প্ৰেমত পৰাৰ জানো বয়স থাকে ?মূল:- বাংলা কবি:- তছলিমা নাচৰিন
অনুবাদ:- অমৃত বৰঠাকুৰ
প্ৰেমত পৰিবলৈ হ’লে এনেকুৱা কিবা নিয়ম আছে নেকি যে বয়স হ’ব লাগিব কুৰি অথবা পঁচিশ ।
প্ৰেমত পৰাৰ বয়স কিমান হ’ব লাগেহে ?
ষোল্লত যেনেকুৱা, তেনেকৈ ষাঠি বছৰতো
সৃষ্টি হ’ব পাৰে প্ৰেমৰ ফল্গুধাৰা ।
ষাঠিৰ উপনীত হোৱাৰ পাছতো
হৃদয়খন প্ৰেমত কম্পিত হ’ব পাৰে
প্ৰেমাৰ্ত আঙুলিবোৰো কঁপিব পাৰে আলিঙ্গনত ।
ষাঠিত উপনীত হোৱাৰ পাছতো
বুকুত প্ৰেমৰ প্লাৱন আহিব পাৰে,
বোকা ফেনেকি পদুম ফুল তুলি অনাৰ
অভিলাস শেষ নহ’ব পাৰে ।
বয়স বাঢ়িলে তুচ্ছ তন্তুৰ সীমাৰেখা
অতিক্ৰম কৰিব পাৰি,
বয়স যিমানে বাঢ়ে, প্ৰেমৰ কণটো পোখাই,
লহপহকৈ আকাশ চুব পৰা বৃক্ষ হৈ যায় ।
বয়স যিমানে বাঢ়ে, মানুহ সিমানে প্ৰেমিক হৈ যায় ।
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments
