সংখ্যাতত্ব আৰু কেলেণ্ডাৰ — নয়নদীপ ডেকা বৰুৱা

আটাইকে নতুন বছৰৰ ওলগ জনাই ২০২০ চনৰ কেলেণ্ডাৰ এখন আগবঢ়ালোঁ৷ নতুন বছৰটোৰ কি তাৰিখে কি বাৰ হ’ব জানিবলৈ সংলগ্ন ফটোখনৰ বাৰটা অংকবিশিষ্ট সংখ্যাটো(২৫৬২৪০২৫১৩৬১) মনত ৰাখিলেই হ’ব৷ মনত ৰাখিবৰ সুবিধাৰ বাবে সংখ্যাটো ভাগ কৰিও লব পাৰে- ২৫৬/২৪০/২৫১/৩৬১৷ এই বাৰটা অংকৰ, মানে ডিজিটৰ, প্ৰতিটোৱে নতুন বছৰটোৰ বাৰটা মাহক প্ৰতিনিধিত্ব কৰিছে৷ অৰ্থাৎ, জানুৱাৰীৰ বাবে ২, ফেব্ৰুৱাৰীৰ বাবে ৫, মাৰ্চৰ বাবে ৬, এপ্ৰিলৰ বাবে ২, … …, নৱেম্বৰৰ বাবে ৬, আৰু ডিচেম্বৰৰ বাবে ১৷ এতিয়া ধৰক আপুনি নিৰ্দিষ্ট এটা তাৰিখে কি বাৰ হ’ব উলিয়াব লাগে৷ আপুনি সেই তাৰিখটোৰ লগত উক্ত মাহৰ বাবে নিৰ্ধাৰিত ডিজিটটো যোগ দি যোগফলটোক  ৭ৰে হৰণ কৰি ভাগশেষ, মানে বাকী, কিমান থাকিল মন কৰক৷ যদিহে বাকী থাকে ১, তেন্তে সেই তাৰিখে হ’ব সোমবাৰ, ২ থাকিলে হ’ব মংগলবাৰ, ৩ থাকিলে বুধবাৰ, ৪ থাকিলে বৃহস্পতিবাৰ, ৫ থাকিলে শুক্ৰবাৰ, ৬ বাকী থাকিলে হ’ব শণিবাৰ আৰু ০ বা একো বাকী নেথাকিলে হ’ব দেওবাৰ৷ উদাহৰণস্বৰূপে, ধৰা হওক ২০২০চনৰ ১৫আগষ্ট তাৰিখে কি বাৰ পৰিছে জানিব বিচাৰিছোঁ‌৷ আমি ১৫ৰ লগত আগষ্টমাহৰ বাবে নিৰ্ধাৰিত ডিজিট ৫ যোগ কৰিম৷ আমি পাওঁ‌ ১৫+৫=২০৷ এই ২০ ক ৭ ৰে হৰণ কৰোঁ‌তে বাকী পালো ৬ আৰু ৬ মানে শনিবাৰ৷ সেয়েহে ২০২০ চনৰ ১৫আগষ্ট হ’ব শনিবাৰ৷ গতিকে দেখা গ’লযে মাত্ৰ বাৰটা অংকবিশিষ্ট সংখ্যাটো মনত ৰাখিয়েই গোটেই বছৰটোৰ সম্পূৰ্ণ কেলেণ্ডাৰখন (মানে বেৰত আঁ‌ৰি ৰখা) নোচোৱাকৈ জন্মদিন, বিবাহবাৰ্ষিকী, বিভিন্ন দিৱস আদি কি কি বাৰে পৰিব উলিয়াই লব পাৰি (লগতে দীঘলীয়া ভ্ৰমণ আদিৰ পৰিকল্পনা)৷
এই কেলেণ্ডাৰৰ পদ্ধতিটোৰ আধাৰ হৈছে সংখ্যাতত্ত্বৰ ’ডিভিজন এলগৰিদম’ নামৰ সূত্ৰ৷ এই সূত্ৰটোৱেই আচলতে আমি স্কুলীয়া পাঠ্যক্ৰমত পোৱা “ভাজ্য=ভাজক×ভাগফল+ ভাগশেষ” সূত্ৰটো৷ সাধাৰণতে মই ছাত্ৰ-ছাত্ৰীক সংখ্যাতত্ত্ব (নাম্বাৰ থিয়ৰী) পঢ়াওঁ‌তে প্ৰথম ক্লাচটোতেই এই সূত্ৰৰ প্ৰয়োগ দেখুৱাবলৈ কেলেণ্ডাৰৰ উদাহৰণটো লৈ আহিছোঁ৷

অলপ মন কৰিলে আপুনি আগন্তুক বছৰবোৰৰ বাবেও বাৰবোৰ উলিয়াব পাৰিব৷ মন কৰিব যে এটা সাধাৰণ বছৰত ৩৬৫দিন থাকে আৰু লিপইয়েৰ হ’লে ৩৬৬ (২০২০ চনটো এটা লিপ ইয়েৰ)৷ মানে এবছৰত ৫২সপ্তাহ আৰু এদিন অতিৰিক্ত ( লিপইয়েৰত দুদিন অতিৰিক্ত)৷ গতিকে এদিন বা দুদিন বঢ়ালেই হ’ল৷ উদাহৰণস্বৰূপে, ২০২০চনৰ ১৫আগষ্ট যিহেতু শনিবাৰ গতিকে ২০২১চনৰ ১৫আগষ্ট হ’ব দেওবাৰ (এটা বাৰ আগত, কিয়নো ২৯ ফেব্ৰুৱাৰী, ২০২০টো আগতেই পাৰ হৈ গ’ল)৷ ইফালে ২০২০চনৰ ১জানুৱাৰী হ’ল বুধবাৰ (১+জানুৱাৰীৰ ডিজিট ২=৩, গতিকে বুধবাৰ), গতিকে ২০২১চনৰ ১জানুৱাৰী হ’ব শুক্ৰবাৰ (দুটা বাৰ পিছত, কাৰণ ২৯ফেব্ৰুৱাৰী, ২০২০টো মাজত সোমাই আছে)!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!