খলনায়ক, জাৰজ সন্তান আৰু মুক্তিৰ সপোন(- অয়ন উত্তম)

“Every dictator has climbed to power on the ladder of free speech. Immediately on attaining power each dictator has suppressed all free speech except his own.”

‘খলনায়ক’— এটি শিহৰণকাৰী শব্দ৷ বিশেষকৈ ভাৰতীয় চিনেমাত খলনায়কৰ গুৰুত্ব অপৰিসীম৷ নিৰ্বাকৰ পৰা সবাকলৈ, বগা-ক’লাৰ পৰা ৰঙীনলৈ— দিনবোৰ সলনি হৈ গৈ আছে, ঠিক একেদৰে সলনি হৈ গৈ আছে খলনায়কৰ চৰিত্ৰ৷ জীৱন, মদন পুৰী, নাদিৰা, ললিতা পাৱাৰ, প্ৰাণ ইত্যাদি খলনায়ক-খলনায়িকাই শৈশৱৰ শিশু-মনত বিশেষ প্ৰভাৱ পেলোৱাৰ পিছতেই কৈশোৰত আৱিৰ্ভাৱ ঘটিল প্ৰেমনাথ, অজিত, প্ৰেম চোপ্ৰা, কাদেৰ খান, সদাশিৱ অম্ৰপুৰকাৰ, ৰঞ্জিত, অৰুণা ইৰানী, বিন্দুৰ দৰে খলনায়ক-খলনায়িকাৰ৷ কলেজত ভৰি দিয়াৰ লগে লগে চিত্ৰগৃহত দেখা পালোঁ ঘৃণাৰ সৃষ্টি কৰিবলৈ অভিনয় কৰা পৰেশ ৰাৱাল, গুলচন গ্ৰোভাৰ, শক্তি কাপুৰ, কিৰণ কুমাৰ, ডেনী ডেনজংপা, আশিস বিদ্যাৰ্থী, মনোজ বাজপেয়ী আদিক৷ বিশেষভাৱে উল্লেখ কৰিব পাৰি, ‘পাৰিন্দা’ত মূৰত চপৰিয়াই চপৰিয়াই জুইলৈ ভয় কৰা আন্নাৰ নাম-ভূমিকাত অভিনয় কৰা নানা পাটেকাৰ, ‘দুচমন’ত এটাৰ পিছত আন এটা হত্যা কৰি ভাল পোৱা গকুল পণ্ডিতৰ নাম-ভূমিকাত অভিনয় কৰা আশুতোষ ৰাণাৰ অভিনয় আজীৱন মনত থাকিব৷ একদৰে ‘শ্বান’ৰ ‘চাকাল’ কুলভূষণ খাৰবান্দা, ‘মিষ্টাৰ ইণ্ডিয়া’ৰ ‘মোগেম্ব’ অমৰীশ পুৰী, ‘শ্বোলে’ৰ ‘গব্বৰ সিং’ আমজাদ খান, ‘কৰ্মা’ৰ ‘ডাঃ ডেং’ অনুপম খেৰে ‘বেয়া মানুহ’ৰ চৰিত্ৰত ‘ভাল অভিনয়’ কৰি দৰ্শকৰ মনত ভীতিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ আজি এবছৰৰ আগতে মুক্তি পোৱা দক্ষিণৰ ছবি ‘বিশ্বৰূপম’ৰ খলনায়ক ৰাহুল বোসৰ অভিনয়েও মন চুই গৈছিল৷ ভাৰতীয় ছবি উদ্যোগত ‘নায়ক’ৰ যিমান সন্মান আছে, ‘খলনায়ক’ৰো সিমানেই প্ৰভাৱ আছে— এটা আনটোৰ পৰিপূৰক৷ ইয়াৰ উপৰি বহুকেইজন ‘নায়কে’ও মাজে-সময়ে ‘খলনায়ক’ৰ ভূমিকাত অভিনয় কৰি আহিছে৷

খলনায়কৰ মূল কামেই হৈছে নায়ক-নায়িকাক শান্তিত থাকিবলৈ নিদিয়া৷ শেষত খলনায়কৰ পৰাজয় হয় যদিও দৰ্শকে মনে-প্ৰাণে ভাবে— ‘খলনায়ক’জনৰ শাস্তি কমেই হ’ল চাগে৷ ঠিক এনে এটি ভাবে ক্ৰিয়া কৰিলে বহু দিনৰ পিছত— এজন ‘খলনায়ক’ক ঘৃণা কৰিবলৈ বাধ্য হ’লোঁ ‘চিলড্ৰেন অৱ ৱাৰ’ত পাকিস্তানী সেনা বিষয়াৰ চৰিত্ৰত অভিনয় কৰা পৱন মালহোত্ৰাৰ অভিনয় দেখি৷ ‘গুৰু দোষত লঘু শাস্তি’ দিয়া হ’ল নেকি ‘মালিক’ৰ চৰিত্ৰত অভিনয় কৰা পৱন মালহোত্ৰাক? এজন খলনায়কে দৰ্শকৰ পৰা যিমান ঘৃণা পাব লাগে, তাতকৈ বহুত বেছি ঘৃণা পাইছে পৱন মালহোত্ৰাই৷ কোন এই পৱন মালহোত্ৰা? হঠাৎ এইজন ক’ৰ পৰা আৱিৰ্ভাৱ হ’ল? আচলতে হঠাৎ নহয়— ১৯৮২ চনৰ পৰাই টেলিভিছন জগতৰ সৈতে জড়িত মালহোত্ৰাই হিন্দী ছবি উদ্যোগত বিশেষ স্থান পোৱা নাই যদিও চেগা-চোৰোকাকৈ অভিনয় কৰি আহিছে৷ ১৯৫৮ চনৰ ২ জুলাইত হাৰিয়ানাৰ পানিপথত জন্মগ্ৰহণ কৰা পৱন মালহোত্ৰাই দূৰদৰ্শনৰ ‘নুক্কড়’, ‘য়ে জো হ্যে জিন্দেগী’ৰ দৰে ধাৰাবাহিকত অভিনয় কৰাৰ পিছতেই ১৯৮৪ চনত চিনেমাৰ পৰ্দাত দেখা দিয়ে পৰিচালকৰ পংকজ পৰাশৰ ‘অৱ আয়েগা মজা’ৰ যোগেদি৷ ‘চেলিম লেংৰে পে মত ৰো’ যিসকল দৰ্শকে উপভোগ কৰিছিল, সেইসকলে ভালদৰেই চিনি পাব পৱন মালহোত্ৰাক৷ বাংলা ছবি ‘বাঘ বাহাদুৰ’ত কৰা অভিনয়ৰ বাবে প্ৰথম ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা পৱন মালহোত্ৰাই ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত তেলগু ছবি ‘এইথে’ৰ বাবে ২০০৩ চনত ‘বেষ্ট ভিলেইন এৱাৰ্ড’, হিন্দী ছবি ‘ফকীৰ’ৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ আজুৰি আনিছিল৷ ২০০৪ চনত ৰিলিজ হোৱা ‘ব্লেক ফ্ৰাইডে’ত টাইগাৰ মেমনৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মনত সাঁচ পেলোৱা মালহোত্ৰাই বৰ্তমান ‘কালাৰ্ছ’, ‘ষ্টাৰ প্লাছ’ৰ বহুকেইখন ধাৰাবাহিকত অভিনয় কৰাৰ লগতে— খামোচ, চ’ কড়ৌৰ, অন্তৰ্দ্বন্দ্ব, চিটি অৱ জয়, তৰ্পণ, জমীন আছমান, ব্ৰাডাৰ্ছ ইন ট্ৰাবল, পৰদেশ, আৰ্থ, দি পাৰ্ফেক্ট হাছবেণ্ড, ঈশ্বৰ মাইম কোম্পানী, ডন, ব্লাড ব্ৰাডাৰ্ছ, জব উই মেট, দে তালি, দেলহী-৬, ডন-২, ভিণ্ডী বাজাৰ, য়ে ফাছলে, চয়তান, এক থী ডায়েন, ভাগ মিলখা ভাগ, পঞ্জাব-১৯৮৪ ইত্যাদি ছবিত অভিনয় কৰিছে৷

চিলড্ৰেন অৱ ৱাৰ — ১৯৭১ চনৰ বাংলাদেশৰ মুক্তি সংগ্ৰামৰ কাহিনীক পৰিচালক মৃত্যুঞ্জয় দেবব্ৰতে ‘চিলড্ৰেন অৱ ৱাৰ’ বা ‘দি বাষ্টাৰ্ড চাইল্ড’ৰ মাজেৰে দৰ্শকলৈ আগবঢ়াই দিছে বাংলা আৰু হিন্দী দুয়োটা ভাষাৰ মাধ্যমেৰে৷ ১৯৭০ চনত পাকিস্তানৰ অধীনষ্ঠ বাংলাদেশৰ মুক্তি সংগ্ৰামত সহস্ৰাধিক মহিলাক কৰা বলাৎকাৰ, লক্ষাধিক লোকৰ হত্যা আৰু ‘জাৰজ সন্তান’ৰ কাহিনীৰে নিৰ্মিত ‘চিলড্ৰেন অৱ ৱাৰ’ত স্বেচ্ছাচাৰী পাকিস্তানী সেনা বিষয়া ‘মালিক’ৰ নাম ভূমিকাত অভিনয় কৰা পৱন মালহোত্ৰাৰ লগতে আছে ৰাইমা সেন (ফিদা), ভিক্টৰ বেনাৰ্জী (বাবা), ফাৰুখ শ্বেইখ (মজিদ), ৰিদ্ধি সেন (ৰফিক), ইন্দ্ৰনীল সেনগুপ্তা (আমিৰ), তিলোত্তমা শোম (বীথিকা), শত্ৰুঞ্জয় দেবব্ৰত (যুৱ আমিৰ), ৰুচা ইনামদাৰ (কৌশৰ), জয় সেনগুপ্ত (সুদীপ্ত), পূৰ্ণেন্দু ভট্টাচাৰ্য (আব্বু), গংগা চক্ৰৱৰ্তী (আম্মি), আৱেৰী চুৰে (দুৰ্গা), প্ৰদীপ গাংগুলী (শ্বেখ মজিবুৰ ৰহমান) ইত্যাদি৷ সৰু সৰু কেইবাটাও কাহিনীৰে সমৃদ্ধ ‘চিলড্ৰেন অৱ ৱাৰ’ হৈছে এখন যুদ্ধৰ দলিল, গৃহযুদ্ধৰ প্ৰকৃত প্ৰতিচ্ছবি৷ ২০০৪ চনৰ ১৬ মে’ত মুক্তিপ্ৰাপ্ত ছবিখনে চিত্ৰগৃহত বিশেষ সঁহাৰি নাপালে যদিও ‘ছিৰিয়াচ ছবিৰ দৰ্শক’ৰ মন জয় কৰিবলৈ সক্ষম হ’ল৷ পৰিচালক মৃত্যুঞ্জয়ে ছবিখনৰ বাবে কষ্টস্বীকাৰ কৰিছে— বিশেষকৈ সাংবাদিক, বাংলাদেশৰ মুক্তি সংগ্ৰামৰ সৈতে জড়িত ব্যক্তি, শৰনাৰ্থীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি ১৯৭০-৭১ৰ প্ৰকৃত ছবিখন তুলি ধৰিবলৈ চেষ্টা কৰিছে৷ ছবিখন বাংলাদেশৰ যুদ্ধৰ কাহিনীৰে নিৰ্মিত যদিও শ্বুটিং কৰিছিল দিল্লী, হাৰিয়ানা আৰু পশ্চিমবংগৰ কেইটামান অঞ্চলত৷

বিশেষকৈ জাৰ্মানীৰ স্বেচ্ছাচাৰী শাসক হিটলাৰৰ নাজি বাহিনীয়ে কৰা অত্যাচাৰৰ সৈতে বাংলাদেশৰ মুক্তি সংগ্ৰামত চলোৱা অত্যাচাৰৰ সাদৃশ্য আছে৷ বাংলাদেশৰ স্বাধীনতা বিচাৰি যুঁজ দিয়া সংগ্ৰামীসকলক বশ কৰাবলৈ পাকিস্তানৰ সেনাক ৰাংকুকুৰৰ দৰে মেলি দিছিল বাংলাদেশত৷ প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংগ্ৰামলৈ সমৰ্থন জনোৱাসকলক নৃশংসভাৱে দমন কৰিছিল সিহঁতে৷ ৯ মাহত প্ৰায় ৬০ হাজাৰ মহিলাক বলাৎকাৰ কৰা হৈছিল৷ যুদ্ধত ‘ধৰ্ষণ’ক যুদ্ধজয়ৰ অস্ত্ৰ হিচাপে প্ৰয়োগ কৰি, ধৰ্ষিতাক ‘জাৰজ’ সন্তান জন্ম দিবলৈ বাধ্য কৰোৱাৰ আঁৰত আছিল পাকিস্তানী স্বেচ্ছাচাৰী শাসকৰ গোপন অভিসন্ধি৷ সেই জাৰজ সন্তানবোৰেই পিছলৈ বাংলাদেশৰ মুক্তি সংগ্ৰামত জড়িত হোৱাৰ সলনি ইয়াক বাধা দিব বুলি ভাবিয়েই মালিক আৰু তেওঁৰ সৈন্যই চলাই গৈছিল উপৰ্যুপৰি ধৰ্ষণ৷ মুক্তি সংগ্ৰামলৈ সমৰ্থন জনোৱা প্ৰখ্যাত সাংবাদিক আমিৰৰ পত্নী ফিদাক স্বামীৰ সন্মুখতেই বলাৎকাৰ কৰি কেম্পলৈ লৈ যোৱা, ট্ৰাকত উঠাই লৈ অহা এজাক যুৱতী, বয়স অনুসাৰে যুৱতীসকলৰ কোনগৰাকীক হত্যা কৰা হ’ব আৰু কোনগৰাকীক ‘উপভোগ’ৰ সামগ্ৰী হিচাপে জীয়াই ৰখা হ’ব, এটুকুৰা ৰুটীৰ বাবে বন্দী যুৱতীসকলৰ হাহাকাৰ, কেম্পত ফিদাই অমানৱীয় পৰিৱেশত সৈনিকৰ যৌনক্ষুধাৰ সামগ্ৰীলৈ পৰিণত হোৱা কেইগৰাকীমান যুৱতীক লগ পোৱা, আত্মীয়-পৰিজনক হেৰুৱাই এঠাইৰ পৰা আন এঠাইলৈ পলাই ফুৰা ৰফিক আৰু তাৰ বায়েক কৌশৰৰ জীয়াই থকাৰ তাড়না, বায়েকক ৰক্ষা কৰিবলৈ কৈশোৰতে বন্দুক তুলি ল’বলৈ বাধ্য হোৱা, ভাৰতেই শেষ আশ্ৰয় বুলি ভাবি পলাই ফুৰা শৰনাৰ্থী বাবাক নদীৰ পাৰতেই আন আন শৰনাৰ্থীৰ সৈতে হত্যা কৰা, কেম্পৰ পৰা বন্দুক-বাৰুদ সৰকাই লৈ যোৱাৰ সময়ত বীথিকাক মালিকে সকলো বন্দীৰ সন্মুখতে ধৰ্ষণ কৰা, যুৱতীক হত্যা কৰি কবৰ দিবলৈ ফিদাক বাধ্য কৰোৱা, ধৰ্ষিতা বাংলাদেশী মহিলাক জাৰজ সন্তান জন্ম দিবলৈ বাধ্য কৰোৱা ইত্যাদি শিহৰণকাৰী দৃশ্যবোৰ ছবিখনত দেখিলে অত্যাচাৰী শাসক মালিকৰ ওপৰত দৰ্শকৰ খং উঠাই স্বাভাৱিক৷ দৰ্শকক অভিনয়েৰে ‘ঘৃণা’ কৰিবলৈ বাধ্য কৰোৱাৰ বাবেই পৱন মালহোত্ৰাৰ অভিনয় শ্ৰেষ্ঠ৷ অৱশেষত মুক্তি বাহিনীৰ হাততেই প্ৰাণ গ’ল মালিকৰ৷ মালিকৰ মৃত্যু সহজ হোৱা কাম্য নাছিল দৰ্শকৰ, সেয়া ছবিখন চোৱাৰ পিছত প্ৰতিজনেই ভাবিবলৈ বাধ্য হ’ব৷ আনহাতে, ভাৰতৰ ওপৰত থকা বিশ্বাসৰ বাবেই কিশোৰ ৰফিকে বায়েকৰ সৈতে পলাই আহি আহি ভাৰত-বাংলা সীমান্ত পাওঁতেই পাকিস্তানী সৈন্যৰ গুলীত মৃত্যুবৰণ কৰা দৃশ্য মৰ্মান্তিক৷ এই দৃশ্যৰ দ্বাৰাই পৰিচালকে বুজাবলৈ চেষ্টা কৰিছে— বাংলাদেশৰ মুক্তি সংগ্ৰামত ভাৰত জড়িত হৈ পৰাৰ কাৰণবোৰ৷ তেতিয়াৰ ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ সাক্ষাৎকাৰৰ দৃশ্যৰেই আৰম্ভ কৰা হৈছে ‘চিলড্ৰেন অৱ ৱাৰ’৷ বাংলাদেশলৈ এতিয়াও সম্পূৰ্ণ শান্তি ঘূৰি অহা নাই, মুক্তিৰ সপোন লৈ বহুতো জাৰজ সন্তানে বৰ্তমানেও আশা কৰি আছে— দোষীয়ে উপযুক্ত শাস্তি পাওক৷
‘চিলড্ৰেন অৱ ৱাৰ’ত সংগীতেও বিশেষ মাত্ৰা প্ৰদান কৰিছে, গীতৰ মাজে মাজে চিত্ৰায়ন হোৱা দৃশ্যও মৰ্মস্পৰ্শী৷ সংগীত সিদ্ধান্ত মাথুৰৰ, চিত্ৰগ্ৰহণ ফচাহত খানৰ, সম্পাদনা অপূৰ্ব আচৰানিৰ আৰু ছবিখনৰ প্ৰযোজক হৈছে সৌম্য যোশী দেবব্ৰত৷

ছবিখনত প্ৰতিজন অভিনেতা-অভিনেত্ৰীয়েই অভিনয়ৰ পূৰ্ণ সুযোগ পাইছে৷ অৱশ্যে ফাৰুক শ্বেইখৰ চৰিত্ৰটি যিমান কঠোৰ হ’ব লাগে, সিমান যে মিলা নাই, সেয়া দৰ্শকৰ চকুত স্পষ্ট ৰূপত পৰিছে৷ প্ৰায় আঢ়ৈ ঘণ্টাৰ ছবিখনত ফাৰুক শ্বেইখৰ চৰিত্ৰটিত অভিনয় কৰাৰ কথা আছিল প্ৰখ্যাত বাংলা অভিনেতা সব্যসাচী চক্ৰৱৰ্তীয়ে, কিন্তু অনিবাৰ্য কাৰণত সেয়া হৈ নুঠিল৷ মৃত্যুৰ পিছত মুক্তি পোৱা ফাৰুক শ্বেইখৰ এইখনেই শেষ ছবি৷ ৰাইমা সেনৰ অভিনয়ো সাংঘাতিক হৈছে, বিশেষকৈ স্বামীৰ পৰা পৃথক হৈ বন্দীৰ জীৱন কটোৱা ধৰ্ষিতাৰ চৰিত্ৰত ৰাইমাই দৰ্শকৰ সমবেদনা পাবলৈ সক্ষম হৈছে৷ ইন্দ্ৰনীল সেনগুপ্তাৰ অভিনয় ভাল হৈছে৷ ভিক্টৰ বেনাৰ্জীয়ে কম সময়ৰ বাবে ভুমুকি মাৰিলেও দৰ্শকৰ মনত সাঁচ পেলাবলৈ সক্ষম হৈছে৷ বীথিকাৰ চৰিত্ৰত অভিনয় কৰা তিলোত্তমা সোম চৰিত্ৰটিৰ সৈতে সম্পূৰ্ণ মিলি পৰিছে৷ তথাপিও দৰ্শকৰ পৰা ঘৃণা লাভ কৰা পৱন মালহোত্ৰাৰ অভিনয়েই হৈছে ছবিখনৰ যোগাত্মক দিশ৷ ‘সাজা য়ে কালাপানী’ত অমৰীশ পুৰীয়ে কৰা অভিনয় মনত পেলাই দিলে পৱন মালহোত্ৰাই৷ নিষ্ঠুৰ স্বেচ্ছাচাৰী শাসক এজন কেনে হয়— সেয়া পৱন মালহোত্ৰাৰ অভিনয়ত ফুটি উঠিছে৷ ভাল ছবিৰ অপেক্ষাত থাকিব নালাগে, ভাল ছবি এটা চৰিত্ৰৰেই নিৰ্মাণ কৰিব পাৰি— সেয়া বুজাই দিলে পৱন মালহোত্ৰাই৷

(কিছু তথ্য ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!