মেডিকেল কলেজৰ হাঁহি চকুলো (২২) (ডা০ দীপুল চন্দ্ৰ হালৈ)

মেডিকেল কলেজৰ হাঁহি চকুলো…

ডা০দীপুল চন্দ্ৰ হালৈ

(২২)

চাওঁতে চাওঁতে দেৰটা বছৰ কেনেকৈ পাৰ হ’ল ক’ব‍ই নোৱাৰিলোঁ | ৰেগিঙেৰে আৰম্ভ হোৱা হোষ্টেলৰ জীৱনত লাহে লাহে ৰেগিঙ নাইকিয়া হৈছিল | এতিয়াচোন ভাবিলেও ভাল লাগে | প্ৰথম প্ৰ’ফেছনেল পৰীক্ষাৰ ৰুটিন দিলে | ভয় লাগিলেই নহয় | কেনেবাকৈ গেৰা মাৰিব লাগিলে ছমাহ বহিব লাগিব | সকোলো বিষয় শেষ কৰিবলৈ চাৰ সকলেও ওপৰঞ্চি ক্লাছ লৈছে | আমাৰ শ্ৰেণীৰ প্ৰতিনিধি প্ৰদীপ হাতীমতাও ব্যস্ত | চাৰৰ কোৱাটাৰলৈ গৈ ক্লাছ ঠিক কৰা তেওঁৰ কাম | প্ৰেক্টিকেলবোৰো প্ৰায় শেষ হ’ল  | সকলো বহীতে চহী লবলৈ চাৰ-বাইদেউৰ ৰূমত আমাৰ হেতা-ওপৰা | মাজতে আমাৰ লগৰ এজনৰ শৰীৰস্থানৰ ব্যৱহাৰিক বহী এখন হেৰাইছিল  | বহু কষ্ট কৰি দিন ৰাতি একাকাৰ কৰি সেইখনৰ সকলো ছবি পুনৰ আঁকিলে | সকলো বহীতে সম্পূৰ্ণ হোৱাৰ চহী পোৱাৰ পাচত মনটো ইমান পাতল পাতল লাগিল নহয়, যেন মূৰৰ পৰা ডাঙৰ বোজা এটাহে আঁতৰি গ’ল এনে লাগিছিল | বহুতে মক্কেলৰ হতুৱাই এই প্ৰেক্টিকেলৰ বহীৰ বহু কাম কৰোৱালে | ম‍ই পিছে সকলো নিজে আঁকিলোঁ, লিখিলোঁ | মক্কেলক একোৱেই নিদিলোঁ | আগে পিছে কৰাৰ দৰে বিষয়বোৰৰ বাবে সময় ভাগ কৰি লৈছিলোঁ; একোটা বিষয়ৰ বাবে অন্তত পাঁচ দিন | তথাপিও পঢ়ি শেষ নহয় | কেতিয়াবা বহু ৰাতিলৈ পঢ়োঁ | কিন্তু প্ৰায়ে ১১ বাজিলেই মোৰ হামি আহিবলৈ ধৰে | যেনে তেনে বাৰমান বজালৈ থাকি শুই পৰোঁ | ৰাতিপুৱা আকৌ পাঁচমান বজাত উঠি পঢ়োঁ | আমাৰ লগৰ বেছিভাগ ল’ৰাই বহু ৰাতিলৈ পঢ়ে হেনো | আমাৰ হোষ্টেলৰ আমি কেইজনমানেহে সোনকালে শুইছিলোঁ | আমাৰ লগৰ মৃণালেও সোনকালে শুইছিল; সি মোৰ বিপৰীত লিম্বত আছিল | বেছি ৰাতিলৈ নপঢ়া বাবে মনত ভয় লাগিছিল ! মাত্ৰ তিনিটা বিষয়(Anatomy, Physiology আৰু Bio-chemistry) যদিও পঢ়িব লাগে ঢেৰ | কিছুমান ল’ৰাই অৱশ্যে আগতে নপঢ়া বাবে নিশাচৰ হ’ব লগীয়া হৈছিল | সকলোৰে পাছ কৰাৰ ইচ্ছা যদিও এইটো ধুৰূপ যে আমাৰ মাজৰ পৰাই এটা অনিয়মিত বেট্‌চ (Irregular Batch) ওলাব আৰু মেডিকেল কলেজত থকা সুদীৰ্ঘ সময়ত অনিয়মিত বুলি এখন নেদেখা লেবেল পিঠিত লাগি থাকিব | সেই লেবেলখন লাগি থকাটো কোনেও নিবিচাৰে | গতিকে মেডিকেলৰ প্ৰথম ফাইনেল (First Professional)ৰ মহাৰণখন জিকিবলৈ অহৰহ প্ৰচেষ্টা | দিন ৰাতি একাকাৰ | এনেকুৱা অনুভৱ হয় যেন পৰীক্ষাত গৈ একো এটা লিখিব নোৱাৰিম | মৌখিক পৰীক্ষাটো আৰু ভয় লগা | কাৰণ আমি অসমীয়া মাধ্যমত পঢ়ি অহা বাবে ফৰফৰাই ইংৰাজী ক’ব নোৱাৰোঁ | মনতে প্ৰথমে জুকিয়াই লৈ পাছত কব লগা হৈছিল | কোনো পধ্যেই অসমীয়াত ক’ব নোৱাৰি |

এনেকৈ ভয়-শংকাৰ মাজেৰে পৰীক্ষা দিছিলোঁ | লিখা আৰু মৌখিক ভালকৈয়ে দিছিলোঁ | দুই-এটা হাস্যকৰ ঘটনাও হৈছিল | আমাৰ লগৰে এজনে ফৰফৰাই ইংৰাজী কয় – হাই , হেল্লো মুখত লাগি থাকে | তাৰ ইংৰাজী শুনি পৰীক্ষকৰো খোকোজা লাগিছিল | এজন বুধিয়ক পৰীক্ষকে তাক ভাইভাত হঠাৎ সুধি দিলে: What is the lymphatic drainage of brain ? | সিও ফটাফট ক’লে: Anteriorly … Posteriorly….  |  পৰীক্ষকে গম পালে ই গাজা মাৰি আছে | আচলতে মগজুত কোনো লিম্ফেটিক ড্ৰেইনেজ নাথাকে | শেষত তাক ছাৰে হেনো ক’লে- Come after six months | বেচেৰা অনিয়মিত বেট্‌চৰ এজন হ’ল | আৰু এজনে হেনো জৈৱ ৰসায়নৰ ব্যৱহাৰিক পৰীক্ষাত এটা যন্ত্ৰৰ নাম ‘গৰৌ মাছ ইৰিওমিটাৰ’ বুলিয়ে কৈ কৈ পাছ কৰিলে | গৰৈ মাছ নহয় যন্ত্ৰটোৰ নাম ‘দোৰেইমছ ইৰিওমিটাৰহে’ | বায়’কেমৰ পেটৰ ভিতৰত লুকুৱাব পৰা বা পকেটত ল’ব পৰা অকণমানি কিতাপখনৰ (Practical Manual) কথা নক’লোঁৱেই বা |

(আগলৈ)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!