নৰেন্দ্ৰ মোডীৰ তিনি বছৰীয়া কাৰ্য্যকালৰ চমু আৰু নিৰপেক্ষ বিশ্লেষণ -আব্দুল ওৱাদুদ সেখ

ভাৰতবৰ্ষত বেছিভাগ সময়েই ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰ আছিল। ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি দেশৰ বিকাশলৈকে কংগ্ৰেছৰ এক উল্লেখযোগ্য অৱদান আছে। ভাৰতবৰ্ষ এক শ্ৰেষ্ঠতম গণতান্ত্ৰিক দেশ। সমগ্ৰ বিশ্বই ভাৰতবৰ্ষৰ কথা জানে। গণতন্ত্ৰত ৰাইজেই ৰজা। ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰে দেশৰ জনসাধাৰণৰ হকে কাম কৰে।

বৰ্তমান নৰেন্দ্ৰ মোডী ভাৰত ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী। পণ্ডিত নেহৰুৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে দেশে বহুত যোগ্য অভিজ্ঞ ৰাজনীতিবিদক প্ৰধানমন্ত্ৰী হিচাবে লাভ কৰিছে। প্ৰত্যেকগৰাকী প্ৰধানমন্ত্ৰীৰে এক সুকীয়া পৰিচয় আছে। বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰো এক সুকীয়া পৰিচয় আছে। গুজৰাটৰ মুখ্যমন্ত্ৰীৰ মাজেৰে গোটেই ভাৰতবৰ্ষৰ মানুহৰ মাজত এক সুকীয়া ভাৱধাৰা গঢ়ি তুলিছিল মোডীয়ে আৰু তাৰ ফলতেই ২০১৪ চনত অনুষ্ঠিত লোকসভা নিৰ্বাচনত দেশৰ সকলো ৰাজনৈতিক শক্তিক পৰাজিত কৰি একক সংখ্যাগৰিষ্ঠতাৰে দেশৰ ৰাজনীতিত প্ৰতিষ্ঠা লভিছিল। ২০১৪ চনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে তিনিবছৰ তেওঁ দেশৰ শাসনভাৰ চলাই আছে। আজিৰ আলোচনাৰ জৰিয়তে, আজি এক নিৰপেক্ষ পৰ্য্যালোচনা কৰিম– কিমান সফল হ’ল দেশৰ প্ৰধানমন্ত্ৰী। এজন সাধাৰণ নাগৰিকৰ দৃষ্টিত আজিৰ দিনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সফলতা বিফলতাৰ কথা লৈয়েই এই আলোচনা আৰম্ভ কৰিছো।

আমি সকলোৱে জানো যে কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ, অপশাসন, দুৰ্নীতি আদিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দেশবাসীয়ে নৰেন্দ্ৰ মোডীৰ নেতৃত্বক ভাৰতৰ শাসনভাৰ দিছিল। গণতন্ত্ৰত ৰাইজৰ শক্তি কিমান সেয়া ভাৰতৰ জনসাধাৰণে ২০১৪ ৰ নিৰ্বাচনত প্ৰমাণ কৰি দিছিল৷ কংগ্ৰেছকো দেখুৱাই দিছিল যে আৰু কিমান দিন ঠগিবা, আমি ভাৰতীয় সচেতন সাধাৰণ জনতাৰ শক্তি চাই লোৱা! ভাৰতীয় সচেতন সাধাৰণ জনতাৰ তথা সচেতন ভোটাৰসকলৰ শক্তিৰ প্ৰমাণ সমগ্ৰ বিশ্ববাসীৰ আগত দেখুৱাই দিছিল । ২০১৪ চনৰ লোকসভা নিৰ্বাচন সেইবাবেই এক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নিৰ্বাচনত পৰিগণিত হৈছিল।

নিৰ্বাচনত জয়লাভ কৰিয়েই নতুন চমকৰে প্ৰধানমন্ত্ৰী বিশ্বৰ ৰাষ্ট্ৰপ্ৰধানসমূহৰ আগত শপতগ্ৰহণ কৰিছিল। শপত গ্ৰহণ অনুষ্ঠানৰ দিনাই মোডীয়ে তেওঁ সবল নেতৃত্বৰ চমক দেখুৱাই দিছিল৷ বিশ্বৰ লগত এক স-সম্পৰ্কৰ ৰেঙনি যেন সিদিনাই গঢ়িছিল মোডীয়ে৷

শপত গ্ৰহণ অনুষ্ঠানৰ পিছৰ পৰাই ইতিমধ্যে মোডী চৰকাৰে বহুতো জনকল্যাণমুলক আচনি লোৱা পৰিলক্ষিত হৈছে৷ মোৰ দৃষ্টিত মোডী চৰকাৰৰ উল্লেখযোগ্য পদক্ষেপ তথা আচনিসমূহ ফল এদিন দেৰীকৈ হলেও সকলোৱে বুজি পাব৷

প্ৰথমেই স্বচ্ছ ভাৰত মিশ্যনৰ কথাই কোৱা হওক৷ এইখন এনে আচনি যিয়ে ভাৰতৰ সভ্যতা আৰু সংস্কৃতিক জগাই তুলিছে৷ এক আন্দোলনৰ দৰে সৃষ্টি হোৱা এই আচনিখন এতিয়াও চলিয়েই আছে৷ ভাৰতৰ নৱপ্ৰজন্মৰ মাজতো স্বচ্ছতাক লৈ এক নীৰৱ আন্দোলনৰ সৃষ্টি হৈছে৷ এই আচনিয়ে ভাৰতৰ দল মত নিৰ্বিশেষে সকলোৰে সমৰ্থন আদায় কৰিবলৈ সমৰ্থ হৈছে৷

আন এক উল্লেখযোগ্য আচনি হ’ল ‘বেটী বচাও-বেটী পঢ়াও’৷ এই আচনিৰ জৰিয়তে ভাৰতীয় পিতৃ প্ৰধান সমাজৰ সকলোৰে মনত এক মুক্ত চিন্তাৰ খোৰাক আনিব পাৰিছে৷ সকলো ছোৱালীয়ে শিক্ষিত হলেই আমাৰ সমাজখন তথা সমগ্ৰ ৰাষ্ট্ৰই এদিন নতুন ৰূপ পাব৷ এইখিনিতে এটা কতা উল্লেখ কৰিছো যে এই আচনিখনৰ সুফল অহা দহ বছৰৰ পাছতহে দেখিবলৈ পোৱা যাব৷

কেন্দ্ৰীয় চৰকাৰৰ আন এক উল্লেখযোগ্য সফল আঁচনি হ’ল, ‘মেক ইন ইণ্ডিয়া’, ‘ষ্টাৰ্ট আপ ইণ্ডিয়া’, ‘ডিজিটেল ইণ্ডিয়া’ আদি৷ ‘মেক ইন ইণ্ডিয়া’ৰ জৰিয়তে ভাতৰক নতুনকৈ গঢ়িবলৈ চেষ্টা কৰা হৈছে৷ এই আচনিৰ জৰিয়তে সকলোৱে ভাৰতৰ অৰ্থনৈতিক বুনিয়াদ মজবুত কৰিবলৈ সুবিধ পাব৷ ‘ষ্টাৰ্ট আপ ইণ্ডিয়া’ৰ জৰিয়তে সাধৰণ নাগৰিকেও কিবা এটা নতুন ব্যৱসায় কৰিবলৈ চৰকাৰীভাৱে সা-সুবিধা লাভ কৰিব৷ দেশৰ যুব প্ৰজন্মৰ বাবে এইবোৰ আচনিয়ে নিজকে স্বাবলম্বী কৰিবলৈ সুবিধা দিব৷ এই ব্যৱস্থাসমূহ উচিত ব্যৱহাৰ কৰি আমি আমাৰ দেশখনৰ অৰ্থনীতিক সদৃঢ় কৰিবলৈ চেষ্টা কৰা উচিত৷

‘ডিজিটেল ইণ্ডিয়া’ৰ যোগেদি সকলোকে কম্পিউটাৰ শিক্ষাৰ সজাগতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হৈছে৷ আধুনিক কম্পিউটাৰ প্ৰণালীৰ উচিত ব্যৱহাৰেৰে সমাজৰ প্ৰতিজনেই পৰিবৰ্তনৰ দিশে বাট বুলিবলৈ লোৱা উচিত৷ প্ৰযুক্তিৰ উচিত ব্যৱহাৰেৰে দেশৰ মানৱসম্পদক উচ্চখাপলৈ নিয়াৰ পথ প্ৰশস্ত হৈছে৷

মোৰ দৃষ্টিৰ নৰেন্ৰ্য় মোডীৰ কাৰ্য্যকালৰ আন এক সফলতা বিদেশ ভ্ৰমণৰ যোগেৰে আহিছে৷ বহুতেই সমালোচনা কৰিলেও দেশৰ প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণে ভাৰতৰ ঐতিহ্য, সভ্যতা, সংস্কৃতিক বিশ্বৰ নানা দেশৰ জনসাধৰণ তথা নেতৃবৃন্দৰ কাষলৈ নিয়াত সফল হৈছে৷ বিশ্বৰ বিভিন্ন দেশৰ লগত ভাৰতৰ আন্তৰ্জাতিক সম্পৰ্ক সুদৃঢ় হৈছে৷
বিমুদ্ৰাকৰণ আছিল আন এক ঐতিহাসিক পদক্ষেপ৷ বিমুদ্ৰাকৰণৰ সপক্ষে বিপক্ষে যথেষ্ঠ পৰিমাণৰ যুক্তি থাকিলেও বহু ক’লা ব্যৱসায়ী, দুৰ্নীতিগ্ৰস্তক এক উচিত শিক্ষা দিবলৈ সমৰ্থ হৈছে৷ অৱশ্যে এই ক্ষেত্ৰত দেশৰ জনসাধৰণেও বহু কষ্টৰ সমুখীন হোৱা কথাটোও উল্লেখযোগ্য৷

কেন্দ্ৰীয় চৰকাৰখনৰ আন কিছুমান উল্লেখনীয় আচনি হ’ল – জনধন যোজনা, মুদ্ৰাবেংক আচনি, অটল পেঞ্চন যোজনা৷ জনধন যোজনাই দেশৰ সাধাৰণ মানুহক বেংক ব্যৱস্থাৰ সৈতে জড়িত কৰিবলৈ সক্ষম হৈছে৷ এই বেংক একাউন্টৰ যোগেৰে হিতাধিকাৰীসকলে কোনো মধ্যভোগীৰ সহায় নোলোৱাকৈ চৰকাৰী আচনিৰ ধন পোনে পোনে পাবলৈ সক্ষম হ’ব৷ নৰেন্দ্ৰ মোডীৰ এই উদ্দেশ্য ইতিমধ্যে বহুগুণে সফল হোৱা দেখা গৈছে৷ মুদ্ৰা বেংকৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়ীসকলেও ঋণৰ লাভ কৰি ব্যৱসায়ৰ মুলধনৰ ক্ষেত্ৰত কিছু সকাহ পাবলৈ সমৰ্থ হৈছে৷ অটল পেঞ্চন যোজনাৰ ফলস্বৰূপে দৰিদ্ৰ তথা মধ্যবিত্তীয় ভাৰতীয়সকলে জীৱনৰ শেষৰ কালছোৱাৰ বাবে মাহিলী এক সুনিৰ্দিষ্ট পৰিমাণৰ ধন পোৱাত সুবিধা হ’ব৷
এইখন চৰকাৰৰ আন এক উল্লেখযোগ্য আচনি হ’ল ‘স্কিল ইণ্ডিয়া’৷ ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনত কাৰিকৰী জ্ঞানেৰে সমৃদ্ধ কৰ্মদক্ষ বহু লোকৰ প্ৰয়োজন৷ এই আচনিখনৰ যোগেৰে সাধাৰণ শ্ৰেণীৰ নিবনুৱাসকলক কাৰিকৰী জ্ঞানেৰে সমৃদ্ধ কৰি কৰ্মদক্ষতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে৷

মোডী চৰকাৰৰ আন এক উল্লেখযোগ্য থকা হ’ল যে এতিয়ালৈকে কোনো ধৰণৰ চকুত লগা দুৰ্নীতি সংঘটিত হোৱা দেখা নাই৷ তদুপৰি বৈদ্যুতিকৰণৰ ক্ষেত্ৰতেই হওক বা আন ক্ষেত্ৰটো ‘টিম ইণ্ডিয়া’ৰ ধাৰণাই সকলোকে কাম কৰিবলৈ উৎসাহ যোগাইছে৷

কিন্তু মোডী চৰকাৰে পৰিকল্পনা আয়োগ ভংগ কৰি বিকল্প হিচাপে নীটি আয়োগ গঢ়ি তুলিবলৈ লোৱা প্ৰচেষ্টা এতিয়াও ফলৱতী হোৱা দেখা যোৱা নাই৷ ইয়াৰ বাবে কেন্দ্ৰ তথা ৰাজ্যৰ মাজত অৰ্থনৈতিক সম্পৰ্কত কিছু ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে৷

মোডী চৰকাৰৰ শাসনকালত ঘটা দাদৰি ঘটনা, ঘৰ ৱাপচী আদিৰ দৰে ঘটনাত প্ৰধানমন্ত্ৰীৰ মৌনতা দুৰ্ভাগ্যজনক৷ ধৰ্মীয় অসহিঞ্চুতাৰ ক্ষেত্ৰত ভাৰতে চতুৰ্থ স্থান পোৱাটোও ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষ দেশ এখনৰ বাবে দুৰ্ভাগ্যজনক৷ সংখ্যালঘু আৰু দলিতৰ ওপৰত চলা আক্ৰমণ বৃদ্ধি হোৱা বুলি পিউ ৰিচাৰ্ছ চেন্টাৰে কৰা সমীক্ষা আমাৰ বাবে দুৰ্ভাগ্যজনক৷ হত্যা, ধৰ্ষণ, নিৰ্যাতন আদিৰ দৰে ঘটনা বৃদ্ধি পোৱা বুলিও বিভিন্ন তথ্য প্ৰকাশ হৈছে৷ চৰকাৰে অনতিপলমে এইবোৰ দিশৰ বিশেষ দৃষ্টি আৰোপ কৰা উচিত৷

ভাৰতৰ দৰে সংস্কৃতিপুৰ্ণ দেশ এখনত গো-মাংস, আজান বিতৰ্কই স্থান পোৱাটো শুভলক্ষণ হ’ব নোৱাৰে৷ এনেবোৰ বিতৰ্কই আমাক ‘ডিজিটেল ইণ্ডিয়া’ লক্ষ্য আৰু উদ্দেশ্যৰ পৰা আঁতৰাইহে আনিব৷

দেশত কৃষকৰসকলৰ সমস্যাৰাজিৰ উচিত বিশ্লেষণ আৰু প্ৰতিকাৰ এতিয়াও সুদূৰপৰাহত৷ কৃষকে আত্মহত্যা কৰাৰ দৰে ঘটনা এতিয়াও ঘটি আছে৷

নিৰ্বাচনৰ সময়ত নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়া এইখন চৰকাৰে নিয়োগ সৃষ্টিৰ লক্ষ্যৰ পৰা এতিয়াও বহু পিছ পৰি আছে৷

দেশৰ গণতন্ত্ৰৰ বাবে শক্তিশালী বিৰোধীৰ প্ৰয়োজন৷ কিন্তু একাংশই বিৰোধীমুক্ত ভাৰত সৃষ্টিৰে চমক দিবলৈ বিচাৰিছে৷ এয়া গণতন্ত্ৰৰ বাবে শুভলক্ষণ নহয়৷ তদুপৰি বহু ঠাইত আন দলৰ দাগী অপৰাধী তথা দুৰ্নীতিগ্ৰস্ত ৰাজনেতাকো বিজেপি দলে আগস্থান দিয়া দেখা গৈছে৷ এয়া এক অসুস্থ পৰম্পৰা৷

সামগ্ৰিকভাৱে আৰ এছ এছৰ উত্থান ঘটি বিজেপি দলক পৰিচালিত কৰাৰ কথা নতুন হৈ থকা নাই৷ বহু ক্ষেত্ৰতে বাকস্বাধীনতাৰ সংকট হোৱা বুলিয়েই মই কব খোজো৷ দেশৰ কাৰ্য্যপ্ৰণালী সুচাৰুৰুপে চলিবলৈ গঠনমূলক সমালোচনাৰো প্ৰয়োজন আছে৷

স্বাধীনতাৰ ইমান বছৰ পাছতো দেশত এতিয়াও সংখ্যালঘুৰ অধিকাৰক লৈ ৰাজনীতি চলি থকা কথাটো দুৰ্ভাগ্যজনক৷ আজিও দেশত শিক্ষা-স্বাস্থ্য-প্ৰগতিৰ ক্ষেত্ৰত সংখ্যালঘুসকল পিছপৰা৷ সেয়ে চৰকাৰখনে এনেবোৰ দিশৰ দৃষ্টি দিয়াটো গুৰুত্বপুৰ্ণ কথা৷
সদৌ শেষত আমি আশা কৰিম যে দেশৰ সামগ্ৰিক উন্নয়নৰ হকে কেন্দ্ৰীয় চৰকাৰখন আৰ অধিক সক্ৰিয় হোৱাটো অতীব প্ৰয়োজনীয় কথা৷ আমি দেশত আদৰ্শ গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাটো অন্তঃকৰণেৰে কামনা কৰো৷ চৰকাৰখনে নিজৰ ভুলবোৰৰ শুধৰণি কৰি দেশৰ প্ৰগতিক তৰান্বিত কৰাটো বৰ্তমান সময়ৰ আহ্বান৷ আমি সকলো ভাৰতীয়ই নতুনত্বৰে দেশৰ গণতন্ত্ৰক জীয়াই ৰাখিবলৈ যত্নপৰ হও আহক৷

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!