পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

৷৷পৰিশিষ্ট-৩৷৷

৷৷ধ্যান-বৰ্ণন৷৷

৷৷তৃতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

মাধৱ মুকুন্দ ৰাম৷

ঘুষিয়ো হৰিৰ নাম৷৷২৮৷৷

পদ৷৷

সংসাৰ সাগৰে তৰা৷

কৃষ্ণৰ চৰণে ধৰা৷৷

দেখিয়ো হৃদয় মাঝে৷

জিনি কাম কোটি সাজে৷৷৩০৩৷৷

চন্দ্ৰক জিনয় কান্তি৷

দশন মুকুতা পান্তি৷৷

কিৰীটি ৰত্নৰ জ্বলে৷

বনমালা শোভৈ গলে৷৷৩০৪৷৷

নয়ন কমল-দল৷

ভ্ৰুৱ যুগ নিৰমল৷৷

নয়ন পঙ্কজ জৌতি৷

উৰে লুলে গজমৌতি৷৷৩০৫৷৷

কুটিল কুন্তলচয়৷

কিৰীটি সুৱৰ্ণময়৷

তিলক কপালে জ্বলে৷

কৰ্ণত কুণ্ডল দুলে৷৷৩০৬৷৷

নাসা তিলফুল সম৷

কম্বুকণ্ঠ মনোৰম৷৷

শ্যামল সুন্দৰ বৰ৷

পীত বস্ত্ৰ মনোহৰ৷৷৩০৭৷৷

পেখিতে মদনে লাজে৷

বহল হৃদয় মাঝে৷৷

মণিময় হেম হাৰ৷

ঝিলিমিলি পেচন্দাৰ৷৷৩০৮৷৷

দাহিনে শ্ৰীবৎস পান্তি৷

অমূল্য ৰত্নৰ কান্তি৷৷

বামে লক্ষ্মী বিতোপনী৷

কণ্ঠত কৌস্তুভ মণি৷৷৩০৯৷৷

চাৰু চতুৰ্ভুজ সম৷

সুবলিত মনোৰম৷৷

কেয়ূৰ কঙ্কণ জ্বলে৷

আৰকত কৰ তলে৷৷৩১০৷৷

শঙ্খ চক্র পদ্ম গদা৷

ধৰিয়া আছন্ত সদা৷৷

সুদীৰ্ঘ আঙ্গুলিচয়৷

চম্পাৰ পাকৰি নয়৷৷৩১১৷৷

ৰত্নৰ আঙ্গুষ্ঠিচয়৷

নখ চন্দ্ৰ প্ৰকাশয়৷৷

সুন্দৰ উদৰে দেখা৷

আৰকত তিনি ৰেখা৷৷৩১২৷৷

নাভি সৰোৰুহ কান্তি৷

ৰত্নৰ কিঙ্কিণী পান্তি৷৷

সিংহ বন্ধ মধ্যদেশ৷

সুন্দৰ মধুৰ বেশ৷৷৩১৩৷৷

বহল নিতম্ব তয়৷

কটি কাঞ্চী ৰত্নময়৷৷

উৰু কৰীকৰসম৷

জানু জন্দ্ৰা মনোৰম৷৷৩১৪৷৷

পদ দুই পদ্মকোষ৷

শুনি নূপুৰ ঘোষ৷৷

চাৰু আঙ্গুলিৰ পান্তি৷

নখ চন্দ্ৰে কৰৈ কান্তি৷৷৩১৫৷৷

দশো আঙ্গুলিৰ মাজে৷

উঝণ্টি ৰত্নৰ সাজে৷

জন্দ্ৰাত হোড়ৰ জ্বলে৷

অৰুণ চৰণ তলে৷৷৩১৬৷৷

ধ্বজ বজ্ৰ পদ্ম যৱ৷

দেখি চিহ্ন মহোৎসৱ৷৷

হেনৰূপে দামোদৰ৷

হৃদয়ৰ অভ্যন্তৰ৷৷৩১৭৷৷

আছন্ত জগত বাপ৷

দৰশনে হৰে তাপ৷৷

তত্ত্ব বাণী হেন জানি৷

চিন্তিয়োক চক্রপাণি৷৷৩১৮৷৷

বৃথা কথা পৰিহৰা৷

হৰি-গুণ-নাম ধৰা৷৷

ক্ষণিক অথিৰ কায়৷

প্ৰাণ কেতিক্ষণে যায়৷৷৩১৯৷৷

তথাপি চেতন নাই৷

কেনে আছা বাট চাই৷৷

জ্ঞানশূন্য মতিহীন৷

কহয় মাধৱ দীন৷৷৩২০৷৷

কলি যুগে গতি নাম৷

জানি তেজা আন কাম৷৷

কৰি মন উপশাম৷

ডাকি বোলা ৰাম ৰাম৷৷৩২১৷৷

৷৷ধ্যান-বৰ্ণন সমাপ্ত৷৷৩৷৷

৷৷পৰিশিষ্ট সমাপ্ত৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!