প্লাষ্টিক বনাম প্ৰাকৃতিক — পদ্মজা বৰুৱা

হাতত খুচুৰা পইছা নাছিল, ইফালে প্লাষ্টিকৰ বস্তু বিকা বেপাৰীটো ৰৈ আছে৷ দুপৰীয়া বিছনাত ভাতঘুমটি মাৰিবলৈ যোৱা শহুৰ দেউতাক বোলো দিয়কচোন পঞ্চাশ টকি এটি৷ -’উহ কেলেই লাগে নো..’তেওঁ কৈ উঠিল৷ ’এ বোলো দিয়কচোন৷ লাগে দৰকাৰ এটাত’-তেওঁ ঢাৰিৰ তলৰ পৰা পঞ্চাশ টকীয়া এখন উলিয়াই দিলে৷ লৰালৰিকৈ বস্তুকেইটা লৈ বেপাৰীটোক বিদায় দিলোঁ৷ –কি ল’লি চাওঁ ককৈ… প্লাষ্টিকৰ সৰু বিচনীখন লৈ ডেও পাৰি পাৰি অহা নাতিয়েকক তেওঁ সুধিলে৷ সি বিচনীখন আৰু মই জাবৰ পেলাবলৈ বুলি লোৱা(কি বুলি কয় জানো সেইখন)খন আৰু মহুৰা থ’বলৈ লোৱা সৰু খৰাহিটো তেওঁক দেখুৱালো৷ -’ইস্ অকল পেলাচটিকৰ বস্তুবোৰলৈ বাট চাই থাকিব৷ সেইবোৰ তামোল গছৰ তলত ইমানবোৰ শুকান পাত পৰি আছে কাটি জাবৰ পেলোৱা ঢকুৱা সাজি ল’ব পৰা নাই?’- তেওঁ ডবিয়াই উঠিল৷ মই বোলো – “এ সেইবোৰ ঘৰতে সাজি ল’লে বিহাৰ আৰু বাংলাদেশৰ বেপাৰীকেইটা কেনেকৈ ধনী হ’ব আকৌ!”
সঁচাই, তামোলৰ শুকান পাতেৰে তামোলনিখন ভৰি আছে৷ আগতে যেতিয়া গাঁওবিলাকত ইমান প্লাষ্টিকৰ প্ৰাৰ্দুভাৱ ঘটা নাছিল আমাৰ মানুহবিলাকে এই তামোলৰ পাতেৰে বহুতো লাগতিয়াল বস্তু সাজি লৈছিল৷ তামোলৰ ঢকুৱাৰ গাড়ীত উঠি খেলাৰ পৰা আৰম্ভ কৰি শুকান পাতবোৰ কাটি চোতাল সৰা ঝাড়ু, ঢকুৱাখন কাটি জাবৰ পেলাবলৈ ব্যৱহাৰ কৰিছিল৷ কেতিয়াবা তামোলৰ শুকান পাতেৰে গা ধোৱা ঘৰটো বা দুঘৰৰ মাজত আঁৰ-বেৰ দি লৈছিল৷ মোৰ পিতাদেউ কেৱল মিস্ত্ৰীয়েই নাছিল, তেওঁ এজন পাকৈত হস্তশিল্পীও আছিল৷ তামোলৰ ঢকুৱাখনকে চাৰিকোণীয়াকৈ কাটি চাহনি তমাল বা বেতৰ সুতেৰে বান্ধি তেওঁ আমাক মহুৰা থ’বলৈ বা তামোলৰ বাকলি আদি পেলাবলৈ সৰু সৰু টুকুৰি সাজি দিছিল৷ গৰমৰ দিনত কেতিয়াবা আয়ে বিচনী ভাগত নেপায়, তেতিয়া তেওঁ তামোলৰ ঢকুৱাকে ধুনীয়াকৈ কাটি বাঁহৰ নাল লগাই বিচনী সাজি লৈছিল৷ আৰু আই শৰাই দিয়াত গোপিনীসকল বহিবলৈও তামোলৰ ঢকুৱা কাটি দিছিল(এতিয়াও দিয়া হয়)৷ এই তামোলৰ পাতেৰে আৰু বহুতো প্ৰয়োজনীয় বস্তু সজাই লৈছিল৷ সময় সলনি হোৱাৰ লগে লগে যেন এইবিলাক আওপুৰণি হৈ পৰিল৷ তাৰ ঠাই ল’লে প্লাষ্টিকৰ সামগ্ৰীয়ে৷ হয়, প্লাষ্টিকৰ বস্তু সহজলভ্য, কম দামতে পোৱা যায়৷ হ’লে কি হ’ব, প্ৰদূষণ বঢ়ায় যে৷
এতিয়া বহু ঠাইত এনে পেলনীয়া বস্তুৰ পৰা প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰাৰ উদ্যোগ গঢ়ি উঠিছে৷ কিন্তু এনে লাগে যেন সিমান জাগৰণ আনিব পৰা নাই৷ আজিকালি গাঁৱত তামোলৰ ঢকুৱা, কলঠৰুৱা আদি উভৈনদী৷ কিন্তু অধিকাংশ গঞাই নাজানে যে এইবোৰৰ পৰা লাগতিয়াল বস্তু উৎপাদন কৰি, সেইবোৰ বিক্ৰী কৰি উপাৰ্জনো কৰিব পাৰি৷ মই ভাবোঁ, উদ্যমী যুৱক-যুৱতীসকলে গাঁওবিলাকতো এনে প্ৰাকৃতিক বস্তুৰ পৰা লাগতিয়াল সামগ্ৰী উৎপাদন কৰা বিষয়টো প্ৰচাৰ আৰু প্ৰসাৰ কৰাত আগভাগ লয় তেতিয়াহ’লে দুয়োপক্ষৰে লাভ হ’ব৷ প্ৰাকৃতিক বস্তুৰ সদব্যৱহাৰ হ’ব, প্লাষ্টিকৰ সামগ্ৰীৰ চাহিদাও কমিব আৰু নিবনুৱাসকলো উপকৃত হ’ব৷ কেৱল যে চাকৰি কৰিয়েই জীৱিকা নিৰ্বাহ কৰিব পাৰি এনেতো কোনো কথা নাই, সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰিও সন্মানীয় জীৱন-যাপন কৰিব পাৰি৷ য’ত পৰ্যাপ্ত পৰিমাণৰ কেঁচামাল পোৱা যায়, য’ত পৰ্যাপ্ত পৰিমাণৰ মানৱ সম্পদ আছে তাত এনেকুৱা উদ্যোগ গঢ়ি তুলিব নোৱাৰি কিয়….!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!