নাৰী নিৰ্য্যাতন বনাম পুৰুষ………কিছু অনুভুতি (দীপাংকৰ ভাগৱতী )

নাৰী নিৰ্য্যাতন বনাম পুৰুষ………কিছু অনুভুতি 

দীপাংকৰ ভাগৱতী

ঘটনা ১:
জু-ৰোড তিনিআলিৰ বিবাহ ভৱন কিছুদিন আগতে বিয়া এখন খাব গৈছিলোঁ । বিয়া খাই ওলাই আহোঁতে দেখিলো এখন বিলাসী গাড়ী বিবাহ ভৱনৰ ওচৰত ৰ’ল । কোনোবা পৰিয়াল বিয়া খাব আহিছে । প্ৰ্থমতে মানুহজন নামিল , তাৰ পিছত উগ্ৰ প্ৰসাধনৰে নিজক সুন্দৰীৰ পৰা বান্দৰীলৈ পৰিবৰ্তিত কৰা তেখেতৰ ধৰম-পত্নী আৰু একদম শেষত তেওঁলোকৰ ১৪-১৫ বছৰীয়া ছোৱালী এজনী । ছোৱালীজনী দেখি এনেকুৱা লাগিল কাপোৰ পিন্ধি হয়তো বেয়া পায় ছোৱালীজনীয়ে । এজনী ৮-৯ বছৰীয়া ছোৱালীৰ হিচাপৰ চোলা যিটো তাইৰ গাভৰু দেহাটো এক তৃতীয়াংশও ঢাকিব পৰা নাই……. কাষৰ এজনৰ টিপ্পনী: ধনী মাক-বাপেকৰ বৰ দুখীয়া ছোৱালী ও ।

ঘটনা : ২
গনেশগুৰি চাৰিআলিৰ মোৰ প্ৰিয় পান দোকানখনৰ ওচৰত থিয় হৈ পান এটা পাগুলি আছো । এনেতে এজনী ছোৱালী কাষেৰে পাৰ হৈ গ’ল । ধুনীয়া ছোৱালীজনী পাৰ হৈ যোৱাৰ লগে লগে এনে লাগিল যে মানৱ সভ্যতাৰ বিকাশৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰা ছোৱালীজনী আহিছে । উগ্ৰ প্ৰসাধনখিনি বাদ দি ছোৱালীজনীৰ গাত আছে নামমাত্ৰ কাপোৰ । কাষৰ ৭০ বছৰীয়া মান দোকানী এজনৰ টিপ্পনী : দামী কাপোৰ অলপ পিন্ধিলেই হ’য় ।

লিখিম বুলি নহয়, নিলিখোঁ বুলিহে কিছু বেবেৰিবাং লিখিব ওলাইছোঁ । অতীতৰ পৰা নাৰী নিৰ্য্যাতিত হৈ আহিছে , এতিয়াও হৈ আছে আৰু ভৱিষ্যতেও যে নহ’ব তাক ন দি ক’ব নোৱাৰি । ধৰ্মৰ নামতো চলিছিল ব্যভিচাৰ । নিজক ভগৱানৰ ওচৰত সঁপি দিয়া দেৱদাসী সকলেও নিজক সঁপি দিব লাগিছিল মন্দিৰৰ পূজাৰী বা জমিদাৰৰ ওচৰত । এতিয়াও বহুত নাৰীয়ে নিজৰ সতীত্ব বিসৰ্জন দিব লগা হৈছে কোনোবা মহাপাতকীৰ হাতত । বৰ্তমান নাৰী নিৰ্যাতন এটি জলন্ত সমস্যা হিচাপে পৰিগণিত হৈছে ।
কিন্তু নাৰী নিৰ্যাতিত হোৱাৰ বাবে অকল পুৰুষ বোৰেই দায়ী নে ? মেখেলা-চাদৰ , শাড়ী বা চুৰিদাৰ মাৰ্জনীয় ভাৱে পিন্ধি যোৱা ধুনীয়া ছোৱালী জনীলৈ সকলোৰে এবাৰ চকু যাবই , ই স্বভাৱগত । কিন্তু ছোৱালীজনীৰ প্ৰ্তি কোনো অশ্লীল মন্তব্য বা চিন্তাধাৰা কেতিয়াও মনলৈ নাহে ( হয়তো কোনোবা মহাপাতকীৰ আহিব পাৰে ) । কিন্তু অৰ্ধ উলংগ এজনী ওচৰেৰে পাৰ হৈ গ’লে কোনোবাৰ মনত ভাল চিন্তা অহাৰ আশা খুব ক’ম । আধুনিকতাৰ নামত নিজক উলংগ কৰি সামাজিক স্বীকৃতি লাভ কৰিব বিচৰা ছোৱালীবোৰ বেছিকৈ নিৰ্যাতিত হয় সমাজত । সুৰা, বাৰ, যৌনতাৰ অবাধ ৰাজত্বত আজি আমাৰ সমাজ ধ্বংসমুখী । সমাজ এখন নিকা কৰিবলৈ পুৰুষ নাৰী সকলোৰে সমান সহযোগিতাৰ প্ৰয়োজন । নাৰী অৰ্ধ-আকাশ, নাৰী অৰ্ধাংগিনী, নাৰী ধৰণী…

এখন সুস্থ সমাজ গঢ়িবলৈ হে নাৰী তুমি আগুৱাই আহা , তোমাক আমি মা, ভনী, পত্নী হিচাপেহে বিচাৰো, এগৰাকী উলংগ পথভ্ৰষ্টা ভংগুৰ চৰিত্ৰৰ বাৰবনিতাৰ ৰূপত নহয় । নিজৰ স্বভাৱগত প্ৰকৃতিৰে তুমি আমাক এখন সুস্থ সমাজ গঢ়িবলৈ পথ দেখুৱাই দিয়া , নিজক পণ্য সামগ্ৰী বনাই মানৱ ৰূপী দানৱবোৰক জীয়াই নুতুলিবা ।।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!