প্ৰসংগঃ অন্ধবিশ্বাস বা তথাকথিত নিয়ম-পৰম্পৰা (ভাৰ্গৱ বৰঠাকুৰ)

বৰ্তমান যুগত বিজ্ঞানৰ অগ্ৰগতিৰ কথা নতুনকৈ নকলেওঁ  হ’ব৷ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈ বিভিন্ন প্ৰকাৰে হলেও বিজ্ঞানৰ বিভিন্ন সৰু-ডাঙৰ আৱিস্কাৰৰ ওপৰত আমি প্ৰতিজনেই নিৰ্ভৰশীল ৷ প্ৰতিবছৰে আমাৰ দেশত লাখে লাখে বিজ্ঞানৰ উচ্চডিগ্ৰীধাৰী, ডাক্তৰ,অভিযন্ত্ৰা হয় ওলায় ৷ কিন্ত আচৰিত কথা এটোযে তাৰ (20-30)% উচ্চশিক্ষিত লোকহে বিজ্ঞানৰ ওপৰত বিশ্বাস ৰাখি বৈজ্ঞানিক মানসিকতাৰে বা বৈজ্ঞানিক দৃষ্টিৰে খোজ দিয়ে ৷ সেইকাৰণে আধুনিক যুগ বুলি কয়ও আমি এতিয়াও অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ডাৱৰৰ তলত…!! বিজ্ঞানমনস্কতাৰ য’তেই স্তব্ধ হৈছে, তাতেই ডাইনী হত্যা, তন্ত্ৰ-মন্ত্ৰ,বাস্তুশাস্ত্ৰ, জ্যোতিষ বিদ্যাৰ দৰে কিছুমান অন্ধবিশ্বাসৰ সৃষ্টি হৈছে ৷ মনোবিজ্ঞানী সকলৰ মতে অতিকৈ ধৰ্মৰ প্ৰতি আকৰ্ষিত মানুহবোৰ বেছি অন্ধবিশ্বাসৰ বলি হ’য় ৷ দেখা যায় বহু ক্ষেএত সমস্যাবোৰৰ সমাধানৰ সূএ বিচাৰি নাপায় মানুহবোেৰ ক’ব নোৱাৰাকৈয়ে অন্ধবিশ্বাসৰ আশ্ৰয় ল’ব লগা হয় ৷ আৰু ক’ব নোৱাৰাকৈয়ে তান্ত্ৰিক,বাবাজী, জ্যোতিষী আদিৰ ঠগৱাজী ব্যৱসায়ৰ মায়াজালত পৰে ৷ লেখক, দাৰ্শনিক Edmund Burke ৰ মতে “Superstition is the religion of feeble mind”                ——-সৌৰজগতৰ গ্ৰহবোৰৰ ওপৰত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় মহলত বহু বছৰৰ আগৰ পৰাই কোটি কোটি টকাৰ ব্যয় সাপেক্ষে  বিভিন্ন পৰীক্ষা-নিৰিক্ষা চলাই আহিছে ৷ টেলিভিচন,বাতৰিকাকত আদিৰ পৰা সকলোয়ে অলপ-বেছি পৰিমাণে কথাবোৰ জানেই যদিও,আচৰিত কথা আমাৰ সমাজৰ অনুমানিক 90% মানুহেই শনি,মংগল,ৰাহু,কেতুৰ নামত পাথৰ,তাবিজ পিন্ধে প্ৰতিকাৰ ল’ব!! জ্যোতিষত জ্যোতিৰ্বিজ্ঞানৰ এটা অংশহে থাকে, যেনে -বিভিন্ন সময়ত আকাশ গ্ৰহ-নক্ষএৰ অৱস্হান,গ্ৰহৰ সময়, বাৰ, তিথি আদিৰ গণনা-এইবোৰ বিজ্ঞানসন্মত ৷ কিন্ত গ্ৰহ, নক্ষএ এইবোৰৰ অৱস্হান, মানুহৰ হাতৰ ৰেখা, পাথৰযুক্ত আঙুঠিৰ আদিৰ লগত মানুহৰ ভাগ্য,শুভ-অশুভ আদি সংযোগ কৰা জ্যোতিষৰ গণনাবোৰ অবাস্তৱ,অন্ধবিশ্বাস ৷
জ্যোতিষী বোৰে ৰাহু,কেতুক গ্ৰহ বনাই তাবিজ, পাথৰৰ এখন লাভজনক ঠগবাজী ব্যৱসায় চলাই আহিছে , যেনে- আপোনাৰ  ৰাহু আৰু শনি বেয়া, শনি বাৰে দিনটো উপবাস কৰক ৰাহুৰ কাৰণে ভাতৰ লগত দালি নাখাব, আপোনাৰ চাকৰিৰ ৰিষ্ট খন্দন কৰিব কাৰণে গাখীৰ একলিটাৰ,ৰঙা বস্ত্ৰৰে ৰাহু-কেতু পূজা কৰক, শনি বাৰে কলা কাপোৰ পৰিধান কৰক, আপোনি যদি পেটৰ অসুখত ভুগিচে “পেটৰত্ন” তাবিজ পিন্ধক, আপুনি সোণকালে ধনী হ’ব যদি বিচাৰিছে “ধন লখমী” গেৰান্টি যুক্ত তাবিজ পিন্ধক ইত্যাদি মানুহৰ আৰ্থিক অৱস্হা চাই  বিভিন্ন বিধান দিয়া দেখা যায় ৷ জ্যোতিষৰ মাহাত্ম্য দেখুৱাব খোজা সকলে এইবোৰৰ সাপক্ষে যি যুক্তিয়েই নিদিয়ক,  এইবোৰ হৈছে অন্ধবিশ্বাস ৷ কথা হ’ল সৌৰজগতত অস্তিত্বহীন ৰাহু, কেতু কি বস্তু ? বিজ্ঞানেতো কেতিয়াও গ্ৰহ বুলি কোৱা নাই!! দেখাযায় জ্যোতিষী বোৰে চন্দ্ৰগ্ৰহণ,সূৰ্যগ্ৰহণ,পূৰ্ণিমা,আমাৱ্শ্যা  আদিত খাব নালাগে বুলি বিভিন্ন অযুক্তিৰ কথাৰে বিধান দিয়ে, তেওঁলোকৰ মতে কিবা “Radiation ” ওলাই বোলে গ্ৰহণৰ সময়ত…!! কেইবছৰমানৰ আগতে ৰাষ্ট্ৰীয় নিউজ চেনেল এটাত এইটো বিষয়ক লয় জ্যোতিষীবোৰৰ লগত দেশৰ বিশিষ্ট বিজ্ঞানী,লেখক,সাংবাদিকৰে দীঘলিয়া  এখন যুক্তি তৰ্ক চলিছিল, মানুহৰ মনৰ পৰা ভ্ৰান্ত ধাৰণাবোৰ আতঁৰাব কাৰণে গ্ৰহন চলি থাকোতেই তেওঁলোকে নিজে খায় দেখুৱাও মনত পৰে ৷ দেখা গৈছিল অযথা কিছুমান কথাৰ বাহিৰে কিন্ত জ্যোতিষী বোৰে কোনো যুক্তিৰে তথ্য দিব নোৱাৰিছিল ৷ চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ এইবোৰ মহাজগতিক পৰিঘটনা, গ্ৰহণৰ সময়ত খাব নল’গা বিষয়টো এটা সম্পূৰ্ণ অন্ধবিশ্বাসৰ বাহিৰে একো নহয় ৷ আৰু সৌৰজগতৰ গ্ৰহবোৰৰ পৰিমন্দল বিভিন্ন প্ৰকাৰৰ গেছেৰে গঠিত ইয়াৰ পৰা কোনো ধৰণৰ বিকিৰণ(Radiation) নহয় ,যিয়ে পৃথিৱীত আঙুঠী পিন্ধা জনক প্ৰতিকাৰ দিব পাৰিব …!! বিজ্ঞানে বহুত আগতেই ইয়াৰ বিশ্লেষনত্মক উওৰ দি থৈছে যদিও  সমাজত গ্ৰহ নক্ষএক লৈ সৃষ্টি  হোৱা অন্ধবিশ্বাসৰ প্ৰৰ্দুভাৱ আজিও  হ্ৰাস পোৱা নাই  ৷ ৰাহু কেতুক গ্ৰহ সজোৱা জ্যোতিষীয়েহে জানে  গ্ৰহ, Radiation ৰ অৰ্থ জ্যোতিষশাস্ত্ৰত বেলেেগ কি আছে ? তেওঁলোকে যিমানেই অপবিজ্ঞানৰ প্ৰচাৰ নকৰক কিয়? জ্যোতিষ কেতিয়াও বিজ্ঞান নহয়,ASTROLOGY আৰু ASTRONOMY দুটা সম্পূৰ্ন বেলেগ বিষয় ৷
পদাৰ্থ বিজ্ঞানী Stephen Hawking ৰ মতে “The reason most scientists don’t believe in astrology is because it is not consistent with our theories that have been tested by experiment.”
জ্যোতিষৰ ওপৰত দিয়া আন কিছুমান মন্তৱ্য এনেধৰণৰ- #Astrophysicist Neil deGrasse Tyson মতে “part of knowing how to think is knowing how the laws of nature shape the world around us. Without that knowledge, without that capacity to think, you can easily become a victim of people who seek to take advantage of you”
লেখক, বুৰঞ্জীবিদ #Meera Nanda ৰ মতে, ” India cannot become a superpower in science, unless it eradicates its various superstitions including astrology”     এইদৰে জ্যোতিষশস্ত্ৰৰ ওপৰত বহুজনে বহু মন্তব্য দি আহিছে ৷ দেশৰ এজন আগশাৰীৰ বিজ্ঞানী Jayant Vishnu Narlikar ৰে জ্যোতিষীবোৰক challenged কৰি এটা Statistical test পাতিছিল,  য’ত দেশৰ 27জন জ্যোতিষীয়ে অংশ গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ  90% গণনাই ভুল বুলি প্ৰমাণিত হৈছিল ৷(http://www.madhyamam.com/en/editorial/2015/dec/19/science-superstitions-and-media    )—ইয়াৰ উপৰিও দূৰ্গা পূজাৰ সময়ত প্ৰয়ে বিতৰ্ক হোৱা এটা বিষয় হ’ল বলি প্ৰথা !! Animal right activists ৰ পৰা সমাজকৰ্মী লৈ বহুতেই বলিৰ বিৰোধিতা কৰা দেখা যায় ৷ পৰম্পৰা বা অন্ধবিশ্বাস যিয়েই নহওঁক কিয়, বলি প্ৰথাক মই একেবাৰেই সমৰ্থন  নকৰো ৷ দেৱী পূজাৰ নামত এটা ৰাজহুৱা স্হানত এটা অসহায় প্ৰাণীক শিৰচ্চেদ কৰাটো আজিৰ যুগত কিমানদূৰ গ্ৰহনযোগ্য? আচৰিত লাগে যেতিয়া  এই হত্যাৰ খেল  চাবলৈ সৰু সৰু ল’ৰা- ছোৱালীবোৰকো নিয়া হয় ! আৰু সেই জীৱন জন্মৰ অৰ্থ বুজি নোপোৱা শিশু বোৰকো বলিৰ কেচাঁ তেজৰ ফুঁট লবলৈ দিয়া হয়… !! সৰুতেই যদি বলিৰ দৰে ভয়ংকৰ হত্যাৰ দিশ্য দেখুৱা হ’য়, কেনেধৰণৰ মানসিকতা সৃষ্টি হ’ব বাৰু ? পৰম্পৰাৰ গইনা লয় দেৱী উপাসনাৰ নামত কিছুমান অসহায় প্ৰাণীৰ কেচাঁ তেজৰ নৈ ৱোৱাই এচামে কিহৰ আশীষ বিচাৰে বুজি নাপাওঁ !! ঘৰত প্ৰায়ে যুক্তিতৰ্ক চলে মোৰ লগত, ইমান ডাঙৰ ডাঙৰ পঢা শুনা কৰা মানুহৰ পৰা পদ্মশ্ৰী বঁটা পোৱা মানুহেও বলি দিয়ে, তই কোন নামানিব!  হয়তো, ইমান উচ্চশিক্ষিত মানুহেই যদি নিজৰ মংগলৰ কাৰণে আন এটা  জীৱৰ তেজেৰে দেৱীক “ঘুচ” দিব যায়,  কি থাকিল আৰু ক’ব…!! আচলতে শিক্ষক,আধ্যাপক,চিন্তাবিদ, ৰাজনৈতিক নেতা আদিক অনুসৰণ কৰা মানুহ বহুত আছে, কাৰণ এইসকলে সাধাৰণ লোকতকৈ বেছি জানে বুলি ধৰা হয় ৷ সেই সকলেই যদি নিজৰ স্বৰ্থ সিদ্ধিৰ বাবে বলি বিধান, জ্যোতিষ, তন্ত্ৰ-মন্ত্ৰৰ আশ্ৰয় লয়, তেন্তে সাধাৰণ মানুহেও নিিশ্চতভাৱে একো বাছ-বিচাৰ নকৰাকৈয়ে এইবোৰক অন্ধভাৱে বিশ্বাস কৰাটো স্বাভাৱিক কথা ৷ কিছুমানে হাহঁ, ছাগলীতে নাথাকি, মঁহৰ দৰে বৃহৎ জন্তকো এৰি নিদিয়ে,,ডাঙৰ জন্ত মানেই দেৱীলৈ যেন এটা ” মোটা ঘুচ”!! পৰম্পৰা বুলিয়েই এইদৰে প্ৰতি বছৰে হাজাৰ হাজাৰ হাহঁ,ছাগলী,মহঁৰ বলি হয়, আৰু বলিশালৰ চাৰিওফালে জুম বান্ধি জীৱশ্ৰেষ্ট বুলি কোৱা মানুহেই ইয়াৰ ৰং চাই থকা দেখা যায় !! এইবাৰো ইয়াৰ ব্যতিক্ৰম আশা কৰিব নোৱাৰি !! এইয়াই একবিংশ শতিকাৰ নিয়ম-পৰম্পৰা নেকি ? এটা যুগৰ অন্ধবিশ্বাসেই আন এটা যুগৰ পৰম্পৰা হয়গৈ৷ ঠিক সেইদৰে বলি হ’ল দেৱী উপাসনাৰ নামত এটা সময়ত চলা অন্ধবিশ্বাস,যি বৰ্তমানৰ পৰম্পৰা… ! সামাজিক সংস্কাৰ অথবা কিছু পাৰম্পৰিক ধ্যান ধাৰণাই মানুহ়ক সমাজোপযোগী অনুশাসনেেৰ বান্ধি ৰাখিব  নিসন্দহে পৰম্পৰা আমাক লাগিবই কিন্ত,  কোনবোৰ পৰম্পৰা আজি আমি বিচাৰো ?  যিবোৰ পৰম্পৰাই সমাজত কুসংস্কাৰ, বিশৃঙ্খলাৰ সৃষ্টি কৰে তেনে পৰম্পৰা আমাক নালাগে!! নিয়ম পৰম্পৰা এইবোৰ মানুহেই সৃষ্টি কৰিছে যিদৰে, মানুহেই সময় সাপেক্ষে বিজ্ঞানমনস্কতাৰে ইয়াৰ সমাধান বা বিকল্প আনিব লািগব ৷ যিদৰে এটা সময়ত সতীদাহ প্ৰথা,নৰবলিৰ দৰে পৰম্পৰাও আতঁৰোৱা হৈছিল ! যোৱা বছৰ বন্ধ কৰা নেপালৰ তিনিশ বছৰীয়া পৰম্পৰা “GADHIMAI FESTIVAL” ৰ উদাহৰণো দিব পাৰি,য’ত বিশ্বৰ আটাইতকৈ বেছি বলি (Animal sacrifice) হৈছিল   ৷     (  http://www.thehindu.com/news/international/animal-sacrifice-banned-in-nepal-festival/article7474680.ece ) প্ৰথম কথা মানুহৰ মানসিকতাৰ পৰিবৰ্তন হ’ব লাগিব,হাতত Smart phone লয় যদি আদিম মানুহৰ দৰে মানসিকতা হয়,তেন্তে প্ৰকৃতাৰ্থত সমাজখন আধুনিক হ’ব জানো ?আমি বিজ্ঞানত পঢিব লাগে বুলিয়েই;Doctor, Engineer হ’ব লাগে বুলিয়েই “বিজ্ঞান” নপঢি, বিজ্ঞানমনস্কতাৰে বস্তুবোৰ চাই সমাজত ঘটি থকা অপবিজ্ঞানৰ ওপৰতো মাত মাতিলেহে অন্ধবিশ্বাসৰ ডাৱৰ আঁতৰিব …!! এইটোও নহয় যে অকল বিজ্ঞানৰ ছাএৰহে বৈজ্ঞানিক মানসিকতা থাকিব লাগে, সমাজৰৰ বিভিন্ন স্তৰৰ(শিক্ষিত-অশিক্ষিত) মানুহৰো বিজ্ঞানমনস্কতা থাকে(থকাতো দৰকাৰ) , তেনে বহুত লোকে বিভিন্ন সময়ত বিভিন্
ন ধৰণে অন্ধবিশ্বাসৰ ওপৰত মাত মতাৰো উদাহৰণ আছে ৷ মানুহৰ মানসিকতাৰ পৰিৱৰ্তন নহ’লে অনাগত দিনবোৰতো বিজ্ঞান- অন্ধবিশ্বাস এটা যুক্তিতৰ্কৰ বিষয় হয়ে থাকিব ৷৷
©ভাৰ্গৱ বৰঠাকুৰ

4 thoughts on “প্ৰসংগঃ অন্ধবিশ্বাস বা তথাকথিত নিয়ম-পৰম্পৰা (ভাৰ্গৱ বৰঠাকুৰ)

  • October 15, 2016 at 1:01 pm
    Permalink

    Yaa right.. I am a supporter of this analysis

    Reply
  • October 20, 2016 at 6:44 pm
    Permalink

    সুন্দৰ আৰু সময়োপযোগী যুক্তিপূৰ্ণ লিখা ৷

    Reply
  • December 5, 2016 at 11:28 pm
    Permalink

    মই একমত

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!