পেটাৰনিটি লিভ আৰু বিৰাট কোহলী — কুইলিন কাকতি

দুদিনমানৰ পৰা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে গৰ্ভৱতী পত্নী অনুষ্কা শৰ্মাক শীৰ্ষাসন কৰাত সহায় কৰা ফটোখন খুব ভাইৰেল হৈছে। বিৰাট কোহলী মোৰ সাংঘাতিক প্ৰিয় ক্ৰিকেটাৰ নহয় কাৰণ মই এতিয়াও শচীন আৰু ধোনীৰ ক্ৰিকেটৰ পৰা বাহিৰ ওলাব পৰা নাই। কিন্তু কিছুমান কথাই যোৱা কেইটামান মাহৰ পৰা বিৰাট কোহলীৰ প্ৰতি মোৰ মনত খুব কৌতূহলৰ সৃষ্টি হৈছে আৰু শেহতীয়া এক খবৰে তেওঁৰ প্ৰতি মোৰ মনত যথেষ্ট শ্ৰদ্ধাৰ সৃষ্টি কৰিছে। কিছুদিনৰ আগতে পঢ়িবলৈ পাইছিলোঁ যে অষ্ট্ৰেলিয়া টুৰত থকা ভাৰতীয় দলৰ কেপ্টেইন বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট খেলি পেটাৰনিটি লিভত ভাৰতলৈ ঘূৰি আহিব। খবৰটো পঢ়ি মনটো খুব ভাল লগাই নহয় বিৰাট কোহলীৰ প্ৰতি খুব মৰম আৰু শ্ৰদ্ধা জাগি উঠিছিল। পেটাৰনিটি লিভ কৰ্মৰত সকলো পুৰুষৰ বাবেই প্ৰযোজ্য যদিও কৰ্ম ব্যস্ততাৰ দোহাই দিয়েই হওক বা আন কাৰণতেই হওক খুব কম সংখ্যক পুৰুষকহে এই ছুটি লোৱা দেখা যায়। ভাৰতীয় উপ মহাদেশীয় ক্ৰিকেট খুবেই পুৰুষতান্ত্ৰিক। ২০১১ নে তাৰ পিছৰটো বিশ্বকাপ মই পাহৰিছোঁ, একেসময়তে মহিলা বিশ্বকাপ ক্ৰিকেটো চলি আছিল। ভাৰতৰ হাতত পাকিস্তান ক্ৰিকেট টিম হাৰিছিল আৰু সেই সময়ত কোনো এটা ভাৰতীয় চেনেলত সীমাৰ দুয়ো পাৰৰ ক্ৰিকেটাৰৰ কথা বাৰ্তা চলি আছিল। উল্লেখ্য যে মহিলা ক্ৰিকেটত ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেটাৰসকলে খুব ভাল প্ৰদৰ্শন কৰিছিল। পেনেলত থকা পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰসকলে খুব কৌতুক কৰি কৈছিল আমাৰ ল’ৰাহতে ইমান বেয়া খেলিলে তাতকৈ আমাৰ মহিলাসকলেই ভাল খেলিলে। সেই কথাত আমাৰ ফালৰ প্ৰাক্তন ক্ৰিকেটাৰ পেনেলিষ্টসকলেও হাঁহি হাঁহি হয়ভৰ দিছিল। মানে মহিলা ক্ৰিকেটাৰে ভাল খেলাটো কোনো গুৰুত্বপূৰ্ণ কথাই নহয়। শ্বাহিদ আফ্ৰিদিয়ে ঘোষণা কৰিছিল যে তেওঁৰ কন্যাক ক্ৰিকেট খেলিবলৈ নিদিয়ে। আমাৰ বেংগল টাইগাৰ সৌৰভ গাংগুলিয়েও এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ ছানাক ক্ৰিকেট খেলিবলৈ নিদিয়ে। ছোৱালীয়ে নাচ-গান কৰিব লাগে, ক্ৰিকেট ছোৱালীৰ বাবে নহয়। সৌৰভ গাংগুলিৰ দৰে ক্ৰিকেটাৰৰ মুখত সেই কথা শুনি খুব হতাশ হৈছিলোঁ। কে.এল. ৰাহুল আৰু হাৰ্দিক পাণ্ড্যায়ো কফি উইথ কৰণত মহিলা বিষয়ক বিৰূপ মন্তব্য কৰি বিতৰ্কিত হৈছিল। তেনে পুৰুষতান্ত্ৰিক পৰিবেশত বিৰাট কোহলীক আমি সদায় এক ব্যতিক্ৰমী ৰূপত দেখি আহিছোঁ। সেয়া লাগিলে শতক কৰি গেলেৰিত বহি থকা তেতিয়াৰ প্ৰেমিকা তথা বৰ্তমানৰ পত্নী অনুষ্কালৈ ফ্লাইং কিছ কৰাই হওক বা এতিয়া পেটাৰনিটি লিভ লোৱাৰ ঘোষণা কৰাই হওক। বিৰাট কোহলীৰ ব্যক্তিত্বৰ বিষয়ে জানিবলৈ মই কোনোদিন আগ্ৰহী নাছিলোঁ। মাচ্ছ’লুক আৰু দিল্লীৰ হোৱা বাবেই নিশ্চিত ৰূপত নাৰী বিদ্বেষী হ’ব বুলিয়েই ভাবি লৈছিলোঁ। সেইবাবেই পাতাললোক আৰু বুলবুলৰ দৰে দলিত ফেমিনিষ্ট আৰু ফেমিনিষ্ট শ্ব’ আৰু ছবি নিৰ্মাতা নাৰীবাদী অনুষ্কা বিৰাটৰ প্ৰেমত কেনেদৰে পৰিল সেই কথা সদায় ভাবিছিলোঁ। কিন্তু বিৰাটক এক ক্ৰিকেটাৰৰ বাহিৰেও এক সাধাৰণ পুৰুষ হিচাপেও জনাৰ পিছত ভাব হৈছে মই কভাৰ দেখি কিতাপখনৰ ধাৰণা কৰাটো উচিত নাছিল। বিৰাটৰ পেটাৰনিটি লিভক লৈ বিভিন্নজনে মন্তব্য কৰিছে। প্ৰাক্তন ক্ৰিকেটাৰ সুনিল গাভাস্কাৰেও তীৰ্যক মন্তব্য কৰি কৈছে যে তেওঁ নিজৰ সন্তান জন্মৰ সময়ত ঘৰত নাছিল কাৰণ সেইসময়ত তেওঁ দেশৰ বাবে খেলিবলৈ গৈছিল। বিৰাটক তেওঁ অতি নৱ প্ৰজন্মৰ বুলিও মন্তব্য কৰিছে। কিছুদিনৰ আগতেও গাভাস্কাৰে অনুষ্কাক লৈ মন্তব্য কৰা দেখা গৈছিল। সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰজনৰ এনে পুৰুষতান্ত্ৰিক মন্তব্যই হতাশ কৰে। হয় মই স্বীকাৰ কৰোঁ যে ক্ৰিকেট বা আন খেলত দেশক প্ৰতিনিধিত্ব কৰাসকলৰ বাবে দেশৰ প্ৰতি দায়িত্ব থাকে, তেওঁলোকৰ বাবে দেশ পৰিয়াল বা ব্যক্তি বিশেষতকৈ আগত। সম্ভৱতঃ জিবাৰ জন্মৰ সময়ত ধোনীয়ে দেশক প্ৰতিনিধিত্ব কৰি বাহিৰত খেলি আছিল। কিন্তু এজন পিতৃ আৰু জীৱনসংগী হিচাপেও ধোনীকো আমি সদায় দায়বদ্ধ হিচাপেই দেখি আহিছো। পেটাৰনিটি লিভ লোৱা বাবেই বিৰাট সৰ্বশ্ৰেষ্ঠ আৰু বাকী ক্ৰিকেটাৰসকল বেয়া বুলিও মই কোৱা নাই। কিন্তু পাব্লিক ফিগাৰ হিচাপে বিৰাট কোহলীৰ এই পদক্ষেপে পুৰুষতান্ত্ৰিক ঔপনিবেশিক ক্ৰিকেট পৃথিৱীত আৰু সাধাৰণ পুৰুষসকলৰ মাজতো এক উদাহৰণ প্ৰতিষ্ঠা কৰিব সেয়া নিশ্চিত। খেলুৱৈ হিচাপে বিৰাটৰ খেলত মই ধ্ৰুপদী সৌন্দৰ্য বিচাৰি নাপালেও মানুহ হিচাপে বিৰাটৰ মই ফেন হ’লোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!