পথৰ দাঁতিত; মূলঃ জীৱনানন্দ দাস
অনুবাদঃ কলচুম বিবি
পথৰ দাঁতিত মেকুৰী এটা পৰি থকা দেখিলোঁ,
আস্তে আস্তে চটফটাই মৰিবলৈ ধৰিছে;
কিয় এই মৃত্যু?—অল্পবয়সৰ এই প্ৰাণীটিৰ?
তাক ঘেৰি কোনো জনতা নাই,
অলপমান কলৰবো নাই, তাৰ মৃত্যুক লাহে লাহে ভালপোৱাৰে ডুবাই দিয়াৰ বাবে
মেকুৰীটো তাৰ শৰীৰৰ সমস্ত বগা-ক’লা ৰঙেৰে সৈতে
মুহূৰ্ত্তৰ ভিতৰত মোৰ মনৰ ভিতৰৰ চিন্তা হৈ পৰিল।
তাৰ নিজান অদ্ভুত শৰীৰৰ সমস্ত বগা-ক’লা ৰং লৈ
মোৰ কবিতাৰ ভিতৰলৈ আহিল;
ক’লে, ‘ইয়াতকৈ অসাধাৰণ দাবী কোনোদিনে নকৰোঁ আৰু মই।’
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments
