তেওঁৰ মৃত্যু হৈছে বুলি নাভাবিবা (ৰঞ্জিত কুমাৰ বৰা)

তেওঁৰ মৃত্যু হৈছে বুলি নাভাবিবা….

–   ৰঞ্জিত কুমাৰ বৰা

মামণি বাইদেউৰ মৃত্যু হোৱা নাই । তেওঁ আমাৰ মাজতে আছে ।দস্তাৱেজৰ নতুন পৃষ্ঠাত বাইদেউৱে লিখিছিল

“ক’ব নোৱাৰোঁ কি কাৰণে সৰমদৰ প্ৰতি মোৰ গভীৰ অনুকম্পা হৈছিল । মাত্ৰ কিছুদিনৰ আগেয়ে আকৌ মই এবাৰ জামা মচজিদৰ দুই নম্বৰ গে’টৰ দৰ্জাৰ সন্মুখত থকা তেওঁৰ সমাধিলৈ গৈছিলোঁ । এজোপা প্ৰকাণ্ড নিম গছে ছাঁ দি ৰাখিছে তেওঁৰ সমাধি, প্ৰাচীৰত লিখা আছে —

“তেওঁৰ মৃত্যু হৈছে বুলি নাভাবিবা

তেওঁ তোমালোকৰ মাজতেই আছে

তুমি মাত্ৰ তেওঁক দেখা নোপোৱা ।”

 

বাইদেউ আপোনাৰো মৃত্যু হোৱা নাই । মৃত্যু হ’ব নোৱাৰে । আপুনি আমাৰ মাজতেই আছে ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!