সপোনত লোৱা সাক্ষাৎকাৰটো (মূল- গুৰমিত বেদী) – অনুবাদ: ৰিণ্টুমনি দত্ত

বহুত দিনৰ পিছত কালি শ্ৰীমতী মাকৰ ঘৰলৈ গ’ল, বহুত দিনৰ পিছত কালি এটা স্বাধীন নিশা উপভোগ কৰিলোঁ৷ সুন্দৰ টোপনি অহাৰ লগতে বহুত দিনৰ পিছত এটা সপোনো দেখিলোঁ৷ শ্ৰীমতী লগত থকা কেইদিন সুন্দৰ টোপনিতো বাদেই, সপোন দেখাৰ ওপৰতো ‘কাৰ্ফিউ’ লাগি থাকে৷ কালি ৰাতি মনটোৱে অলপ আজাদী পোৱাৰ লগে লগে বিছনাত পৰা পিছতেই সপোনৰ ৰীলটো চলিবলৈ আৰম্ভ কৰি দিলে৷ সপোনটো না ভয়ানক আছিল, না মিঠা আছিল – মানে সপোনত মোক মুল্যবৃদ্ধিয়েও হেঁচা মাৰি ধৰা নাছিল নাইবা কোনো ষোড়শী নীলনয়নাই আহি মোৰ লগত মিঠা-মিঠা কথাও পতা নাছিল৷ সপোন দেখিলোঁ, আমাৰ দেশৰ শাসনাধিষ্ঠিত এজন ৰাজনৈতিক নেতাৰ সৈতে দেশৰ আৰু দেশৰ উন্নতিৰ বিষয়ে কথা পতাৰ, সৰ্বসাধাৰণ আৰু দেশৰ অৰ্থনৈতিক দুৰৱস্থাৰ বিষয়ে কথা পতাৰ৷ দেশৰ এজন দায়িত্বশীল নাগৰিক হিচাপে কথা-বাৰ্তাখিনি আপোনালোকক জনোৱাটো মোৰ নৈতিক দায়িত্ব বুলি ভাবি সপোনত দেখা সাক্ষাৎকাৰটোৰ অসম্পাদিত ৰূপ আপোনালোকলৈ আগবঢ়ালোঁ৷

প্ৰশ্ন – আমাৰ দেশ এতিয়া কোন দিশে গতি কৰিছে বুলি আপুনি ভাবে?

উত্তৰ- দেশৰ চিন্তা বাদ দিয়া৷ দেশখন ক’ৰো পৰা অহাও নাছিল আৰু ক’লৈও গতিও কৰা নাই৷ দেশ ইয়াতে আছিল আৰু ইয়াতে থাকিব৷ চ’ ড’ণ্ট ৱৰী এবাউট দেশ৷

প্ৰশ্ন – কিন্তু বিৰোধীপক্ষই সদায় কৈ আছে যে দেশ দিশহীন হৈ গৈছে৷

উত্তৰ – প্ৰকৃততে আমাৰ চৰকাৰৰ সফলতা দেখি বিৰোধীপক্ষ নিজেই দিশহীন হৈ গৈছে৷ তেওঁলোক এটা চিন্তাতে নিমগ্ন, কিদৰে নিজক জনতাৰ মানুহ বুলি প্ৰচাৰ কৰি আমাক জনতাৰ বাবে ‘কচাই’ বুলি প্ৰমাণিত কৰিব পাৰে৷ আপুনি ৰাইজক জনাই দিব যাতে বিৰোধীৰ উদ্দেশ্যবিহীন প্ৰৰোচনাত পৰি তেওঁলোক দিশহীন নহয়৷

প্ৰশ্ন – আপোনাৰ ওপৰত আৰোপ আছে যে আপুনি দেশে-বিদেশে অজস্ৰ সম্পত্তি কৰিছে৷

উত্তৰ – সম্পূৰ্ণ মিথ্যা আৰোপ৷ আপুনি মোৰ নাম দেশৰ দহজন ধনী মানুহৰ তালিকাত পঢ়িবলৈ পাইছে জানো! কেতিয়াবা আপুনি মোৰ ইনকাম টেক্স ৰিটাৰ্ণ দেখিছে নেকি? আপুনি দুই ঠাইৰপৰা ভেৰিফাই কৰি চাব পাৰে, নিজেই গম পাই যাব মোৰ ওচৰত কিডাল সম্পত্তি আছে! যি অলপ-অচৰপ সম্পত্তি দেশ আৰু দেশৰ বাহিৰত আছে, সেইয়া সকলো মোৰ ল’ৰাই মোৰ আশীৰ্বাদত গোটাইছে৷

প্ৰশ্ন – আপুনি এইদৰে সৰ্বসাধাৰণ জনতাক আশীৰ্বাদ দিছে নে?

উত্তৰ – (হাঁহি মাৰি) আমি জনতাক কি আশীৰ্বাদ দিম, আমি জনতাৰ দাস৷ জনতাইহে আমাক আশীৰ্বাদ দিয়ে আৰু আমি সেই আশীৰ্বাদৰ কিছু অংশ নিজৰ লগত ৰাখি বাকীখিনি নিজৰ ল’ৰা-ছোৱালী আৰু সম্বন্ধীয়ৰ মাজত ভাগ কৰি দিওঁ‌৷

প্ৰশ্ন – ৰিজাৰ্ভেচনৰ বিষয়ে আপোনাৰ মতামত কি?

উত্তৰ – ৰিজাৰ্ভেচন খুব ভাল বস্তু, উচ্চবৰ্গ-নিম্নবৰ্গ সকলোকে ৰিজাৰ্ভেচনৰ সুবিধা পাব লাগে৷ ৰিজাৰ্ভেচনৰ লাভালাভ ধনী-দুখীয়া সকলোৱে পাব লাগে৷ ইয়াৰদ্বাৰা দেশত সমাজবাদ প্ৰতিষ্ঠা হ’ব৷

প্ৰশ্ন – এইদৰে ৰিজাৰ্ভেচনৰ লাভালাভ কি হ’ব?

উত্তৰ – এই বিষয়ে পৰ্যালোচনা কৰিবলৈ এখন আয়োগ গঠন কৰিব পৰা যায়৷ আয়োগৰ মতামতৰ ওপৰত ভিত্তি কৰি আমাৰ চৰকাৰে সিদ্ধান্ত ল’ব৷

প্ৰশ্ন – আমাৰ দেশৰ আটাইতকৈ ডাঙৰ সমস্যা কি বুলি আপুনি ভাবে?

উত্তৰ – দেশৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল, আমি নিজৰ ভিতৰতে টনা-আজোঁ‌ৰা কৰি থাকোঁ৷ বিৰোধী পক্ষই বন্ধ কোঠাত আমাৰ লগত আলোচনা কৰি সকলো কথাতে সন্মতি প্ৰদান কৰে আৰু বাহিৰত গৈ সেইবোৰ কথাৰে বিৰোধিতা কৰি জনতাৰ আগত হুলস্থূল কৰেগৈ৷ এনেধৰণৰ ঘটনাৰ বাবে কেইবাবাৰো আমি অস্বস্তিকৰ পৰিস্থিতিত পৰিছোঁ৷

প্ৰশ্ন – দেশৰ বিভিন্ন ঠাইত ইচ্ছাকৃতভাৱে সাম্প্ৰদায়িক সংঘৰ্ষ কৰোৱাৰ অপবাদো আপোনাৰ ওপৰত আছে৷ এই বিষয়ে আপোনাৰ মতামত?
উত্তৰ – এইটো সম্পূৰ্ণ মিছা আৰোপ৷ যি কেইদিন এনেধৰণৰ গোষ্ঠী সংঘৰ্ষ হৈছে, সেই গোটেইকেইদিন মই মুম্বাইৰ এখন ‘ফাইভ ষ্টাৰ’ হোটেলত বেলেগৰ নামত বুক কৰা এটা প্ৰেচিডেন্সিয়েল চুইটত “বেলেগ” কামত ব্যস্ত আছোঁ৷

প্ৰশ্ন – আপুনি গোষ্ঠী সংঘৰ্ষৰ বিষয়ে একো গম পোৱা নাছিল নেকি?
উত্তৰ- নাই, মই ইমানেই সুৰাপান কৰি আছিলোঁ যে মই নিজেই ক’ত আছিলো, তাকো গম পোৱা নাছিলোঁ৷

প্ৰশ্ন – কাশ্মীৰ সমস্যাৰ বিষয়ে আপোনাৰ মতামত কি?
উত্তৰ – এই বিষয়ে অধিকাৰিক স্বৰূপত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েহে ক’ব পাৰিব৷ কাশ্মীৰ সমস্যাৰ ওপৰত মতামত দিবলৈ আমাৰ চৰকাৰ অপাৰগ৷

প্ৰশ্ন – আফগানিস্তান আৰু চিৰিয়াত থকা ভাৰতীয়সকলৰ সুৰক্ষাৰ বাবে আপোনালোকৰ চৰকাৰে কি কাৰ্যপন্থা হাতত লৈছে?
উত্তৰ – বেলেগ দেশৰ কথাত আমি মূৰ নঘমাওঁ‌ দেই৷ তাত থকা ভাৰতীয়সকলৰ সুৰক্ষাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আশা ৰাখিছোঁ, ভগৱানে আমাৰ প্ৰাৰ্থনা মঞ্জুৰ কৰিব৷

প্ৰশ্ন – মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুঁজিবলৈ আপোনালোকৰ চৰকাৰে কিবা কাৰ্যপন্থা হাতত লৈছে নেকি?

উত্তৰ – আমি এখন চৰকাৰে কিহৰ কিহৰ লগত যুঁজিম! দেশৰ উন্নতি হ’লে মূল্যবৃদ্ধি হোৱাটো স্বাভাৱিক৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বঢ়াটোৱে দেশৰ উন্নতি হোৱাটোকে সূচায়৷ আমাৰ জনতাই দামী দামী বস্তু কিনে, দামী দামী বস্তু খায়৷ ইয়াৰ অৰ্থ এটাই, দেশৰ অৰ্থনৈতিক উন্নতি হৈছে৷ এইটো কথা ভাবি সুখী হওক যে আন দুখীয়া দেশবোৰে কিদৰে সস্তীয়া বস্তু খাই আমাৰ লগত কম্পিটিচন কৰিব!

প্ৰশ্ন – আমাৰ দেশ কেতিয়া আত্মনিৰ্ভৰ হ’ব বুলি আপুনি ভাবে?

উত্তৰ – যেতিয়া আমাৰ দৰে নেতাসকল আত্মনিৰ্ভৰ হ’ব৷ আমি আত্মনিৰ্ভৰ হোৱাৰ লগে লগে আমাক কোনো কেলেংকাৰী কৰাৰ প্ৰয়োজন নহ’ব আৰু তেতিয়াই দেশে আত্মনিৰ্ভৰ হ’বলৈ আৰম্ভ কৰিব৷

প্ৰশ্ন – বৰ্তমান আপোনালোকৰ চৰকাৰে আটাইতকৈ কিহত গুৰুত্ব দিছে?

উত্তৰ- সামাজিক-অৰ্থনৈতিক সমস্যা আৰু চৰকাৰৰ কেলেংকাৰীবোৰৰ পৰা সৰ্বসাধাৰণৰ দৃষ্টি আঁ‌তৰ কৰাত৷

প্ৰশ্ন – এইয়া কৰাত আপোনালোক সফল হ’ব বুলি ভাবে নে?

উত্তৰ – এশ শতাংশ সফল হ’ম, আমি নিশ্চিত৷ আমাৰ দেশৰ জনতাৰ স্মৃতিশক্তি একেবাৰে দুৰ্বল, নতুন এটা সমস্যাৰ উদ্ভৱ হোৱাৰ লগে লগে আগৰবোৰ পাহৰি যায়৷ স্বাধীনতাৰ পিছৰ পৰা দেশৰ বুৰঞ্জী পঢ়িলে আপুনি গম পাব, আমাৰ দেশৰ যিকোনো সমস্যাৰ ম্যাদ আন এটা সমস্যাৰ সৃষ্টি হোৱা লৈকেহে৷ চ’ ড’ণ্ট ৱৰী এবাউট ডেট৷

প্ৰশ্ন – দেশৰ বৰ্ধিত জনসংখ্যা ৰোধ কৰিবলৈ আপোনালোকৰ চৰকাৰে কি পদক্ষেপ হাতত লৈছে?

উত্তৰ – জনসংখ্যা বৃদ্ধিৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজনীয়তা প্ৰায় শেষ হৈ আহিছে৷ দেশত যিদৰে দিনে দিনে কন্যা ভ্ৰুণ-হত্যাৰ ঘটনা বৃদ্ধি হৈছে, অতি শীঘ্ৰেই এনে এটা দিন আহিব যে আমাৰ দেশত নাৰী বিলুপ্তপ্ৰায় প্ৰাণীত পৰিণত হ’ব৷ তেতিয়া নিজে নিজেই জনসংখ্যা বৃদ্ধি ৰৈ যাব৷ না ৰহেগা বাঁ‌শ, না বজেগা বাচুঁ‌ৰী৷

প্ৰশ্ন – অৱসৰৰ সময়ত আপুনি কি কৰে?

উত্তৰ – এই বিষয়ে উত্তৰ দি মই নিউজ চেনেলৰ হে’ড লাইনত আহিব নিবিচাৰোঁ৷ সাংকেতিক ভাষাত কৈ থৈছোঁ, বাকী ৰাজনীতিবিদসকলে অৱসৰৰ সময়ত যি যি কৰে, মইয়ো তাকেই কৰোঁ৷

প্ৰশ্ন – দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ বিকাশৰ বাবে আপোনালোকে কি কৰিছে?

উত্তৰ – আমি ইতিমধ্যেই দেশৰ সকলো ক্ৰীড়াসন্থাৰ অধ্যক্ষ আৰু কাৰ্যকৰ্তাৰ পদত আমাৰ ৰাজনৈতিক দলৰ কৰ্মকৰ্তা ৰাখিবলৈ সিদ্ধান্ত লৈছোঁ৷ কিয়নো ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ মনোভাৱ সদায় যুঁজাৰু হয় আৰু তেওঁলোকৰ এই যুঁজাৰু মনোভাৱে খেলুৱৈসকলক সদায় যুঁজ দিবলৈ অনুপ্ৰাণিত কৰি ৰাখিব৷

প্ৰশ্ন – কোনবিধ খেল আপুনি ভাল পায়?

উত্তৰ – কুস্তি৷ সদনত আমাক প্ৰায়েই এইবিধ খেলৰ প্ৰয়োজনীয়তা আহি পৰে৷ গতিকে বিৰোধী-শাসকীয় দুই পক্ষই সদন আৰম্ভ হোৱাৰ কিছুদিন আগৰ পৰাই কুস্তিৰ অভ্যাস আৰম্ভ কৰোঁ৷

One thought on “সপোনত লোৱা সাক্ষাৎকাৰটো (মূল- গুৰমিত বেদী) – অনুবাদ: ৰিণ্টুমনি দত্ত

  • February 21, 2020 at 7:25 pm
    Permalink

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!