চহা জীৱনৰ মাধুৰীমা – কন্দৰ্প কুমাৰ নাথ

 কংক্ৰিটৰ অৰণ্যত যান্ত্ৰিকতাৰ ঠেক বেষ্টনীৰ পৰা সৰল গাঁৱলীয়া জীৱনৰ সুবিশাল মনবোৰ উপলব্ধি কৰাটো বৰ কঠিন৷ সৰল গাঁৱলীয়া জীৱনৰ মাধুৰীমাখিনি বাৰু ক’ত লুকাই আছে? কবিয়ে কোৱাৰ দৰেই চহাৰ সৰল প্ৰাণত নহয় জানো? দহোটাৰ কাম একেলগে কৰা চহাৰ সৰল প্ৰাণবোৰৰ মাজতেই লুকাই আছে গাঁৱলীয়া চহা জীৱনৰ মাদকতা৷ চহা জীৱনে সেই দহোটাৰ কামৰ মাজতেই ৰচিছিল কৰিছিল গাঁৱৰ ঐক্য আৰু সংহতিৰ সোপান৷ কৃষিজীৱী গঞাই নিজে অকলে কৰিব নোৱাৰা কিছুমান কাম গঞা ৰাইজে মিলিজুলি একেলগে কৰিছিল৷ আহকচোন তেনেকুৱা কেইটিমান একেলগে মিলিজুলি কৰা কামৰ আভাস লওঁ৷ আধুনিকতাৰ ধামখুমীয়াত এই কামবোৰ এতিয়া লোপ পাই আহিলেও ভিতৰুৱা গাঁওবোৰৰ কেতবোৰ ঠাইত এতিয়াও এই সমূহীয়া কামৰ পৰম্পৰা জীয়াই আছে৷ এইখিনিতে এটা কথা উনুকিয়াই থওঁ যে কামবোৰ সকলো অঞ্চলতে সাদৃশ্য থাকিলেও নামবোৰ হয়তো অঞ্চল বিশেষে বেলেগ বেলেগ হব পাৰে৷ মই মাথোঁ আমাৰ দৰঙীয়া প্ৰতিশব্দেৰে সেই কামবোৰ চমুকৈ চিনাকি কৰাই দিবলৈ চেষ্টা কৰিছো৷

#সাউৰী খোৱা বা ধৰা
আঘোণৰ পকা ধান কাটিবৰ সময়ত একেলগে পাল পাতি গোটটোৰ প্ৰতি ঘৰতেই সহায় কৰা এই কামটো আমাৰ অঞ্চলত সাউৰী খোৱা বা সাউৰী ধৰা বুলি কয়৷
#গৰু পাল্লা
গাঁৱৰ গৰু থকা প্ৰতিখন ঘৰেই প্ৰতিদিনেই গৰু চৰাবলৈ যোৱাটো এটা কঠিন কাম৷ সেয়েহে সকলোৱে মিলিজুলি পাল পাতি নিৰ্দিষ্ট দিনত যাৰ দায়িত্ব পৰে তেওঁ আটাইবোৰ গৰু একেলগে চৰাবলৈ যায়৷ প্ৰয়োজন সাপেক্ষে গৰখীয়াৰ সংখ্যা দুই তিনিজনীয়া গোটটো ভাগ কৰি লয়৷
#চাল ছাৱা পতা
খেৰী ঘৰৰ চাল ছাবলৈ গাঁৱৰ সেই কামত নিপুণ কেইজনমানক আমন্ত্ৰণ জনাই এই কামটো সমাধান কৰা হয়৷ আজিকালি টিনপাতৰ ব্যৱহাৰ হোৱাৰ পৰা গাঁওবোৰত এই কামটো লোপ পাই আহিছে৷
#নদী বা বিল খেদা
গাঁৱৰ সকলো লগ হৈ মিলিজুলি নদী বা বিললৈ মাছ মাৰিবলৈ যোৱা কাম৷ মাছ পোৱা নোপোৱা সকলোৱে সমানে ভগাই লোৱাটো এই কামটোৰ এটা মহান বিশেষত্ব৷
#পহৰা দিয়া
গাঁওখনক নিশা চোৰ ডকাইতৰ পৰা হাত সাৰিবলৈ পাল পাতি কৰা সুৰক্ষা ব্যৱস্থা৷ আজিকালি পুলিচ প্ৰশাসনৰ সহযোগত গাঁও ৰক্ষী বাহিনী গঠন হৈছে৷
এইবোৰৰ উপৰিও গাঁৱৰ উৎসৱ-পাৰ্বন, কাৰোবাৰ বিয়া-সবাহ, ধৰ্মীয় কিম্বা মাঙ্গলিক অনুষ্ঠানবোৰতো সকলোৱে মিলিজুলি সহায় কৰাৰ পৰম্পৰা আজিকোপতি চলি আহিছে৷ এনে সমূহীয়া কৰ্মৰ জৰিয়তে আজিও দুৰূহ কামবোৰ মিলাপ্ৰীতিৰে কৰি ঐক্য, সংহতি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল নিকটকটীয়া কৰি ৰাখিছে৷ চহৰৰ যান্ত্ৰিক স্বাৰ্থান্বেষী জীৱনৰ বিপৰীতে গাঁৱৰ এই সৰল নিস্বাৰ্থ জীৱনবোৰ সঁচাকৈয়ে অতি মধুময়৷
☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!