চুঙা পিঠা – মনীষা বড়া

উপকৰণঃ
১৷ পিঠাগুড়ি=২কাপ
২৷ গাখীৰ= ৩ কাপ
৩৷ চেনি= ১কাপ
৪৷ ঘিঁউ=২চামুচ
৫৷ বাঁ‌হৰ চুঙা
প্ৰণালীঃ
বাঁ‌হৰ চুঙাকেইটা কাটি ভালকৈ ধুই ল’ব৷ এতিয়া পিঠাগুড়ি, চেনি, ঘিঁউ দি গাখীৰৰ সৈতে পনীয়াকৈ গুলি চুঙাত ভৰাই কলপাতৰ খোপা দি মুখটো ভালকৈ টানকৈ মাৰিব৷ এতিয়া জুইত চুঙাকেইটা দিব৷ মাজে মাজে লৰাই দিব যাতে দুয়োটা ফাল পুৰে৷ বাঁহকেইটা ভালকৈ পুৰি গ’লে গম পাব চুঙাপিঠা হৈছে৷ চুঙাটোৰ মুখৰ ফালৰ পৰা পুৰিব লাগে তললৈ লাহে লাহে৷ হৈ গ’ল চুঙা পিঠা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!