"ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ- অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰখনত এক নৱ-ধনাত্মক সংযোজন" (আৰহান ইনামূল)

এখন দেশৰ বিকাশ আৰু প্ৰগতিশীলতা বহু পৰিমানে নিৰ্ভৰ কৰে দেশখনৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত হোৱা উত্তৰণ আৰু বিকাশৰ ওপৰত। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ বিকাশ হ’বলৈ হ’লে নিতান্তই প্ৰয়োজন হয় গুণগত বিজ্ঞান শিক্ষাৰ প্ৰসাৰতা আৰু অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীক বিজ্ঞান শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাটো। কিন্তু ভাৰতবৰ্ষৰ বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰখনে অদ্যাপি সেই আশাপ্ৰদ গতিশীলতা লাভ কৰা নাই। ইয়াৰ কাৰণ বিচাৰ কৰি চালে প্ৰথমতেই আমাৰ চকুত পৰিব গুণগত বিজ্ঞান শিক্ষাৰ অভাৱ। আজিৰ তাৰিখতো আমাৰ দেশৰ মাধ্যমিক পৰ্যায়ৰ সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীয়েই বিজ্ঞান বিষয়টো মাথো পাঠ্যপুথিকেন্দ্ৰিক ভাৱেই অধ্যয়ন কৰিবলগীয়া হৈছে। কিন্তু বিজ্ঞান এনেকুৱা এটা বিষয় য’ত ব্যৱহাৰিক জ্ঞান আৰু হাতে-কামে কৰি চোৱাৰ প্ৰয়োজন যথেষ্ট বেছি। আজিৰ পৰা কেইবছৰমান আগলৈকে আমাৰ অসমৰ চৰকাৰীখণ্ডৰ বিদ্যালয় সমূহত বিজ্ঞানৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা অথবা ব্যৱহাৰিক পৰীক্ষা-নিৰীক্ষা কৰি চোৱাৰ সুবিধা থকা কথাতো কল্পনাতীত আছিল। অৱশ্যে শেহতীয়াভাৱে চৰকাৰৰ তৰফৰ পৰা কিছুমান বিদ্যালয়ত লেবৰেটৰি নিৰ্মাণ কৰি দিয়াৰ লগতে প্ৰায় সকলো চৰকাৰী বিদ্যালয়লৈ বিজ্ঞানৰ পৰীক্ষাগাৰৰ বিভিন্ন সা-সঁজুলি প্ৰদান কৰা হৈছে। কিন্তু সৰহ সংখ্যক বিদ্যালয়তেই আশানুৰূপ ভাৱে ব্যৱহাৰিক শ্ৰেণীৰ ব্যৱস্থা কৰা আজিলৈকে চকুত নপৰে। ইয়াৰ কেইবাটাও কাৰণ আছে, যেনে -কোনো কোনো বিদ্যালয়ে যদিও বিজ্ঞানৰ পৰীক্ষাগাৰৰ সা-সঁজুলি লাভ কৰিছে কিন্তু তাৰ সৰহভাগ বিদ্যালয়তেই পৰীক্ষাগাৰ নাই অথবা অন্য কোঠাৰ অভাৱ, কোনো কোনো বিদ্যালয়ত পৰীক্ষাগাৰ আছে যদিও প্ৰয়োজনীয় সা-সঁজুলি নাই, আনহাতে কোনো কোনো বিদ্যালয়ত পৰীক্ষাগাৰ আৰু সা-সজুলি সকলো আছে যদিওঁ বিদ্যালয় কৰ্তৃপক্ষই বিভিন্ন কাৰণৰ অজুহাতত ব্যৱহাৰিক শ্ৰেণীৰ ব্যৱস্থা কৰা নাই। যিহেতু অসমৰ মাধ্যমিক পৰ্যায়ৰ প্ৰায় ৮০% ছাত্ৰ-ছাত্ৰীয়েই চৰকাৰী বিদ্যালয়সমূহত অধ্যয়ন কৰে সেয়ে এই কথা অনস্বীকাৰ্য যে সৰহভাগ ছাত্ৰ-ছাত্ৰীয়েই গুণগত বিজ্ঞান শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আছে। কিন্তু এই কথা বৰ আশাজনক যে শেহতীয়াকৈ চৰকাৰৰ তৰফৰ পৰা যথেষ্ট কাৰ্যকৰী হোৱাকৈ বিজ্ঞান শিক্ষাৰ উত্তৰণৰ উদ্দেশ্যি কেইবাটাও প্ৰশংসনীয় পদক্ষেপ লোৱা হৈছে। তাৰ ভিতৰত এটা সচাঁ অৰ্থতেই ধনাত্মক পদক্ষেপ হ’ল “ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ” (MOBILE SCIENCE LABORATORY)।
“ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ”ৰ মূল কেন্দ্ৰবিন্দু হ’ল এখন বাহন- য’ত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ আগত প্ৰদৰ্শন কৰিব পৰা বিজ্ঞানৰ বিভিন্ন পৰীক্ষাৰ সা-সঁজুলিসমূহ সুপৰিকল্পিত ভাৱে ৰখা হয় আৰু বিভিন্ন বিদ্যালয়লৈ সেই বাহনখন লৈ যোৱা হয় যাতে সেই বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলক ব্যৱহাৰিক শ্ৰেণীৰ সোৱাদ দিব পাৰি। সেই বাহনখনৰ লগত পদাৰ্থবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ একোজনকৈ সমল ব্যক্তি প্ৰেৰণ কৰা হয় যাতে ছাত্ৰ-ছাত্ৰী সকলৰ আগত পৰীক্ষা সমূহ কৰি দেখুৱাব পাৰে। এই প্ৰজেক্টটো বিকাশ কৰা হৈছিল “ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, অসম”, UNICEF আৰু ASTEC (Assam Science Technology and Environment Council)ৰ সমূহীয়া সহযোগত। এই ক্ষেত্ৰত মূল অৰ্থ যোগান ধৰা হৈছিল “মুখ্যমন্ত্ৰী সৃজনশীল আঁচনি”(CHIEF MINISTERS INNOVATIVE SCHEME)ৰ অধীনত। “ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ”ৰ বাহনখনৰ মূল ডিজাইনৰ ক্ষেত্ৰত ASTEC’ৰ যথেষ্ট অৰিহণা আছে। বৰ্তমান সময়ত অসমৰ যোৰহাট আৰু কামৰূপ মেট্ৰ’ত পৰীক্ষামূলকভাবে কাৰ্যকৰী হৈ থকা “ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ” অতিশীঘ্ৰেই অন্য জিলা সমূহতো কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে।
২০১৪ চনৰ ১৫ আগষ্টৰ পৰা যোৰহাট আৰু কামৰূপ মেট্ৰ’ত আৰম্ভ হোৱা “ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ” যোৰহাটত RMSA আৰু “যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ”ৰ দ্বাৰা আনহাতে কামৰূপ মেট্ৰ’ত RMSA আৰু “অসম বিজ্ঞান সমিতি”ৰ দ্বাৰা পৰিচালিত হৈ আছে। এই ক্ষেত্ৰত “যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ” আৰু “অসম বিজ্ঞান সমিতি” হ’ল “কাৰ্যকৰীকৰণ সংস্থা” (IMPLEMENTING AGENCY)। আনহাতেদি RMSA’য়ে “বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়” যোগেদি ভ্ৰমণ কৰিবলগীয়া বিদ্যালয়ৰ তালিকা আৰু সময়তালিকা তৈয়াৰ কৰাৰ লগতে সমল শিক্ষক সমূহৰ নিৰ্বাচন , প্ৰশিক্ষণ আৰু নিয়োজিত কৰে। উল্লেখযোগ্য যে এই “ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ”ৰ লগত জড়িত হোৱা সমল-শিক্ষক সকলক গুৱাহাটীত “খৰগপূৰ আই.আই.টি.” তথা দেশৰ আগশাৰীৰ অন্য কাৰিকৰী আৰু বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠানৰ সমল ব্যক্তিৰ জৰিয়তে ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈছে। যোৰহাট জিলাত “ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ” বাহনখনৰ লগতে ইয়াৰ সা-সঁজুলি তথা অন্য প্ৰায়োগিক দিশ সমূহ তদাৰক কৰে ইয়াৰ “ন’ডেল বিষয়া” হিচাপে কাৰ্যৰত “যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ”ৰ “কাৰ্যকৰী কমিটিৰ সদস্য-সভাপতি তথা তত্বাবধায়ক(CURATOR)”  ড° প্ৰণৱজ্যোতি চেতিয়া’ই ।
“ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ”ৰ মূল লক্ষ্য-গোট হৈছে অষ্টম মানৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকল। যদিও অসমত মাধ্যমিক পৰ্যায়ত অনুষ্ঠিত হোৱা বিভিন্ন পৰীক্ষা সমূহৰ লগতে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান বিষয়ত ২০ নম্বৰৰ ব্যৱহাৰিক পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে যাতে বিদ্যালয় সমূহত ব্যৱহাৰিক শ্ৰেণীসমূহৰ ব্যৱস্থা কৰাৰ লগতে ব্যৱহাৰিক পৰীক্ষাৰ দিহা কৰা হয়, তথাপিও আজি পৰ্যন্ত এই কথা ডাঠি কব নোৱাৰি যে সকলো বিদ্যালয়তেই ব্যৱহাৰিক শ্ৰেণী অনুষ্ঠিত হয় অথবা ব্যৱহাৰিক পৰীক্ষা আয়োজন কৰা হয় , যিহেতু অদ্যাপি এই ক্ষেত্ৰত শিক্ষা বিভাগৰ তৰফৰ পৰা কোনো এক্সটাৰনেল পৰ্য্যৱেক্ষকৰ দিহা কৰা হোৱা নাই। সেই দিশটো আগত ৰাখিয়েই “ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ”ৰ দ্বাৰা প্ৰদৰ্শন কৰিব লগীয়া পৰীক্ষা সমূহ এই ধৰনেৰে নিৰ্বাচন কৰা হৈছে যাতে নিৰ্দিষ্ট শ্ৰেণীৰ পাঠ্যক্ৰমত থকা বিষয়বস্তু হওঁক। যাতে বিদ্যালয়ৰ সাধাৰণ পাঠদানত বিজ্ঞান শিক্ষকে-শিক্ষয়িত্ৰী দিয়া বিষয়বস্তুৰ ধাৰণাক ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰিক ৰূপত পৰ্যবেক্ষণ কৰিব পাৰে আৰু লগতে একোখন বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে “ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ”ৰ সমল শিক্ষক-শিক্ষয়িত্ৰী সকলে প্ৰদৰ্শন কৰা পৰীক্ষা সমূহ পৰ্যবেক্ষণ কৰি পিছৰ পৰ্যায়ত তেওঁলোকৰ সুবিধানুযায়ী ছাত্ৰ-ছাত্ৰী সকলক অনুশীলন কৰাব পাৰে।
শেহতীয়াভাৱে লাভ কৰা এক তথ্য মতে ইতিমধ্যে অসমৰ মাত্ৰ দুখন জিলাত কাৰ্যকৰী হোৱা “ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ”য়ে প্ৰায় ৪০,০০০ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিছে। গতিকে এই কথা সহজতেই অনুমান কৰিব পাৰি যে সমগ্ৰ অসমত এই “ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ” আঁচনি কাৰ্যকৰী হ’লে কিমান বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব আৰু লগতে অসমৰ বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰখনলৈ কেনে ধৰণৰ পৰিবৰ্তন আহিব। কিন্তু এই ক্ষেত্ৰত এই আঁচনিৰ লগত জড়িত হোৱা প্ৰতিটো পক্ষৰ প্ৰকৃত সদিচ্ছা আৰু সহযোগীতাৰ বাৰুকৈয়ে প্ৰয়োজন হ’ব। বিশেষকৈ বিদ্যালয় সমূহৰ কৰ্তৃপক্ষৰ লগতে সেই বিদ্যালয় সমূহৰ বিজ্ঞান বিষয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ আগ্ৰহ আৰু সহযোগীতাৰ ওপৰত। সচৰাচৰতে শিক্ষাৰ মানদণ্ড আৰু ফলাফলকলৈ সমালোচনাৰ সন্মুখীন হৈ অহা অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহে “ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ”ৰ জৰিয়তে এক সুন্দৰ সুবিধা পাইছে নিজৰ নিজৰ বিদ্যালয়ত গুণগত বিজ্ঞান শিক্ষাৰ বিকাশ কৰাৰ ক্ষেত্ৰত। কিন্তু তাৰ বাবে চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সক্ৰিয় আৰু স্বতঃস্ফুৰ্ত অংশগ্ৰহণ অতিকৈয়ে প্ৰয়োজন হ’ব।
“ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ”ৰ বাহনখনৰ মূল বাহ্যিক দেহটোত অসম তথা ভাৰতৰ কেইবাগৰাকীও বিজ্ঞানীৰ নাম আৰু ছবি সম্বলিত কৰা হৈছে যাতে ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ বিষয়ে জানিবলৈ সুবিধা পায় আৰু বিজ্ঞানৰ ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত আৰু উৎসাহিত হয়। এইটো নিতান্তই এটা সুন্দৰ চিন্তাধাৰাৰ ডিজাইনিং-কনচেপ্ট বুলিব পাৰি। আনহাতে বাহনখনৰ সামগ্ৰিক পৰিকল্পনা আৰু ডিজাইন এনেদৰে কৰা হৈছে যাতে ই সহজতেই ছাত্ৰ-ছাত্ৰী তথা অন্য সাধাৰণলোকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।
ওপৰত কৈ অহা হৈছে যে অসমত গুণগত বিজ্ঞানশিক্ষাৰ তেতিয়াহে বিকাশ হ’ব যেতিয়া বিজ্ঞানশিক্ষা কেৱল পাঠ্যপুথিৰ ধাৰণাৰ মাজতেই আৱদ্ধ নাৰাখি তাক ব্যৱহাৰিক ভাৱে পৰীক্ষা অথবা পৰ্যবেক্ষণ কৰাৰ সুবিধা ছাত্ৰ-ছাত্ৰী সকলক দিব পৰা যাব। একোজন শিক্ষকে হয়তো বহুত সুন্দৰকৈ বিজ্ঞানৰ কোনো টপিকৰ ওপৰত ধাৰণা ছাত্ৰ-ছাত্ৰীক দিব পাৰে, কিন্তু ছাত্ৰ-ছাত্ৰী সকলৰ সেই বিশেষ টপিকটোৰ ওপৰত সম্পূৰ্ণ দখল তেতিয়ালৈকে অহাটো সম্ভৱ নহব যেতিয়ালৈকে তাক হাতে কামে কৰি চোৱাৰ সুবিধা নাপায়। গতিকে এই ক্ষেত্ৰত আশা কৰা হৈছে যে “ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ”য়ে সেই অভাৱ দুৰ্ কৰিব আৰু অসমত বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰখনত এক ন-দিগন্তৰ সুচনা কৰিব।

One thought on “"ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ- অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰখনত এক নৱ-ধনাত্মক সংযোজন" (আৰহান ইনামূল)

  • October 16, 2016 at 11:14 am
    Permalink

    আপোনাৰ লিখনি টো সম্পূৰ্ণ বাস্তৱভিত্তিক হৈছে ৷ ভাল লাগিল পঢ়ি ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!