পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বেক্টেৰিয়া (অচিন্ত বৰঠাকুৰ)

achintya barthakur1পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ শত্ৰু বুলি বেক্টেৰিয়াৰ বদনাম বহুদিনীয়া। মানুহৰ বিভিন্ন খাদ্য বস্তু আৰু পানীৰ ওপৰত আক্ৰমণ কৰি সিবিলাকক অপৰিষ্কাৰ, অৰ্থাৎ খাদ্যৰ অযোগ্য আৰু দুৰ্গন্ধময় কৰি তোলাৰ উপৰি ইহঁত শস্যৰ বীজ আৰু গা-গছৰ অনিষ্ট কৰা, মানুহ আৰু পোহনীয়া জী‌ৱ-জন্তুৰ শৰীৰত প্ৰৱেশ কৰি সাধাৰণৰ পৰা মাৰাত্মকলৈকে বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰা আদি অপকাৰী কামতো সিদ্ধহস্ত। পেলনীয়া সামগ্ৰী অথবা আবৰ্জনাৰ স্তুপৰ পৰা নিৰ্গত দুৰ্গন্ধৰ আঁৰতো বেক্টেৰিয়াই থাকে। বেক্টেৰিয়াৰ অপৰিষ্কাৰ গুণসমূহ ফাদিল কৰাৰ আঁৰত যিদৰে বিজ্ঞানীসকলক জগৰীয়া কৰিব পৰা হয়, একেদৰে বেক্টেৰিয়াক মানুহৰ বন্ধু বুলি ঘোষণা কৰাৰ কৃতিত্বও বিজ্ঞানীসকললৈকে যায়। কিণ্বন প্ৰক্ৰিয়াৰে সুৰা অথবা দৈ, মাখন, চীজ কিম্বা বেকাৰীত কেইবাবিধো খাদ্য সামগ্ৰী প্ৰস্তুতকৰণত, মৰাপাট, শণ আদি সামগ্ৰীৰ পৰা আঁহ আহৰণত, এনজাইম, জৈ‌ৱ অম্ল, সুগন্ধি আতৰ, আদি ৰাসায়নিক সামগ্ৰী প্ৰস্তুতকৰণত, কৃত্ৰিমভা‌ৱে ইনচুলিন, মানুহৰ শৰীৰৰ বাবে প্ৰয়োজনীয় হ’ৰমন আদি তৈয়াৰ কৰাত বেক্টেৰিয়াক বহুলভা‌ৱে প্ৰয়োগ কৰাৰ কথাও বিজ্ঞানীসকলেই প্ৰমাণ কৰি আৰু ব্য‌ৱহাৰৰ দিহা দি আহিছে। মানুহৰ খাদ্যনলীৰ বিভিন্ন অংশত বসবাস কৰি বেক্টেৰিয়াই খাদ্যৰ পাচনৰ ক্ষেত্ৰত অনেকখিনি সহায় কৰাৰ উপৰি শৰীৰৰ ভিতৰতে ভিটামিন তৈয়াৰ কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এইবিলাক আছিল বেক্টেৰিয়াৰ অপৰিষ্কাৰ আৰু পৰিষ্কাৰ কামৰ কথা। পিছে আজি আলোচনা কৰিবলৈ লৈছোঁ অপৰিষ্কাৰ সামগ্ৰীৰ পৰিষ্কাৰকৰণত বেক্টেৰিয়াৰ ব্য‌ৱহাৰৰ কথা।

achinta barthakur 2
শেহতীয়াকৈ, ব্ৰিটেইনৰ মাঞ্চেষ্টাৰ বিশ্ববিদ্যালয়(University of Manchester)ৰ বিজ্ঞানীসকলে দেশখনৰ পিক জিলা(Peak district)ত অৱস্থিত চূণৰ এটি পুৰণি খনিত এক্সট্ৰিম’ফাইল (extremophile) নামৰ এনে এবিধ বেক্টেৰিয়াৰ সন্ধান পাইছে, যি তেজস্ক্ৰিয় আৱৰ্জনাসমূহক ভক্ষণ কৰি এনে আৱৰ্জনাৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ চিন্তাৰ পৰা বিশ্ববাসীক সকাহ দিবলৈ সক্ষম হ’ব পাৰে। ইউৰোপীয় দেশসমূহত তেজস্ক্ৰিয় আবৰ্জনাসমূহক নিষ্পত্তি(Dispose) কৰিবৰ বাবে তেনে বৰ্জ্য পদাৰ্থসমূহক চিমেণ্টৰ কংক্ৰিটৰ মাজত আবদ্ধ কৰি মাটিৰ তলত পুতি ৰখাৰ ব্যৱস্থা অৱলম্বন কৰা হয়, যাতে এইবিলাক সহজে পৰিবেশৰ লগত মিহলি হৈ জী‌ৱজগতৰ অনিষ্ট সাধন কৰিব নো‌ৱাৰে। এইবিলাকৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ ৰেজিন, ৰাসায়নিক পঙ্ক, নিউক্লীয় ইন্ধনৰ ধাতবীয় আৱৰণ আৰু ৰিয়েক্টৰত ব্যৱহৃত কিছু অন্যান্য সামগ্ৰী আদি উল্লেখনীয়। পিছে, মাটিৰ তলত ৰখা বাবে সময়ৰ লগে লগে প্ৰাকৃতিকভাৱে কিছু পৰিমাণৰ পানী সেই কংক্ৰিটৰ সংস্পৰ্শলৈ আহে আৰু অতি উচ্চ ক্ষাৰকীয় গুণসম্পন্ন হৈ পৰে। এনে উচ্চ pH মানসম্পন্ন পানীয়ে লাহে লাহে আবৰ্জনাসমূহৰ মাজলৈ প্ৰ‌ৱেশ কৰি সেইবিলাকৰ লগত কিছুমান দীঘলীয়া বিক্ৰিয়া ঘটায় আৰু আইচ’ চেক্কাৰিনিক এচিড (isosaccharinic acid, চমুকৈ ISA) নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰ সৃষ্টি কৰে। এই ISAই বহুবিধৰ অস্থিৰ আৰু বিষাক্ত তেজস্ক্ৰিয় পদাৰ্থৰ সৈতে বিক্ৰিয়া কৰি কিছুমান জটিল যৌগ (Complex compound)ৰ সৃষ্টি কৰিব পাৰে, যিবিলাক পানীত সহজে দ্ৰৱণীয় হয়। এনে দ্ৰাৱ্য পদাৰ্থসমূহ দ্ৰুতগতিত ভূগৰ্ভস্থ জলৰ সৈতে মিহলি হৈ মানুহ, উদ্ভিদ বা অন্যান্য প্ৰাণীৰ খাদ্যশৃংখলত প্ৰৱেশ কৰি এক গুৰুতৰ সমস্যা সৃষ্টি কৰাৰ আশংকাত ভুগিছিল বিশ্বৰ বিভিন্ন ঠাইৰ বিজ্ঞানীসকল। এক্সট্ৰিম’ফাইল নামৰ বেক্টেৰিয়াবিধে এনে উচ্চ ক্ষাৰকীয় পৰি‌ৱেশত অতি সহজে বসবাস আৰু বংশবৃদ্ধি কৰিব পাৰে আৰু আইচ’চেক্কাৰিনিক এচিডক ইহঁতে নিজৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰে। এইবিধ বেক্টেৰিয়াই শ্বসনৰ বাবে অক্সিজেনৰ অভা‌ৱ হো‌ৱা স্থানত বিভিন্ন নাইট্ৰেট বা লৌহ যৌগকো ব্যৱহাৰ কৰিব পাৰে। তেজস্ক্ৰিয় আৱৰ্জনাৰ কংক্ৰিটৰ কক্ষত এইবিধ বেক্টেৰিয়াক মেলি দিলে, ই অতি সোনকালেই অপকাৰী পদাৰ্থসমূহক নষ্ট কৰি এইবিলাকৰ পৰা বিশ্ববাসীৰ প্ৰতি আহিব পৰা ভাবুকিক অতি সোনকালে নিষ্পত্তি কৰিব পাৰিব বুলি আশা কৰা হৈছে। ২০১৪ বৰ্ষৰ ২৫ জুলাই তাৰিখে IMSE নামৰ জাৰ্ণেলখনত এই সন্দৰ্ভত বহুখিনি তথ্য প্ৰকাশ পাইছে যদিও তেজস্ক্ৰিয় পদাৰ্থসমূহৰ ওপৰত এই বেক্টেৰিয়াসমূহৰ ক্ৰিয়া অথবা বেক্টেৰিয়াৰ ওপৰত তেজস্ক্ৰিয় পদাৰ্থৰ প্ৰতিক্ৰিয়া সম্পৰ্কে বহুখিনি অধ্যয়ন এতিয়াও বাকী আছে বুলি জনাইছে বিজ্ঞানীসকলে।

তথ্যসূত্ৰ:-
(১) http://www.nature.com/ismej/journal/vaop/ncurrent/full/ismej2014125a.html#aff1
(২) http://indiatoday.intoday.in/story/bacteria-eats-radioactive-waste-extremophile-bacteria-university-of-manchester/1/382263.html
(৩) http://jebastykiruba.blogspot.in/2010/12/decomposition-of-radioactive-wastes.html

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!