খোজ লাহেকৈ দিবি সখী – দীপাঞ্জলি দাস পাঠক

( জীৱনৰ শেষ সিদ্ধান্তটো লোৱাৰ আগতে )

কলেজীয়া গাভৰু এজনী৷ পঢ়া-শুনাত অত্যন্ত চোকা৷ এখন নামজ্বলা কলেজত অধ্যয়নৰত৷ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যকলৈ সম্পূৰ্ণ সচেতন৷ সকলো ভবা ধৰণেই চলি আছিল৷ নিজৰ আৰু পিতৃ-মাতৃৰ প্ৰতি দায়বদ্ধতাৰো ক’তো অকণো অভাৱ হোৱা নাছিল৷ কিন্তু হঠাতে সকলো কথাৰে ছন্দ পতন ঘটিল৷ ছোৱালীজনীয়ে অত্যধিক হতাশাত ভূগি জীৱনটো শেষ কৰি দিয়াৰ শেষ সীমাত উপনীত হৈছিল৷ কেনেবাকৈ দুদিন আগত তাইৰ ফেচবুকত দিয়া তেনেকুৱা প’ষ্ট এটা চকুত পৰি মই লগে লগে মেচেজ কৰি মোলৈ যেনেতেনে ফোন এটা কৰিবলৈ জোৰ কৰিছিলোঁ৷ তাই কৰা নাছিল৷ হয়তো মানসিক প্ৰস্তুতি নাছিল৷ মই কেৱল এটা মেচেজ দি থৈ দিছিলোঁ- “তোমাৰ যিয়েই সমস্যা হৈছে, এবাৰ নিসংকোচে কথা পাতা৷ তোমাৰ পৰা এষাৰ কথা শুনিবলৈ মই ৰৈ আছোঁ৷”

আজি ৰাতিপুৱা তাইৰ সৈতে কথা হ’ল৷ মাতষাৰ শুনিয়েই বুজি উঠিলোঁ যে তাই পাৰ্য্যমানে চেষ্টা কৰিছে হতাশা আৰু যন্ত্ৰণাক নিয়ন্ত্ৰণ কৰিবলৈ৷ মোৰো মনটো পোহৰ হৈ পৰিল৷ ভালেমান পৰ কথা পাতিলোঁ৷ শুনিলোঁ, বুজিলোঁ৷ দেখিলোঁ জীৱন সম্পৰ্কে ইমান সচেতন আৰু সকাৰত্মক দৃষ্টিভংগী থকা ছোৱালী এজনীও কিদৰে ভাঙি পৰিছে৷ বিধ্বস্ত আত্মবিশ্বাস আৰু আত্মগ্লানিয়ে থকা-সৰকা কৰা দিনবোৰে, বহুৰাতিৰ নিদ্ৰাহীনতাই তাইক শাৰীৰিকভাৱেও ৰোগগ্ৰস্ত কৰি তুলিছে৷ তেনেকুৱা বিপৰ্য্যস্ত সময়তে চাগে ব্যক্তিয়ে নিজৰ পৰা মুক্তি বিচাৰে৷ ঠিক এইখিনি সময়তে কোনো আপোনজনৰ স্নেহস্পৰ্শই সঞ্জীৱনী সুধাৰ কাম কৰে৷

তাই কি ভুল কৰিছিল-এইটো প্ৰশ্নৰ উত্তৰ বিচাৰি ভাগৰি পৰা ছোৱালীজনীক মই এষাৰ কথায়েই কৈছিলোঁ, “তুমি সেইটো সময়ত যিটো কৰিছিলা তাত একো ভুল নাছিল কাৰণ সকলো কথাৰে পূৰ্বানুমান লগাব কেতিয়াও নোৱাৰি৷ কিন্তু এতিয়া হৈ যোৱা কথাটোক ভুল মানি তুমি যদি নিজকে শাস্তি দিয়া, ভুলটো প্ৰকৃততে এতিয়াহে কৰিবা৷”

প্ৰেম, বয়সৰ স্বাভাৱিক পৰিঘটনা৷ কিন্তু সকলো প্ৰেমৰ সম্পৰ্কয়ে বাঞ্চিত পৰিণতিৰ ফালে আগবঢ়াৰ কোনো নিশ্চয়তা নাথাকে৷ কোনো কোনোবা এই ক্ষেত্ৰত সৌভাগ্যৱান হয়৷ কিন্তু যিসকল প্ৰেমত বিফল হয় অথবা চূড়ান্ত বিশ্বাসঘাটকতাৰ বলি হয় তেওঁলোকৰ মনোদশা বুজিবলৈ সহজ নহয়৷ সমস্ত হৃদয়াবেগেৰে যাক বিশ্বাস কৰা হৈছিল তাৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ প্ৰতি মুহূৰ্ততে তেওঁলোকে নিজকে কাঠগৰাত থিয় কৰায়৷ নিজক কেনেকৈ এৰি দিলে এজন প্ৰতাৰকৰ দ্বাৰা আবেগিক ভাৱেও used হ’বলৈ এই কথাটোকে সহজ ভাৱে লবলৈ হেজাৰ চেষ্টা কৰিও সময়ত বিফল হয়৷ এই used হৈ যোৱা কথাটোৱেই ক্ৰমশঃ নিঃশেষ কৰিবলৈ ধৰে আত্মবিশ্বাসৰ ভেটিটো৷ আৰু শেষত সকলো শূন্য হৈ পৰে৷

বয়স আৰু অভিজ্ঞতাই দি যোৱা বোধৰ দ্বাৰা মই যথা সম্ভৱ ছোৱালীজনীক বুজালোঁ৷ জীৱনৰ প্ৰতি খুবেই practical দৃষ্টিভংগী ল’বলৈ বাৰে বাৰে সোঁৱৰাই দিলোঁ৷ যিয়ে আমাৰ অনুভূতিক সন্মান জনাবলৈ নাজানিলে তেওঁৰ বিশ্বাসহীনতাই আমাক দুখ দিব সঁচা৷ কিন্তু তেওঁৰ বাবে মহা মূল্যবান জীৱনটোক আমি অৱজ্ঞা কৰিম, ইমানো দূৰ্বল কিম্বা সস্তীয়াতো আমাৰ জীৱন নহয়৷

প্ৰেম অন্ধ কিম্বা প্ৰেমান্ধ হৈ জীৱন জীয়াৰ সময় হয়তো আজিকালি উকলিছে৷ প্ৰতি খোজতে জীৱন সলনি হৈছে৷ মানুহ সলনি হৈছে৷ মন-মানসিকতা সলনি হৈছে৷ বিশ্বাস আৰু সৰলতা বাৰে বাৰে ভুলুণ্ঠিত হৈছে৷ ঠগ-প্ৰবঞ্চকে মুখাৰ আঁৰত চিকাৰৰ অপেক্ষাত সদায়ে আছে৷ কিমান ছোৱালীয়ে এনেকুৱা প্ৰতাৰকৰ জালত ভৰি দি জীৱনটো দূৰ্বিসহ কৰি তুলিছে৷ প্ৰেমৰ নামত আজিকালি ভুৱা প্ৰেমিকৰ টিঘিলঘিলনিয়ে অধিক দেখিবলৈ পোৱা যায়৷ দৈনিক এনেকুৱা কত খবৰেৰে ভৰি থাকে বাতৰি কাকতৰ পৃষ্ঠাবোৰ৷ সেয়েহে সচেতন হ’বৰ হ’ল, বিশেষকৈ যুৱতীসকল৷

সঁচা প্ৰেম চিনিবলৈ কঠিন কিন্তু অসম্ভৱ নহয়৷ কাৰোবাক ভাল লগা আৰু প্ৰেমৰ মাজত পাৰ্থক্য আছে৷ প্ৰেম বুলি পতিয়ন যোৱাৰ আগতে, কাৰোবাৰ সৈতে ঘনিষ্ঠ হোৱাৰ আগতে চকু মেলি কথাবোৰ চিন্তা কৰা ভাল৷ সন্মুখৰ ব্যক্তিজন যিমানেই সৎ বা বিশ্বাসযোগ্য নহওক কিয়, আজিকালিৰ পৰিবেশ-পৰিস্থিতিয়ে কবলৈ বাধ্য কৰে যে কাকো ১০০% বিশ্বাসত লবলৈ নাপায়৷ অন্ততঃ ১% নিজৰ সচেতনতাৰ বাবে থোৱা উচিত৷

সৰ্বশেষত ছোৱালীজনীক ইয়াকেই কলো-জীৱনত প্ৰেম আহিবই৷ প্ৰেম হওক কিন্তু প্ৰেমেই সৰ্বস্ব হৈ পৰক জীৱনৰ বাবে এইটো ভুল নকৰিবা৷ সকলোতে নিজৰ বাবে অলপ space ৰখা উচিত৷ প্ৰেম শেষ হ’ব পাৰে কিন্তু জীৱন শেষ নহয় তেতিয়ালৈকে যেতিয়ালৈকে জীৱনৰ আন আন দিশবোৰকো আমি সমানেই ভাল পাবলৈ শিকিম৷

সম্বন্ধৰ সংজ্ঞা কিম্বা অভিজ্ঞতা জীৱনৰ গতিত সলনি হৈ গৈ থাকে৷ আজি আমাৰ বাবে যি অপৰিহাৰ্য্য, যাৰ অবৰ্তমানত আমি বাচি থাকিবই নোৱাৰিম বুলি ভাবো সময়ত সেই সকলো কথাৰে স্থিতাৱস্থা বাহাল নাথাকে৷

শেষত তাইক কলো – আজি তুমি যিটো কথাৰ বাবে জীৱনটো শেষ কৰাৰ কথা ভাৱিছা, দহ বছৰৰ পাছত যেতিয়া উভতি চাবা তোমাৰ নিজৰেই হাঁহি উঠিব এই ভাবি যে ইমান সাধাৰণ কথা এটাতনো মই এনেদৰে ভাঙি পৰিব লাগিছিল নে?

তাই অনুৰোধ কৰিছিল মোক এই কথাখিনি লিখিবলৈ৷ সেয়েহে লিখিলোঁ৷ তাই বিচাৰিছে এইকথাখিনি আনেও পঢ়ক৷ জানক, বুজক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!