দৈৱিক সম্পদ – আগৰ বা সাঁচি গছ প্ৰিন্স গোস্বামী

সুগন্ধি সকলোৱে পচন্দ কৰে৷ সুগন্ধিয়ে চাৰিওকাষৰ পৰিবেশ স্নিগ্ধতা কৰি ব্যক্তিত্বক প্ৰকাশিত কৰে৷ প্ৰাচীন কালৰে পৰা মানুহে সুগন্ধি ব্যৱহাৰ কৰি আহিছে৷ইয়াৰ লগে লগে ফুলৰ সৌন্দৰ্য্য আৰু সুগন্ধ মানুহৰ অতি আদৰৰ৷ দেশে-বিদেশে এতিয়া সুগন্ধি দ্ৰব্যৰ চাহিদা খুউব বেছি৷ গোটেই পৃথিৱীত এছিয়াৰ সুগন্ধিৰ বহুত কদৰ আছে৷ দক্ষিণ এছিয়াৰ ভাৰত আৰু পাকিস্তানত প্ৰচুৰ পৰিমাণৰ বিশ্বমানৰ ফুলৰ সুগন্ধি তৈয়াৰ হয়৷ দক্ষিণ এছিয়াৰ সুগন্ধি বিশেষকৈ আতৰৰ কদৰ মধ্যপ্ৰাচ্যসহ ইউৰোপ আৰু আমেৰিকাৰ সকলো স্তৰৰ লোকে নিত্য আৱশ্যকীয় বস্তুৰ দৰেই আদৰণীয়৷ আতৰ কেৱল সাধাৰণ সুগন্ধি হিচাপেই নহয়, প্ৰাচীন সভ্যতাৰ পৰাই ই সাংস্কৃতিক আৰু ধৰ্মীয় অনুভূতিৰ লগত গুৰুত্বপুৰ্ণভাৱে জড়িত৷ সকলো ধৰ্মীয় লোকে আগৰ কাঠ উপাসনালয়ত কম-বেছি পৰিমাণে ব্যৱহাৰ কৰে৷ আগৰকাঠৰ মিশ্ৰিত আৰু আনন্দদায়ক অনুভূতিৰ লগত খুউব কম প্ৰাকৃতিক সম্পদকহে তূলনা কৰিব পাৰি৷ হয়তো বহুতেই গম নাপায় আতৰ কিমান মূল্যৱান আৰু কিদৰে ইয়াক তৈয়াৰ কৰিব পাৰি, বা ইয়াৰ বাবে কেঁচা সামগ্ৰী কি কি? কেনেদৰে ক’ত আতৰ তৈয়াৰী কৰা হয়?

আগৰ বা সাঁচি(Aquilaria malaccensis) এক প্ৰকাৰৰ সুগন্ধিজাতীয় উদ্ভিদ৷ ই এক মাঝাৰি ধৰণৰ চিৰসেউজ বৃক্ষ৷ উচ্চতা সাধাৰণতে ৬০ ৰ পৰা ৮০ ফুট মান হয়৷ বৰ্গ: Malvales, পৰিয়াল: Thymelaeaceae, গণ: Aquilaria৷ অন্যান্য স্থানীয় নামৰ ভিতৰত Agor, Oudh, Eagle Wood, Aloe Wood, Aguruh, Krissana, Gaharu, Chen-xiang, Jin-koh আদি উল্লেখযোগ্য৷ সাধাৰণতে ভাৰত, বাংলাদেশ, ভুটান, ইন্দোনেছিয়া, ইৰাণ, লাউচ, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড আদি ঠাইত পোৱা যায়৷ থাইলেণ্ডত কৃচানা, মালয়েছিয়া আৰু ইন্দুনেছিয়াত গাহাৰু, মধ্যপ্ৰাচ্যত ওদ্ , চীনত ছেনঝিয়াং, জাপানত জীন-ক’হ্৷ ইয়াক চুলটানৰ পাৰ্ফিউম্ বুলিও জনা যায়৷ মুলতঃ বন্য আৰু প্ৰাকৃতিকভাৱে ধনী অসমত আগৰওদ্ পৰিলক্ষিত হয় ৷ দুৰ্লভ বাবে ই বহুত দামী৷ আগৰ কাঠৰ পৰা পোৱা তেল সুগন্ধি ধূপ, আতৰ, পাৰফিউম, লোচন, তেল আদিত ব্যৱহাৰ কৰা হয়৷ সৰ্বোত্তম আগৰ তেলৰ মূল্য সম তোলা সোণতকৈ তিনিগুণ পৰ্য্যন্ত হয়৷ আগৰ তেল আৰু গা-গছৰ টুকুৰা মধ্যপ্ৰাচ্যৰ দেশ ডুবাই, ছৌদি আৰৱ, কাটাৰ, কোৱেইট, বাহৰেইন, ওমান, য়েমেন আৰু চিৰিয়া দেশৰ উপৰিও মৰক্কো, কম্বোডিয়া, ম্যানমাৰ, চিংগাপুৰ আৰু ইউৰুপীয় দেশসমূহত অতি উচ্চমূল্যত বিক্ৰী কৰা হয়৷ প্ৰতিদিনেই বাঢ়িছে আতৰৰ মূল্য৷ আগৰ গছৰ ওপৰত প্ৰথম আন্ত:ৰাষ্ট্ৰীয় বিজ্ঞানসন্মত সন্মিলন হৈছিল ২০১৩ চনত মালয়েছিয়াৰ Faculty of Forestry, UPMত ডঃ ৰজি মহমদৰ পৃষ্ঠপোষকতাত৷ অসম চৰকাৰৰ পৰিবেশ আৰু বনাঞ্চল বিভাগে “অসমত মানুহৰ উদ্ভিদ, আগৰৰ ওপৰত প্ৰথম প্ৰদক্ষেপ” এখন সন্মিলন আয়োজন কৰিছিল জানুৱাৰী ২০০৪চনত৷
অসমৰ শিৱসাগৰ, যোৰহাট, নাহৰণি, নামটি চাৰিআলি, গোলাঘাট, তিনিচুকীয়া আদি ঠাইত পোৱা যায়৷ অসমৰ উপৰিও মণিপুৰ, নগালেণ্ডো আগৰ বা সাঁচি গছৰ বাগিছাৰ বাবে উপযোগী৷ সাধাৰণতে পাহাৰীয়া পানী নৰখা মাটি এনে গছৰ উপযোগী৷ উজনী অসমৰ কিছু ঠাইত মানুহে চাহ গছৰ দৰে বৃক্ষৰুপন কৰি আছে৷ অসমৰ আগৰ গছ পৃথিৱীৰ সকলো ঠাইতকৈ উন্নতমানৰ বুলি নাম আছে৷ হোজাইত এতিয়া পৃথিৱীৰ ভিতৰত বৃহত্তম পাইকাৰী বিক্ৰীকেন্দ্ৰ গঢ়ি উঠিছে৷ ফলত হোজাইৰ লোকসকলে অৰ্থনৈতিকভাৱে শক্তিশালী হৈ পৰিছে৷ তেওঁলোকৰ জীৱনশৈলীৰ মানদণ্ড উন্নত হৈছে৷ অসমীয়াৰ বাবে ই এক গৌৰৱময় বিষয়৷ হোজাইত গঢ় লৈ উঠা উদ্যোগত উৎপন্ন কৰিছে পৃথিৱীৰ ভিতৰতে দামী আগৰ তেল৷ ২০০৩-২০০৪ চনৰ তথ্য অনুসৰি, অসম বন বিভাগে বনাঞ্চলৰ বাহিৰত(ব্যক্তিগত) বয়সভেদে ৯০,০০,০০০ আগৰ গছ গণনা কৰিছিল৷ ৯,১০০ তকৈ বেছি আগৰ তেল নিষ্কাশন এককে অসমত বিচাৰে ৭,২৮,০০০ জোপা আগৰ গছ, যি আগৰ খেতিয়কে সৰবৰাহ কৰে৷ ৫০,০০০তকৈ অধিক বনুৱা আৰু খেতিয়ক জড়িত হৈ আছে আগৰ ব্যৱসায়ত আৰু আন ১৫ লাখ লোক লাভৱান হয় প্ৰৰোক্ষভাৱে৷

আৰৱীসকলে এই সম্পদটি অধিক গুৰুত্বপূৰ্ণ তথা শ্ৰদ্ধাৰে নিয়মিত ব্যৱহাৰ কৰি আহিছে৷ আৰবীসকলে দিনটোত অন্ত:ত এবাৰ হ’লেও আগৰ ওদ্ ব্যৱহাৰ কৰে; নহবা পাক বুলি নাভাৱে৷ তেওঁলোকে বন্ধু-বৰ্গক মজলিচৰ চাৰিওফালে বহি ওদ্ জ্বলোৱাতো এটা সামাজিক প্ৰথা৷ পৰিস্থিতি সাপেক্ষে বিভিন্ন প্ৰকাৰৰ আতৰ ব্যৱহৃত হয়৷ নামাজ পঢ়িব যাওতে আতৰ লগায় মনৰ পবিত্ৰতাৰ বাবে৷ মৃতকৰ পৰিয়ালৰ ঘৰত খবৰ লবলৈ যাওতে আতৰ ব্যৱহৃত হয়৷ বিয়াত আগৰ তেল আৰু কাঠ আপৰুগিয়াল সম্পদ৷ গতিকে মধ্যপ্ৰাচ্যত আতৰৰ চাহিদা অসীম৷ তেওঁলোকে “হিন্দী ওদ্” বুলি চিনাক্ত কৰে৷ ধুনাৰ দৰে আৰৱীসকলে ব্যৱহাৰ কৰে৷ আৰৱত এটা লোকবিশ্বাস আছে যে এক বিন্দুসম ভেজালহীন আগৰ তেল সেৱনে কেঞ্চাৰৰ পৰা বচায়৷ প্ৰত্যয়াতীত অসম ওদ্ আভ্যন্তৰীণ বায়ু উন্নতি(indoor air improvement), ধৰ্মীয় ৰীতি-নীতি, আধ্যাত্মিক জীৱনত বিশালভাৱে ব্যৱহাৰ হয়৷ মধ্যপ্ৰাচ্যত ধূপ-ধুনা হিচাপে, জাপানত ক’হ-ডোত চন্দন কাঠৰ সৈতে ব্যৱহাৰ কৰে৷ পুৰণিদিনত ইজিপ্তত শৱ সংৰক্ষণ পদ্ধতিত(mummy) ব্যৱহৃত হৈছিল৷
আগৰ বা সাঁচি গছৰ পৰা আগৰ তেল উৎপন্ন কৰা হয় যাক সুগন্ধি বা আতৰ হিচাপে ব্যৱহাৰ কৰা হয়৷ আতৰৰ পৰা কেৱল সুগন্ধি কিম্বা দামী উপহাৰেই প্ৰস্তুত নহয়, ইয়াৰ পৰা অনেক ৰোগৰ মূল্যবান ঔষধ তৈয়াৰী হয়৷ জাৰ্মানী, বেলজিয়াম, কানাডা, ইউৰোপ আৰু জাপানৰ চিকিৎসা বিজ্ঞানত ভেষজ জাতীয় ঔষধ নিৰ্মাণতো প্ৰচুৰ প্ৰয়োগ হয়৷ ইয়াৰ দ্বাৰা প্ৰস্তুত ঔষধ বাত, ডায়েৰিয়া, পাচক, হৃৎপিণ্ড, মনৰ প্ৰফুল্লতা, স্নায়বিক ৰোগ তথা মস্তিষ্কৰ শক্তিবৃদ্ধি আদি বিভিন্ন ৰোগত ব্যৱহাৰ হয়৷ এৰ’মাথেৰাপীৰ বাবে আগৰওদ্ ব্যাপকভাৱে ব্যৱহাৰ হয়৷ বিভিন্ন ত্বকৰ ৰোগ, ব্ৰংকাইটিচ, হাঁফানী, মুত্ৰবৰ্ধক, কামোদ্দীপক, কোষ্ঠ্য পৰিষ্কাৰক হিচাপেও ব্যৱহাৰ পৰিলক্ষিত হয়৷ ই ঋণাত্মক শক্তিক প্ৰতিৰোধ কৰে আৰু মন আৰু আবেগক সুস্থিত কৰি ৰাখে৷
সকলো ঠাই আগৰ গছৰ বাবে উপযোগী নহয়৷পানী জমা নোহোৱা আপেক্ষাকৃতভাৱে ওখ ঠাইত আগৰ গছ ৰুপন কৰিব পাৰি৷যি অঞ্চলত বৃষ্টিপাত বেছি, সুনিষ্কাশিত ভুমি, আৰ্দ্ৰতা আৰু তাপমাত্ৰা, ৰেচিন (Resin, আঠা জাতীয় পদাৰ্থ) উৎপাদনৰ সহায়ক পৰিবেশ থকা সেই অঞ্চলত বাণিজ্যিকভাৱে আগৰ বাগান কৰা উচিত৷ আগৰ গছে বীজৰ দ্বাৰা বংশবিস্তাৰ কৰে৷ ১০ ৰ পৰা ১২ ফুট দুৰত্বত ৰুপন কৰিব লাগে৷ উদ্যোগসমূহৰ নিৰ্দেশাৱলীৰ লগত সামঞ্জস্য ৰাখি উচিত মানদণ্ডবিশিষ্ট গছসমূহৰ বাগান কৰা হয়৷ আগৰৰ এটা সুস্থ সবল প্ৰকল্প নিৰ্মাণ চৰকাৰৰ সময়োপযোগী সুস্থ পদক্ষেপ হ’ব৷
একুইলাৰিয়া গোত্ৰৰ ১৭ টা প্ৰজাতি আছে আৰু তাৰ ভিতৰত ৮ বিধে আগৰওদ্ উৎপন্ন কৰে বুলি জনা যায়৷ আগৰ গছৰ গা-গছ আৰু মূল এবিধ গাঢ়বেৰৰ দৰে পৰাশ্ৰয়ী ফাংগাচ(Phaeoacremonium parasitica)ৰ সংক্ৰমণৰ ফলত আগৰ কাঠ গঠন হয়৷ এই গছে উৎপন্ন কৰে উচ্চপৰিবৰ্তনশীল জৈৱিক যৌগিক পদাৰ্থ (resin)উৎপন্ন কৰে, যি বিকশিত ফাংগাচক ৰুদ্ধ কৰে৷ পদ্ধতিটোক টিল’চিচ(tylosis)বুলি কয়৷ গছৰ যি অংশ সংক্ৰমণ নাই হোৱা, সেই অংশ তুলনামূলকভাৱে পাতল ৰঙৰ৷ প্ৰাকৃতিক বনাঞ্চলত ৭ শতাংশমান আগৰ গছহে ফাংগাচৰদ্বাৰা সংক্ৰমিত হয়৷ এক সাধাৰণ কলম লগোৱা পদ্ধতিৰে ফাংগাচৰ সংক্ৰমণ ঘটায়৷
আগৰ গছ ৰুপনৰ ৪ বছৰ মানৰ পৰা ব্যৱহাৰৰ উপযোগী হৈ পৰে৷ দুই ধৰণৰ পদ্ধতিৰে সাঁচি গছৰ পৰা সুগন্ধিজাতীয় আতৰ বা পাৰ্ফিউম উৎপাদন সম্ভৱ৷ প্ৰাকৃতিক আৰু কৃটিম উপায়েৰে৷ আগৰ গছৰ ডাল হৰ্থাৎ শকত হৈ গলে সেই গছৰ পৰা আতৰ তেল উৎপাদন সম্ভৱ বুলি জনা যায়৷ প্ৰাকৃতিক ভাৱে উৎপন্ন হোৱা আতৰ তেলৰ প্ৰতি তোলাৰ দাম সৰ্বোচ্চ কেইবা লাখ টকা হয়৷ আজিকালি কৃটিমভাৱে বেছিভাগ আগৰকাঠ সংগ্ৰহ কৰা হয়৷ ইয়াৰ বাবে খেতিয়কসকলে আগৰ গছৰ পুলি ৰোৱাৰ অতি কমেও ৪ বছৰ পাছত গছৰ গুৰিৰ পৰা মূৰলৈ সমগ্ৰ গা-গছত লোহা বা গজাল মাৰি আৰু ৩ বছৰ গছৰ যত্ন লয়৷ লোহা বা গজাল পোতাৰ ফলত চাৰিওকাষে এক ফাংগাচ্ তৈয়াৰ হয় আৰু কৃটিম আগৰ কাঠ তৈয়াৰী হৈ পৰে৷ আগৰ গছ কাটোতে প্ৰথমে ক’লা কাঠখিনি অতি যত্নসহকাৰে সংগ্ৰহ কৰা হয়৷ বাকী থকা কাঠখিনি সৰু সৰু চিপ্চ্ বনোৱা হয়৷ এই চিপ্চ্ খিনি ডাঙৰ পাত্ৰত ভিজাই ৰখা হয়৷ ৮-১৫ দিন ভিজোৱাৰ পিছত ডাঙৰ ডেক্সি বা ডিস্টিলিং প্লান্টত বা বিশেষভাৱে নিৰ্মিত গেছৰ চুল্লীত নিৰ্ধাৰিত তাপত উত্তাপিত কৰি ৰখা হয়৷ এইদৰে ৫-১৫ দিন উত্তাপিত কৰি ৰখাৰ ফলত আতৰ তেল নিষ্কাশিত হয় বিশেষ পাত্ৰত৷ এনেধৰণৰ পদ্ধতিৰ সহায়ত উৎপন্ন হোৱা এই তৰল পদাৰ্থ বা আতৰৰ বিদেশত প্ৰতি তোলা হিচাপত বিক্ৰী হয়৷ এতিয়া তাপ দিয়া বন্ধ কৰি পাত্ৰত থকা চিপ্চ্ খিনি ৰ’দত দি শুকোৱা হয়৷ ইও মূল্যবান৷ সাধাৰণতে পোকে নোখোৱা ডালবোৰৰ সৰু সৰু কটা অংশক ‘মুখা’ বুলি কয়৷ কোনো কোনো অংশ যেতিয়া ক’লা হৈ পৰে, তাক ‘বটালী মাল’ বুলি কোৱা হয়৷ গছৰ ভিতৰত আঠাজাতীয় পদাৰ্থৰ দ্বাৰা সৃষ্টি হোৱা পদাৰ্থটিক ‘চিনমাল’ বুলি কয়৷ পাতিত পদ্ধতিৰে ৭০ কেজি আগৰ ওদৰ পৰা ২০মিলিৰ ওপৰত আগৰ তেল পাব নোৱাৰি (হেৰিচ ১৯৯৫)৷ প্ৰাকৃতিকভাৱে সংগ্ৰহ কৰা আগৰ গছ কাটিলে মাজত এক ধৰণৰ ক’লা কাঠ পোৱা যায়৷ কলম পদ্ধতিৰ উন্নতিৰদ্বাৰা সফলতাৰ মাপ বাঢ়ে৷ আগৰ গছৰ বয়স যিমান বেছি হয়, তিমানেই মূল্যৱান হয়৷ বিশুদ্ধ আগৰ তেল ২২ ডিগ্ৰী ছেলচিয়াচত হিমায়িত হয় আৰু ৪০ ডিগ্ৰী ছেলচিয়াচত তেল হিচাপে পোৱা যায়৷ সাধাৰণতে, ভাল প্ৰাকৃতিক গন্ধ পাবলৈ আগৰ কাঠ বামক’ল(Bum coal)ৰ ওপৰত ৰাখি জ্বলোৱা হয়৷
আগৰ তেলৰ ডিষ্টিলেচনৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি তিনিভাগত ভগাব পাৰি:
A++ গ্ৰেড: ২-৩ দিনত পোৱা আতৰক অসমত “কাঢ়া আতৰ” বুলি কয়৷ ই বহুত সুগন্ধী৷
A+ গ্ৰেড: ১২-১৫ দিনত পোৱা আতৰক অসমত “বহা আতৰ” বুলি কয়৷ প্ৰায় একে সুগন্ধ; কিন্তু সাধাৰণ উষ্ণতাত হিমায়িত হৈ পৰে৷
ব’য়া পেষ্ট্: অপৰিশোধিত আগৰ কাঠৰ পৰা পোৱা যায়৷ ইয়াৰ গন্ধ সামান্য বেলেগ৷ ই ম’মজাতীয় যাক মুখত ঘহা ক্ৰীম বা তেনেজাতীয় পদাৰ্থত ব্যৱহাৰ হয়৷
এজন শ্ৰমিকে প্ৰতিদিনে ৮-১০ ঘন্টা কাম কৰি ১০০-২০০ গ্ৰাম আগৰ কাঠ সংগ্ৰহ কৰিব পাৰে৷ ফেক্টৰী চলাওতেও বিজ্ঞানসন্মতভাৱে আগবঢ়া উচিত৷ কিছু গবেষণাই কয়, কেতিয়াবা ফেক্টৰীত ব্যৱহাৰ কৰা ষ্টেইনলেচ ষ্টিল পাত্ৰইও আতৰৰ আচল ঘ্ৰাণ বিনষ্ট কৰে৷ সম্ভাৱনা অনুসৰি অসমত আগৰৰ বিকাশ হোৱা নাই৷ কৃষকক উপযুক্ত প্ৰশিক্ষণ দিয়াৰ উপৰিও প্ৰচুৰ বিনিয়োগৰ প্ৰয়োজন৷ অসমত এতিয়াও সাঁচিগছৰ ওপৰত প্ৰতক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰ কৰি বহুত লোক জড়িত হৈ আছে৷ আগৰ খেতিয়কে গছ বিক্ৰীৰ দ্বাৰা অৰ্থনৈতিকভাৱে শক্তিশালী হৈ পৰে বাবে এজোপা গছ কাটিলে আন ৫ জোপা লগাবলৈও উৎসাহ পায়৷ এনে শিল্পত কৰ্মসংস্থাপনৰদ্বাৰা নিবনুৱা সমস্যা কিছু পৰিমাণ হ’লেও লাঘৱ কৰা সম্ভৱ৷ তাৰবাবে প্ৰয়োজন অত্যাধুনিক ব্যৱস্থাপনা আৰু যন্ত্ৰপাতিৰ৷ বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন দেশত আগৰ উৎপাদনৰ শিল্প গঢ়ি উঠিছে৷ ইয়াৰ ভিতৰত ভিয়েটনাম, পাপুয়া নিউগিনি, ভুটান, বাংলাদেশ উল্লেখযোগ্য৷
তথ্যৰ পৰা জানিব পৰা গৈছে যে বাংলাদেশ চৰকাৰে ৭০ হেক্টৰ মাটিত ১লাখ ১২ হাজাৰ আতৰ গছৰ পুলি ৰুপন কৰি বাণিজ্যিকভাৱে আতৰ গছৰ বাগান বনাইছে৷ লগতে স্থানীয় বাণিজ্যিক বেংকসমূহেও সহযোগীতা আগবঢ়াইছে৷ বৃহত্তৰ ছিলেটতে ২০০ৰ ওপৰত নাৰ্চাৰী হৈছে৷ বাংলাদেশতো বনবিভাগৰ আগৰ প্ৰকল্পৰ অধীনত কৃষকে সুলভ মূল্যত আগৰ গছৰ পুলি লাভ কৰে৷বাংলাদেশৰ মৌলভীবাজাৰ আৰু সুজানগৰৰ সৰু-ডাঙৰ পাহাৰ, জংঘল, টিলা সকলোতে আগৰগছ পোৱা যায়৷ খেতিয়কসকলে কেৱল বাগান চোৱাচিতা কৰে আৰু বিক্ৰী কৰে; আতৰ কাঠ বা আতৰ তেল সংগ্ৰহ নকৰে৷ যিসকলে আগৰ গছ চিনাক্ত কৰে, তেওঁলোকক স্থানীয় ভাষাত “দৌড়াল” বুলি কয়৷
আগৰ তেলৰ বজাৰ মূল্য কল্পনাতীত৷ এই শিল্প গঢ়ি উঠিলে এই অঞ্চলৰ মানুহৰ আৰ্থ-সামাজিক উন্নতিৰ লগত দেশৰ অৰ্থনৈতিক স্থিতিয়ে নতুন মাত্ৰা পাব৷ কিন্তু খেতিয়কসকলক আতৰৰ বিষয়ে প্ৰয়োজনীয় তথ্য, প্ৰশিক্ষণ আৰু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ অভাৱ পৰিলক্ষিত হয়৷ চৰকাৰ, কৃষি গৱেষণা কেন্দ্ৰ আৰু স্থানীয় বেংকৰ সহযোগ পালে নিশ্চয়কৈ এই উদ্যোগসমূহ বৃহত্তৰ পৰা বৃহত্তমলৈ গতি কৰিব৷ কিছুক্ষেত্ৰত নিষেধাজ্ঞাৰ বাবে বহু ব্যৱসায়ীয়ে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ৰপ্তানী তথা প্ৰতিষ্ঠা কৰিবলৈ অসমৰ্থ হয়৷ আতৰ তেল আৰু কেঁচামাল আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ৰপ্তানীৰ বাবে সুবিধা হ’লে বছৰি হাজাৰ কোটি টকা বৈদেশিক মুদ্ৰা অৰ্জন সম্ভৱ৷উদাহৰণস্বৰুপে, লাউচ, মালয়েছিয়া, চিংগাপুৰ, ইন্দোনেছিয়া আদি দেশত এই উদ্যোগটোক স্বীকৃতি দিয়াৰ বাবে সেই দেশসমূহে বৃহৎ পৰিমাণৰ কৰ আদায় কৰি আছে৷ চৰকাৰী পৃষ্ঠপোষকতাৰ অভাৱ, পৰিবহনত বাধা, বেংক ঋণৰ অভাৱ, অনিৰ্দিষ্ট বজাৰমূল্য তথা নকল দ্ৰব্যৰ বাবে ব্যৱসায়ীসকল বাধাপ্ৰাপ্ত হয়৷ সেয়ে চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানসমূহ আগবাঢ়ি আহি গৱেষণা কৰাৰ অতীব প্ৰয়োজন হৈ পৰিছে৷ তেতিয়া কম সময়ত বৈজ্ঞানীকভাৱে অধিক উৎপন্ন কৰিব পাৰি৷ যদি চৰকাৰে বৈজ্ঞানীক দৃষ্টিভঙ্গী সহকাৰে উদ্যোগ গঢ়াত স্থানীয় ব্যৱসায়ীসকলক সহায় কৰে, তেন্তে অসম বিশ্বৰ বুকুত জিলিকি উঠিব৷
বৰ্তমান কাটাৰত আগৰ তেলৰ ১ তোলা(১১.৬২ গ্ৰাম)ৰ মূল্য প্ৰায় কাটাৰী ৰিয়াল ২৫(৪০০ টকা) ৰ পৰা ৬,০০০(৯৬,০০০ টকা) আৰু প্ৰতি কেজি ওদৰ মূল্য কাটাৰী ৰিয়াল ১,৫০০(২৪,০০০টকা) ৰ পৰা ১০০,০০০(১৬,০০,০০০ টকা) লৈকে৷ (১ কাটাৰী ৰিয়াল = ১৬ টকা ধৰি লৈ)৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!