“গানে কি আনে” (-প্ৰাণজিৎ বৰুৱা)

০ “গানে কি আনে” নামৰ চিনেমাখন চালোঁ৷ গতিকে নোচোৱাসকলে সুধি আছে ভাল হৈছে নে বেয়া হৈছে৷ তাৰ উত্তৰ পোনপটীয়াকৈ নিদিওঁ৷ চিনেমাখন চোৱাৰ পিছত আমি চাবলৈ যোৱা পাঁচজন বন্ধুৰ মাজত, চিনেমাখনৰ সন্দৰ্ভত পোন্ধৰ মিনিটমান সময় আলোচনা সমালোচনা চলিল৷ প্ৰায় গৰিষ্ঠকেইজনৰ মতে জুবিন দাৰ অভিনয় ভাল হোৱা নাই৷ জুবিন দাই গানত মন দিয়া উচিত৷ অসমীয়া ‘হিমেশ ৰেচমীয়া’ হোৱাৰ কোনো দৰকাৰ পৰা নাই৷ কথাখিনি জুবিন দাৰ অনুৰাগীসকলৰ মাজৰ পৰাই আহিছে ৷ গতিকে ইয়াত বিতৰ্ক কৰি লাভ নাই৷ দুজন মানে কৈ আছে, জুবিন দাৰ সলনি যদি ইয়াত বেলেগ কোনোবাই অভিনয় কৰিলে হয়, তেন্তে আৰু বেছি ভাল হ’ল হয়৷ কিন্তুু কথাবোৰ এনেকুৱা নহয়৷ আচলতে জুবিন দা নোহোৱা হ’লে হয়তো প্ৰথম আৰু দ্বিতীয় দৰ্শনী হাউচ ফুল হোৱাৰ দৰে ঘটনাও নঘটিল হয়,অন্ততঃ আজিৰ দিনত অসমীয়া চিনেমা এখনৰ ক্ষেত্ৰত৷ কথাটো সেইটোহে, জুবিনদাৰ যি জনপ্ৰিয়তা তাৰ বাবেই “গানে কি আনে” হিট হ’ব৷ এয়া এজনৰ মত৷ কথাটো নুই কৰিব নোৱাৰি৷ বাকী অভিনয়ৰ কথা এৰোঁ৷ জুবিন দাৰ যি ক্ৰেজ, সেই থৰঙা অভিনয়েই ভাল লগা হৈ পৰে। নহলেনো”জানো জানো ময়ো জানো” গীতটিত জুবিন দাৰ হাত জোকাৰি কৰা সেই অদ্ভুত নৃত্য দেখি, জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰে কিৰিলি পাৰেনে? চিনেমাখনৰ আৰম্ভণিতে উল্লেখ কৰা এখন বলিউডৰ চিনেমাৰ প্ৰভাৱ পৰা কথাটোৱে, অলপমান চোৱাৰ পাছতে কাহিনীটো যে প্ৰায় সকলোৰে চিনাকিৰ দৰে লাগিব সেইটো নিশ্চিত৷কিন্তু তেনে হ’লেও কাহিনীটোৱে শেষত চিনেমাখনৰ নামটোক সুন্দৰভাৱে প্ৰতিফলিত কৰিবলৈ সক্ষম হয়৷ গানে কি আনে,গানে খ্যাতিৰ আনন্দ, সংঘাত, প্ৰেম, জনপ্ৰিয় হোৱাৰো যে কি কি চাইড এফেক্ট আছে সকলোবোৰকে সানে, টানে!

gaane-ki-aane1_pranjit-baruah
“গানে কি আনে”ৰ সকলোতকৈ ভাল লগা দিশ ইয়াৰ গীতসমূহ৷ মহালক্ষ্মী আয়াৰৰ কণ্ঠত যেতিয়া “শালিকী পুৱা ৰদালি নামে” গীতটি পৰিণীতাৰ মুখেৰে ওলাই,হলটোত থকা সকলোৰে মুখেৰে ওৱাও বুলিয়েই ওলাই আহে আপোনা আপুনি৷ এনেকুৱা গীত হয়তো বহু বছৰৰ মুৰত শুনাৰ সৌভাগ্য ঘটিব অসমীয়া দৰ্শকৰ ৷ চিনেমাখনৰ বাকীকেইটা গীতেও আকৰ্ষণ কৰিব সকলোকে৷ বিশেষকৈ “জানো জানো” গীতটোৱে যে বহুতো দৰ্শকক চিনেমাখন চাবলৈ টানি আনিছে সেয়া একেবাৰে নিশ্চিত৷ এয়া চিনেমাখনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এটা যোগাত্মক দিশ।
চিনেমাখনত সকলোতকৈ ভাল লাগিল পৰিণীতা বৰঠাকুৰৰ অভিনয়৷ ইমান সুন্দৰ অভিনয়, এক্সপ্ৰেছন একেবাৰে যে অকৃত্ৰিম,  সকলোৱে কবলৈ বাধ্য ৷ কিছুমান দৃশ্যপট বহু দিনলৈ মনত ৰ’ব৷ যেনে বিবাহৰ পাৰ্টিত নীলাভ জোনাকক অনুৰাগীবোৰে সাৱটি বিদায় জনাওঁতে, মধুমিতাই যেনেকৈ পোৰণিত আন এজনীক জোৰকৈ সাৱটি কয়-“তুমিও সাৱটি যোৱা আকৌ৷”- হা হা, লগৰ এজনৰ মতে সেয়া হেনো পিউৰ অসমীয়া বোৱাৰীৰ লক্ষণ ! মিছা নহয়- চিগাৰেটটো হাঁহি হাঁহি আঁতৰাই অনাটোও যে এটা কলা, সেয়া সুন্দৰকৈ ফুটাই তোলা হৈছে৷ চিনেমাখনত ৰিম্পী দাসৰ ‘হট’ মুহূৰ্তবোৰ যুৱচামক আকৰ্ষিত কৰিবৰ বাবেই দিয়া হৈছে যেন লাগিল যদিও,সেয়া অসমীয়া চিনেমাৰ ক্ষেত্ৰত সীমাৰ ভিতৰতে আছে (মছলা অলপ লাগিবই যিহেতু )৷ হিৰু দা (H D ) মানে হিৰণ্য ডেকাৰ ‘এণ্ট্ৰি’ বঢ়িয়া হৈছে ৷ ভাল আমোদ দিছে৷
শেষত এক্সন খিনিয়েও দৰ্শকক অলপমান আমোদ দিয়ে৷
মুঠৰ ওপৰত ক’বলৈ হ’লে,মনোৰঞ্জন দিয়াত ” গানে কি আনে”ই কৃপণালি কৰা নাই। দুই এটা খুটি-নাটি বাদ দি চিনেমাখন চাব পৰা হৈছে৷
এই সকলোখিনি কথা মোৰ একেবাৰেই ব্যক্তিগত৷ সকলোৰে ৰুচি ভিন্ন হোৱা স্বাভাৱিক৷ ভাল লগা বেয়া লগাও বেলেগ বেলেগ হ’ব পাৰে৷ মই সমালোচনা কৰিবলৈ যোৱা নাই৷ ৷ আপোনালোকে আনৰ সমালোচনাৰ ওপৰত নিৰ্ভৰ কৰি চিনেমাখন নোচোৱাকৈ নাথাকিব- উপভোগ কৰক,অসমীয়া চিনেমালৈ ভাল দিন আহক৷ “গানে কি আনে”ই সফলতা লভক৷
-অল দ্য বেষ্ট৷ উইছ এ ভেৰি গুড লাক টু “গানে কি আনে” টিম।০

****

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!