“কাব্য সাহিত্য বিশেষ” – আইনাত তিনিখন মুখ (প্ৰিয়াক্ষী প্ৰিয়দৰ্শিনী)

“কাব্য সাহিত্য বিশেষ”

আইনাত তিনিখন মু

 

আয়তী

মোৰ পৰিচয় আৰু পৰিচয়বিহীন হোৱাৰ ঠিকনা তুমি।

ঠিক সেইদিনা

যিদিনা মোৰ কপালৰ সোঁমাজৰ বাটটোত অঁকা হৈছিল তোমাক ।

 

মমতা

তামোল পুলিটোৰ সৈতে সম্বন্ধ তৰিবৰ দিনা

মোৰ মাৰ আঁচলৰ পৰা মোৰ আঁচললৈ বিনিময় হৈছিল‌-

তুমি নামৰ অনুভৱটো…

এতিয়া তাৰ হাত-ভৰি গজিছে মোৰ উদৰত

 

প্ৰতিবিম্ব

ভাদ মহীয়া ব্ৰত ৰখাৰ বাবেই হেনো

সপোনবোৰ সাকাৰ হ’ল তোৰ…

ঘৰ ধৰাৰ সপোন(?)

আলমাৰীৰ এচুকত আখৰ হৈ থাকি যোৱা

তোৰ সপোনবোৰে উচুপিছে..

এদিন….

তাহাঁত তোৰ আপোন আছিল

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!