নাৰোকাৱাৰ ৱাথাগ্ৰাফ ৱৰ্লড মেপৰ কথা – হৃদয় গগৈ

আপুনি শুনি আচৰিত নহব যদি আপোনাক কও যে আপুনি সৰুৰে পৰা আজিলৈকে ব্যৰৱহাৰ কৰা পৃথিৱীৰ মানচিত্ৰখন ভুল অথবা মোক খং নকৰিব যদি আপোনাক কও যে আপুনি দোকানৰ পৰা সিদিনা কিনি অনা পৃথিৱীৰ মানচিত্ৰ খন আসোঁৱাহ পূৰ্ণ৷

সকলোতকৈ জনপ্ৰিয় আৰু ব্যdৱহৃত মানচিত্ৰ খন হল ’মাৰ্কেটৰ প্ৰজেক্সন মেপ’(Mercator projection map) কিন্তু তাতো আছে যথেষ্ট পৰিমাণে দোষ-ত্ৰুটি৷ আফ্ৰিকা, গ্ৰীণলেণ্ড, এণ্টাৰ্কটিকা আদি ঠাইসমূহ এই মানচিত্ৰত বিকৃত ৰূপত উপস্থাপন কৰা হৈছে কিয়নো গোলাকাৰ পৃথিৱীখনক কাগজৰ ২ Dimension(2D) ৰ পিঠিত অবিকল প্ৰতিৰূপ সৃষ্টি কৰাটো অতি কষ্টসাধ্য৷

কিন্ত শেহতীয়াকৈ মাত্ৰ কিছুমাহ পূৰ্বে ট’কিঅ’ৰ কেইঅ’ বিশ্ববিদ্যালয়ৰ স্নাতক ছাত্ৰ হাজিমি নাৰোকাৱাই সুদীৰ্ঘ ৬ টা বছৰৰ কষ্ট আৰু অধ্যৰৱসায়ৰ অন্তত এই সমস্যাৰ সমাধান নিৰ্ণয় কৰি উলিয়াবলৈ সক্ষম হল৷

২০১৬ চনত হাজিমি নাৰোকাৱাই জাপানত অনুষ্ঠিত ’Japan’s good design and award competition’ ত তেওঁ নিজে প্ৰস্তুত কৰা (Narukawa’s AuthaGraph world map) পৃথিৱীৰ মানচিত্ৰ খন উন্মোচন কৰে আৰু তেওঁ সেই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ পুৰস্কাৰ আৰু সন্মান বুটলিবলৈ সক্ষম হয়৷ অৱশ্যে তেওঁ ১৯৯৯ চনতেই এই মানচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছিল৷ ইয়াত তেওঁ পোনপ্ৰথমে এটা গোলকক ৯৬ টা সমান ত্ৰিভুজৰ ভাগত বিভক্ত কৰিছে৷ তাৰ পিছত ক্ষেত্ৰফলৰ অনুপাত বজাই ৰাখি ইয়াক চতুৰ্স্তলক(tetrahedron)লৈ ৰুপান্তৰ কৰি অন্তত আয়তাকাৰ ৰূপ দিছে৷ তেওঁ এনেকৈ মানচিত্ৰ খন প্ৰস্তুত কৰিছে যে মহাসাগৰ আৰু মহাদেশ বিলাকৰ তুলনামূলক প্ৰকৃত আয়তন আৰু সিহতৰ মাজৰ সঠিক দুৰত্ব তথা কৌণিক অৱস্থিতি আদি সকলোবোৰ সম্পূৰ্ণ সঠিক গাণিতিক বিবেচনাৰ ওপৰত আধাৰিত আৰু সেয়ে এই মানচিত্ৰখনে সচৰাচৰ কাগজত দেখা পোৱা মানচিত্ৰবোৰৰ উৰ্দ্ধত গৈ নিজকে সকলোতকৈ শ্ৰেষ্ঠ, নিখুঁত আৰু গ্ৰহণযোগ্য প্ৰমাণ কৰিছে৷ এইখিনিতে এইটো কথাও উল্লেখ কৰাটো উচিত হব যে সচৰাচৰ দেখি থকা সাধাৰণ পৃথিৱীৰ মানচিত্ৰত উপেক্ষা কৰা এণ্টাৰ্কটিকা মহাদেশকো ইয়াত অতি নিখুত ভাৱে কৌশলী প্ৰয়োগেৰে সামৰি লোৱা হৈছে৷

উল্লেখযোগ্য যে, এই আয়তাকাৰ মানচিত্ৰ খন প্ৰয়োজন সাপেক্ষে গোলাকাৰ আৰু চতুৰ্স্তলক(tetrahedron) আকৃতিলৈও পৰিৱৰ্তন কৰি লব পাৰি৷ ২০১১ চনত এই মানচিত্ৰখনক Japanese National Meusium of Emerging Science and Innovation(Miraikan)-এ তেওঁলোকৰ অফিচিয়েল মেপিং টুল হিচাপে গ্ৰহণ কৰে আৰু শেহতীয়াকৈ জাপানৰ স্কুলীয়া পাঠ্যক্ৰমতো এই মানচিত্ৰৰ সংযোজন আৰম্ভ কৰা হৈছে৷

■■■

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!