চিকল চেল এনিমিয়া (-ডা০ ভূপেন শইকীয়া)

 

৩১আগষ্ট, ২০১৪ তাৰিখৰ ইণ্ডিয়ান এক্সপ্ৰেছ, দি হিন্দু, টাইমচ অৱ ইণ্ডিয়া আদি সংবাদপত্ৰত গুৰুত্ব সহকাৰে এটি বাতৰি প্ৰকাশিত হৈছিল৷ তাত কোৱা হৈছিল – জাপান ভ্ৰমণৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ক’য়টো ইউনিভাৰ্চিটিলৈ গৈ ২০১২ চনৰ ন’বেল বঁটা বিজয়ী শ্বিন্যা য়ামানাকাক সাক্ষাৎ কৰে৷ ষ্টেম-চেলৰ অগ্ৰণী এই গবেষকজনৰ প্ৰয়োগশালাত মোডীয়ে মাইক্ৰস্ক’পত চকু দিয়ে৷ আলোচনাত মোডীয়ে ভাৰতবৰ্ষৰ জনজাতীয় জনতাৰ মাজত ব্যাপ্ত চিকল চেল এনিমিয়াৰ প্ৰতিকাৰৰ ক্ষেত্ৰত জাপানৰ প্ৰযুক্তিৰ সহায় বিচাৰে৷ অসমৰ সংবাদ পত্ৰসমূহত এই বাতৰিটো ওলোৱা আমাৰ চকুত নপৰিল৷ কাৰোবাৰ দৃষ্টিগোচৰ হৈছিল যদি আমাৰ ভ্ৰান্তি দূৰ কৰে যেন৷SICKLE CELL
প্ৰশ্ন হ’ল ‘চিকল চেল এনিমিয়া বা চিকল চেল ডিজিজ’নো কি ? অসমৰ চাহ বাগানৰ বনুৱাৰ মাজত আৰু সামান্য কিছু পৰিমানে আন লোকৰ মাজতো চিকল চেল এনিমিয়া আছে বুলি জনা যায়৷ ভাৰতবৰ্ষৰ গুজৰাট, মহাৰাষ্ট্ৰ, ওৰিষ্যা, মধ্যপ্ৰদেশ, ছত্তিছগড়,তামিলনাডু আৰু কেৰেলাৰ ট্ৰাইবেল লোকৰ মাজত এইবিধ ৰোগ দেখা যায়৷ বিশ্বৰ অন্যান্য ৰোগাক্ৰান্ত অঞ্চলসমূহ হ’ল – আফ্ৰিকা, ভূমধ্য সাগৰীয় অঞ্চল, চৌডি আৰব, ৱেষ্ট ইণ্ডিজ, উত্তৰ আৰু মধ্য আমেৰিকা, ব্ৰাজিল, কিউবা, ফ্ৰান্স আদি৷ ই হ’ল এটি বংশানুক্ৰমে চলা জেনেটিক ৰোগ৷ চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক্ ‘Autosomal recessive inheritance’ বুলি কয়৷ সহজ ভাষাত ক’বলৈ হ’লে পিতৃ আৰু মাতৃ উভয়ৰে পৰা বিজুতি থকা জিন সন্তানলৈ আহিলে সন্তানৰ গাত ৰোগে দেখা দিয়ে৷ পিতৃ-মাতৃৰ ভিতৰৰ এজনে চিকল চেল জিন সন্তানলৈ প্ৰেৰণ কৰিলে সন্তানজন অসুখত নোভোগে, বৰঞ্চ তেওঁ ৰোগৰ বাহক (Carrier) হৈ পৰে৷ তেওঁৰ ৰক্তত স্বাভাবিক হিমগ্লবিন থকাৰ ওপৰিও কিছু পৰিমাণে বিজুতিযুক্ত চিকল চেলো থাকে৷ এনে অৱস্থাক “চিকল চেল ট্ৰেইট” বোলে৷ চিকল চেল ট্ৰেইট থকা লোকে নিজৰ সতি-সন্তানলৈ বিজুতি থকা জিন প্ৰেৰণ কৰে৷ আকৌ দুজন চিকল চেল ট্ৰেইট থকা দম্পত্তিৰ সন্তানৰ ২৫শতাংশ চিকল চেল এনিমিয়াৰ ৰোগী; ২৫শতাংশ স্বাভাবিক হিমগ্লবিন যুক্ত; ৫০শতাংশ কেৰিয়াৰ হোৱা পৰিলক্ষিত হয়৷ তলৰ সংলগ্ন চিত্ৰসমূহ চালে কথাখিনি পাঠকৰ সহজে বোধগম্য হ’ব৷
আফ্ৰিকান আমেৰিকানসকলৰ প্ৰতি ৫০০ নৱজাতকৰ ভিতৰত এজনৰ চিকল চেল এনিমিয়া ৰোগ হোৱা পৰিলক্ষিত হয়৷ আকৌ প্ৰতি ১২জনৰ ভিতৰত এজন আফ্ৰিকান আমেৰিকানৰ ‘চিকল চেল ট্ৰেইট’ দেখা যায়৷ আজিকালি আমেৰিকাত প্ৰত্যেক নৱজাতকৰ তেজৰ ইলেকট্ৰ’ফৰেচিচ কৰি হিমগ্ল’বিনৰ প্ৰকাৰ নিৰ্ণয় কৰে৷
পাঠকসকলক এই চেগতে জনাব খোজোঁ যে প্ৰাপ্তবয়স্কৰ স্বাভাবিক হিমগ্লবিন হ’ল Hb-A ৷ ভ্ৰুণত আৰু নৱজাতকৰ হিমগ্লবিনৰ টাইপটো হ’ল Hb –F৷ কিছুমান প্ৰাপ্তবয়স্কৰ Hb- A2 কম পৰিমানে দেখা যায়৷থেলাচেমিয়া ৰোগীৰ Hb-A কম আৰু Hb-F বেচি দেখা যায়৷ অসমত বুজন সংখ্যক লোকৰ থেলাচেমিয়া আছে৷ কমেও ৩৫০বিধ অস্বাভাবিক হিমগ্ল’বিনৰ ভিতৰত কিছুমান হ’ল : Hb -S চিকল চেল ডিজিজৰ সৈতে জড়িত৷ Hb – D কিছুমান চিকল চেল ডিজিজত দেখা যায়৷ Hb – C য়ে অক্সিজেন ভালদৰে বহন কৰিব নোৱাৰে৷ Hb -E কিছমান দক্ষিণ পূৱ এচিয়াৰ লোকৰ তেজত দেখা যায়৷ ইলেকট্ৰ’ফৰেচিচৰ দ্বাৰা হিমগ্লবিনৰ প্ৰজাতি চিনাক্ত কৰা হয়৷swasthya_SICKLE CELL 2
আশ্চৰ্য্যজনক কথা পশ্চিম আফ্ৰিকাৰ আদিবাসীলোকৰ মাজত কেইবা শতিকাৰ পৰা চিকল চেল ডিজিজৰ বিষয়ে জ্ঞান আছিল আৰু এই ৰোগক নানা থলুৱা দোৱানেৰে মাতিছিল৷ ১৯১০চনত আমেৰিকান চিকিৎসক জেমছ বি হেৰিকে ৱেষ্ট ইণ্ডিজৰ এজন এনিমিয়া হোৱা ৰোগীৰ কাঁচি আকৃতিৰ ৰক্তকোষ থকা বুলি পোন প্ৰথম বাৰৰ বাবে নিজৰ লিখনিত ব্যক্ত কৰিছিল৷ এইখিনিতে পাঠকসকলক জনাওঁ যে তেজৰ ৰক্ত কণিকাৰ (Red Blood Cellৰ ) আকৃতি ঘূৰণীয়া, ই কোমল আৰু অতি সহজে তেজৰ ক্ষুদ্ৰ নলী সমূহৰ মাজেৰে প্ৰৱাহিত হব পাৰে৷ তেজৰ ৰক্ত কণিকাৰ কাম হ’ল হাওঁফাওঁৰ বিশুদ্ধ অস্কিজেনক শৰীৰৰ বিভিন্ন কোষলৈ লৈ যোৱা৷ ইয়াৰ বিপৰীতে যেতিয়া ইয়াৰ আকৃতি কাঁচিৰ দৰে (Sickle-shaped) হয়, ই কঠুৱা, সহজে ভংগুৰ আৰু ক্ষুদ্ৰ নলী সমূহৰ মাজেৰে সহজে প্ৰৱাহিত হ’ব নোৱাৰা হৈ সমস্যাৰ অৰ্থাৎ ৰোগৰ লক্ষণসমূহ উৎপন্ন কৰে৷ কাঁচিৰ আকৃতিৰ কণিকা ভাঙি গলে সহজে গোট মাৰে বা লডা বান্ধে (Clot formation)৷ ইয়াৰ ওপৰিও স্বাভাবিক ৰক্তকণিকাৰ আয়ু ১২০দিন, কিন্ত চিকল চেলৰ আয়ু বৰ বেচি কুৰি দিন৷ যাৰ ফলত ৰক্তহীনতা বা এনিমিয়াই দেখা দিয়ে আৰু ৰোগীয়ে সকলো সময়তে ক্লান্তিবোধ কৰে৷
১৯২২ চনত ভেমে মেচন নামৰ বিজ্ঞানীজনে চিকল চেল এনিমিয়াৰ পুনৰ বৰ্ণনা আগবঢ়ায়৷ এই ৰোগ বংশগতিৰ লগত জড়িত বুলি ১৯৪০-১৯৫০চনত চিনাক্ত কৰা হয়৷ ১৯৯৫ চনত হাইড্ৰক্সিইউৰিয়া নামৰ ঔষধে চিকল চেল এনিমিয়া ৰোগত বহুলাংশে উপকাৰ কৰাৰ কথা প্ৰমাণিত হয়৷ ২০০৭চনত ব’ন মেৰো ট্ৰান্সপ্লান্টে (Bone Marrow Transplant) এই ৰোগৰ চিকিৎসাৰ নতুন সম্ভাৱনাৰ দুৱাৰ উন্মোচন কৰে৷
চিকল চেল ডিজিজৰ লক্ষণসমূহ জন্মৰ ৬মাহ মানৰ পিছৰ পৰা এটা দুটাকৈ দেখা দিব ধৰে৷ আগৰ দিনত এনে ৰোগীৰ আয়ুস কষ্টপ্ৰদ জীৱনৰ সৈতে দেড়কুৰি হোৱাৰ বিপৰীতে আজিৰ আধুনিক চিকিৎসাৰ ফলত কম কষ্টদায়ক আয়ুস আঢৈ কুৰিৰ ওপৰ হোৱাটো সম্ভৱপৰ হৈছে৷ লক্ষণসমূহ হস্ৰকালীন বা দীৰ্ঘকালীন, সাধাৰণ বা গুৰুতৰ হব পাৰে৷ যি কোনো গুৰুতৰ অৱস্থাক সংকট কাল বা ‘ক্ৰাইচিচ’ বুলি আখ্যা দিয়া হয়৷
এনিমিয়াৰ পিছত দেখা পোৱা জৰুৰী লক্ষণ হ’ল বিষ৷ চিকল চেলে বুকুৰ, পেটৰ, গাঠিৰ তেজৰ ক্ষুদ্ৰ নলীসমূহ অৱৰোধ কৰাৰ ফলত বুকুত, পেটত, গাঠিত, হাঁড়ত বিষ অনুভৱ হব পাৰে৷ বিষত তীব্ৰতা সামান্যৰ পৰা চিকিৎসালয়ত ভৰ্তি হবলগীয়াকৈ বেচি হব পাৰে৷ হাত বা ভৰি ফুলি উঠাতো কোনোবা ৰোগীৰ চিকল চেল ডিজিজৰ প্ৰথম লক্ষণো হ’ব পাৰে৷সঘনাই হোৱা সংক্ৰমন (Infection ) চিকল চেল ডিজিজৰ এক লক্ষণ৷ ৰোগ প্ৰতিৰোধত অৱদান আগবঢ়োৱা প্লীহাৰ ক্ষতিৰ ফলত এনে হ’ব পাৰে৷ ৰোগ প্ৰতিৰোধক ছিটা আৰু এন্টিবায়টিকৰ ব্যৱহাৰ সেয়ে অতি জৰুৰী৷ অন্যথাই সাধাৰণ নিউমোনিয়া অসুখেও জীৱন বিপদাপন্ন কৰি তুলিব পাৰে৷ চিকল চেল ডিজিজৰ জটিল ৰূপ হ’ল – ষ্ট্ৰকৰ (Stroke ) ফলত হোৱা নানা পৰ্যায়ৰ পক্ষাঘাত৷ ‘একিউট চেষ্ট চিনড্ৰম’ত উশাহ লোৱাত কষ্টহৈ মৃত্যু পৰ্যন্ত হব পাৰে৷ ৰেটিনা বিনষ্ট হোৱাৰ ফলত অন্ধতা, কিডনি বা আন যি কোনো অংগৰ গুৰুতৰ ক্ষতি, পুংজননান্দ্ৰৰ ক্ষতিৰ ফলত যৌন অক্ষমতা, জণ্ডিচ আৰু পিত্তত পাথৰ হোৱা, ভৰিত ঘা হোৱা আদি৷
থুলমুলকৈ এই ৰোগৰ চিকিৎসাৰ এটি আভাস এতিয়া দাঙি ধৰিম – যথোপযুক্ত এন্টিবায়টিক, বিষনাষক ননষ্টেৰইডেল এনালজেচিক, সময়ে সময়ে অক্সিজেন আৰু ৰক্ত প্ৰদান, প্ৰতিষেধক ছিটাৰ দ্বাৰা সুৰক্ষা, ফলিক এচিড, ভিটামিন আৰু লাগতিয়াল নানাধৰণৰ সহায় যেনে চকুৰ চিকিৎসা, অপাৰেচন আদি৷ হাইড্ৰ’ক্সিইউৰিয়া নামৰ ঔষধৰ দৈনিক প্ৰয়োগে সংকটকাল (Crisis) হ্ৰাস কৰে৷ এইবিধ দৰবে Hb -F উৎপন্ন হবলৈ সহায় যোগায় যাৰ ফলত তেজত Hb-S কম হবলৈ ধৰে৷ হাইড্ৰ’ক্সিইউৰিয়া ব্যৱহাৰ কৰিলে ৰক্তদানৰ আৱশ্যকতা কম হয়৷ মুঠতে চিকল চেল ডিজিজৰ জটিলতা ৰোধ কৰাত এইবিধ ঔষধ উপযোগী সিদ্ধ হৈছে৷ব’ন মেৰ’ ট্ৰান্সপ্লান্ট বা ষ্টেম-চেল থিৰাপি এই ৰোগৰ এক যুগান্তকাৰী চিকিৎসা পদ্ধতি৷ পোনতে কেম’থিৰাপি বা ৰেডিয়েচন দি চিকল চেলসমূহ বিনষ্ট কৰি লোৱা হয়৷ তাৰ পিছত ইন্ট্ৰাভেনাচ পদ্ধতিৰে শৰীৰত সুস্থ দাতাৰ পৰা সংগ্ৰহ কৰা ষ্টেম-চেল প্ৰদান কৰা হয়৷ ৰোগীৰ হাঁড়ৰ মজ্জাৰ পৰা এটা সময়ত স্বাভাবিক হিমগ্ল’বিন উৎপন্ন হবলৈ ধৰে৷ ট্ৰান্সপ্লান্টৰ পিছত ৰোগীয়ে চিকিৎসকৰ তত্বাৱধানত থাকি কিছুমান দৰব সেৱন কৰিবলগীয়া হয় যাতে ষ্টেম-চেলখিনি অগ্ৰাহ্য (Rejection) নহয়৷
ইয়াৰ ওপৰিও দেখা গৈছে তেজত চৰ্বি কমোৱা ‘ষ্টেটিন’ জাতীয় দৰবে চিকলচেল এনিমিয়াৰ তেজ চলাচলৰ বিজুতি হ্ৰাস কৰে৷নাইট্ৰিক এচিড গেছৰ প্ৰয়োগে ৰোগীৰ তেজৰ নলীৰ অৱৰোধ খোলাত সহায়ক হ’ব নেকি তাৰো প্ৰয়োগ কৰি থকা হৈছে৷আজিকালি গৰ্ভৱতী মহিলাৰ ‘এমনিয়’টিক ফ্লুইড’ পৰীক্ষা কৰিও গৰ্ভস্থ সন্তানৰ হিমগ্ল’বিন টাইপ চিনাক্ত কৰি প্ৰয়েজনসাপেক্ষে ভবিষ্যৎ পৰিয়াল পৰিকল্পনা কৰা হয়৷ মোখনিত এটা কথাই উল্লেখ কৰিম যে আজিকালি বিজ্ঞানীসকলে জিন থিৰাপিৰ দ্বাৰা চিকল চেল ডিজিজ জাতীয় জেনেটিক ৰোগৰ চিকিৎসাৰ দিশত মনোনিবেশ কৰিবলৈ ধৰিছে আৰু অনাগত ভবিষ্যতত সুফলৰ প্ৰতীক্ষা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!