দেশ সেৱক (মূল উৎস-মুঞ্চী প্ৰেমচান্দৰ A Servant of the Nation; অনুবাদ-পাৰ্থ প. শৰ্মা)

দেশ সেৱকঃ
দেশ সেৱক জনে ক’লেঃ ‘দেশৰ নাগৰিকৰ মাজত জাত পাতৰ বাবে হোৱা বিভাজনৰ ক্ষতিপূৰণৰ উপায় এটাই- তল শ্ৰেণীৰ মানুহ খিনিক নিজৰ ভাই-ভনী ৰূপে গ্ৰহণ কৰা আৰু সমাজচ্যুত লোক সকলক নিজৰ সমান বুলি মানি লোৱা৷’
‘কেনে চমৎকাৰ স্বপ্ন! কেনে মহান সহানুভূতি!’- অভিভূত জনতাৰ সমৰ্থনৰ স্বতঃস্ফুৰ্ত, উৎসাহিত চিঞঁৰ৷
তেওঁৰ সুন্দৰী, যুৱতী কন্যা ইন্দিৰায়ো কথাতো শুনি নিজকে জনহিতমূলক কামত জড়িত কৰিলে৷
দেশ সেৱক জনে এজন নিম্ন জাতৰ যুৱকক সাবটি ধৰিলে৷
দহে শলাগিলেঃ ‘তেওঁ এজন দেৱদূত, দেশৰ প্ৰকৃত নেতা আৰু শাসক৷’
ইন্দিৰাৰ চকু হাল জিলিকি উঠিল৷
দেশ সেৱক জনে নিম্ন জাতৰ যুৱকজনক ওচৰৰে মন্দিৰ এটাৰ ভিতৰত থকা ভগৱানৰ মূৰ্তিৰ ওচৰলৈ আনি ঘোষনা কৰিলেঃ ‘আমাৰ ভগৱান দুখীয়া, দুৰ্ভগীয়া আৰু পতিত৷’
জনগনে আকৌ শলাগিলেঃ ‘তেওঁৰ আত্মা যে কিমান পবিত্ৰ! তেওঁ যে ইমান জ্ঞানী আৰু মহান!’
কাষতে থকা ইন্দিৰাই মিচিকিয়ালে৷
ইন্দিৰাই দেশ সেৱক জনৰ কাষলৈ গৈ ক’লেঃ ‘পূজনীয় দেউতা, মই মোহনক বিয়া কৰাব খোজোঁ৷’
দেশ সেৱক জনে জীয়েকলৈ মৰমেৰে চাই সুধিলেঃ ‘মোহননো কোন?’
‘তুমি অলপ আগতে সাৱটি ধৰা আৰু মন্দিৰৰ ভিতৰলৈ লৈ অনা সৎ, সাহসী আৰু সুন্দৰ ডেকা ল’ৰা জনেই মোহন৷’
দেশ সেৱক জনে মৃত্যুমুখী মানুহৰ শেষ চাওনিৰে জীয়েকলৈ এবাৰ চাই ততাতৈয়াকে সেই স্থান ত্যাগ কৰিলে৷

(মুঞ্চী প্ৰেমচান্দৰ মূল হিন্দীৰ ইংৰাজী অনুবাদ A Servant of the Nation ৰ অনুবাদ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!