টিপচ্  – অঞ্জন কুমাৰ শৰ্মা

 ধৰি লওক আপুনি হোটেল এখনত দুদিন দুৰাতি থাকি যাবলৈ ওলালে৷ লগত নিয়া বেগটোত কাপোৰ কানিবোৰ ভৰাই লওঁতেই ওৱেটাৰজনে মাত লগালে …“চাৰ বেগটো দিয়ক, মই ৰিচিপচন্ কাউণ্টাৰৰলৈকে লৈ যাওঁ ৷” আপুনি গ’ম পাই গ’ল যে এইয়া “বিশ” বা “পঞ্চাশ” টকীয়া খেলা৷ বেক পকেটৰ ’পাৰ্চ’টোৰ পৰা নিলগাই খমখমীয়া ’নো’ট’ এখিলা উলিয়াই আপুনি চাৰ্টৰ ওপৰ পকেটত ৰাখি থ’লে ‘টিপচ্’ৰ বাবে৷

ডমিন’জ, মেকডি, কে এফ্ চি বা যিকোনো চহৰৰ অভিজাত ৰেষ্টুৰেণ্ট৷ মেনু বুক লৈ ওৱেটাৰ হাজিৰ৷ অৰ্ডাৰ মতে বিধে বিধে ব্যঞ্জন আহি গ’ল আপোনাৰ সন্মুখৰ টেবুললৈ৷ শেষত যেনিবা কেইটামান চফগুটি আৰু মিচিৰিৰ টুকুৰা মিহলি বটা এটিৰে ওৱেটাৰজনে চেপেটা সৰু এলবাম এটাৰে বিলখন আপোনালৈ আগবঢ়াই দিলে৷ আপুনিও পলম নকৰি খমখমীয়া দুহেজাৰৰ গুলপীয়া নোট এখিলা আগবঢ়াই দিলে৷ বিলৰ টকা কেইটা কাটি খুচুৰা অলপ ঘূৰাই দিয়াত আপুনি টিপতে টকা পঞ্চাশটা বিল বুকখনৰ মাজতে টিপচ্ হিচাপে এৰি থৈ আহিল৷ কথাটো আপোনাৰ সন্মুখত বহি থকা আপোনাৰ কণমানি ল’ৰাটোৱে লক্ষ্য কৰি আছিল৷ ‘পাপা, তোমাৰ নোট এটা থাকি গ’ল’ বুলি সি হুলস্থূল লগাই দিলে৷ মানুহবোৰৰ সন্মুখত একপ্ৰকাৰ লাজ পোৱাৰ ভয়ত কণমানি লৰাটোক টানি আনি আপুনি বুজাবলৈ ধৰিলে, ‘বাবাটো, সেইয়া টিপচ্৷ আমাক যে ওৱেটাৰজনে ধুনীয়াকৈ খুৱালে, তাৰ বাবে ‘বকচিচ’’৷

দিন বাগৰিল৷ ক্লাছৰ পৰীক্ষাবোৰত ভাল নম্বৰ পালে সেই কণমানি ল’ৰাটোৱেও মাক দেউতাকক ’টিপচ্’ বিচৰা হ’ল৷ ‘পাপা মই মেথচ্’ত এইবাৰ ‘নাইনটি পাৰচেণ্ট’ পালে তুমি কিন্তু মোক কে এফ্ চিত পাৰ্টি দিব লাগিব৷’ দেউতাকেও সন্মতি জনালে৷ ল’ৰাটো ডাঙৰ হৈ পৰীক্ষাবোৰত ভাল ফলাফল পোৱাৰ বিপৰীতে সি দেউতাকৰ পৰা ‘টিপচ্’ হিচাপে দামী মবাইল, আইফোন, ঘড়ী, লেপটপ, লাখটকীয়া বাইক আদি কেইবাপদো বস্তু সৰকালে৷ সৰুতে ৰেষ্টোৰেণ্টত তাৰ ম’নলৈ অহা এই বিশেষ শব্দটোৰ অৰ্থ এতিয়া ’ক্লিয়েৰ’ হৈ পৰিল৷ দেউতাকে কেতিয়াবা চৰকাৰী অফিচ, কাছাৰী, ডি.টি..অ’ অফিচ আদিলৈ পঠালে সিও বিনা আফচোচত ‘টিপচ্’ দি আৰামত কামবোৰ কৰি আনিব পৰা হ’ল৷ লগৰ দুটামানৰ লগ লাগি সি ঠিকাত লাগি মাজতে সেই ‘টিপচ্’ৰে ফৰ্মুলা ব্যৱহাৰ কৰি কেইবাখনো ভুৱা বিল সৰকাই মাজতে টকা অলপো ঘটিলে৷ ‘নাই এইবোৰে বেছি দিন নচলিব … পাৰমানেণ্ট কিবা এটা কৰিব লাগিব!’ পঢ়াই-শুনাই সি ভালেই আছিল৷ এইবাৰ সি এ পি এছ চিত ইনভেষ্ট কৰিব৷ শকত আবত ‘টিপচ্’ এটা দি দিলে চাকৰি হৈ যাব৷ কিবা গুৰু গোঁসাই বেয়া আছিল তাৰ৷ ল’ৰা এতিয়া জেলত!
☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!