহে; আৰু ইয়াৰ পৰিণতি কি হ’ল সেয়া ইতিমধ্যে ওপৰত বৰ্ণনা কৰা হৈছে।
কিন্তু কেৰলীৰ জীৱন সংগ্ৰাম ইমানতে শেষ নহ’ল। ১৯৩৯ চনত হাংগেৰীৰ ৰাষ্ট্ৰীয় পদক জয় কৰাৰ পিছত কেৰলীৰ কাহিনী সমগ্ৰ বিশ্বতে বনজুইৰ দৰে বিয়পি পৰে। সকলোৱে আশা কৰিছিল যে ১৯৪০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত কেৰলীয়ে নিশ্চয় পদক লাভ কৰিব। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ বাবে ১৯৪০ চনৰ গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত নহ’ল। কিন্তু কেৰলী হতাশ নহৈ ১৯৪৪ চনৰ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই থাকিল। চাৰিবছৰ অতিক্ৰম কৰাৰ পাছতো দ্বিতীয় বিশ্বযুদ্ধ শাম নকটাত ১৯৪৪ চনৰ অলিম্পিকো অনুষ্ঠিত নহ’ল। সময়ৰ সোঁতত সকলোৱে লাহে লাহে কেৰলীক পাহৰি পেলালে। কিন্তু কেৰলীয়ে কেতিয়াও নিজৰ লক্ষ্য পাহৰা নাছিল। সুদীৰ্ঘ আঠ বছৰৰ অপেক্ষাৰ অন্তত অৱশেষত কেৰলী উপস্থিত হয়গৈ ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত। সেই সময়ত কেৰলীৰ বয়স হৈছিল ৩৮ বছৰ। আমি সকলোৱে জানো যে ক্ৰীড়াৰ ক্ষেত্ৰখনত বয়সৰ এটা মুখ্য ভূমিকা আছে। সেই সময়ত শ্বুটিঙৰ ক্ষেত্ৰখনত বহু তৰুণ প্ৰতিভাৰ আগমন ঘটিছিল। বাতৰি কাকতৰপৰা অনাতাঁৰলৈ সকলোৱে লিখা আৰু কোৱা আৰম্ভ কৰিলে যে এই তৰুণ প্ৰতিভাধাৰীসকলৰ আগত ৩৮ বছৰীয়া কেৰলীৰ পদক লাভৰ আশা তেনেই ক্ষীণ। এই সকলো বাহিৰা হৈ ছৈয়ে কেৰলীক কেতিয়াও প্ৰভাৱিত কৰিবপৰা নাছিল। তেওঁ সদায় নিজৰ প্ৰস্তুতি আৰু নেদেখা জনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি আগুৱাই গৈছিল। আৰু এইবাৰো সকলোকে আকৌ এবাৰ হতভম্ব কৰি কেৰলীয়ে ১৯৪৮ চনৰ লণ্ডন অলিম্পিকৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ শ্বুটিং শাখাত সোণৰ পদক দখল কৰে।
সুদীৰ্ঘ আঠবছৰৰ অপেক্ষাৰ অন্তত নানা ঘাত-প্ৰতিঘাত পাৰহৈ অবশেষত কেৰলীয়ে ৩৮ বছৰ বয়সত তেওঁৰ সপোন পূৰা কৰে। যোৱা ৩৮ বছৰে কেৰলীয়ে মাত্ৰ এটা লক্ষ্যৰ পাছতে নিজৰ সৰ্বস্ব উজাৰি দিছিল। তেওঁৰ জীৱনৰ প্ৰতিটো খোজতে সদায় এক নতুন প্ৰত্যহ্বানৰ সন্মুখীন হৈছিল। এই সকলো প্ৰত্যাহ্বান অদম্য সাহস আৰু যোগাত্মক দৃষ্টিভংগীৰে অতিক্ৰম কৰি অৱশেষত ৩৮ বছৰ বয়সত তেওঁ নিজৰ লক্ষ্যত উপনীত হয়। কিন্তু তেওঁ ইমানতে ক্ষান্ত নাথাকিল। ১৯৫২ চনৰ অলিম্পিকত অংশগ্ৰহণ কৰি তেওঁ ৪২ বছৰ বয়সত পুনৰ সোণৰ পদক দখল কৰে। ইয়াৰ জৰিয়তে তেওঁ শ্বুটিঙত ক্ৰমাগতভাৱে দুখন অলিম্পিকত পদক লাভ কৰা বিশ্বৰ প্ৰথমজন ব্যক্তি হৈ পৰে।
কেৰলীৰ এই জীৱন যাত্ৰাত আমি দেখা পাওঁ যে তেওঁ যিমানেই কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সিমানেই তেওঁ দুগুন উৎসাহ আৰু সাহসৰে এই বাধা নেওচি নিজৰ যাত্ৰা অব্যাহত ৰাখিছে। আমাৰ দৈনন্দিন জীৱনত যেতিয়া আমি এক লক্ষ্য স্থিৰ কৰোঁ প্ৰথম কিছুদিন আমি বহু উৎসাহেৰে কামটো আৰম্ভ কৰোঁ। কিন্তু দুদিনমানৰ পাছত ধৰক ঘৰত আলহী আহিল বা চৰ্দি জ্বৰ হ’ল আৰু আমি নতুনকৈ আৰম্ভ কৰা অভ্যসটো দুদিন যতি পৰিল। তেনে এক পৰিস্থিতিত আমাৰ বাবে নতুনকৈ আৰম্ভ কৰা অভ্যাসটো পুনৰ অব্যাহত ৰখাটো কঠিন হৈ পৰে। ইয়াৰ একমাত্ৰ কাৰণ হ’ল, আমি স্থিৰ কৰা লক্ষ্যৰ লগত একাত্ম হ’ব নোৱাৰোঁ। কেৰলী টাকাছৰ এই অসাধাৰণ জীৱন কাহিনীৰপৰা আমি যদি এটা শিক্ষা লগত লৈ যাব বিচাৰোঁ, সেইটো হৈছে, যেতিয়া আমি আমাৰ লক্ষ্যৰ লগত একাত্ম হৈ পৰোঁ তেতিয়া কোনো প্ৰতিকূল পৰিস্থিতিৰ শক্তি নাথাকে যে সি আমাক লক্ষ্যৰপৰা বিচ্যুত কৰিব পাৰে। জীৱনৰ উত্তাল সমুদ্ৰত আমাৰ লক্ষ্য হৈছে এক লাইট হাউছ। সাগৰৰ কোবাল লহৰে আমাক আছাৰ মাৰি লক্ষ্যৰ পৰা বিচ্যুত কৰিব বিছাৰে। কিন্তু দূৰৈৰ লাইট হাউছৰ ধিমিক-ধামাক পোহৰে আমাক আকৌ এবাৰ লক্ষ্য পথলৈ উভতি আহি যাত্ৰা অব্যাহত ৰাখিবলৈ সাহস আৰু উৎসাহ যোগাই থাকে।