আহি চাই যোৱা! আমিনা আইৰ কোলাতে

(মূল বাংলা: তোৰা দেখে যা আমিনা মায়েৰ কোলে…. অগ্নিকবি কাজী নজ্‌ৰুল ইছলাম,
অনুবাদ: ড. আৰমান উ. মুজাদ্দাদী)

আহি চাই যোৱা! আমিনা আইৰ কোলাতে
মধু পূর্ণিমাৰে এইয়া জোন আহিছে
যেন উষাৰ কোচত ৰবিয়ে নাচিছে ।
আহি চাই চোৱা! আমিনা আইৰ কোলাতে

চব মখ্‌লুখত আজি ধ্বনি উঠে “কোন আহিল ঐ!?”
কলিমা ছাহাদতৰ বাণী ওঁঠত “কোন আহিল ঐ!?”
খোদাৰ জ্যোতি কপালতে জ্বলে “কোন আহিল ঐ!?”
আকাশ গ্রহ তৰা খহি সৰে “কোন আহিল ঐ!?”
পঢ়ে দৰূদ ফেৰেস্তা বেহেস্তৰ চব দুৱাৰতে।
আহি চাই যোৱা আমিনা আইৰ কোলাতে
মানুহে মানুহৰ অধিকাৰ দিলে যিজনে
“এক আল্লাহ বিনে প্রভু নাই” বুলি কলে যিজনে
মানুৰ বাবে চিৰদিন হীন বেশ ধৰিলে যিজনে
বাদশ্বাহ ফকীৰক একে শাৰীত আনিলে যিজনে
আহিল ধৰাত ধৰা দিব সেই যে নবী
ব্যথিত মানৱৰ ধ্যানৰ ছবি
আজি বিশ্ব মতলীয়া মুক্তিৰ এই উল্লাসতে।
আহি চাই যোৱা আমিনা আইৰ কোলাতে.

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!