খুদ চাউলৰ লগত শুকান শেৱালি ফুলৰ জুতি

লেখক- পিংকি বৰুৱা

উপকৰণঃ
শুকান শেৱালি ফুল আধাবাতি
খুদ চাউল আধাবাতি
মিঠাতেল প্ৰয়োজনমতে
পানী প্ৰয়োজনমতে
নিমখ প্ৰয়োজনমতে
মানধনিয়া পাত দুই টেবুল চামুচ
নহৰু এক চাহ চামুচ
আদা এক চাহ চামুচ
কেঁচা জলকীয়া চাৰিটা
তেজপাত এখিলা
কলাখাৰ তিনি টেবুল চামুচ

প্ৰণালীঃ
খুদ চাউলখিনি প্ৰায় দহ মিনিটমান সময় পানীত তিয়াই ধুই ল’ব। শুকান শেৱালি ফুলখিনিও ধুই ল’ব। (শুকান শেৱালি ফুলৰ সলনি সতেজ শেৱালি ফুলো ল’ব পাৰিব) কেৰাহীখন গৰম কৰি তাতে প্ৰয়োজনমতে তেল দিব। তেলখিনি গৰম হ’লে তেজপাত আৰু নহৰুৰ ফোৰণ দিব। নহৰুৰ বৰণ সলনি হ’বলৈ ধৰিলে ধুই লোৱা শুকান শেৱালি ফুলখিনি দি লৰাই দিব। তাৰপিছত খুদ চাউল আৰু প্ৰয়োজনমতে নিমখ দি ভালদৰে লৰাই প্ৰায় দুই মিনিটমান সময় ভাজিব। তাৰপিছত প্ৰয়োজনমতে পানী দি ভালদৰে লৰাই কলাখাৰখিনি দি ঢাকি উতলিবলৈ দিব। প্ৰায় পোন্ধৰ মিনিটমান সময় উতলোৱাৰ পিছত খুদ চাউলখিনি সিজিলে দুফাল কৰি লোৱা কেঁচা জলকীয়া, আদাৰ পেষ্ট আৰু কুটি লোৱা মানধনিয়াৰ পাতখিনি দি ভালদৰে লৰাই আকৌ ঢাকি দিব। প্ৰায় পাঁচ মিনিটমান সময়ৰ পিছত খুদ চাউলৰ মিশ্ৰণটো ডাঠ হৈ পৰিলে তাতে মিঠাতেল অলপমান দি ভালদৰে লৰাই গেছৰ জুই নুমুৱাই দিব। (আঞ্জাখন নিজৰ হিচাপত ডাঠ বা পনীয়া কৰিব পাৰে) এতিয়া গৰম ভাতৰ লগত খুদ চাউলেৰে ৰন্ধা শুকান শেৱালি ফুলৰ জুতি লওক। শেৱালি ফুলৰ এই ব্যঞ্জনবিধ খাবলৈ বৰ সোৱাদ হয়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!