তুমি নাবান্ধিবা খোপা, ও মোৰে প্ৰিয়া (দিগন্ত কুমাৰ ভট্টাচাৰ্য)
কলেজ খোলাৰ দিনত দুপৰীয়া সময়ত সাধাৰণতে হোষ্টেল খালী হৈয়ে থাকে ‘লান্স ব্ৰেক’ৰ সময়লৈকে। অৰূপে ক্লাছ কৰিবলৈ, কলেজলৈ গৈ ভাল নাপায়। তাৰ বাবে এইবোৰ হেনো ‘এলাৰ্জী’! সিদিনা দুপৰীয়া শুই উঠি সি দাঁত ব্ৰাছ কৰি আছে প্ৰথম মহলাত। হোষ্টেলত একে লাইনত চাৰিটাকৈ বাথৰুম আছে। তাৰে প্ৰথমটো বাথৰুমৰ দুৱাৰখন চুটি, চাৰে পাঁচ ফুট মানৰ। দুৱাৰ আৰু ওপৰৰ ৱাল’ৰ মাজত এক ফুট মানৰ ফাঁক এটা আছে। গতিকে গা ধুই থকা সকলৰ কান্ধৰপৰা ওপৰৰ অংশ দেখা যায়। অৰূপে হঠাতে দেখিলে বাথৰুমটোত কোনোবা এগৰাকীয়ে দীঘল চুলিকোঁচা টাৱেল এখনেৰে মচিছে, মাজে মাজে জোকাৰিছে। চকা-মকাকৈ দেখিছে পিছৰপৰা। ছোৱালী!! অৰূপৰ চকু ঠিয় হৈ গ’ল।
‘বয়জ হোষ্টেলত ছোৱালী ক’ৰ পৰা আহিল! তাকো এই সময়ত? ৰমেনৰ গাৰ্ল-ফ্ৰেণ্ডজনী নেকি? কিন্তু তাই গা ধুবলৈ কিয় আহিব? নে কাৰোবাৰ গেষ্ট!?- সীমাহীন প্ৰশ্নই তাক বিব্ৰত কৰি তুলিলে। ব্ৰেকিং নিউজ, গৰম খবৰ একেবাৰে! তাৰ কথাটো কাক কওঁ-কাক নকওঁ লাগিল। দৌৰা-দৌৰিকৈ নামি আহি সি ৰান্ধনী শৰ্মাদাক বাটতে পাই কথাটো জনালে। লাহে লাহে কলেজৰপৰা দুই-এজন আহিছিল। সকলোৱে গম পালে। পুনৰবাৰ বাথৰুমলৈ গৈ চাওঁতে তাত কোনো নাই। গা ধোৱা হৈ গ’ল বোধকৰোঁ।
এনেতে শৰ্মাদাই তলৰপৰা দৌৰি আহিল-‘হেৰি, আপোনালোকৰ লগৰ মানসৰ ৰুমৰ খিৰিকীখন চাওকহিচোন তলৰ ফিল্ডৰপৰা..কি যে দৃশ্য!’
সকলো দৌৰিল তললৈ। ফিল্ডৰপৰা ওপৰ মহলাৰ কোঠাৰ খিৰিকীবোৰ দেখি।
সকলোৰে চকু মানসৰ ৰুমত। তাৰ খিৰিকীত ভেজা দি বাহিৰৰ ফালে পিঠি দি ৰৈ আছে অলপ আগতে গা ধুই থকা ছোৱালীগৰাকী! দীঘল চুলিটাৰি হয়তো ৰ’দত শুকাবলৈ দিছে।
‘ঐ ব’ডী কালাৰৰ কিবা পিন্ধিছে নে একো পিন্ধা নাই ও?’
‘ধৰিবই পৰা নাই ভাই…’ – তলত হোষ্টেলৰ আবাসীৰ সমাগম বাঢ়িল। সকলোৰে চকুৱে-মুখে উৎকন্ঠা, প্ৰশ্ন।
‘ছেহ!!: মানসক এনে বুলি ভবা নাছিলোঁ দেই’
‘তুমি নাবান্ধিবা খোপা, ও মোৰে প্ৰিয়া!’- কবি বুলি পৰিচিত গৌৰৱে ৰোমাণ্টিক কবিতাৰ এফাঁকি আওৰালে। শৰ্মা দাই প্ৰায় দহমিনিট মান ধৰি চূণ-চাধা মিক্স কৰি ঘঁহিয়েই আছে, খাবলৈ পাহৰি গৈছে।
এনেতে বিক্ৰম আহিল। বিক্ৰম হোষ্টেলৰ ম’নিটৰ। অলপ কাঢ়া। আহিয়েই গালি পাৰিবলৈ আৰম্ভ কৰিলে – ‘ঐ তহঁতৰ কাম নাই আৰু? কোন ছোৱালী গম নাপাৱ, চাই আছ। ৰহ মই মানসৰ ৰুমলৈ গৈ কওঁ তাক…ছোৱালী আহিছে, কথা নাই..কিন্তু এনেকৈ ল’ৰাৰ বাথৰুমত গা ধুব…খিৰিকীত ৰৈ পিঠি দেখুৱাই…’।
বিক্ৰমৰ পিছে পিছে বহু কেইজন গ’ল মানসৰ ৰুমলৈ।
‘বিক্ৰম, তাইক পিছে একো নক’বি..তাইৰ সৌন্দৰ্য সুধা লৈয়েই বহুদিনৰ মূৰত কবিতা এটি আওৰাইছোঁ আজি’- সেয়া কবি গৌৰৱ।
মানসৰ ৰুমৰ ভিতৰ সোমাই আটাইৰে চকু কপালত উঠিল। দেখিলে খিৰিকীৰ কাষত তেতিয়াও বহি আছে এমুখ দাড়িৰে এজন যুৱক। চুলিখিনি বান্ধি পাগুৰি এটি মৰাত ব্যস্ত!
‘আৰে তহঁত যে আটাইবোৰ?…আৰু এয়া মোৰ গেষ্ট এজন আহিছে ৰ’ আজি পুৱা, নলে গলে লগা বন্ধু- মণিন্দৰ সিং! আজি ৰাতি বল্লে বল্লে গাম!!’
আটায়ে কবি গৌৰৱলৈ চালে। সি চকু দুটা মুদি তেতিয়াও কবিতা ভবাত মগন-‘তুমি নাবান্ধিবা খোপা, ও মোৰে প্ৰিয়া…’!