তেতেলীৰ মিশ্ৰিত চৰ্বত(-নিবেদিতা চন্দ)

তেতেলীৰ মিশ্ৰিত চৰ্বত:
(এগিলাচৰ জোখত)

অলপমান পকা তেতেলী (৪-৫ টামান গুটি থকা)ৰ পৰা গুটিকেইটা উলিয়াই লৈ ন্যুনতম ৩০ মিনিটমান সময়ৰ বাবে আধাগিলাচ পানীত তিয়াই থওক৷ ইয়াৰ লগতে ‘ডাবৰ হাজমোলা’(যিকোনো ফ্লেভাৰৰ)ৰ এটা বড়িও তিয়াই থওক একেলগে৷

৩০ মিনিটৰ পিছত উক্ত মিশ্ৰণটো কাঁটা চামুচেৰে ভালদৰে ঘুটি দিয়ক যাতে তেতেলীবোৰ ভাগি চিগি যায়৷ এতিয়া এখন চামুচেৰে তেতেলীৰ ডাঙৰ ডাঙৰ চালবোৰ বাচি পেলাওক (সৰু টুকুৰাবোৰ পানীতে থাকিবলৈ দিয়ক)। দুটা বা তিনিটা পদিনা পাত গুড়ি কৰি মিলাওক৷ ইয়াত এতিয়া ঠাণ্ডাপানী (ফ্ৰিজত থোৱা হ’লে ভাল) আৰু আধাগিলাচ দিয়ক৷ তিনি চামুচ ‘গ্লুকন-ডি’ দিয়ক৷ সৰু চামুচৰ তিনি ভাগৰ এভাগ ক’লা নিমখৰ গুড়ি দিয়ক৷ সৰু চামুচৰ চাৰি ভাগৰ এভাগ ‘আমচূৰ’ গুড়িও দিব পাৰে৷ ভালদৰে মিলাওক আৰু পৰিৱেশন কৰক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!