তাচনিম মিঠাইৱালা: সফলতাৰ আন এক নাম- অসীম শইকীয়া

যদি মানসিক জোৰ থাকে, এগৰাকী মহিলাইও কেনেকৈ এক জটিল প্ৰফেচনৰ যোগেদি বিখ্যাত হব পাৰে, তাৰেই এক উদাহৰণ হ’ল, তাচনিম মিঠাইৱালা৷

কলা শাখাৰ স্নাতক আৰু ইভেণ্ট মেনেজমেণ্টৰ স্নাতকোত্তৰ তাচনিমৰ ফাইনেন্সৰ বিষয়ে বিশেষ জ্ঞান নাছিল৷ ব্যক্তিগত কাৰণত তেওঁ নিজৰ চাকৰি এৰিবলৈ বাধ্য হৈছিল৷ তদুপৰি নিজৰ দুটাকৈ সন্তান চোৱাচিতা কৰাৰো দায়িত্ব আছিল৷ সেইবাবে তেওঁ ঘৰতে থাকি ঘৰৰ পৰাই কিবা এটা কাম কৰাৰ ইচ্ছা কৰিছিল৷

অৱশেষত তাচনিমে ইকুইটি মাৰ্কেটত ট্ৰেডিং কৰাৰ কথা চিন্তা কৰিলে৷ প্ৰথমতে পাঁচলাখ টকাৰে আৰম্ভ কৰা ব্যৱসায়ে এনেকুৱা গতি ল’লে যে আঠমাহৰ মূৰত মূলধন দুইলাখৰো তলত পালেগৈ৷

তাচনিমে হতাশ নহৈ মুম্বাইৰে এখন শিক্ষানুষ্ঠানৰ যোগেদি ইকুইটি বজাৰৰ মূল গতিবিধি, গঠন আদিৰ বিষয়ে কোৰ্চ কৰিবলৈ ল’লে‌৷ কলা শাখাৰ প্ৰাক্তন এগৰাকী ছাত্ৰী হিচাপে মূলধনী বজাৰখনৰ বিষয়ে শিকিবলৈ জটিল হলেও তাচনিম কিছুদিনৰ ভিতৰতে এই বিষয়ত বিশেষজ্ঞ হৈ পৰিছিল৷ উল্লেখযোগ্য যে যিখন শিক্ষানুষ্ঠানত তাচনিমে ট্ৰেডিংৰ বিষয়ে শিকিছিল তাত psychiatristয়েও বিশেষ শিক্ষাদান কৰে৷ কাৰণ ট্ৰেডিং কৰাৰ বাবে মানসিক স্থিতি অতি শক্তিশালী হোৱাৰ প্ৰয়োজন৷ পদ্ধতি আৰু টেকনিকেল জ্ঞান বিশ শতাংশহে ট্ৰেডিংত প্ৰয়োজন৷

আজি তাচনিম মিঠাইৱালা ইকুইটি বজাৰত এগৰাকী সফল ট্ৰেডাৰ৷ আজি তেওঁৰ ওচৰত ট্ৰেডিং শিকিবলৈ বিভিন্ন প্ৰফেচনৰ মানুহ আহে যিখিনিৰ ভিতৰত সৰহসংখ্যক মহিলা৷


তাচনিম মিঠাইৱালা



কোৱা হয় যে মূলধনী বা ইকুইটি মাৰ্কেটত কাম কৰাটো পুৰুষৰ বাবেহে সম্ভৱ, কাৰণ ইয়াৰ বাবে বহুত উচ্চ খাপৰ মানসিক স্থিৰতা আৰু নিয়ামানুৱৰ্তিতা লাগে৷ কিন্তু এতিয়া বহুতো সফল মহিলা ট্ৰেডাৰো আছে ভাৰতত৷ এনেকুৱা বহুতো ট্ৰেডাৰ আছে যি ইকুইটি মাৰ্কেটত কাম কৰাৰ আগতে বিপশনা ধ্যানৰ ট্ৰেইনিং ল’য় যাতে তেওঁৰ মানসিক স্থিৰতা বৰ্তি থাকে কামৰ সময়ত৷

ইকুইটি বজাৰত বৌদ্ধিক জ্ঞান যে একেবাৰে প্ৰয়োজন নাই সেইকথা তাচনিমে বিভিন্ন সাক্ষাৎকাৰত কোৱা দেখা যায় কাৰণ অধিক বুদ্ধিমত্তাই মানুহৰ মানসিক অস্থিৰতা বঢ়াই তোলে যি ইকুইটি, কাৰেঞ্চি বজাৰত বিপৰীত প্ৰভাৱ পেলায়৷ তেওঁৰ মতে -Trading is more to do with logic, emotional stability and how to manage money!“

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!