ভাষিক ঔপনিৱেশিকতাবাদ আৰু প্ৰাৰম্ভিক শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষাৰ গুৰুত্ব -(ৰক্তিম গোস্বামী)

ভাষিক ঔপনিৱেশিকতাবাদ আৰু প্ৰাৰম্ভিক শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষাৰ গুৰুত্ব
ৰক্তিম গোস্বামী

মাতৃভাষাৰ গুৰুত্ব আৰু প্ৰাংগিকতাখিনিক বুজিবৰ বাবে মোৰ বোধেৰে ভাষাৰ লগত সন্নিহিত ‘মাতৃ’ শব্দটোৱেই যথেষ্ট। মাতৃভাষাৰ সহজ সংজ্ঞা হ’ল শৈশৱৰ পৰা যি ভাষা শিকি বা কৈ এটি শিশু ডাঙৰ হয়, সেই ভাষাটিয়ে শিশুটিৰ মাতৃভাষা। আৰু অধিক সহজকৈ ক’বলৈ হ’লে মাতৃভাষা হৈছে মাতৃৰ কোলাতে স্বতঃস্ফূৰ্টভাবে শিকি অহা ভাষা।
মাধ্যমকেন্দ্রিক বিবাদ আজিৰ তাৰিখত গোলকীকৰণৰ এটা আগশাৰীৰ গুৰু বৈশিষ্ট্য। আমাৰ অসম দেশতো এই বিবাদ ক্ৰমাৎ তীব্ৰৰ পৰা তীব্ৰতৰ হ’বলৈ ধৰিছে। জীৱন যুজঁত জিকাৰ বাবে ইংৰাজী ভাষাৰ গুৰুত্ব আগতীয়াকৈ উপলব্ধি কৰি পিতৃ-মাতৃয়ে ক্ৰমবৰ্দ্ধমান হাৰত নিজ সন্তানক নামভৰ্ত্তি কৰাইছে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত। শুনিছোঁ চৰকাৰেও হেনো অসমত কেইবাহাজাৰ চৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ প্ৰস্তুতি চলাইছে। শিশুটিৰ সৰ্বাংগীন মানসিক বিকাশৰ বাবে প্ৰকৃততে কোন মাধ্যমৰ শিক্ষা প্ৰয়োজনীয়? এই প্ৰশ্নটিৰ সঠিক উত্তৰ বিজ্ঞানসন্মতভাবে বিচাৰি উলিওৱাতো সকলোৰে বাবে অতি প্ৰয়োজনীয়। UNESCO-ৰ Education Today নামৰ News Letter-ত ২০০৩ চনতে (জুলাই সংখ্যা) “THE MOTHER-TONGUE DILEMMA” নামৰ পাতনিত উল্লেখিত কথাখিনি সকলোৱে এবাৰ জুকিয়াই চোৱাৰ প্ৰয়োজন-
*“ভাষা আৰু পৰিচয় – দুয়ো যে ওতপ্ৰোত ভাৱে সংযোজিত, মাতৃভাষা শব্দটোৱে আমাক তাকেই উনুকিয়ায়। এটি সুস্থ পৰিচয়ে আমাৰ পৰিচৰ্যাৰ বিভিন্ন দিশ সাঙুৰি সুষমতা আনে। এটি জাতিয়ে নিজৰ পৰিচয় ভাষাৰ নিৰ্দেশনাৰ মাধ্যমেৰে আগবঢ়াব বিচাৰে আৰু এক সুস্থ সমাজে সঠিক নিৰ্ণয়ৰ মাজেৰে সাম্প্ৰদায়িক মিলা-প্ৰীতি আৰু সবল ব্যক্তিসত্বাক উত্সাহিত কৰে। আমাৰ সৌভাগ্য যে এই দুটি লক্ষ্য সমবিন্দুগামী। বহুবছৰৰ অধ্যয়নে দেখুৱাইছে যে যি ল’ৰা-ছোৱালীয়ে মাতৃভাষাত শিক্ষাৰ প্ৰাৰম্ভ কৰে, তেওঁলোকৰ প্ৰাৰম্ভ অধিক ভৱিষ্যতপূৰ্ণ হয় আৰু তেওঁলোকে যিসকলে এক নতুন ভাষাত শিক্ষাৰ প্ৰাৰম্ভ কৰে, তেওঁলোকতকৈ আগলৈও ভালদৰে নিজকে আগুৱাই নিবলৈ সক্ষম হয়। এই কথাটি প্ৰাপ্তবয়স্ক ন-শিকাৰুৰ ক্ষেত্ৰটো সমানেই প্ৰযোজ্য। বৰ্তমানে এই মতটো বহুলভাৱে কাৰ্যপালিত যদিও আমি এনে বহুতো চৰকাৰী ফৰমানৰ কথা শুনিবলৈ পাওঁ, যিহক আমি চৰকাৰে শিশুসকলক বিদেশী ভাষাৰে শিক্ষিত কৰাৰ এক আধুনিকতাবাদী অপপ্ৰয়াস বা এক সামাজিকভাৱে প্ৰতিষ্ঠিত গোটৰ প্ৰাধান্য বিস্তাৰৰ চেষ্টা বুলি ক’ব পাৰোঁ।”
এইখিনিতে এইটো কথাও কোৱাৰ এটা চূড়ান্ত প্ৰয়োজনীয়তা আছে যে ‘ইংৰাজী মাধ্যমত পঢ়িলেহে ইংৰাজী ভাষাত দখল ভাল হ’ব বুলি সৰহসংখ্যক পিতৃ-মাতৃয়ে মনতে পুহি ৰখা ভাৱটিৰ পৰা মনটি মুক্ত কৰা প্ৰয়োজনীয়তা আজি অত্যধিক। মাধ্যম আৰু ভাষিক জ্ঞান আহৰণৰ বাবে কৰা চৰ্চা দুটা পৃথক ব্যবস্থা বা প্ৰক্ৰিয়া। আমাৰ মাজতে ইংৰাজী মাধ্যমত পঢ়ি অসমীয়াত আৰু অসমীয়া মাধ্যমত পঢ়ি ইংৰাজীত প্ৰশংসনীয় দখল থকা মানুহৰ উদাহৰণ বিচাৰিলে নিশ্চিতকৈ বহুকেইজন পোৱা যাব। আন এটি গুৰুত্বপূৰ্ণ কথা হ’ল যে বৰ্তমান অসমীয়াৰ দৰে অন্যান্য বহুভাষাৰ লগতে যি দৰে ইউৰোপৰ আগশাৰীৰ চুইডিচৰ নিচিনা ভাষাও কৃষ্ণ গহ্বৰলেখীয়া ইংৰাজী ভাষাৰ দূৰন্ত আগ্ৰাসনত পৰি ভাষিক সংকটৰ সন্মুখীন হৈছে, ঠিক সেই একেদৰেই আফ্ৰিকাৰ নমিবীয়ান সকলো সেই একেই শংকাতে পোত গৈছে।
“…..ক্ৰমাৎ বাঢ়ি অহা প্ৰভাৱৰ বাবে ইংৰাজী ভাষা আমাৰ চুইডিচ ভাষা-সংস্কৃতিৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে। কেইবজনো চুইডিচ ভাষাবিদে ইতিমধ্যে পূৰ্বানুমান কৰিছে যে অনাগত কেইটিমান প্ৰজন্মৰ ভিতৰতে ইংৰাজী ভাষা চুইডেনৰ আটাইতকৈ প্ৰতিপত্তিশীল ভাষাৰূপে পৰিগণিত হ’ব”।
চুইডেনৰ এটি ৱেবচাইটত চুইডিচ ভাষাক লৈ কৰা শংকাৰ অভিব্যক্তি উপৰোক্ত কথাখিনি। চুইডেনৰ কথাখিনি এইটো বুজাবলৈ উল্লেখ কৰিলোঁ যে ইংৰাজী ভাষাৰ আগ্ৰাসনে কেৱল অসম, ভাৰত বা এছিয়াৰ দেশসমূহলৈয়ে বিপদ মাতি অনা নাই। ই ভাষিক বিপদ সংকেট দিছে ইউৰোপৰ ফ্ৰান্স, জামাৰ্নী, চুইডেনৰ দৰে অনা-ইংৰাজী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় ভাষাসমূহলৈও। এই ক্ষেত্ৰত মোৰ কিছু বছৰৰ আগেয়ে ব্যক্তিগতভাবে হোৱা বৃত্তিকেন্দ্ৰিক অভিজ্ঞতাই ইউৰোপীয় দেশসমূহৰ এই সংকটৰ তীব্ৰতাক উপলব্ধি কৰাত যথেষ্ট সহায় কৰিছিল।
ভাষিক সংকটৰ এই ক্ষণত প্ৰাৰম্ভিক শিক্ষাৰ মাধ্যম মাতৃভাষাৰ গুৰুত্ব কিমান? এই প্ৰশ্নৰ উত্তৰ নিজ ভাষাটিক শ্রদ্ধা কৰা সকলোৰে বাবে এটাই হোৱা উচিত। ‘অপৰিসীম’- ভাষাতত্ববিদসকলৰ মতে এই শতিকাৰ অন্তলৈ পৃথিৱীত বৰ্তমানে প্ৰচলিত প্ৰায় ৬০০০ ভাষাৰ পৰা সৰহ সংখ্যক খিলঞ্জীয়া (indigenous) ভাষা-উপভাষাকে ধৰি প্ৰায় ৫০% ভাষাৰ বিলুপ্তি ঘটিব আৰু ইয়াৰ মূল কাৰণ হ’ল ‘Linguicism’ বা বিশ্বৰ বিভিন্ন ভাষিক গোটসমূহৰ মাজত অসমানুপাতিক ক্ষমতাৰ বিভাজন আৰু ‘Linguicide’ বা ভাষাৰ হত্যা। এই দুয়োটা কাৰণৰ আঁৰত আছে বিশ্বৰ শক্তিশালী অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, আৰু সামৰিক শক্তিসমূহ। ‘Linguicide’ বা ভাষা হত্যাৰ আন এক প্ৰত্যক্ষ কাৰণ হ’ল উপৰোক্ত শক্তিসমূহৰ প্ৰভাৱত নিজৰ এটা সু-সংগঠিত আৰু গৌৰৱোজ্জ্বল ভাষা থকাৰ পিছতো এটি বিদেশী ভাষাৰ আশ্ৰয়েৰে নিজ ভূমিতে নিজ সন্তানক নিজ ক’লা-সংস্কৃতিৰ লগত পৰিচয় ঘটাবলৈ কৰা অভিভাৱকৰ অসুস্থ প্ৰচেষ্টা।
শিশুৰ প্ৰাৰম্ভিক শিক্ষাৰ কালছোৱাতে শিশুক মাতৃভাষাৰ পৰা বঞ্চিত কৰি ইংৰাজী মাধ্যমত শিক্ষা দান কৰিলে নিজ মাতৃভাষাৰ লগতে শিশুটিৰ কি কি অপকাৰ বা শিশুটিৰ কি কি ক্ষতিসাধন হয় তাক এবাৰ বিশ্লেষণাত্মকভাবে বুজিবলৈ চেষ্টা কৰাটো প্ৰত্যোকজন সচেতন অভিভাৱকৰ কৰ্তব্য ও দায়িত্ব। শিশুৰ প্ৰাৰম্ভিক শিক্ষাৰ মাধ্যম কিয় মাতৃভাষাত হ’ব লাগে, এই বিষয়ত বিশ্বৰ বিভিন্ন প্ৰান্তত চলি আছে অলেখ পৰীক্ষা-নীৰিক্ষা। এনে পৰীক্ষা নীৰিক্ষাৰ অন্তত পোৱা কেইবাটাও কাৰণৰ (মনো) বৈজ্ঞানিকভাৱে প্ৰতিষ্ঠিত দুটামান কাৰণ তলত উল্লেখ কৰিলোঁ-
১) মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্ৰাৰম্ভিক শিক্ষায়ে শিশুটিৰ সবল আত্মবিশ্বাস আৰু আত্মপৰিচয় গঢ় দিয়াত সহায় কৰে।
২) মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্ৰাৰম্ভিক শিক্ষায়ে শিশুৰ মনত জাতীয় পৰিচয় আৰু গৌৰৱবোধৰ বীজ ৰোপণ কৰে যি আত্মপৰিচয়ৰ লগত নিবিড়ভাৱে জড়িত।
৩) শিশুৰ প্ৰাৰম্ভিক শিক্ষা আহৰণৰ কালছোৱাত শিশু এটিৰ বাবে প্ৰয়োজনীয় সৃষ্টিশীলতা, কৌশল, জ্ঞান আদিৰ লগত সঠিক বুজাপৰা কেৱল মাতৃভাষাতহে আশানুৰূপভাৱে সম্ভৱ।
৪) শিশুৰ প্ৰাৰম্ভিক শিক্ষা আহৰণৰ কালছোৱাতে এটা নতুন ভাষাৰ মাধ্যমেৰে শিক্ষা দিলে শিশুৰ শিকাৰ আগ্ৰহ হ্ৰাস পোৱাৰ লগতে বিদ্যালয়লৈ যোৱাৰ আগ্ৰহো কমি আহে। কেৱল নিজ মাতৃভাষাতহে শিশুৱে নিজক প্ৰকাশ কৰিবলৈ সৰ্বোত্তম সুবিধা পায়।
৫) কানাডা, চীন, আফ্ৰিকা, ভাৰতবৰ্ষকে ধৰি বহু ৰাষ্ট্ৰত শিশুৰ প্ৰাৰম্ভিক শিক্ষাৰ মাধ্যম সম্পৰ্কে কৰা পৰীক্ষা নীৰিক্ষাত এইটো স্বচ্ছভাৱে প্ৰকাশ পাইছে যে মাতৃভাষাত প্ৰাৰম্ভিক শিক্ষা লাভ কৰা শিশুসকলৰ মানসিক বিকাশৰ মাত্ৰা তুলনামূলকভাৱে অধিক হয় আৰু তেওঁলোকে অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। এই প্ৰসংগতে এইটো উল্লেখ কৰাৰ প্ৰয়োজনীয়তাবোধ কৰিছোঁ যে যদিও ফিলিপাইনচত চৰকাৰে পূৰ্বতে ইংৰাজী আৰু ফিলিপিন’ দুয়োটা ভাষাকে শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিছিল, কিন্তু ২০০৯ চনত চৰকাৰে এক নতুন নিয়মৰ প্ৰণয়ন কৰি প্ৰাথমিক শিক্ষাৰ মাধ্যম মাতৃভাষা হোৱাৰ বাট মুকলি কৰে।
এটা ভাষায়ে এটা জাতিৰ মৰ্যাদাক ধৰি ৰখাৰ লগতে ধৰি ৰাখে জাতিটোৰ একতা আৰু সংহতিৰ বাঘজৰী ডাল। এই কথাষাৰৰ ছাঁতে আমাৰ দাঁতিকাষৰীয়া ৰাজ্য উড়িষ্যাত ‘উড়িষ্যা আদিবাসী মঞ্চ’ৰ উদ্যোগত চলি আছে মাতৃভাষাকেন্দ্রিক শিশু শিক্ষাৰ এক সৰু প্ৰশংসনীয় আন্দোলন। এই আন্দোলনে উড়িষ্যাত শিক্ষাৰ মাধ্যম মাতৃভাষাত হোৱাৰ পোষকতা কৰাৰ লগতে শিশুৰ শিক্ষাৰ দিশত আঞ্চলিক ভাষাৰ মাধ্যমৰ অৰ্ন্তভুক্তিৰে চলোৱা প্ৰচেষ্টাসমূহত উল্লেখযোগ্য সফলতা লাভ কৰিছে। আমদানীকৃত এটি ভাষাৰে শিশুৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰাৰ বিৰোধিতা কৰি ‘উড়িষ্যা আদিবাসী মঞ্চৰ’ সুধীৰ ডিগালে কয় যে শিশুৰ প্ৰাৰম্ভিক শিক্ষাৰ মাধ্যমৰ ভাষা সেইটোহে হোৱা উচিত যিটো ভাষা শিশুটিৰ চিনাকি
United Nations Convention on the Rights of the Child-ৰ অনুচ্ছেদ ২৯ত শিশু শিক্ষাৰ লক্ষ্য সৰ্ন্দভত উল্লেখ কৰা গুৰুত্বপূৰ্ণ কথা অলপ এনেধৰণৰ _
“Education of the child shall be directed to development of respect for the child’s parents, and the child’s own cultural identity, language and values, as well as for the national values of the country in which the child is living…”
সহজ ভাষাত কবলৈ গ’লে শিশুক দিয়া যি শিক্ষায়ে শিশুটিৰ মনত নিজ পিতৃ-মাতৃ, নিজা সাংস্কৃতিক পৰিচয়, ভাষা, মূল্যবোধ আৰু নিজ দেশখনৰ প্ৰতি শ্ৰদ্ধা ওপজাব নোৱাৰে তেনে শিক্ষা দিশবিহীন। ভাষিক ঔপনিৱেশবাদত অজানিতে (বা ইচ্ছাকৃতভাৱে) পোত যোৱা আমাৰ বৰ্তমান আৰু ভবিষ্যৎ প্ৰজন্মৰ বুকুত মাতৃভাষিক শিশু শিক্ষা অবিহনে এই শ্ৰদ্ধা কি দৰে আৰু কিমান গাঢ়কৈ গঢ় লৈ উঠিব ই প্ৰত্যেকজন অসমীয়াৰ বাবে এক গুৰু বিচাৰ্য বিষয় হোৱা উচিত।
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!