"প্ৰিয় জনলৈ চিঠি"খনৰ উত্তৰ (-ধীৰাজ কলিতা )

“প্ৰিয় জনলৈ চিঠি”খনৰ উত্তৰ ৷ ধীৰাজ কলিতা
মৰমৰ নীতা
প্ৰথমতেই তোমাক অভিনন্দন জনাইছো |সংসাৰৰ প্ৰচণ্ড ধুমুহা জাকক বুকুপাতি লৈ ৩০ বছৰ আগৰ জীত্‍ বৰুৱাৰ পত্নী “নীতা” এতিয়া বিখ্যাত হাৰ্ট-স্পেচিয়েলিষ্ট ডা: সুশান্ত বৰুৱাৰ মাক “নীতা বৰুৱা” হোৱাৰ বাবে |চিঠিৰআখৰবোৰ দেখি অনুমান কৰিব পাৰিছাই ছাগে সোঁহাতৰ আঙুলি কেইটা মোৰ কেনেকে কঁপিছে |তুমি কোৱাৰ দৰে বগা বিছনা ছাদৰ এখনত কুচি-মুচি পৰি থকা এসময়ৰ “নীতা”ৰদুৰ্ঘোৰ প্ৰেমিক এতিয়া অকলশৰীয়া,অনাদৃত,অৱহেলিত |অনাদৃত আৰু অৱহেলিতৰ কথা নকওঁ কিন্তু অকলশৰীয়া কৰিছে মোক, তোমাৰ দৰে কলাকোট পিন্ধা কেইজনমান মিছলীয়াই |তোমাৰ চিঠিখনৰ প্ৰতিটো শব্দই মোক হুলে বিন্ধাদি বিন্ধিছে,নীতা |কথাবোৰনকলে পাপে চুব |”বিধিৰ বিপাক”|টকাৰ মোহত ভাৰসাম্য হেৰুৱাই মোৰ চৰিত্ৰৰ স্খলন হোৱা কথাটো মই মুৰ দোৱাই স্বীকাৰ কৰিছো |মোৰ কু-কৰ্মৰ কথা জানিও তুমিমই নেদেখাকৈ লুকাই লুকাই কান্দিছিলাহে মাথো,এবাৰ যদি মোৰ কাৰ্য্যৰ প্ৰতিবাদ কৰিলাহেতেন কিজানি মই এই পথে নাহিলোহেতেন |ভগৱানে আমাক দুয়োকেএকেলগে থাকিব নিদিম বুলিয়েই কিজানি সেই সময়ত মোৰ কামৰ প্ৰতিবাদ কৰাৰ চিন্তাকন তোমাৰ মুৰত সৃষ্টি কৰাই নিদিলে |বাদ দিয়া,এইবোৰ কথা কৈনিজকে দুৰ্বল কৰিব মন নাই |তুমি জানি সুখী হবা নে দুখী হবা নাজানো,আৰেঁআৰেঁ কিন্তু প্ৰায়ে তোমাৰ খবৰ লৈ থাকো |
নীতা,যিমানেই সাৰ-পানীদি যতন নোলোৱা কিয়,টেঙা সচৰ আমজোপাৰ ফল টেঙাই হয় |ডা: সুশান্ত বৰুৱাৰ গাতমোৰ তেজ আছে |গতিকে তাক মোৰ পুত্ৰ বুলি গৌৰৱ কৰাৰ অধিকাৰ মোৰ নথকা নহয় |অইনবেমাৰ কিবা হোৱাহেতেন,তোমাৰ শপত নেওচি “এই ডাক্তৰ জন মোৰ ল’ৰা” বুলি পৰ্দাৰ চিনেমাৰ লেখিয়া সকলোকে চিনাকি কৰাই দিলোহেতেন |আৰু এটা কথা দুধৰ্ষহত্যাকাৰী,বলাত্‍কাৰীক তোমালোকে সেই কলা কোট এটা পিন্ধি চলাহী কথাৰে ক্ষমাকৰি দিয়া , কিন্তু মোৰ দৰে, মানুহৰ সৌন্দৰ্য্য ভাল পোৱা দগাবাজ এজনক ক্ষমাকৰি দিয়াৰ দু:সাহস তোমাৰ নহ’ল |এতিয়া আৰু ক্ষমা কৰি নিদিবা |তোমাৰ ৠণৰ বোজা কঢ়িয়াব পৰা শক্তি আৰু মোৰ দেহত নাই |যি কি নহওক পুত্ৰৰ চকুৰ সন্মুখত শেষচকু মুদিব পৰা কপাল কেইজনৰ ?কিজানি সেই সৌভাগ্য মোৰ কপালত ভগৱানে লিখি থৈছে |
আইজনী আৰু জোৱাঁইক মোৰ মৰম দিবা |সুশান্তক বাৰু চল চাই মইয়েইআশীৰ্বাদ এটা কৰিম |তুমি কুশলে থাকিবা |আজিলৈ সামৰো |কোঠাত সুশান্তআহিছে,কিজানি চেলাইন লব সময় হৈছে
ইতি
তোমাৰ স্বামী
জীত্‍ বৰুৱা

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!