চাৰিবিধ বিশেষ ব্যঞ্জন – (বুলন শইকীয়া)

কলডিল আৰু ছয়াবিনৰ ভাজি
চাৰিজনৰ
উপকৰণ
– মধ্যমীয়া জোখৰ কলডিল এটা৷
– কোমলাই লোৱা ছয়াবিন সৰুকৈ কুটি লওক৷ বজাৰত সৰু জোখৰ ছয়াবিনো পাব৷
– নহৰু চাৰি ফুটা৷
– শুকান জলকীয়া চাৰিটা৷
– তেজপাত এখিলা
– পাঁচফোৰণ সামান্য৷
– হালধি-নিমখসোৱাদ অনুসৰি৷
– মিঠাতেল৷
প্ৰণালী
কলডিলখিনি যিমান পাৰে সিমান সৰুকৈ কুটি লওক৷ এতিয়া কেৰাহি গৰম কৰি তাত তেল ঢালি তেজপাত, পাঁচ- ফোৰণ, শুকান জলকীয়া দি কোমলাই থোৱা ছয়াবিনখিনি পোনতে ভাজক৷ অলপ ভজাৰ পাছত কলডিলখিনি মিহলাব৷ হালধি-নিমখ দি কম শিখাৰ জুইত ভাজি থাকক৷ পানীৰ প্ৰয়োজন হ’লে সামান্য ছটিয়াই দিব৷ ঢাকোন মাৰক৷
কলডিল আমাৰ শৰীৰৰ কাৰণে সদায় উপকাৰী বুলি বিবেচিত হৈ আহিছে৷ এনেকৈ ছয়াবিনৰ সৈতে কলডিল ভাজিলে যদিহে কেঁচা বুট তিয়াই থোৱা থাকে তেন্তে তেল পাগ গলে তাৰে এমুঠিমান মিহলি কৰি দিব পাৰে৷

☆★☆

বিলাহীৰ সৈতে কুকুৰাৰ মাংস (তেলবিহীন)
চাৰিজনৰ বাবে
কুকুৰাৰ মাংস তেল নোহোৱাকৈও ৰান্ধিব পাৰি৷ এই আঞ্জা-খন তাৰেই নমুনা৷
উপকৰণ
– মাংস চাৰিশ গ্ৰাম
– বিলাহী তিনিটা
– পিয়াঁজ
– আদা-নহৰুৰ পেষ্ট
– গৰম মছলা
– ধনিয়া-জিৰাৰ গুড়ি এচামুচ
– সতেজ ধনিয়াৰ পাত৷
প্ৰণালী
পোনতে মাংসখিনি ধুই তাত কুটা পিয়াজ, আদা-নহৰুৰ পেষ্ট, জলকীয়া, তিনিটা বিলাহীৰ গুটিবিহীন টুকুৰাৰ লগতে নিমখ-হালধি আদি সানি লওক৷ এতিয়া গৰম কেৰাহি এখনত সেইখিনি দি ভালদৰে লৰাওক৷ গৰম মছলা আৰু ধনিয়া-জিৰাৰ গুড়ি এচামুচ দিব পাৰে৷ পানী ডেৰকাপ ঢালি ঢাকোন মাৰি কম জুইত ৰান্ধক৷ পানী শুকাবলৈ আৰম্ভ কৰিলে সতেজ ধনিয়াৰ পাত কুটি দিব৷
গৰমত খালে গোল নেমুৰ ৰস অলপ দি ল’ব৷

☆★☆
জহাভোলৰ সৈতে ৰৌ মাছৰ আঞ্জা
চাৰিজনৰ বাবে
পাচলিৰ ভিতৰত জহা চাউলৰ দৰে সুগন্ধি বিয়পোৱা জহা ভোলৰ সোৱাদ অনন্য৷ ইয়াৰ সৈতে যিকোনো মাছৰ আঞ্জাই ভাতৰ পাতত পৰম তৃপ্তি দিয়ে৷ ইয়াত জহা ভোলৰ সৈতে ৰৌমাছৰ প্ৰকৰণহে দিয়া হৈছে যদিও আন বিভিন্ন ধৰণৰ মাছো এনেকৈ ৰান্ধিখাব পাৰি৷ সৰু মাছৰ ভিতৰত কাৱৈ, গৰৈও এনেকৈ ৰান্ধিব পাৰি৷
উপকৰণ
– ভাজি লোৱা ৰৌ মাছৰ টুকুৰা৷
– জহা ভোল৷
– মাছৰ মূৰ বা ফিছা অংশ থাকে যদি সেইখিনিও সৰু সৰু টুকুৰা কৰি লওক৷
– প্ৰয়োজনীয় তেল৷
– মিহিকৈ কুটি লোৱা পিয়াজ আৰু আদা-নহৰুৰ পেষ্ট৷
– নিমখ আৰু হালধি আন্দাজমতে৷
– শুকান দীঘল জলকীয়া কেইটামান৷
– পৈনত গোল নেমুৰ আধাখিনি ৰস৷
প্ৰণালী
নিমখ আৰু হালধি ভালদৰে সানি মাছকেইটুকুৰা ভালদৰে ভাজি লওক৷ এতিয়া মাছৰ মূৰ বা ফিছা অংশৰ সৰু টুকুৰাবোৰ তেলত ভাজি তাতে পিয়াজ, আদা, নহৰু দি মিহিকৈ কুটি থোৱা পাচলিখিনিও দিয়ক৷ নিমখ, হালধি মিহলাই পানী দিয়ক আৰু উতল আহিলে দুই মিনিটমানৰ কাৰণে ঢাকোন মাৰক৷ ঢাকোন আঁতৰাই ভজা মাছ-কেইটুকুৰা দি আৰু কম শিখাত লাহে লাহে উতলি থাকিবলৈ দিয়ক৷ ভজা শুকান দীঘল জলকীয়াকেইটা দিব৷ জোল-খিনিৰ পৰিমাণ নিজৰ পছন্দমতে কৰি লওক আৰু গোল নেমুৰ ৰস দিয়ক৷

☆★☆

ওলকবিৰ সৈতে ছাগলীৰ মাংস
পাঁচজনৰ
উপকৰণ
– মাংস 700 গ্ৰাম
– তিনিটা মজলীয়া জোখৰ পিয়াজ (মিহিকৈ কুটি লোৱা)৷
– আদা-নহৰুৰ মিহি পেষ্ট চাৰি চাহ চামুচ৷
– শুকান জলকীয়াৰ গুড়ি তিনি চাহ চামুচ৷
– মজলীয়া জোখৰ তিনিটা ওলকবি (ডাঙৰ টুকুৰা কৰিলোৱা)৷
– ধনিয়া, ¸ জিৰাৰ গুড়ি সোৱাদ অনুসৰি৷
– হালধি-নিমখ সোৱাদ অনুসৰি৷
– তেজপাত দুখিলা৷
– মিঠাতেল আধা কাপ৷
প্ৰণালী
আমি পূৰ্বতে উল্লেখ কৰা আলুৰ সৈতে ছাগলীৰ মাংসৰ তৰকাৰীখনৰ দৰে একেই প্ৰণালীতে ওলকবিৰ সৈতে ছাগলীৰ মাংসও ৰান্ধিব পাৰি৷ অৱশ্যে এইবিধ প্ৰণালীত খাহীতকৈ পঠাৰ মাংসহে বেছি সোৱাদভৰা হয়৷ পোনতে তেলত তেজপাত আৰু কুটি থোৱা পিয়াঁজখিনি দি আদা-নহৰুৰ পেষ্ট, জলকীয়া-জিৰা-ধনিয়াৰ গুড়ি আৰু হালধি-নিমখ মিহলাই সানি লোৱা মাংসখিনি ভাজিবলৈ আৰম্ভ কৰক৷ কাটি লোৱা ওলকবিখিনি দিয়ক৷ মাংস-খিনিত অলপ অলপকৈ গৰম পানী ছটিয়াই ঢাকোন মাৰি মাজে সময়ে পৰীক্ষা কৰি থাকিব যাতে কেৰাহিত লাগি নধৰে৷ মাংস সিদ্ধ হৈ আহিলে দুকাপ গৰম পানী জোলৰ বাবে দিব৷ ঢাকোন মাৰি উতলিবলৈ দিয়ক৷ ধনিয়াৰ পাত থাকিলে তাৰে এমুঠি নমোৱাৰ সময়ত ব্যৱহাৰ কৰিব পাৰে৷

☆★☆

One thought on “চাৰিবিধ বিশেষ ব্যঞ্জন – (বুলন শইকীয়া)

  • September 10, 2018 at 3:39 pm
    Permalink

    সহজ সৰল ভাষাৰে সুস্ৱাদু ব্যঞ্জনৰ দিহা । ধন্যবাদ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!