অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ(অভিজ্ঞান ফুলকোঁৱৰ)

এই কথাষাৰ যেতিয়া সৰুতে কোনোবাই বহলাই লিখিবলৈ কৈছিল, তেতিয়া মই পোনে পোনে এইবুলি বহলাইছিলোঁ- যদি কোনোবা মানুহে বহুত বেছি অভ্যাস কৰে তেতিয়া কাণৰ ফুটাৰ মাজেৰেও শৰ পাৰ কৰিব পাৰে। যদিও কথাষাৰ এনেকৈ বহলাই পৰীক্ষাৰ বহীত নম্বৰ পাইছিলোঁ তথাপি ক’ৰবাত যেন এটা আসোঁৱাহ ৰৈ গৈছিল। বাৰে বাৰে ভাবিছিলোঁ মানুহে কাণৰ ফুটাটোৰেদিহে কিয় শৰ পাত মাৰিব, কাণৰ কোনটো ফুটা- লতিৰ ফুটাটোনে আনটো ফুটা!! যদি লতিৰ ফুটাটো হয় তেন্তে অভ্যাসৰ বাবে তাতকৈও সৰু ফুটা মোৰ ওচৰত আছিল বা মোক অভ্যাস কৰিবলৈ কোন দয়ালুয়ে নিজৰ কাণখন এৰি দিব!

এনে বহুবোৰ চিন্তাই মোক উত্তৰটোৰ প্ৰতি কিবা এক অশ্ৰদ্ধা আনি দিছিল। অকল এইটোৱেই মোৰ একমাত্ৰ উত্তৰ নাছিল যি মোক জীৱনৰ বহু সময়ত এক পীড়া দিছিল।

হয়, সময়ে মানুহক এনে কিছুমান শক্তি দিয়ে যাৰ বাবে মানুহে নিজেই সন্তুষ্ট হ’ব পৰাকৈ কিছুমান চিন্তাৰ সৰবৰাহ হয়। এদিন মই এটা উত্তৰ মোৰ মতে শুদ্ধ বুলি বিবেচনা কৰি ল’লোঁ।

কোনোবা এটা শ্ৰেণীৰ পৰা মই গণিতৰ প্ৰতি অলপ বেছি ঢাল খাবলৈ ধৰিছিলোঁ। তেনেতে মই লগ পালোঁ সমকোণী ত্ৰিভূজক। ঠিক এনে ধৰণেৰে যুগুতাই ল’লোঁ মোৰ উত্তৰ-
—-

ওপৰৰ চিত্ৰত এটা সমকোণী ত্ৰিভূজ। আমি জানো যে ইয়াৰ ‘কগ’ বাহু হৈছে ভূমি, ‘গখ’ হৈছে লম্ব আৰু ‘কখ’ হৈছে অতিভূজ বা কৰ্ণ।

এতিয়া যদি আমি ধৰি লওঁ এটা চৰাই ”গ”ৰ পৰা ”ক” অভিমুখে এক নিদিষ্ট বেগত আহে তেন্তে ”খ”ত থকা চিকাৰী এজনে শৰ বা গুলিটো কোনটো দিশত আৰু কোন বাটেদি মাৰিলে চৰাইজনীৰ গাত লাগিব। সেই বাটটো ”খক” নহয় জানো! তাৰমানে ত্ৰিভূজৰ অতিভূজ বা ”কৰ্ণ”। যেতিয়া দ্ৰোণই অৰ্জুনক ধনুৰ্বিদ্যা শিকাইছিল, তেওঁ বাৰে বাৰে এই বাটটোৰ কথাই কৈছিল। সেয়ে মই ভাবোঁ আচলতে ই কাণৰ ফুটা নহয় সমকোণী ত্ৰিভূজৰ অতিভূজ বা কৰ্ণৰ পথহে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Shamim
2 years ago

একদম যুক্তি পূৰ্ণ কথা। মই দশম শ্ৰেণীত পঢ়োঁ। আমাৰ চাৰে লিখি দিয়া এই প্ৰবচনটিৰ ব্যাখ্যা মোক কোনোমতেই সন্তুষ্ট কৰিব পৰা নাই। মই কেইজনমান বেলেগ শিক্ষকক সুধিলোঁ। সকলোৰে একেই কথা ।উপায়হীন হৈ ইউটিউব, গুগল সকলোতে ইয়াকে বিচাৰি আছোঁ। সৌভাগ্য বশত আপোনাৰ লিখনি টো বিচাৰি পালোঁ। ই মোৰ মনপুত হল।

Copying is Prohibited!