সম্পাদকীয় – ৰাণা গগৈ

“Once a year, go some place you’ve never been before.“ -Dalai Lama

গাষ্টাৱ ফ্ল’বাৰ্ট নামৰ ফৰাচী ঔপন্যাসিকজনে কৈছিল যে ভ্ৰমণ অভিজ্ঞতাই মানুহক বিনয়ী কৰি তোলে৷ লগতে কৈছিল, ভ্ৰমণ নকৰালৈকে আমি অনুভৱ কৰিব নোৱাৰোঁ যে আমি আচলতে এই বিশাল ধৰাৰ তেনেই সৰু ঠাই এডোখৰতহে বাস কৰোঁ৷ আধুনিক যুগৰ ’মেনেজমেণ্ট’ সম্বন্ধীয় বহুতো সূত্ৰৰ উদ্ভাৱক ষ্টিফেনে ক’ভেও ঠিক যেন একেটা কথাকে কৈছিল৷ তেখেতে কৈছিল, “জীৱনটো ঘড়ীৰে নহয় বৰং কম্পাছেৰেহে জুখিব লাগে৷”

ভ্ৰমণ ভাল নোপোৱা লোক পৃথিৱীত নোলাব যেনেই লাগে৷ কেনেবাকৈ ওলালেও ইয়াৰ সংখ্যা হ’ব তেনেই তাকৰ৷ কম-বেছি পৰিমাণে ভ্ৰমণ সকলোৰে প্ৰিয়৷

প্ৰত‍্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক ভ্ৰমণৰ উপকাৰিতাও যথেষ্ট৷ সৰ্বপ্ৰথমে ক’ব লাগিব যে, ভ্ৰমণে প্ৰতিজন ব‍্যক্তিৰ মনৰ দিগন্ত উন্মেষিত কৰে৷ নানান ঠাই দেখি, অনেক ব‍্যক্তিক লগ পাই, বিভিন্ন সমাজৰ ৰীতি-নীতি, আচাৰ-ব‍্যৱহাৰৰ চাক্ষুষ অভিজ্ঞতাই এই কথা গভীৰভাৱে অনুভৱ কৰায় যে, জীৱন জীয়াই থকাৰ উপায় এক নহয় অনেক৷ অভিজ্ঞতাপুষ্ট আমাৰ মনৰ দিগন্তত থিতাপি লোৱা সমস্ত কথা বা সিদ্ধান্তবোৰ যে চূড়ান্ত নহয়, ইয়াৰ বিপৰীতে আৰু বহু কথা থাকিব পাৰে এই কথা পলে পলে অনুভৱ কৰায়৷ সেয়ে বোধহয়, গাষ্টাৱৰ ভাষাত, ভ্ৰমণে মানুহক বিনয়ী কৰি তোলে৷

কাহানিবাই ক’ৰবাত পঢ়িছিলোঁ যে, ভ্ৰমণ হেনো এক প্ৰকাৰ ’Crash Course’ যাৰ পাঠ‍্যক্ৰমত ভূগোল, বুৰঞ্জী আৰু সমাজবিদ‍্যাৰ অমূল্য পাঠ অন্তৰ্ভুক্ত হৈ থাকে৷ প্ৰত‍্যকটো স্থান বা গন্তব‍্যস্থানে ভ্ৰমণকাৰীক এক নতুন কথাৰ সন্ধান দিয়ে৷ ’বিন্দু বিন্দু মিলি সিন্ধু’ হোৱাৰ দৰে এই নিত্য নৱ অভিজ্ঞতাবোৰে ভ্ৰমণকাৰীৰ মন-মগজুত নিজস্ব জীৱন, নিজ মাতৃভাষা-সংস্কৃতি, আপোন মাতৃভূমিৰ প্ৰতি প্ৰেমৰ বীজ প্ৰোথন কৰে৷ এই বীজ সময়ত অংকুৰিত হৈ জীয়াই থকা দুৰ্বাৰ হেঁপাহ সঞ্চাৰ কৰে৷ অভিজ্ঞতাৰ ভেঁটিত লহপহকৈ বাঢ়ি অহা বৃক্ষজোপাত, ন ন আশা-আকাংক্ষাৰ ফলে-ফুলে জাতিস্কাৰ হৈ পৰে৷ জীৱন এনেদৰেই হৈ পৰে মহীয়ান৷

এনে বহুলোক আছে যিসকলৰ দৈনন্দিন কামৰ হেঁচাত জৰ্জড়িত হৈ পৰে মানসিক স্থিতি; আৰু এনেদৰে পাৰ হৈ যায় দিন-মাহ-বছৰ৷ সময়ত গৈ দেহ-মনক বাৰুকৈ আৱৰি ধৰে অৱসাদে৷ নিৰুদ‍্যম, নিৰুৎসাহ এটি বিমৰ্ষ মন লৈ যন্ত্ৰবৎ মাথোঁ কাম কৰি যায়৷ ই তেনেই স্বাভাৱিক৷ কাৰণ মানুহ কেতিয়াও ’যন্ত্ৰ’ নহয়৷ মানুহৰ নিজা সুখ-দুখ-আলস‍্য আৰু আৱেগ-অনুভূতি থাকে যি কথাই মনুষ‍্যক পৃথক কৰিছে আন জীৱজন্তুৰ পৰা৷ এনে অৱসাদৰ পৰা নিস্তাৰ পাবলৈ মানুহে, দৈনন্দিন কামৰ পৰা সাময়িক বিৰতি লয়৷ ভ্ৰমণ কৰে৷ কৰ্মহীন অৱকাশৰ এই ভ্ৰমণ সময়ছোৱাত, দেহ আৰু মনৰ অৱসাদ দূৰ হৈ মনলৈ আহে বুজাব নোৱাৰা এক অবিমিশ্ৰ আনন্দ৷ এনেদৰেই দেহ-মন দুনাই জীপাল হৈ উঠে৷ শৰীৰত অফুৰন্ত শকতি পোৱা যায়, আৰু পোৱা যায় দুনাই কাম কৰাৰ উৎসাহ৷

সাধাৰণতে ভ্ৰমণৰ আগে আগে থূলমূলকৈ হ’লেও এটি আঁচনি প্ৰস্তুত কৰা হয়৷ কিন্তু ভ্ৰমণ সময়ছোৱাত কথাবোৰ সদায় এই আঁচনি অনুসৰি হ’ব তেনে কথা নহয়৷ অবাঞ্ছনীয়ভাৱে কিছুমান সমস্যা আহি পৰিবও পাৰে৷ অপৰিচিত লোকৰ মাজত অথবা এখন নতুন ঠাইত সন্মুখীন হোৱা এনে অবাঞ্ছনীয় সমস্যাক সমাধান কৰি বা অপ্ৰীতিকৰ পৰিস্থিতিক নেওচি, ইয়াৰ পিছত যি আত্মবিশ্বাস পোৱা যায় ই সঁচাকৈ অতুলনীয়৷ ভ্ৰমণৰ পিছত এক প্ৰকাৰ নিজকে নিজেই আৱিষ্কাৰ কৰা হয় নতুন ৰূপত৷ নিজকে নিজে নতুন ৰূপত আৱিষ্কাৰ কৰা এনে আত্মপ্ৰত‍্যয় ভ্ৰমণৰ আন এটা ইতিবাচক ফল৷

ভ্ৰমণ কালত আমি অচিনাকি বহু মানুহ লগ পাওঁ৷ আনকি সৰু-বৰ অসুবিধাত কেতিয়াবা এনে অচিনলোকে সহায়ো কৰে৷ এনে ধৰণৰ আচৰণে আমাৰ মনতো আনক যে পাৰ্যমানে সহায় কৰিব লাগে এই কথাৰ প্ৰতি প্ৰৱণতা বঢ়ায়৷ এনেদৰেই লোক হৈ পৰে উদাৰ৷ এনে মহানুভৱতা ভ্ৰমণৰ আন এটা যোগাত্মক দিশ৷

এনে অচিনাকি লোকসকলৰ ভিতৰত আকৌ কেতিয়াবা কোনোবাজন ভাল বন্ধু বা বান্ধৱী হৈ পৰে৷ যাত্ৰা পথত চিনাকি হোৱা এনে বন্ধু-বান্ধৱী সময়ত গৈ এই বন্ধুত্ব আজীৱন নিবিড় হৈ পৰাও দেখিছোঁ৷ এনে বন্ধু-বান্ধৱী বিপদে-আপদে আহি ওচৰত উপস্থিত হোৱাৰ নজিৰো আছে৷

ভ্ৰমণত গঢ়ি উঠা এনে বন্ধু বা বান্ধৱীৰ মাতৃভাষা যদি আপুনি কোৱা মাতৃভাষাতকৈ পৃথক হয় পৰোক্ষভাৱে ইও সহায় কৰে — তেওঁৰ পৰা তেওঁৰ ভাষাটো শিকাৰ ক্ষেত্ৰত৷ নাই বুলি অতি কমেও ’নমস্কাৰ’, ’সুপ্ৰভাত’, ’শুভৰাত্ৰি’, ’আপুনি কেনে আছে’ আদি শব্দ কিছুমান৷ ইয়াতো এক মাদকতা আছে৷

ব‍্যক্তি এজনৰ মাজত সুপ্ত হৈ থকা প্ৰতিভা এটা ভ্ৰমণ সময়ছোৱাত (বা পিছত) উদ্ধুদ্ধ হৈ উঠাৰ বহুতো উদাহৰণ আছে৷ কোনোবাই যদি ভাল ’ফটোগ্ৰাফী’ কৰে এই কথাৰ ভ্ৰমণত উমান পাই, আত্মবিশ্বাস বাঢ়ি পৰৱৰ্তী কালত এজন সফল ’ফটোগ্ৰাফাৰ’ হোৱাৰ বহুতো কাহিনী আছে৷ ঠিক তেনেকৈ কোনোবাজন লেখক বা ভ্ৰমণ ’ব্লগাৰ’, আনকি ভ্ৰমণ কাহিনীৰ ’ভিডিঅ’গ্ৰাফী’ কৰি সুপ্ৰতিষ্ঠিত “ভ্লগাৰ“ (vlogger) হৈ সুনাম অৰ্জন কৰাৰ বহুতো উদাহৰণ আছে৷ প্ৰতিভা বিকাশ কৰা এনেবোৰ ঘটনা, ভ্ৰমণৰ আন এক ইতিবাচক দিশৰ কথা নুই কৰিব নোৱাৰি৷

এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে, এনে বহুলোক দেখিছোঁ যিসকল আৰ্থিকভাৱে টনকিয়াল অথচ ভ্ৰমণ কৰিবলৈ ভয় কৰে৷ ভ্ৰমণত কিছু সাৱধানতা অৱলম্বন কৰিব লাগে সঁচা কিন্তু ভয় কৰিবলগীয়া তেনে কোনো কথা নাই৷ অনৰ্থক চিন্তা-ভাবনা কৰি ভীতিগ্ৰস্ত হোৱাৰ পৰিৱৰ্তে ভ্ৰমণ আচলতে খুবেই সহজ৷

ভ্ৰমণ বুলি কওঁতে কেৱল পৰৰাজ্য বা পৰদেশৰ কথা কোৱা হোৱা নাই৷ দালাই লামাই কোৱাৰ দৰে যিকোনো এখন ঠাই য’লৈ আপুনি কাহানিও যোৱা নাই৷ সেইখন নতুনকৈ চিনাকি হোৱা বন্ধু এজনৰ গাঁও হ’ব পাৰে৷ নতুবা হ’ব পাৰে আপোনাৰ কোনো আত্মীয়-কুটুম ঘৰ য’লৈ আপুনি যাম যাম বুলি যাব পৰা নাই৷ সেইখন হাই-উৰুমিৰে ভৰা লোকে লোকাৰণ‍্য এখন চহৰ হ’ব পাৰে৷ নতুবা শান্ত-সমাহিত ৰহস্যময় এখন অটব‍্য অৰণ্যও হ’ব পাৰে৷ চতুৰ্দিশ-বিস্তৃত বিশাল দৃশ্যপট দেখা এটা পাহাৰৰ শিখৰো হ’ব পাৰে৷ তৰংগায়িত ঢৌৱে মুহুৰ্মুহুঃ চুম্বিত এখন উত্তাল সাগৰৰ পাৰো হ’ব পাৰে৷ মুঠতে এখন ঠাই, আপুনি কাহানিও নোযোৱা, বছৰেকত অন্ততঃ এবাৰ৷

শেষত, ব্ৰিটিছ লেখক চাইমন ৰাৱেণৰ এষাৰ কথাৰ সুৰৰ লগত ময়ো সুৰ মিলাই মোৰ এই সম্পাদকীয় সামৰণি মাৰিব বিচাৰিছোঁ-

“জীৱনটো তেনেই চুটি
আৰু এই ধৰা বিশাল,
যিমান সোনকালে আৰম্ভ কৰিব পাৰি
সিমানেই ভাল!“

ৰাণা গগৈ
সম্পাদক
(জেঠ, ১৯৪১ শক সংখ্যা)
সাহিত্য ডট্ অৰ্গ

“সাহিত্য ডট্ অৰ্গ — পঢ়ক আৰু পঢ়ুৱাওক!“

2 thoughts on “সম্পাদকীয় – ৰাণা গগৈ

  • May 19, 2019 at 11:16 pm
    Permalink

    একমাত্ৰ ভ্ৰমণকে লৈ এনে সুন্দৰ সম্পাদকীয় অসমীয়া ভাষাত বিৰল। বৰ ভাল লাগিল আৰু বহু নজনা কথা জানিলোঁ। ৰাণা গগৈ সহিত সাহিত্য দট্অৰ্গৰ সকলোলৈ আন্তৰিক অভিনন্দন জনালো।

    Reply
  • June 4, 2019 at 1:04 pm
    Permalink

    সম্পাদকীয়টোৰ লগতে ময়ুৰ বৰা আৰু দেৱকান্ত সন্দিকৈৰ প্ৰৱন্ধ দুটাওঁ পঢ়িলো ৷ ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!