দূৰদৰ্শনৰ বিজ্ঞাপন, টি.আৰ.পি., বিৰক্তি ইত্যাদি…. -(দ্বিজেন্দ্ৰ নাথ শৰ্মা)

দূৰদৰ্শনৰ বিজ্ঞাপন, টি.আৰ.পি., বিৰক্তি ইত্যাদি….
দ্বিজেন্দ্ৰ নাথ শৰ্মা
“টেলিভিশ্বন ৰেটিং পইন্টচ” ( Television Rating Points)
“টি.আৰ.পি”, “টেলিভিশ্বন ৰেটিং পইন্টচ” (Television Rating Points)।টেলিভিশ্বন চেনেল” বোৰৰ তথা চেনেলবোৰে প্ৰচাৰ কৰা অনুষ্ঠানৰ (program) দৰ্শকৰ মাজত জনপ্ৰিয়তাৰ লেখ লোৱা এটা পদ্ধতি। এই জনপ্ৰিয়তাৰ লেখ লোৱাৰ প্ৰয়োজন হ’ল কিয়? আমি জানো যে চেনেলবোৰৰ মুখ্য আয় আহে বিজ্ঞাপনৰ পৰা। বিজ্ঞাপন কিয় দিয়া হয়? এটা ভোগ্য সামগ্ৰী উপভোক্তাৰ ওচৰ চপাই নিবলৈ আজিৰ প্ৰতিযোগিতামূলক বজাৰত আটাইতকৈ কাৰ্যকৰী পদ্ধতিটো হৈছে বিজ্ঞাপন। আজিৰ তাৰিখত বিজ্ঞাপনক উপভোক্তাৰ ওচৰ চপাই নিবলৈ আটাইতকৈ সহজ মাধ্যমটো হৈছে টেলিভিশ্বন। গতিকে ব্যৱসায়িক গোষ্ঠীয়ে কোনটো চেনেলৰ কোনটো অনুষ্ঠান (program) দৰ্শকৰ মাজত কিমান জনপ্ৰিয় তাৰ লেখ লৈ জনপ্ৰিয়তাৰ অনুপাতত বিজ্ঞাপনৰ দৰ নিৰ্ধাৰণ কৰে।
ভাৰতীয় টেলিভিশ্বন (দূৰদৰ্শন) দৰ্শক গাণনিক সংস্থা (Indian television audience Measurement চমুকৈ INTAM) এ দুটা পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি জনপ্ৰিয়তাৰ লেখ লয়। প্ৰথম পদ্ধতিটোত এটা ইলেক্ট্ৰনিক যন্ত্ৰৰ সহায়ত (যিটো কেব্‌ল অপাৰেটৰ চিগনেল ট্রেনছমিশ্বন কৰা চিগনেল ৰিচিভাৰ বিলাকৰ লগত সংযোগ কৰা হয় আৰু একে ধৰণে এই ব্যৱস্থাতো “দি.টি.এইচ. চাৰ্ভিচ প্ৰভাইদাৰ” ৰ লগতো থাকে) বিভিন্ন চেনেলৰ ডিজিটেল চিগনেলৰ কম্পনাংক (frequency) পৰ্যবেক্ষণৰ জৰিয়তে কিমান মানুহে কোনটো চেনেলৰ কোনটো অনুষ্ঠান কিমান সময় উপভোগ কৰিছে তাৰ লেখ লয়।
কিন্তু এই পদ্ধতিটো কিন্তু এতিয়া শুদ্ধ বুলি ধৰা নাযায়। কাৰণ চিগনেল ট্রেঞ্চমিশ্বনৰ সময়ত প্ৰতিটো চেনেলৰ কম্পনাংক (frequency) প্ৰতি মুহূৰ্ততে সলনি হৈ থাকে। ফলত এই পদ্ধতি যোগে কোনটো চেনেলৰ কোনটো অনুষ্ঠান (program) কিমান সময় কিমান মানুহে চলাই ৰাখিছে তাৰ সঠিক মাপ পোৱা নাযায়।
দ্বিতীয়টো ব্যৱস্থা হৈছে ছবি তুলনা ব্যৱস্থা (পিকচাৰ মেটচিং পদ্ধতি)। এই ব্যৱস্থাত প্ৰতিটো চেনেলৰে দৰ্শকে চোৱা সকলোখিনি অনুষ্ঠানৰ এটা ক্ষুদ্ৰ অংশ ৰেকৰ্ড হৈ থাকে। ঠিক তেনেদৰে এজেঞ্চিতো প্ৰতিটো অনুষ্ঠানৰ এটা ক্ষুদ্ৰ অংশ ৰেকৰ্ড হৈ থাকে। পিছত এই দুয়োটা ৰেকৰ্ডিং মিলাই চাই ৰাষ্ট্ৰীয় ৰেটিং প্ৰস্তুত কৰা হয়।
এতিয়া আমি গিনিপিগ হ’লো কেনেকৈ?
টি.আৰ.পি. যিমানে বাঢ়িব টেলিভিশ্বন চেনেলে সিমানে বিজ্ঞাপন পাব আৰু যিটো চেনেলৰ টি.আৰ.পি. বেছি সেইটো চেনেলত বিজ্ঞাপনৰ ৰেট বেছি হ’ব। এতিয়া টেলিভিচন চেনেলৰ মাজত প্ৰতিযোগিতাৰ দৌৰ… আপোনাক-মোক কিমান বেছি সময় টেলিভিশ্বনৰ সন্মুখত বহুৱাই ৰাখিব পাৰে। গতিকে টেলিভিশ্বন জগতত মচলাৰ প্ৰাদুৰ্ভাৱ ঘটিল। চেনচেচ’নেল বাতৰি, অতিৰঞ্জিত বাতৰি… সৰু ঘটনা এটাকো সজাই পৰাই চিনেমেটিক ষ্টাইলেৰে এক্সক্লুচিভ বনাই আপোনাক-মোক মূৰ্খ সজাই কিমান বেছি সময় টেলিভিশ্বন পৰ্দাৰ সন্মুখত বহুৱাই ৰাখিব পাৰে, এই পৰীক্ষা-নিৰীক্ষাৰ আমি জানো আজি গিনিপিগ নহয়?
[ বি:দ্ৰ: “টি.আৰ.পি.” সম্পৰ্কীয় কথাখিনি বিভিন্ন ৱেবচাইটৰ সহায়ত লিখা হৈছে।]
 
আপোনাৰ পকেটৰ ধনেৰে আপোনাক বিৰক্ত কৰাৰ প্ৰৱন্ধন
কথাখিনি শুনি আপুনি হয়তো ভাবিছে ই কেনেকৈ সম্ভৱ? কোনোবাই জানো নিজৰ পকেটৰ ধন নিজকে বিৰক্ত(আমনি) কৰিবলৈ খৰছ কৰিবনে? আপোনাৰ সাম্ভাব্য উত্তৰটো হ’ব – ” মই কি ইমানে অজলানে যে মই নিজৰ পকেটৰ ধন খৰচ কৰি নিজৰ বাবে বিৰক্তিহে কিনিম?” আপুনি বা মই অজলা হয় নে নহয় মই নাজানো কিন্তু আপুনি-মই নিজৰ পকেটৰ ধন খৰচ কৰি বিৰক্তি ক্ৰয় কৰি আছোঁ।
(গণিত বিভাগলৈ মাৰ্জনা বিচাৰিছোঁ কিয়নো গণিতত সমীকৰণ যি অৰ্থত বাৱহাৰ হয় এই সমীকৰণটোৱে ৰক্ষা কৰিব পৰা নাই। সমীকৰণৰ দুয়োফাল সমান হয়। কিন্তু এই সমীকৰণ একপক্ষীয়। কাৰণ ধনৰ বিনিময়ত বিৰক্তি সামানুপাতিক হ’ব নোৱাৰে। তথাপিও ব্যৱহাৰৰ উপযোগ্য শব্দ বিচাৰি নাপাই একপক্ষীয় সমীকৰণ শব্দটো ব্যৱহাৰ কৰিছোঁ।)
সমীকৰণটো হ’ল…
আপুনি টেলিভিশ্বন চায় কিয়? মনোৰঞ্জন, দেশ-বিদেশৰ জ্ঞান অৰ্জন, স্থানীয়, ৰাজ্যিক, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বাতৰিৰ প্ৰতি আপোনাৰ আগ্ৰহ বা সময় কটোৱাৰ স্বাৰ্থ… ইত্যাদি, ইত্যাদি। টি.ভি. চেনেলে ধনৰ বিনিময়ত আপোনাক আপোনাৰ চাহিদা পূৰণ কৰে। কিন্তু আপুনি সুষ্ঠভাৱে আপোনাৰ খোৰাকমতে অনুষ্ঠান উপভোগ কৰিব পাৰেনে? ওপৰঞ্চি বোনাচ হিচাবে টি.ভি. চেনেলে যিটো বস্তু যোগান ধৰে সেইটোৱে বাৰু আপোনাক বিৰক্ত নকৰেনে?
কিন্তু কথা ইমানতে শেষ নহয়। এয়া আৰম্ভণিহে…
ইয়াৰ পিছত মন কৰক। টি.ভি. চেনেলত বিজ্ঞাপন দিয়ে কোনে? উপভোগ্য সামগ্ৰী প্ৰস্তুত কৰা প্ৰতিষ্ঠানে।
বিজ্ঞাপনবোৰত কোনে অংশ গ্ৰহণ কৰে? নামী-দামী অভিনেতা-অভিনেত্ৰী, খেলুৱৈকে আদি কৰি লাইমলাইটত থকা চেলিব্ৰেটি সকলে। এই চেলিব্ৰেটি সকলে বাৰু আপোনাক-মোক উৎপাদিত সামগ্ৰীটোৰ জ্ঞান দিবলৈ স্বেচ্ছাসেৱা (চেৰিটি) কৰে নেকি? নিশ্চিত ভাৱে নকৰে। টি.ভি. চেনেলে বিজ্ঞাপন কিয় প্ৰচাৰ কৰে? নিশ্চিত ভাৱে এক বৃহৎ ধনৰ বিনিময়ত। এই ধনবোৰ ক’ৰ পৰা আহে? উপভোগ্য সামগ্ৰী প্ৰস্তুত কৰা প্ৰতিষ্ঠানে সামগ্ৰীৰ দামৰ মাধ্যমেৰে আপোনাৰ-মোৰ পকেটৰ পৰাই সেই ধন সংগ্ৰহ কৰে। অৰ্থাৎ আপোনাৰ-মোৰ ধনেৰে প্ৰস্তুত কৰা সেই বিজ্ঞাপনেই আপুনি-মই ধন ভৰি আমাৰ মানসিক খোৰাকৰ বাবে খৰচ কৰা এটা মাধ্যমত আমাৰ মানসিক খোৰাকত ব্যাঘাত জন্মাই আমাকেই বিৰক্ত কৰি থকা নাইনে?
এতিয়া আহোঁ বিজ্ঞাপনৰ প্ৰয়োজনীয়তা নাই নেকি? ব্যৱসায়িক গোষ্ঠীৰ দৃষ্টিভঙ্গীৰ পৰা মই কথাখিনি বিশ্লেষণ কৰিব খোজা নাই। সেই দৃষ্টিভঙ্গীৰে কথা খিনি বেলেগ হ’ব। কিন্তু গ্ৰাহকৰ দৃষ্টিভংগীৰে চালেও এটা সামগ্ৰীৰ বিভিন্ন গুণাগুণ বৰ্ণনা সমৃদ্ধ বিজ্ঞাপন গ্ৰাহকৰ বাবে হিতকৰ। বিভিন্ন সমজাতীয় সামগ্ৰীৰ মাজত সঠিক সামগ্ৰী নিৰ্বাচনৰ বাবে শুদ্ধ বিজ্ঞাপনে গ্ৰাহকক সহায় কৰে। বিজ্ঞাপনে সামগ্ৰী এটাৰ বিক্ৰী বঢ়োৱাৰ লগতে গ্ৰাহকৰ হিতো সাধন কৰিব লাগিব। কাৰণ বিজ্ঞাপনৰ খৰচ দেখাত যদিও সামগ্ৰী প্ৰস্তুতকাৰী প্ৰতিষ্ঠানে কৰে প্ৰকাৰান্তৰে সেই খৰচ গ্ৰাহকে বহন কৰে।
http://www.youtube.com/watch?v=_suXQBGAH0I
এই বিজ্ঞাপনটিলৈ মন কৰক। এই বিজ্ঞাপনটোত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ এটি পংক্তি ব্যৱহাৰ কৰা হৈছে। আপুনি কি বুজিছে মই নাজানো… কিন্তু প্ৰশ্ন হয় কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ গীতৰ দ্বাৰা উদ্বুদ্ধ হৈহে কি মই নিজকে নিৰ্দিষ্ট এটা কোম্পানীৰ আন্দাৰ ৱেৰ পিন্ধিবলৈ প্ৰস্তুত কৰিব লাগিব নেকি, যাতে প্ৰতিকূল পৰিস্থিতিকো নেওচি মই মোৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰো? মোৰ স্থূল বুদ্ধিয়ে বাৰাম্বাৰ পৰ্যবেক্ষণ কৰাৰ পিছতো এই বিজ্ঞাপনটোৰ ইয়াতকৈ বেলেগ অৰ্থ বিচাৰি নাপালোঁ।
http://www.youtube.com/watch?v=u2u7wBQBZ8U
“ইট উইল বি হেপেনিং” বুলি ভাবি “Wild Stone… ইট হেপেনচ্”, বটলে বটলে ঢালিলেও “ইট নেভাৰ হেপেনচ।”
http://www.youtube.com/watch?v=pPpOqzIdPMI
“কোব্ৰা” দুটোপাল ছটিয়াই দিলেই আপোনাৰ পিছত ষোড়শী গাভৰুৰ লাইন লাগি নাযায়।
এই দুটা বিজ্ঞাপনৰ উদাহৰণ এই বাবে দিব বিচাৰিছোঁ। ইয়াতকৈ বহুত চৰা বিজ্ঞাপন আপুনি নিশ্চয় প্ৰত্যক্ষ কৰিছে। এয়া কোনো প্ৰাপ্তবয়স্ক চেনেলত প্ৰচাৰ কৰা বিজ্ঞাপন নহয়। এনেকুৱা বিজ্ঞাপন প্ৰচাৰ হয় আপুনি মই শিশুৰ পৰা বৃদ্ধলৈ উপভোগ কৰা চেনেলত। তাকো আমি উপভোগ কৰি থকা অনু্ষ্ঠানৰ ব্যাঘাত জন্মাই। প্ৰাপ্তবয়স্কৰ সমলেৰে প্ৰস্তুত কৰা বিজ্ঞাপনবোৰ, যিবোৰ অহৰ্নিশে চেনেলবোৰত চলি আছে সেইবোৰে কোমল মনৰ শিশুৰ মানসিক বিকাশত বিৰূপ প্ৰভাৱ নেপেলায়নে?
গতিকে আমি আমাৰ পকেটৰ পইচাৰে অকল বিৰক্তি আৰু বৰঞ্চ ভৱিষ্যৎ প্ৰজন্মৰ নৈতিক স্খলনৰ বীজো কিনি থকা নাই নে?
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!