তিল দিয়া গাহৰি মাংস (হেমন্ত হাজৰিকা)

তিল দিয়া গাহৰি মাংস

যোগাৰ: আধা কিল’গ্ৰাম ভাল গাহৰি মাংস, চাহ চামুচেৰে ৪-৫ চামুচ ভজা তিল, ডাঙৰ চামুচেৰে খৰিছা (পাহাৰীয়াতো হ’লে ভাল) ১ – ডেৰ চামুচ, নহৰু ১০-১২ ফুটা, কেঁচা/শুকান জলকীয়া ৫ টা মান, খুন্দিলে এক চামুচ মান হোৱাকৈ আদা আৰু জোখমতে কিছু নিমখ৷

প্ৰস্তুতি: মাংসখিনি ভালকৈ ধুই লঁওক৷ আদা আৰু নহৰু খুন্দনাত খুন্দি লঁওক (সম্পূৰ্ণ গুড়ি নহ’লেও হ’ব)৷ জলকীয়া কেইটা কটাৰীৰে দীঘলকৈ ফালি লঁওক৷ ভজা তিলিখিনি মিক্সিত দি অলপ গুড়ি কৰি লঁওক৷

ৰন্ধন : কেৰাহীখন গৰম কৰি নিমখ খিনি ৰঙচুৱা হোৱালৈকে ভাজক৷ এতিয়া, মাংসত যদি অতিৰিক্ত তেল আছে সেইখিনি লঁওক, নহঁলে দুডোখৰ মান চৰ্বিকে লৈ কেৰাহিত ভজা নিমখৰ লগত মিলাই কিছু সময় ভাজক৷ যেতিয়া চৰ্বি দুডোখৰৰ পৰা তেল ওলাই পৰিব, তাত মাংসখিনি দি লৰাঁওক৷ এতিয়া আদা- নহৰু, খৰিছা আৰু জলকীয়া কেইটা দি কিছু সময় মধ্যমীয়া জুইত ভাজক৷ মাংসখিনি কেৰাহীত লাগি ধৰা যেন হ’লে, তাত পানী দি ঢাকি দিয়ক ( কুহুমীয়া হ’লে ভাল)৷ আৰু চাব যাতে মাংসখিনি পানীত ডুব গৈ থাকে৷ এইদৰে কম জুইত ২০-২৫ মিনিট মান সিজিবলৈ দিয়ক৷

পানীখিনি শুকাবলৈ দি নিৰ্দিষ্ট সময়ৰ পাছত মাংসখিনি সিজিলে নাই পৰীক্ষা কৰক৷

সিজিলে যদি জুইৰ পৰা নমাই তাতে তিলখিনি মিহলাই দিয়ক৷

বচ্! কাৰ্বিৰ ‘তিল দিয়া গাহৰি’ ৰেডি৷ পৰিৱেশন কৰোতে অলপমান ধনীয়া পাত চটিয়াই ল’ব পাৰে৷

(ফ’টোৰ উৎস: ইন্টাৰনেট)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!