প্রিয়জনলৈ চিঠি (- নিৰ্মালী বৰঠাকুৰ )
প্রিয়জনলৈ চিঠি – নিৰ্মালী বৰঠাকুৰ
মৰমৰ জীৎ
বহুত দিন হ’ল তোমাৰ খবৰ নোপোৱাৰ… মানে নোলোৱাৰ । কি কৰিবা… ব্যস্ততাৰ মাজেত সময়বোৰ যে কেতিয়া ফিৰিঙতি হৈ উৰি গ’ল গমেই নাপালো ।পুৰনি কথাবোৰ আজি বৰকৈ মনত পৰিছে…কেলেণ্ডাৰ চাই গম পালো আজিৰ দিনটোতে তুমি আতৰি গৈছিলা আমাৰ পৰা…!!! জীৎ, দিনবোৰ হঠাতে পাৰ হৈ গ’ল…তোমাক কিছুমান কথা কবলৈ ,সুধিবলৈ থাকি গ’ল… জানানে, মোৰ মুখত বয়সৰ আচোঁৰ পৰিছে…!!!তোমাৰো চাগে ডাঢ়িবোৰ পকি গৈছে নহয় ??কিন্তু তোমাৰ সেই ৩০ বছৰৰ আগৰ চেহেৰাটোহে মোৰ চকুৰ আগত,মনৰ দাপোনত ভাসমান হৈ আছে ।
জীৎ, মনত পৰেনে তোমাৰ,আমাৰ সেই প্রথম লগ পোৱাৰ কথা ? মই তেতিয়া মেট্রিকৰ ডেওনা পাৰ কৰাই নাছিলো !তুমি যে মোক পঢ়ুৱাইছিলা !!!পঢ়ুৱাই থাকোতে যে এদিন মনে মনে মোৰ হাতখনত ধৰি কৈছিলা-“মই তোমাক ভাল পাওঁ নীতা!”তোমাৰ এই কথাষাৰেই মোৰ জীৱনৰ গতি যেন সলনি কৰি দিছিল৷ইমান কম বয়সতে তোমাৰ পৰা প্রেমৰ প্রস্তাৱ পাই মই দিক-বিদিক হেৰুৱাই পেলাইছিলো ।ঘৰত কথাটো জানিব পাৰি মোক শাসন কৰিছিল কিন্তু ইতিমধ্যে মই সিদ্ধান্ত লৈ পেলাইছিলৌ ৷মোৰ এটাই ভুল হৈছিল, ইমান কম বয়সতে মই তোমাকমোতকৈও বেছি ভালপাই পেলাইছিলো … সেইকাৰণে মা-দেউতাৰ হেজাৰ বুজনি-চকুপানীৰ বাধা নেওচি মই তোমাৰ লগত গুছি আহিছিলো…
জীৎ, ক’ব লাগিব ,তুমি মোক বহুত সুখ দিছিলা ।আমাৰ সংসাৰলৈ দুটি সন্তানো আহিছিল ।আমি সুখী আছিলো আমাৰ সৰু সংসাৰখনত। কিন্তু তোমাৰ চাকৰিৰ স্থান বদলি হোৱাত তুমি ডিব্রুগড়ত থাকিবলৈ ল’লা আৰু মই ল’ৰা-ছোৱালীহালৰ সৈতে মঙ্গলদৈত ।তথাপিও সময় উলিয়াই তুমি আহিছিলা আৰু তুমি লগত থকা কেইদিন আমাক মৰমেৰে ওপচাই তুলিছিলা । লাহেলাহে তোমাৰ অহাতো কমি আহিছিল ৷তুমি যেন সলনি হৈছিলা…মোৰ অজানিতে…মোৰঅলক্ষিতে!! তোমাৰ শৰীৰৰ সুগন্ধই মোক তুমি অহাৰ বতৰা দিছিল… সেই চিনাকী গোন্ধটোৱেই তুমি সলনি কৰি দিলা !!!!
জীৎ,মই ভাবিবই পৰা নাছিলো তুমি মোতকৈ বেছি কাৰোবাক ভালপাব পাৰিবা বুলি!! মই তোমাক কি দিয়া নাছিলো বাৰু ? তুমি তেতিয়াও নিমাত আছিলা আৰু আজিও…!! মোৰ সফলতা তোমাৰ অসহনীয় হৈছিল নেকি? বিয়াৰ পিছত ইমান কষ্ট কৰি পঢ়া-শুনা কৰি নিজক প্রতিষ্ঠা কৰিছিলো…!!!কিন্তু মইতো কোনো দিনে তাৰবাবে গৰ্ব কৰা নাছিলো !!মোৰ গৰ্ব আছিল তোমাক লৈ …গৰ্বিনী হৈছিলো তোমাৰ ‘পত্নী’ৰূপে…!!তথাপি তুমি মোৰ পৰা আতৰি গ’লা !!ময়ো তোমাক বাধা নিদিলো ৷ কিন্তু দুভৰিৰ তলৰ পৰা যেন এচপৰা-দুচপৰাকৈ মাটিএৰাই গৈছিল… মা-দেউতাৰ ওচৰলৈকো ঘূৰি যোৱাৰ ৰাষ্টা বন্ধ হৈছিল… তোমাৰ ‘পত্নী’ হোৱাৰ সুবাদতে…!!!ল’ৰা-ছোৱালীহালক ‘মানুহ’কৰাৰ সংকল্প লৈছিলো …তুমি বেয়া পোৱা কাৰণে খুলি থোৱা ‘অধিবক্তা’ৰ ক’লা কোটটোৰ জাপকেইটাখুলিছিলো ৷
জীৎ, সদায় তোমালৈ মনত পৰে কিন্তু তোমাক পুনৰ লগ পোৱাৰ, তোমাৰ মুখ চোৱাৰ ইচ্ছা নাজাগে !!!তুমিতো ল’ৰা-ছোৱালী খুব ভাল পাইছিলা ,কিন্তু এবাৰ যি গ’লা, এবাৰো ঘুৰি নাচালা সিহঁত কেনে আছে !!! শুনা জীৎ, ছোৱালীজনী বিয়া দিলো…তাই মুম্বাইৰ ভাল ক’ম্পেনি এটাৰ চীফ একজিকিউটিভঅফিচাৰ…জোৱাঁইও এজন দক্ষ প্ৰশাসনিক বিষয়া ৷ আৰু ল’ৰাটো !! ডাক্টৰ ।বিখ্যাত হাৰ্ট স্পেচিয়েলিষ্ট ড: সুশান্ত কৌশিক মোৰ ল’ৰা…যাৰ ওচৰত তুমি বৰ্তমান চিকিৎসা কৰাই আছা !!! আচৰিত হৈছা নহয় ?? তুমি আজি কিমান দৈন্য চোৱাছোন!!! আজি তুমি তোমাৰ সন্তানৰ কৃতিত্ব দাবী কৰিব নোৱাৰা…সিঁহতৰ সাফল্যৰ অংশীদাৰ হ’ব নোৱাৰা !!! মোৰে শপত সুশান্তক তোমাৰ পৰিচয় নিদিবা ।তোমাৰ স্খলিত চৰিত্রৰ বিষয়ে সিঁহতে একো নাজানে…মাত্র জানে তুমি হেৰাই গ’লা !!!তোমাৰ বিষয়ে জানিলে সিহঁতে তোমাক ঘিন কৰিব, যিটো মই অন্তত: নিবিচাৰো৷ সিঁহতে দেউতাকৰ অভাৱ সহ্য কৰিব পাৰিব কিন্তু এজন স্খলিত ব্যক্তিক পিতৃহিচাপে গ্ৰহণ কৰিব নোৱাৰিব… আৰু মই ?? তুমি মোক যি কষ্ট দিলা তাৰ প্রতিশোধ মই নলওঁ ৷কাৰণ মই তোমাক বহুত ভাল পাইছিলো আৰু হয়তো শেষ নিশ্বাসলৈকে প্ৰথম প্ৰেমৰ প্ৰথম অনুভূতিৰে মোৰ হৃদয় সিক্ত হৈ থাকিব। কিন্তু তুমি ঘুৰিঅহাতো মই নিবিচাৰো ।মই আজি সধৱা নে বিধৱা নে পৰিত্যক্তা সেয়া জুকিয়াই চোৱাৰ শক্তি আৰু মানসিকতা এতিয়া দুয়োটাই মোৰ নাই ।
জিৎ , মই জানো তুমি এতিয়া অকলশৰীয়া… অনাদৃত… অৱহেলিত!!! এসময়ৰ তোমাৰ মোতকৈয়ো আপোনজনে আজি তোমাকঅকলশৰীয়া কৰি এৰি গৈছে!!! এয়া তোমাৰ প্রাপ্য ।যৌৱনৰ প্ৰথম ভুলৰ প্রায়শ্চিত্ত মই কৰিলো !!! দুটি সুযোগ্য গৰ্ভজাত সন্তানৰ লগতে মই আজি আঠজনী অনাথ কিশোৰীৰ মাতৃ – মোৰ সংস্থা, ‘সমাদৃতা’ই শিশু অপৰাধগৃহৰ বিচাৰাধীন কিশোৰীহতৰ পুণৰ সংস্থাপনৰ কাম কৰে ৷ এতিয়া ভগৱানৰ ওচৰত মোৰ এটাই প্রাৰ্থনা-যৌৱনৰ উন্মাদনাত কৰা ভুলবোৰৰ অনুশোচনা কৰিবলৈ তেওঁ যেন তোমাক শক্তি দিয়ে।কুশলে থাকা !!!
ইতি,
নীতা
মঙ্গলদৈ ২৩/৮/২০১২
( বি.দ্ৰ.-আজি পুৱা সুশান্তই নিজৰ কলিগ বিখ্যাত যৌনৰোগ বিশেষজ্ঞ প্ৰবীৰৰ লগত আলোচনা কৰা শুনিবলৈ পালো ৷ সুশান্তৰ জীৎ বৰুৱা নামৰ ৰোগীজন হেনো এইডছ ৰোগতআক্ৰান্ত)