প্ৰবঞ্চক প্ৰতিষ্ঠান আৰু আমাৰ বিত্তীয় সজাগতা – প্ৰতিম প্ৰতাপ বৰুৱা

downloadঅতি সম্প্ৰতি এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠানে জনসাধাৰণক কৰা প্ৰবঞ্চনাৰ বিষয়ে অনুসন্ধান কৰি থকা এটা কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই কেইজনমান ৰাজনীতিবিদ, কেইজনমান ব্যৱসায়ীকে ধৰি কেইবাজনো ক্ষমতাশালী লোকক জেৰা কৰা বাতৰিটো সকলোৰে আলোচনাৰ বিষয় হৈ উঠিছে। এই বিষয়টোত এতিয়াও অনুসন্ধান অব্যাহত আছে আৰু এই অনুসন্ধানে আৰম্ভণিৰ পৰা এতিয়ালৈকে সকলোখিনি তথ্য বাহিৰ কৰিব বুলি আমি নিশ্চিত। (প্ৰসংগক্ৰমে বিষয়টোত অভিযুক্ত এজনে অনুসন্ধানকাৰী সংস্থাটোলৈ লিখা ১৮ পৃষ্ঠাৰ চিঠিখনৰ কথা পাঠকসকলৰ নিশ্চয় মনত আছে।) অনুসন্ধান সম্পূৰ্ণ হ’লেহে এই সকলোবোৰ কথা পোহৰলৈ আহিব। দোষীয়ে আইনমতে শাস্তি পাওক, সমগ্ৰ ঘটনাবোৰ পোহৰলৈ আহক, ক্ষতিগ্ৰস্তসকলে ক্ষতিপুৰণ পাওক – এইবোৰ আমিও বিচাৰোঁ। কিন্তু তাৰ পিছতো যিসকল সাধাৰণ মানুহ আৰ্থিকভাবে সৰ্বস্বান্ত হ’ল,যিসকল স্থানীয় যুৱক-যুৱতীয়ে (যিসকলে সেই ভুৱা প্ৰতিষ্ঠানটোত চাকৰিয়াল বা কমিচন এজেণ্ট আছিল)উপাৰ্জনৰ পথ হেৰুৱালে সেইসকলে যে হেৰুওৱাখিনি ঘূৰাই পাব তাত আমাৰ সন্দেহ আছে। লগতে এনে বিত্তীয় প্ৰবঞ্চনাৰ ঘটনা আগলৈ যে নঘটিব তাতো আমাৰ সন্দেহ আছে। আমাৰ আচল চিন্তা সেইখিনিতেই। এইসকল নিৰ্দোষী মানুহৰ কি হ’ব? আচলতে এনেধৰণৰ ঘটনাবোৰ নঘটিবলৈ হ’লে আমি সাধাৰণ লোকসকল কিছু পৰিমাণে হ’লেও বিত্ত বিষয়ত সজাগ হোৱাটো অতি প্ৰয়োজনীয়। আমাৰ দৰে সাধাৰণ মানুহৰ, বিশেষকৈ নিম্ন আৰু নিম্ন-মধ্যবিত্ত মানুহখিনিৰ বিত্তীয় জ্ঞানৰ অভাৱখিনিৰে সুবিধা লৈ কিছুমান ভুৱা প্ৰতিষ্ঠানে ছলে-বলে-কৌশলে প্ৰতাৰণাৰ জালখন পেলায়।

আমি সকলোৱে জানো যে ভবিষ্যতৰ নিজৰ বা নিজৰ ওপৰত নিৰ্ভৰশীলসকলৰ প্ৰয়োজনৰ সময়ত কামত অহাকৈ সঞ্চয় কৰাটো/কৰিব খোজাটো মানুহৰ এটা সহজাত প্ৰৱণতা। আমাৰ বেছিভাগৰে আয়ৰ পৰিমান সীমিত আৰু সেয়ে আমি বেছিভাগে আয় চাইহে ব্যয় কৰোঁ আৰু ব্যয় কৰাৰ পিছতো লাগিলে একেবাৰে কম পৰিমাণৰে হওক কিছু সঞ্চয় কৰিবলৈ চেষ্টা কৰোঁ। এয়া খুব ভাল অভ্যাস। কিন্তু কষ্টেৰে আৰ্জিত ধনৰপৰা ততোধিক কষ্টেৰে(বহুসময়ত বহুক্ষেত্ৰত আপোচ কৰি)কৰা সেই সঞ্চয়খিনি ক’ত কেনেকৈ বিনিয়োগ কৰিব পাৰি সেই বিষয়ে আমাৰ গৰিষ্ঠসংখ্যকৰে কোনো ধাৰণা নাই। বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ী, নিম্ন-মধ্যবিত্ত শ্ৰেণী, খাঁটিখোৱা লোক বা তেনেধৰণৰ দৈনিক উপাৰ্জন কৰা লোকসকলে সঞ্চয়ৰ প্ৰয়োজনীয়তা উপলব্ধি কৰে যদিও সেই সঞ্চয়খিনি ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগে সেই বিষয়ে একোৱেই নাজানে বুলি ক’লেও অত্যুক্তি কৰা নহয়। চৰকাৰী সঞ্চয় প্ৰতিষ্ঠানসমূহে বা বেংকসমূহে বা আন সংস্থাসমূহে এই সঞ্চয় আৰু বিনিয়োগৰ বাবে, বিশেষকৈ ক্ষুদ্ৰ সঞ্চয় আৰু ক্ষুদ্ৰ বিনিয়োগৰ বাবে যিদৰে সকলোৰে মাজত সজাগতা অনাৰ প্ৰয়োজন আছিল সেইখিনি কৰিবলৈ সক্ষম হোৱা নাই। আৰু সাধাৰণ মানুহে সঞ্চয় আৰু বিনিয়োগৰ বিষয়ে সিমানখিনি নজনাটোৰে সুবিধা লৈ থাকে কিছুমান ভুৱা বিত্তীয় প্ৰতিষ্ঠানে।

এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানবিলাকৰ নাটকখন একেবাৰে সহজ-সৰল আৰু দৃশ্যসমূহ প্ৰতিবাৰতে প্ৰায়েই একে। আৰম্ভণিতে তেনেই সৰুকৈ, তেনেই সাধাৰণভাবে কিবা এটা নামেৰে, ভাৰতৰ ক’ৰবাত মুখ্য কাৰ্য্যালয় থকা বুলি কোৱা বিত্তীয় প্ৰতিষ্ঠান এটাই দুজনমান কৰ্মচাৰীসহ একো একোটা অঞ্চলত কাৰ্য্যালয় খোলেহি। তাৰ পিছত স্থানীয় নিবনুৱা যুৱক-যুৱতীক কমিচন এজেণ্ট হিচাপে নিয়োগ কৰে। তাৰ পিছত এই কমিচন এজেণ্টসকলৰ দ্বাৰা সুন্দৰ নীৰহ-নিপানী মন ভুলোৱা ভাষাৰে স্থানীয় জনসাধাৰণৰ মাজত এই প্ৰতিষ্ঠানবিশেষৰ বিভিন্ন সঞ্চয় আঁচনিবিলাকৰ বিষয়ে প্ৰচাৰ চলোৱা হয় আৰু জনসাধাৰণক আহ্বান জনোৱা হয়(আহ্বানতকৈ প্ৰলোভিত কৰা হয় বুলিলেহে বেছি শুদ্ধ হ’ব) সেই প্ৰতিষ্ঠানটোত নিজৰ কষ্টোপাৰ্জিত ধন জমা ৰাখিবলৈ। তেওঁলোকৰ মূল লক্ষ্য (টাৰ্গেট পপুলেচন)হয় সাধাৰণতে ক্ষুদ্ৰ ব্যৱসায়ী, নিম্ন-মধ্যবিত্ত শ্ৰেণী, অৱসৰপ্ৰাপ্ত চাকৰিয়াল, খাঁটিখোৱা লোক ইত্যাদি। এই গোটেই কাৰবাৰটো যে আচলতে এটা প্ৰবঞ্চনাৰ ফান্দহে সেই কথা বুজিবলৈ জনসাধাৰণৰ বিশেষকৈ প্ৰতিষ্ঠানটোৰ টাৰ্গেট পপুলেচনৰ সাধ্য নাথাকে। কাৰণ এই বিত্তীয় প্ৰতিষ্ঠানবিলাক যে ভুৱা আৰু এইবিলাকে যে এসময়ত জমাকৰ্তাসকলক প্ৰবঞ্চনা কৰিব সেইটো সাধাৰণ মানুহে জনাৰ উপায় নাথাকে। কাৰণ এই প্ৰতিষ্ঠানবিলাকে নিজৰ বিষয়ে আৰু তেওঁলোকে চলোৱা বিভিন্ন সঞ্চয় আঁচনিবিলাকৰ বিষয়ে ক’তো ৰাজহুৱাকৈ বিজ্ঞাপন কেতিয়াও নিদিয়ে। জনসাধাৰণে জমা কৰা ধনখিনি সেই প্ৰতিষ্ঠানটোৱে/প্ৰতিষ্ঠানবিলাকে ক’ত কেনেকৈ বিনিয়োগ/ব্যৱহাৰ কৰিব সেয়া ৰাজহুৱাকৈ/স্পষ্টকৈ কেতিয়াও নকয়। তেওঁলোকে যিসকল স্থানীয় নিবনুৱা যুৱক-যুৱতীক কমিচনৰ বিনিময়ত চেল্‌ছ এজেন্ট হিচাপে নিয়োগ কৰে সেই যুৱক-যুৱতীসকলৰ বেছিভাগেই বিত্তীয় জগতত প্ৰায় অশিক্ষিত আৰু তেওঁলোকৰ বেছিভাগেই সাধাৰণতে অভাৱী ঘৰৰ সন্তান। এই এজেন্টসকলৰ বেছিভাগৰ বাবে প্ৰতিষ্ঠানটোৰ পৰা কমিচন হিচাপে পোৱা টকাখিনিৰ মূল্য বহুত। এই স্থানীয় চেল্‌ছ এজেন্টসকলৰ দ্বাৰাই প্ৰতিষ্ঠানটোৱে জনসাধাৰণৰ কাষ চাপে। জনসাধাৰণে আগতে প্ৰতিষ্ঠানটোৰ নামেই কোনোদিন শুনা নাই যদিও একমাত্ৰ সেই স্থানীয় চিনাকি যুৱক বা যুৱতীগৰাকীৰ ভাৰসাতে নিজৰ কষ্টোপাৰ্জিত ধন সেই প্ৰতিষ্ঠানটোত জমা থয়। এজেন্টসকলৰ প্ৰতিজনকে ব্যৱসায়ৰ টাৰ্গেট বান্ধি দিয়া হয়। টাৰ্গেট পুৰা কৰিব পাৰিলে এজেন্টজনক পদোন্নতিও দিয়া হয় আৰু এই এজেন্টজনে তেতিয়া নিজৰ তলত আনক এজেন্ট হিচাপে নিয়োগ কৰিব পাৰে। তেতিয়া তেওঁ নিজে গোটোৱা ব্যৱসায়খিনিৰ উপৰিও তেওঁৰ তলত থকা এজেন্টসকলে কৰা ব্যৱসায়ৰ ওপৰতো কমিচন লাভ কৰে। এইদৰে এজেন্টসকলৰ এটা মাল্টি-লেভেল নেটৱৰ্ক তৈয়াৰ হয়। এটা সময়ত প্ৰতিষ্ঠানটোৰ গ্ৰাহকৰ সংখ্যা আৰু ব্যৱসায়ৰ পৰিমাণ বহুত বাঢ়ি যায় আৰু এদিন প্ৰতিষ্ঠানটো অন্তৰ্ধান হয়।

এই ধৰণৰ প্ৰবঞ্চনা ৰোধ কৰাৰ প্ৰথম আৰু প্ৰধান দায়িত্ব প্ৰশাসন, বিভিন্ন জাতীয় সংগঠন আৰু স্থানীয় বাতৰি কাকত তথা টেলিভিচন চেনেলসমূহেই ল’ব লাগিব। ক’ৰবাৰ নাম-গোন্ধ নোহোৱা অচিনাকি প্ৰতিষ্ঠান এটাই হঠাৎ এদিন এখন চহৰত আৱিৰ্ভাৱ হৈ সকলোৰে সন্মুখতে কাৰ্য্যালয় খুলি স্থানীয় যুৱক-যুৱতীসকলক কমিচন এজেন্ট হিচাপে নিয়োগ কৰি বিভিন্ন সঞ্চয় আঁচনিৰ নামত জনসাধাৰণৰ পৰা নিয়মীয়াকৈ ধন জমা লৈছে – ইমান ডাঙৰ কথা এটা প্ৰশাসন, বিভিন্ন স্থানীয় সংগঠন আৰু সাংবাদিকৰ চকুৰ পৰা সাৰি যাব পৰাৰ প্ৰশ্নই উঠিব নালাগে। তাৰ লগতে বাতৰি কাকত, স্থানীয় সংগঠন, বিত্তীয় বিষয়ত সচেতন আৰু অভিজ্ঞ ব্যক্তি আৰু টেলিভিচন চেনেলসমূহেও স্থানীয় জনসাধাৰণক বিত্তীয় বিষয়ত বিশেষকৈ ক্ষুদ্ৰ সঞ্চয় বিষয়ক সজাগতা আনিব লাগিব।

One thought on “প্ৰবঞ্চক প্ৰতিষ্ঠান আৰু আমাৰ বিত্তীয় সজাগতা – প্ৰতিম প্ৰতাপ বৰুৱা

  • April 24, 2016 at 7:55 am
    Permalink

    প্ৰতিম
    প্ৰতাপ বৰুৱা আপোনাৰ প্ৰবঞ্চক প্ৰতিষ্ঠান
    আৰু আমাৰ বিত্তীয়
    সজাগতা শীৰ্ষক লেখাটি পঢ়ি ভাল পালো ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!