সফলতা- জিনা শৰ্মা
জীৱনত প্ৰকৃত সফলতাৰ বাটেৰে অগ্ৰসৰ হ’বলৈ
কৰো আহা এক বিশেষ প্ৰচেষ্টা
বুটলি যাওঁ আহা প্ৰতিটো খোজত লাভ কৰা
এটি-এটি অসফলতা৷
প্ৰতিটো অসফলতাৰ পৰা লওঁ আহা এটি নতুন শিক্ষা,
অসফলতাৰ পৰা শিকাৰ আগ্ৰহেই হৈছে
জীৱনৰ প্ৰকৃত পৰীক্ষা
অসফলতাৰ ভয়ত সপোনবোৰ পাহৰি নাযাবা,
অসফলতাৰ পৰা সফলতাৰ শিখৰলৈ
মনৰ দৃঢ়তাৰেহে যাবলৈ পাৰিবা৷