চান্দনি চ’কত অসমীয়াৰ হাতত মোগলৰ পুনৰ পৰাজয় (বিক্ৰমজিৎ কাকতি)

দিল্লী ……

চান্দনি চ’কত জাম্মা মছজিদৰ ওচৰৰ সৰু গলি এটাত ৰহিম চাচাৰ হোটেল খন, হোটেল মানে পৃথিৱী বিখ্যাত … তামাম টেষ্টি মোগলাই খানা … শ্বাহী আদব কায়দা। ৰহিম চাচা মোগল , চাচাৰ ককাক আছিল মোগল সম্ৰাটৰ চাংমাই ( Chef )।

চাচাই এবাৰ মেজেঙা পাত বিচাৰি নাহৰকটিয়া পাইছিল গৈ তেতিয়াৰ পৰাই মোৰ লগত চিনাকি।

“আৰু তাৰ পাচত ???”, ম‍ই ৰহিম চাচাৰ দৰবাৰ খানাত বহি প্ৰশ্ন কৰিলোঁ।

চাচাই ধোৱাঁই থকা চাহ কাপত এটা শোহা মাৰি ক’লে  “তাৰ পাছত কিদাল হ’ব সম্ৰাটে ককাদেউতাই বনোৱা খানা খাই ইমান ভাল পালে যে তেওঁ নিজৰ গলৰ নেকলেছ ডাল খুলি ককাক পিন্ধাই দিলে……………”

ৰহিম চাচা কাহিনী কোৱাত ওস্তাদ … শুনিলে শুনি থাকিবৰ মন যায় । ৰজনীগন্ধা পাণ মচলাৰ টেমাটো মোৰ পিনে আগবঢ়াই দি ক’লে “মতু ( পেটলা ), বিৰিয়ানি খাই যাবি, তহঁতৰ সেই সোৱাদহীন পোৰা গাহৰি মাংস খোৱা দেশত ইমান সোৱাদ লগা বিৰিয়ানিনো ক’ত পাবি ?”

চাচাৰ ফটা মূখ , একেই মোৰ দৰে ফটকৈ যা-তা কৈ দিয়ে ।

মইও ভাবিলোঁ মোগলে অসমীয়াৰ ওপৰত কৰা এই অপমানৰ হোৰ তুলিব লাগিব, প্ৰথমে বিৰিয়ানি খাই লোৱা যাওক, ৰহিম চাচাৰ মূৰ গৰম হ’লে খাব নিদিবও পাৰে। সঁচাকৈয়ে সুস্বাদু বিৰিয়ানি নিয়ন্ত্ৰণহীন ভাবে খাই উঠি উগাৰ দুটামান মাৰি উঠাৰ পাছত মই লাচিতক মনতে স্মৰণ কৰি প্ৰত্যাক্ৰমন আৰম্ভ কৰিলোঁ …

– চাচা কওকচোন আপুনি ফলৰ ৰস খায়নে নাই?

– কেতিয়াবা খাওঁ সদায় নাখাওঁ

আকৌ সুধিলোঁ সদায় ফল খাইনে আঙুৰ, আপেল ??? শুকান ফল কিচ্ মিচ্, আখৰোট আদি ????

– নাই সদায় ক’ত খাম, হোটেলৰ খানাৰ কাৰণে শুকান ফল আনে, তাৰে অলপ কেতিয়াবা টেষ্ট কৰি চাওঁ আৰু।

ম‍ই ক’লোঁ ফলৰ ৰসৰ কথা বাদ দিয়ক, পাতৰ ৰসেৰেই আৰম্ভ কৰোঁ, অসম ইমান সাৰুৱা ঠাই আপুনি অসমৰ ফল কি পাতৰ ৰসতেই ভোল যাব। আপুনি নিতৌ খোৱা পাঁচ–ছয় কাপ চাহ অসমৰ পাতৰ ৰস। চাহপাত, আপুনিতো চাহ নাখালে থাকিব নোৱাৰে, আপুনি কি ভাৰতৰ বহু মানুহেই নোৱাৰে, বুজিছে চাচা, মোগলক কিদৰে অসমীয়াই দবাই থৈছে ইয়াতেই প্ৰমাণ।

মোৰ আক্ৰমণত থতমত খাই চাচাই অলপ সময় তভক মাৰি থাকোঁতেই ম‍ই পুনৰ আক্ৰমণৰ 2nd wave আৰম্ভ কৰিলোঁ, “চাচা, ভাৰতত সৰ্বাধিক চাহিদা থকা ফল বিধ অসমে উৎপাদন কৰে আৰু ইয়াক শুকুৱাৰ পাচত তাৰ চাহিদা আৰু বৃদ্ধি পায়, অসমৰ ফল গৈ অন্তৰ্জাতিক বজাৰ পায়গৈ, ব্ৰাজিলিয়ান বানানা, চুইজাৰলেণ্ডৰ আপেলৰ লগত টক্কৰ দিয়ে। আপোনাৰ বিৰিয়ানি নোখোৱাকৈ মানুহ থাকিব পাৰে কিন্তু অসমৰ ফলৰ সোৱাদ এবাৰ পালে মানুহে তাক এৰিব নোৱাৰে, ইমানেই সোৱাদ ।

“থ থ…. তোৰ অসমৰ ফল …. আৰে আমাৰ মোগল সম্ৰাটে স্থাপন কৰা কাশ্মীৰৰ আপেলৰ বাগিচাত উৎপাদিত হোৱা আপেলৰ ওপৰত আৰু কোনো ফল ভাৰতত থাকিবই নোৱাৰে, তোৰ সোণাপুৰীয়া টেঙাৰো টেঙা কমলা কেইতাই কি ফেৰ মাৰিব হো”, সন্তোষৰ হাঁহি এটা মাৰি চাচাই ক’লে (মনতে চাগে ভাবিছিল খাৰ খোৱাটোৱে এইবাৰ মোক নোৱাৰে)

ম‍ই ক’লোঁ আপোনাৰ মোগলৰ গধুৰ মগজুৱে ইমান দূৰ ভাবিব নোৱাৰে । চাচাই তত্-ভত পোৱাৰ আগতেই তেওঁৰ হাতত থকা Rajanigandha-ৰ টেমাটো থাপ মাৰি আনি তেওঁৰ সন্মুখত দাঙি ধৰিলোঁ, “কি লিখা আছে চাওক Dharampal & Satyapal, Induatrial Estate, Bamuni Maidam, Guwahati -21, Assam”

– এই Rajanigandha, আপোনাৰ হিয়াৰ আপোন, অসমত তৈয়াৰ হয়… অসমৰ তামোল শুকুৱাই চুপাৰি তৈয়াৰ কৰা হয় আৰু তাৰে পৰা Rajanigandha তৈয়াৰ হয় আৰু আপুনি টকালি পাৰি চান্দনি চ’কত বহি খায়। তামোল এবিধ গছৰ ফল বুলি আপুনি পাহৰি নাযাব চাচা, চুপাৰিৰ চাহিদা ইমানেই বেচিযে আপোনাৰ কাশ্মিৰী আপেলেও পাত্তা নাপায়। সেয়েহে মুম্বাই আন্দাৰ ৱৰ্ল্ডত মানুহ মাৰিবলৈ চুপাৰি দিয়ে আপোনাৰ মোগলৰ আপেল বা বিৰিয়ানি নিদিয়ে।

চাচা, মোৰ ৰিপিটেড আক্ৰমণত বিধ্বস্ত… মুখেৰে টু এটাও কৰিব পৰা নাই। মই লাহেকৈ ক’লোঁ, “যাওঁ, আজিৰ পৰা যেতিয়াই চাহ বা Rajanigandha খাব অসমক মনত পেলাব”। মনতে DS Group (Dharampal & Satyapal Group ) মালিক জনক সেৱা এটা জনাই লাহে লাহে মই গলিটোৰ পৰা ওলাই আহিলোঁ আৰু চাচাই চশমাযোৰ পিন্ধিলৈ ৰজনীগন্ধাৰ টেমাটোত লিখা কথাখিনি পঢ়িবলৈ আৰম্ভ কৰিছিল।

One thought on “চান্দনি চ’কত অসমীয়াৰ হাতত মোগলৰ পুনৰ পৰাজয় (বিক্ৰমজিৎ কাকতি)

  • April 1, 2014 at 4:52 pm
    Permalink

    জয় আই অসম।।
    ……..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!