হাস্যৰসঃ উইট, হিউমাৰ আৰু ভালগাৰ (দ্বিজেন্দ্ৰ নাথ শৰ্মা)

১) উইট (Wit): বুদ্ধিদীপ্ত ৰগৰ বা কৌতুক এটা গুৰুত্বপূৰ্ণ বিষয়বস্তুক ধেমেলীয়া ভংগীৰে উপস্থাপন কৰি মনোৰঞ্জন দিয়াৰ লগতে কোনো এটা বিশেষ বিষয়বস্তুৰ দোষ ত্ৰুতিবিলাক সমাজৰ আগত ধেমালীৰ চলেৰে তুলি ধৰা হয়। আৰু এইবিলাকে সমাজৰ বাবে বিশেষ বাৰ্তা বহন কৰে। এটা বুদ্ধিদীপ্ত কৌতুকে মানুহক তাৰ লগত সংগতি থকা ধেমেলীয়া মন্তব্য দিবলৈ উৎসাহ যোগায়। এনেকুৱা ৰগৰ বা কৌতুকক উৎকৃষ্ট বুলি ধৰা হয় আৰু এই ধৰণৰ কৌতুক সৃষ্টি কৰিবলৈ বিশেষ পাৰদৰ্শিতাৰ প্ৰয়োজন আৰু কৌতুককাৰীৰ সমাজৰ বিভিন্ন দিশৰ ওপৰত বিশেষ জ্ঞান আৰু সেইবোৰ চালি জাৰি চোৱাৰ বাবে নিৰীক্ষণ শক্তিৰ প্ৰয়োজন। কিন্তু এইধৰণৰ কৌতুক বুজিবলৈ দৰ্শক বা শ্ৰোতা বা পঢ়ুৱৈৰো কিছু ৰষাপোলব্ধি (চেঞ্চ অব হিউমাৰ)ৰ প্ৰয়োজন। অতি উৎকৃষ্ট যদিও এই ধৰণৰ কৌতুক সৃষ্টি কৰা অতি কঠিন। উইট (Wit) বুদ্ধিদীপ্ত ৰগৰ বা কৌতুকে এক বিশেষ শ্ৰেণীক বা লোকক লক্ষ্য হিচাবে লোৱাৰ ফলত, এই শ্ৰেণীৰ কৌতুককাৰী কেতিয়াবা কাৰোবাৰ ৰোষত পৰাও দেখা যায়। ভাৰতবৰ্ষত উইট (Wit) বুদ্ধিদীপ্ত কৌতুকৰ ক্ষেত্ৰত যশপাল ভাট্টিৰ এক বিশেষ স্থান আছে।

(Wit is a form of intelligent humour, the ability to say or write things that are clever and usually funny. A wit is a person skilled at making clever and funny remarks. Forms of wit include the quip and repartee. quip-A clever, witty remark often prompted by the occasion. repartee -a quick and witty reply)

২) হিউমাৰ (হাঁহিৰ খোৰাক): ই মানুহৰ হাঁহি উঠোৱাৰ এটা প্ৰয়াস। এই ধৰণৰ কৌতুকত বুদ্ধিদীপ্ততাৰ ওপৰত বিশেষ মনযোগ দিয়া নহয় আৰু সাধাৰণ সাধাৰণ কথাৰ মাজত হাঁহিৰ খোৰাক বিচৰা হয়। অকল হাঁহিৰ স্বাৰ্থত মাজে মাজে অনৰ্থক বা অস্বাভাৱিক পাৰিৱেশ, কথা বা অংগী-ভংগীৰো আশ্ৰয় লোৱা হয়। এনেকুৱা কৌতুকত সমাজৰ প্ৰতি কিবা বাৰ্তা যায় নে নযায় সেই কথাটো গৌন হৈ পৰে আৰু কৌতুকাৰীৰ হাঁহিৰ সৃষ্টি কৰাটোৱে মুখ্য হৈ পৰে। এনেকুৱা কৌতুকেৰে হহুৱাটো অলপ সহজ হয় বাবে বেছিভাগ কৌতুককাৰীয়ে এই পন্থাৰ আশ্ৰয় বেছিকৈ লোৱা দেখা যায়। মানুহক হাঁহিৰ খোৰাক জগোৱা আৰু সকলো লোকে ৰসপান কৰিব পৰা এই কৌতুক বিশুদ্ধ কৌতুকে শ্ৰেণীত পৰে। এই নিৰ্ভেজাল কৌতুকৰ এটা সুবিধা হ’ল (হিউমাৰ) অকল হাঁহিৰ খোৰাক যোগোৱা কৌতুককাৰীসকল সধাৰণতে কাৰো ৰোষত নপৰে।

(humour, is the tendency of particular cognitive experiences to provoke laughter and provide amusement.)

৩) অশিষ্ট, বা অশ্লীল ( vulgar) কৌতুক: এইটো বুজাবলৈ মই এটা উদাহৰণ দিম। ধৰক এজন কৌতুকাভিনেতাই কৌতুকত ভয়ৰ পৰিৱেশ সৃষ্টি কৰি হহুৱাব বিচাৰিছে। কিন্তু তেওৰ কোনো অংগী ভংগীয়ে সফল হোৱা নাই। এতিয়া যদি তেওঁ ভয়তে কানি কাপোৰে ওলাই যোৱা অংগী-ভংগী আৰম্ভ কৰে নিশ্চিত ভাৱে এটা স্থুল মনোৰঞ্জনৰ পৰিৱেশ সৃষ্টি হব। কিন্তু এনেকুৱা কৌতুক নিম্ন মানদণ্ডৰ কৌতুকত পৰে। মই এটা উদাৰণহে দিলোঁ। কিন্তু ইয়াতকৈ বহুত বেছি স্থুল মনোৰঞ্জনৰ কৌতুক আপোনালোকে বিভিন্ন মাধ্যমত (টি.ভি, ফৰ্মুলা মাৰ্কা চবি, নিম্ন মানদণ্ডৰ লিখিত কৌতুক) দেখি আহিছে। হাঁহিৰ সৃষ্টি কৰিবলৈ অশিষ্টতা, বা অশ্লীলতা (অংগী-ভংগী, আচৰণ, ভাষা) ৰ আশ্ৰয় লোৱা এই (vulgar) কৌতুকক অতি নিম্ন মানদণ্ডৰ বুলি ধৰা হয়। অতি নিম্ন মানদণ্ডৰ কৌতুককাৰী, যাৰ আচলতে কৌতুক সৃষ্টিৰ কুশলতা কম থাকে, তেনে কৌতুককাৰীয়ে স্থূল মনোৰঞ্জনৰ আশ্ৰয় লয়। আৰু নিম্ন ৰুচি সম্পন্ন লোকেহে এনে কৌতুকৰ ৰস পান কৰি ভাল পায় কিন্তু এনেধৰণৰ স্থূল মনোৰঞ্জনে কাৰো হিত সাধন নকৰে বৰঞ্চ সমাজলৈ ভুল বাৰ্তা প্ৰেৰণ কৰে।

(The word vulgar now brings to mind off-color jokes and offensive epithets)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!