“পাগলী”

পাগলী

-সদ্য মুক্তিপ্ৰাপ্ত অসমীয়া ছবি “পাগলী” পৰিয়ালৰ সকলোৱে একেলগে উপভোগ কৰিব পৰা এখন সুন্দৰ ছবি৷ চলচ্চিত্ৰ সমালোচক হিচাপে নহয়, এজন সাধাৰণ দৰ্শক হিচাপে ছবিখনৰ সম্পৰ্কে কিছু কথা উল্লেখ কৰিব বিচাৰিছোঁ৷ এক সুন্দৰ কাহিনীৰে ছবিখনত নাৰীশক্তি আৰু প্ৰেমৰ যোগাত্মক শক্তিক সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছে৷ চলচ্চিত্ৰখনত আইটেম ছঙৰ লগতে ভিন্নধৰ্মী সঙ্গীতৰ স্বাদ দৰ্শকসকলে লাভ কৰিব৷ লগতে, নেপথ্য সংগীতে চলচ্চিত্ৰখনক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে৷

pagli_buljit-buragohainবিশেষকৈ গীতসমূহত কলা-কুশলীসকলৰ সাজ-সজ্জা অতি আকৰ্ষণীয় হৈছে৷ ইয়াৰ উপৰি সাজ-সজ্জাসমূহ শালীনভাৱে প্ৰদৰ্শন কৰা হৈছে৷ পাগলী ছবিখনত বলীউদৰ লগত ফেৰ মাৰিব পৰাকৈ প্ৰদৰ্শিত একচনেও দৰ্শকসকলৰ মন মুহিবলৈ সক্ষম হ’ব৷ প্ৰস্তুতি পৰাশৰ, নয়ন নিৰ্বাণ, ধ্ৰুৱজ্যোতি দাসৰ লগতে আন শিল্পীসকলেও সুন্দৰ অভিনয় কৰিছে৷ ধেমাজিৰ সু-সন্তান, ছবিখনৰ প্ৰযোজক ৰূপজ্যোতি বৰাই ধেমাজিৰ স্থানীয় কলা-কুশলীসকলকো অভিনয়ৰ সুযোগ প্ৰদান কৰিছে আৰু সেইসকল শিল্পীয়েও মন পৰশা অভিনয় কৰিছে৷

পাগলী কথাছবিৰ ফে’ছবুক পৃষ্ঠা: http://www.facebook.com/Paglee-337515106609045/

-ড° বুলজিৎ বুঢ়াগোহাঁই,
সহকাৰী অধ্যাপক,
যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ,
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী,
গুৱাহাটী-৭৮১০১৭, অসম৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!