পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ – অনিল বৰুৱা

অসম গৌৰৱ কৃষ্ণকান্ত সন্দিকৈ আন্তৰ্জাতিক খ্যাতিসম্পন্ন সংস্কৃত পণ্ডিত৷ ‘প্ৰাচ্যবিদ্যাৰ্ণৱ’, ‘পাণ্ডিত্যবাৰিধি’ আদি অভিধাৰে বিভূষিত কৃষ্ণকান্ত সন্দিকৈ কুৰি শতিকাৰ শ্ৰেষ্ঠ ভাৰতীয় জ্ঞানতপস্বীসকলৰ ভিতৰত অন্যতম৷

১৮৯৮ চনৰ ২০ জুলাইত, যোৰহাটত সন্দিকৈৰ জন্ম হয়৷ সাতঘৰীয়া আহোম ফৈদৰ সন্দিকৈ বংশৰ ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈৰ সন্তান কৃষ্ণকান্ত সন্দিকৈয়ে ১৯১৩ চনত যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰপৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত নাম ভৰ্তি কৰে৷ ১৯১৫ চনত তেওঁ কটন কলেজৰপৰা আই এ আৰু ১৯১৭ চনত কলিকতা সংস্কৃত কলেজৰপৰা স্নাতক মহলাত সংস্কৃত বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভেৰে ‘প্ৰসন্নকুমাৰ সৰ্বাধিকাৰী স্বৰ্ণপদক’ অৰ্জন কৰে৷ ১৯১৯ চনত সন্দিকৈয়ে কলিকতা বিশ্ববিদ্যালয়ৰপৰা সংস্কৃতৰ বৈদিক শাখাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি এম এ পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯২০ চনত তেওঁ উচ্চশিক্ষাৰ বাবে বিলাতলৈ যায়৷ ১৯২৩ চনত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰপৰা আধুনিক ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত সন্দিকৈয়ে ইউৰোপীয় ভাষা-সাহিত্যৰ বহুমূলীয়া তথ্য আয়ত্ত কৰাৰ উদ্দেশ্যে চাৰি বছৰকাল ফ্ৰান্স, জাৰ্মানী আৰু ইটালীৰ বিভিন্ন ঠাই ভ্ৰমণ কৰে৷
১৯২৭ চনত জন্মভূমি যোৰহাটলৈ ওভতাৰ সময়ত তেওঁ লগত লৈ আহিছিল বিভিন্ন ঠাইৰপৰা সংগ্ৰহ কৰা দুহেজাৰতকৈও অধিক মূল্যৱান গ্ৰন্থ৷ উচ্চ শিক্ষা, প্ৰচুৰ জ্ঞান-বুদ্ধিৰে সমৃদ্ধ হৈয়ো চৰকাৰী চাকৰিৰ প্ৰতি উদাসীন স্থিতি গ্ৰহণ কৰা সন্দিকৈয়ে জন্মভূমিলৈ প্ৰত্যাৱৰ্তন কৰি পৈতৃক চাহ-বাগিচাৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে অধ্যয়নত প্ৰবৃত্ত হয়৷ ১৯৩০ চনত সন্দিকৈৰ পৰিকপ্লনাৰে অসমৰ প্ৰথমখন বেচৰকাৰী কলেজ উজনি অসম মহাবিদ্যালয় (এতিয়াৰ যোৰহাটস্থিত চৰকাৰী জে বি কলেজ) হয়৷ একেৰাহে ১৭ বছৰকাল জে বি কলেজৰ অধ্যক্ষ পদত থাকি, সুসংগঠিত শিক্ষাশৈলীৰে সন্দিকৈয়ে মহাবিদ্যালয়খনক উজনি অসমৰ ভিতৰতে এটি আগশাৰীৰ শিক্ষা ন হিচাপে গঢ়ি তোলে৷
১৯৪৮ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে নিযুক্ত হয় আৰু তিনিটা কাৰ্যকালৰ (৯ বছৰ) বাবে সেই পদত কাৰ্যনিৰ্বাহ কৰে৷ উপাচাৰ্য পদৰপৰা অৱসৰ লৈ তেওঁ ১৯৫৭ চনৰ শেহৰপিনে পুনৰ যোৰহাটলৈ ওভতে আৰু অধ্যয়নত মনোনিৱেশ কৰে৷
সন্দিকৈয়ে ১৯৩০ চনত গোলাঘাটত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ অধিৱেশন আৰু ১৯৩৭ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তদশ অধিৱেশনত সভাপতিত্ব কৰিছিল৷ তদুপৰি তেওঁ ১৯৫১ চনত লক্ষৌত অনুষ্ঠিত সৰ্বভাৰতীয় প্ৰাচ্য সন্মিলনৰ প্ৰাচীন সংস্কৃত শাখাৰ সভাপতি আৰু ১৯৫২ চনত অনুষ্ঠিত ভাৰত আন্তঃবিশ্ববিদ্যালয় সমিতিৰ সভাপতিৰ আসনো শুৱনি কৰিছিল৷ সন্দিকৈয়ে কলেজীয়া অৱস্থাতেই সাহিত্য-চৰ্চাত মনোনিৱেশ কৰিছিল৷
বিস্তৃত অধ্যয়ন আৰু মৌলিক চিন্তাৰ ভেটিত তেওঁ বাঁহী, চেতনা, মিলন, আৱাহন, আমাৰ দেশ, অসম সাহিত্য সভা পত্ৰিকা, অকণ আদি আলোচনীৰ পাতত প্ৰায় ডেৰকুৰি আপুৰুগীয়া প্ৰবন্ধ ৰচনাৰে অসমীয়া সাহিত্য জগতলৈ বহুমূলীয়া অৱদান আগবঢ়াই থৈ গৈছে৷ তেওঁ জীৱনৰ আগছোৱাত কেইটামান গীত আৰু কবিতাও ৰচনা কৰিছিল৷
সন্দিকৈক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিদগ্ধ সংস্কৃত পণ্ডিত হিচাপে নাম কৰা তিনিখন প্ৰসিদ্ধ গ্ৰন্থ হ’ল শ্ৰীহৰ্ষৰ ‘নৈষধচৰিতম’ৰ অনুবাদ ‘নৈষধচৰিত অব্ শ্ৰীহৰ্ষ’ (১৯৩৪), সোমদেৱৰ কাব্যৰ আধাৰত ‘যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ’ (১৯৪৯) আৰু ‘প্ৰবৰ সেনজ সেতুবন্ধ’ (১৯৫৮)৷
অসমীয়া, বাংলাকে ধৰি বিশ্বৰ প্ৰায় ১১টা ভিন্ন ভাষাত বিশেষ ব্যুৎপত্তি থকা সন্দিকৈয়ে দেশ-বিদেশৰ বিভিন্ন সন্মিলনত দাঙি ধৰা চমু অথচ জ্ঞানগৰ্ভ ভাষণবোৰো তেওঁৰ ব্যাপক অধ্যয়ন আৰু উচ্চ চিন্তা-চৰ্চাৰ দাপোণ হিচাপে বিবেচিত হৈ আহিছে৷
সন্দিকৈৰ মৃত্যুৰ পাছত ১৯৮৪ চনত অসম সাহিত্য সভাই তেওঁৰ সমস্ত ৰচনা একত্ৰ কৰি ‘কৃষ্ণকান্ত সন্দিকৈ ৰচনাসম্ভাৰ’ শিৰোনামেৰে প্ৰকাশ কৰি উলিয়ায়৷ সংকলন আৰু সম্পাদনা কৰে সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামীয়ে৷ উক্ত গ্ৰন্থখনৰ বাবে সন্দিকৈক ১৯৮৫ চনত মৰণোত্তৰভাৱে সাহিত্য অকাদেমী বঁটা আগবঢ়োৱা হয়৷ ‘কৃষকান্ত সন্দিকৈ ৰচনাসম্ভাৰ’ত সন্নিৱিষ্ট হৈছে কুৰিটা প্ৰবন্ধ, দুখন জীৱনীমূলক ৰচনা, দুটা অশ্ৰু-অঞ্জলি, চাৰিটা ভাষণ, চাৰিটা বিবিধ টোকা, এখন বিশেষ পত্ৰ, চাৰিখন শিশু-উপযোগী ৰচনা, চাৰিটা ভূমিকা, চাৰিটা কবিতা, এঘাৰটা গীত আৰু ‘ওপৰঞ্চি’ত সন্দিকৈৰ কেইখনমান গুৰুত্বপূৰ্ণ পত্ৰ৷ ১৯৭৮ চনত অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান ‘সদস্য মহীয়ান’ উপাধিৰে সন্দিকৈক সন্মানিত কৰা হয়৷ ‘পদ্মশ্ৰী’ (১৯৫৫) আৰু ‘পদ্মবিভূষণ’ (১৯৬৭) উপাধিৰে বিভূষিত হোৱা সন্দিকৈক গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ডি লিট সন্মান প্ৰদান কৰিছিল৷
এইজনা বিদগ্ধ সংস্কৃত পণ্ডিত ১৯৮২ চনৰ ৭ জুনত পৰলোকগামী হয়৷
এইজনা মহান পণ্ডিতৰ নামেৰেই গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ পুথিভঁৰাল ‘কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰ’ আৰু অসম চৰকাৰৰ অধীনত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় কৰা হৈছে৷
————————————–
(অসমীয়া ভাষা আৰু ছফ্টৱেৰ বিকাশ কেন্দ্ৰৰ দ্বাৰা প্ৰকাশিত ‘ই-শিক্ষা ছফ্টৱেৰ’ৰ বিশ্বকোষ শিতানৰ সৌজন্যত: অনিল বৰুৱা)

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!