গুড-নিউজ (ৰঞ্জন জ্যোতি বৰ্মন)

ত্ৰিদীপৰ মনটো কেনে লাগিল সি নিজেই বুজিব নোৱাৰিলে। মায়াৰ লগত পতা কথাখিনি আকৌ এবাৰ সি মনত পেলাব ধৰিলে।
মায়াৰ বিয়াত সি দূৰৈত আছিল। বিয়াৰ দিনাখন তাৰ অলপ দুখ লাগিছিল, তথাপি মায়া আৰু তাৰ সম্পৰ্কটোৱেই এনেকুৱা আছিল যে তাইৰ বিয়াত সি দুখ কৰিবলগীয়া বিশেষ একো কাৰণ নাছিল। যি হ’লেওঁ তাহাঁতৰ মাজৰ ইমানদিনৰ ঘনিষ্ঠতা, অলপ মৰম, মনত তাইলৈ জগা তাৰ অলপ প্ৰেম-প্ৰেম ভাৱ, কামনা…, সেইখিনিয়ে তাৰ মনটো অলপ খুছিছিল। মায়াই তাক কৈছিল- চোৱা, আমি দুয়ো জানো ভাল বন্ধু হৈ থাকিব নোৱাৰোঁ?
তাতকৈ সকলো দিশতে উচ্চ মায়াক নিজৰ কৰি লোৱাৰ সপোন দেখাও তাৰ বাবে এটা সপোন যেনেই আছিল।
অভিনেত্ৰীসূলভ ‘গ্লেমাৰে’ৰে মায়াই সেই সময়ত তাহাঁতৰ চহৰখনত ৰূপৰ জুই জ্বলাইছিল। সেই ৰূপৰ মায়াৰে মায়াই প্ৰতিপত্তিশীল ধনী ব্যৱসায়ী অনুৰাগ বৰুৱাৰ লগত বিয়া হৈ গ’ল। বিয়াৰ পিছতো তাই তাৰ লগত যোগাযোগ ৰক্ষা কৰিছিল। ত্ৰিদীপে তাইৰ অনুৰোধত সিহঁতৰ ঘৰত কেইবাদিনো আতিথ্য গ্ৰহণ কৰিছিল। তাহাঁতৰ সম্পৰ্কটো সহজ আৰু বন্ধুত্বসূলভ হৈ পৰিছিল।
হঠাতে মায়াৰ পৰা এই আচৰিত প্ৰস্তাৱটো পাই সি আচৰিত হৈছিল। দুৰ্ঘোৰ উত্তেজনা এটা আৰম্ভ হৈছিল তাৰ মনত। বন্ধুত্বৰ বাহিৰেও তাৰ যে মায়াৰ সৈতে কিবা উপায়ে ভবিষ্যতে সম্পৰ্ক স্থাপন হ’ব সি ভুলটো ভবা নাছিল।
বিভিন্ন সময়ত মায়াৰ ঘৰৰ আতিথ্য লোৱা তাক মায়াই আজি তাৰ পৰা মাতৃত্বৰ আতিথ্য ভিক্ষা কৰিছে। অজস্ৰ ক্ষমতাৰে বলীয়ান তাইৰ স্বামী অনুৰাগ বৰুৱাৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাছিল। অতি-আধুনিক আই.ভি.এফ. পদ্ধতি প্ৰয়োগেৰেও সুফল নোপোৱা মায়া আজি তাৰ ওচৰত সন্তান ভিক্ষা-প্ৰাৰ্থী।
 
দুইঃ
জোৎস্নাই ছবিখন বেৰত লগাই উঠি দূৰৰ পৰা এবাৰ চালে। পেট পেলাই হাঁহি থকা এটা শিশুৰ ছবি। ঠিকেই আছে, ছবিখন বিচনাত শুলেও দেখা পোৱা যাব-তাই ভাবিলে। ৰৈ পেলাই এবাৰ তাই আইনাৰ আগত নিজৰ চেহেৰাটো চালে, আইনাত নিজৰ মুখখন চাই এটা হাঁহি মাৰি তাই আগফালৰ বাৰাণ্ডালৈ ওলাই গ’ল। দিব্যই সুধিলে-বাইদেউ, টাবকেইটাত মাটি ভৰোৱা হ’ল। ফুলৰ পুলিকেইটা এতিয়াই ৰুৱনে? ও-বুলি জোৎস্নাই টাবকেইটাৰ ওচৰত বহি লৈ পুলিকেইটা ৰুৱলৈ যো-যা কৰিলে।
দিব্য জোৎস্নাৰ মাকহঁতৰ ঘৰৰ কাষৰে ল’ৰা। এতিয়া সি সিহঁতৰ লগতে একেলগে থাকে। তাত থাকি সি এখন দোকানত ইলেক্ট্ৰিচিটিৰ কাম শিকি আছে। জোৎস্নাহঁতৰ বিভিন্ন ঘৰুৱা কামত সহায় কৰি দিয়ে সি। জোৎস্না আৰু ত্ৰিদীপৰ সংসাৰৰ আধা কাম সিয়েই কৰি দিয়ে। ত্ৰিদীপ আৰু জোৎস্নাই ভায়েকৰ দৰে মৰম কৰে তাক।
-বাইদেউ, ফুলবোৰ ডাঙৰকৈ ফুলিবনে? সি সোধে।
-ও ফুলিব, পুলিকেইটা হাইব্রীড হয় নহয়।
-হাইব্রীড মানে কি বাইদেউ?
-হাইব্রীড মানে, ফুলৰ এটা প্ৰজাতি আন বেলেগ এটা প্ৰজাতিৰ সৈতে সংকৰণ কৰি উন্নত মানৰ এটা জাত সৃষ্টি কৰা, মানে, – জোৎস্নাই কেনেকে বাখ্যা কৰি দিব্যক বুজাব ভাবি নাপায় মনে মনে ৰ’ল।
ত্ৰিদীপে ফুল ভাল পায়, এইটো তাইৰ চখৰ সৈতে মিলি যোৱা- ভাবি ভাবি জোৎস্নাই গুণ-গুণাই পুলিকেইটাৰ গুৰিত লাহে লাহে মাটি খচি দিয়ে।
ফুল ফুলাৰ চিন্তাৰ লগতে ত্ৰিদীপ আৰু তাইৰ জীৱনলৈ আহিব ওলোৱা ভবিষ্যতৰ ফুল-কোমল অতিথিজনৰ কল্পনাত তাই মগ্ন হৈ পৰে।
আহিব চাগে এইবাৰ অতিথিজন। গা-ধুৱাৰ কেইবাদিনো পাৰ হৈ গৈছে। ত্ৰিদীপে জানে কথাটো। তাৰ চকুতো নতুন আলহীৰ অপেক্ষাৰ উৎকন্ঠা।
ত্ৰিদীপ গুৱাহাটীলৈ গৈছে, দুদিন হ’ল আজি। অহাকালি উভতা কথা। সি ঘৰ আহি পাই নতুনকৈ ৰোৱা ফুল পুলিকেইটা ঠন ধৰি উঠা দেখি কিমান যে ভাল পাব।
-দে দে দিব্য, গোবৰখিনি গুৰি কৰি দেচোন। জোৎস্না ব্যস্ত হৈ পৰিল।
 
তিনিঃ
ত্ৰিদীপ ৰৈ আছে। পৰীক্ষা এটাৰ ফলাফললৈ সি বাট চাই আছে। সি বুজিব পৰা নাই, এইবোৰ পৰীক্ষা কেলেই দৰকাৰ হয়। সি নিজেই দেখোন এইবোৰ পৰীক্ষাৰ এটা মস্ত ৰিজাল্ট। অৱশ্যে সি মায়াক কোৱা নাই যে সি আৰু জোৎস্না ইতিমধ্যে সন্তান অপেক্ষাৰত। সি মায়াক এইবোৰ কৰাৰ দৰকাৰ নাই বুলি কৈছিল যদিও মায়াই নামানিলে। তালৈ টেষ্ট কেইটিমানৰ এখন লিষ্ট পঠিয়াই দিছে, লগতে ক্লিনিকৰ নাম আৰু ঠিকনা। ইতিমধ্যে তাৰ বেংক একাউন্টত তাই পঞ্চাশ হাজাৰ টকা জমা কৰি দিছে।
পৰীক্ষাৰ ফলাফলটো ঠিকে থাকিলে সি এদিন মায়াৰ আতিথ্য লবলৈ তাইৰ ঘৰলৈ যাব লাগিব। নহয়-নহয়, মায়াৰ ঘৰলৈ যাব যদিও আচলতে এইবাৰ সি অতিথি নহ’ব। মায়াৰ ঘৰত মায়া নিজেই এইবাৰ অতিথি হ’ব। সুন্দৰ সুগঢ়ী মায়াৰ চেহেৰাত এতিয়ালৈ বয়সৰ এটা আঁচোৰো পৰা নাই। তাইৰ চেহেৰাত এতিয়াও হাজাৰ নিশাৰ মায়া সানিবলৈ, হাজাৰজনক উতলা কৰিব পৰা ক্ষমতা মূৰ্তমান। তাই যে এতিয়াওঁ তাৰ বাবে আকাংক্ষিতা…, মনটো তাৰ চঞ্চল হৈ পৰিল।
তাইৰ স্বামী অনুৰাগ বৰুৱাৰ কথা ভাবিলে। বৰুৱালৈ তাৰ বেদনা জাগৃত হ’ল। সি মায়াক সুধিছিল-বৰুৱাই কথাবোৰ কেনেকে ল’ব। তাই উত্তৰ দিছিল-তেওঁ মান্তি হৈছে, তুমি আৰু বিশেষ একো ভাবিব নালাগে। তাক সিহঁতৰ পৰিয়ালৰ আৰু অধিক ব্যক্তিগত পৰ্যায়লৈ তাই নিব বিচৰা নাছিল। তাৰ মনে মনে হাঁহি উঠিছিল। মানুহৰ ব্যক্তিগত বোলা কথাটোৱো যে আৰু! ক’ত, কেনেকৈ, কোনে যে কাৰ পৰা কথা আঁৰ কৰিবলৈ বিচাৰে!
মায়াই সিহঁতৰ মাজত হ’ব লগা চুক্তিখনৰ চৰ্ত্তখিনিৰ ওপৰত গুৰুত্ব দিছিল। একান্ত গোপনীয়তা আৰু অন্যান্য সাধাৰণ কিছুমান চৰ্ত্ত, যিবোৰ তাৰ ব্যক্তিগত জীৱনত অদৰকাৰী আৰু অদূৰ ভৱিষ্যতত কোনো প্ৰভাৱ পেলাব নোৱাৰাকৈ বহু দূৰৈৰ আছিল। সি চৰ্ত্তবোৰ মানি লৈছিল।
কথাটো শুনাৰ প্ৰথম দিনৰ পৰাই ত্ৰিদীপৰ মনত এখন ছবিয়ে ঢৌ তুলি আছিল- অনুজ্জ্বল পোহৰত দুটা যুগ্ম দেহৰ ছবিয়ে ৰং খেলি থকাৰ ছবি। মায়ালগা এক নতুন ৰসেৰে আস্বাদিত হ’বলৈ সি উদ্বাউল হৈ পৰিছিল দিনে দিনে।
 
চাৰিঃ
ত্ৰিদীপে অংকবোৰ মিলাব পৰা নাই। সকলো অমিল হৈ পৰিল। তাৰ মূৰটো যেন ঘূৰাই গ’ল। ঘৰলৈ উভতাৰ পথত হাইৱেৰ কাষৰ ধাবা এখনত বহি লৈ জীৱনত প্ৰথম বাৰৰ বাবে গলত ৰ’-পেগ ঢালিছে।
মেডিকেল ৰিপ’ৰ্ট মতে সি পিতৃ হোৱাৰ যোগ্যতা নাই। হ’বই নোৱাৰে। তেন্তে সি কেনেকৈ দেউতাক হ’বলৈ ওলাইছে। জোৎস্না কেনেকৈ ‘কনচিভ’ হ’ল। কিন্তু ডাক্তৰেতো তাক বিভিন্ন ৰিপোৰ্ট দেখাই-মেলাই ভালকৈয়ে বুজাই দিলে। ৰিপোৰ্টমতে সি কোনোমতেই পিতৃ হ’ব নোৱাৰে। বিখ্যাত ‘ইনফাৰ্টিলিটি’ৰ বিশেষজ্ঞ চিকিৎসকজনে তাৰ বুকুত যেন চুৰিহে সুমোৱাই দিলে। ইমানগাল পৰীক্ষা-নিৰীক্ষাৰ অন্তত ডাক্তৰে তাক ভালকৈ বুজাই দিছে যে পিতৃত্ব লাভৰ বাবে সি অনুপযোগী।
কিন্তু জোৎস্না অন্তঃসত্বা হ’ল কেনেকৈ? সি যেন পাগল হৈ যাব এতিয়া। সি আৰু পেগ ল’লে। জোৎস্না তেন্তে কি? তাই তাক বিশ্বাসঘাটকতা কৰিলে? কাৰ লগত? তাৰ দিব্যলৈ মনত পৰিল। হয়, ‘কালপ্ৰিট’টো সিয়েই হ’ব।
ত্ৰিদীপে নিজেই মায়াৰ সৈতে গোপনে কি কৰিব গৈছিল তাক পাহৰি গ’ল। সি কেৱল ভাবিলে- জোৎস্নাই তাক বিশ্বাসঘাটকতা কৰিলে!
তাই এটা বিশ্বাসঘাতক…..!!
বটলটো ডাঙি লৈ গোটেইটো সি মুখত ঢালি দিলে।
 
পাঁচঃ
ছাৰ, ছাৰ!!
ড্ৰাইভাৰৰ মাতত ত্ৰিদীপে সাৰ পালে। ওৰেটো ৰাষ্টা বমি কৰি কৰি আহি গাড়ীতে কেতিয়া টোপনি গ’ল সি মনত কৰিব নোৱাৰিলে। দুৰ্বল খোজেৰে আহি সি বাৰাণ্ডাত ভৰি থলেহি। কোনোমতে ‘কলিংবেল’টো বজাই ঢলংপলংকৈ সি থিয় দি ৰ’ল।
কেইবা মিনিট পাৰ হ’ল, দুৱাৰ খুলিবলৈ কোনো সাৰসুৰ নাই।
মূৰতো তাৰ টিংটিঙাই উঠিল।
ছবিখন ভাহি আহিল -অনুজ্জ্বল পোহৰত দুটা যুগ্ম দেহৰ ৰং খেলা ছবি…..।
সি পাগলৰ দৰে দুৱাৰত ভুকুৱাব ধৰিলে।
খটক্-কৈ দুৱাৰখন খোলা গ’ল। জোৎস্নালৈ সি পোনে পোনে চালে-মেলা চুলি, কাপোৰ কানি অসংযত, কোনো ঠিক-ঠাক নাই।
-টোপনিয়ে আহিছিল পায়, ইপিনে টিভিটোৱো চলি আছিল, শুনিয়ে পোৱা নাছিলোঁ।
তাইলৈ এবাৰ চাই সি সিহঁতৰ শোৱা কোঠালৈ সোমাই গ’ল। কোঠাত সোমায়ে সি যেন কাৰোবাক বিচাৰিলে। কাকো নেদেখি সি কাষৰ বিচনাখনত বহিব লওতেই জোৎস্নাই প্ৰায় চিঞৰিয়ে ক’লে-সেইখনত নহয়, তাত নবহিবা। ডাঙৰ বিচনাখনত বহা। তাৰ চকুত প্ৰশ্নবোধক ভাব দেখি তাই কলে-বেদ নিউজ, মোৰ আজি অসুবিধা হ’ল।
মূৰত হাত দি ত্ৰিদীপ বিচনাত বহি পৰিল।
সি চিন্তা কৰিব ধৰিলে-এইটো যদি বেদ নিউজ হয়, তেন্তে তাৰ বাবে ই এক গুড নিউজ, কাৰণ জোৎস্নাই তাক…..। কিন্তু কেতিয়াবালৈ যদি জোৎস্নাই নিজাকৈ মায়াৰ দৰে গুড-নিউজ এটাৰ প্ৰয়োজন অনুভৱ কৰে, তেন্তে? তেন্তে সেয়া গড-নিউজ হ’ব নে বেদ নিউজ? তাৰ মগজুৱে কাম নকৰা হ’ল। সি বিচনাখনত দীঘল দি পৰিল। মদৰ নিচাই তেতিয়াহে যেন তাৰ মূৰত ধৰিলে।
(কাল্পনিক)

One thought on “গুড-নিউজ (ৰঞ্জন জ্যোতি বৰ্মন)

  • September 23, 2014 at 6:25 pm
    Permalink

    ভাল লাগিল,সাম্প্ৰতিক বিষয় বস্তু এটাৰ সুন্দৰ উপস্থাপন যেন লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!