দুখবোৰ কাব্যিক: জীৱন যুদ্ধৰ বিজ্ঞান — মধুমিতা বৰুৱা শ‌ইকীয়া

সুখবোৰ বৈষয়িক দুখবোৰ কাব্যিক আৰু কিছু কালজয়ী…

সেয়ে হয়তো মহাকাব্যত সুখতকৈ
জিলিকে বিষাদ৷

উশাহৰ যুদ্ধ

প্ৰেমৰ যুদ্ধ

বিফলতা পোতক
অভিমানৰ দ্বন্দ্ব….

শক্তিৰ চোকা তৰোৱালত বিবৰ্ণ জীৱন

ৰৈ যায় বহু কথা৷

জীৱন যুদ্ধৰ বিজ্ঞান৷

অসমাপ্ত কাহিনী আৰু বিষাদৰ গন্ধমাদন৷

অনুপম কৰিবলৈও লাগে অহৰ্নিশ যুদ্ধৰ অনুশীলন৷

তথাপিও ধুনীয়া জীৱন৷
আমিও দিগ্বিজয়ী৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!