ভূপাল :এ প্ৰেয়াৰ ফ’ৰ ৰেইন – দীপাংকৰ পাঠক

bolsabi_bhupal_DIPANKAR১৯৮৪ চনত মধ্যপ্ৰদেশৰ ভূপালত সংঘটিত হোৱা গেছ দুৰ্ঘটনাৰ ওপৰত নিৰ্মিত এখন ছবি- “ ভূপাল :এ প্ৰেয়াৰ ফ’ৰ ৰেইন” | ছবিখনৰ লগত কেনেবাকৈ সাঙোৰ খাই আছে অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক, লেখক তথা অধ্যাপক সঞ্জয় হাজৰিকাৰ নাম। আজিৰ পৰা ৩০ বছৰ আগতে সংঘটিত হোৱা ভূপালৰ সেই হৃদয় বিদাৰক ঘটনাৰ ওপৰত সঞ্জয় হাজৰিকাই ৰচনা কৰিছিল “ ভূপাল- লেছন্স অব্ এ গেছ ট্ৰেজেডী” নামৰ গ্ৰন্থখন । ২০০৫ চনত এই গ্ৰন্থখন পঢ়িবলৈ পায় চিত্ৰ নিৰ্মাতা ৰবি কুমাৰে । বিশ্ব ইতিহাসত সংঘটিত হোৱা আটাইতকৈ ভয়ংকৰ ৰাসায়নিক দুৰ্ঘটনা তথা ঔদ্যোগিক বিপৰ্য্যয়টোৰ বিষয়ে সঞ্জয় হাজৰিকাই গ্ৰন্থখনত কৰা বিশ্লেষণাত্মক ৰচনাই নিৰ্মাতা ৰবি কুমাৰক অনুপ্ৰাণিত কৰে – সেই দুৰ্ঘটনাক চিত্ৰ ৰূপ দিবলৈ । ভূপালৰ সেই চৰম ট্ৰেজেডীৰ প্ৰকৃত ছবিখন বিশ্ববাসীক দেখুৱাবলৈ আৰু ভবিষ্যতে হ’ব পৰা একে ধৰণৰ দুৰ্ঘটনাৰ বিষয়ে বিশ্ববাসীৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ৰবি কুমাৰে সিদ্ধান্ত লয় । তাৰেই ফচল – “ ভূপাল :এ প্ৰেয়াৰ ফ’ৰ ৰেইন” | যোৱা ৭ নৱেম্বৰত নিউয়ৰ্কত মুক্তি পোৱাৰ পাছত ছবিখন ৫ ডিচেম্বৰত ভাৰততো মুক্তি পাইছে । কিন্তু, “একছন জেকছন” ৰ ধামখুমীয়াত ছবিখনে হয়তো অসমৰ চিত্ৰগৃহ সমূহত পৰিবেশিত হোৱাৰ সূযোগ পোৱা নাই । ছবিখনৰ মূখ্য চৰিত্ৰ সমূহত অভিনয় কৰিছে ৰাজপাল যাদৱ, তন্নিষ্ঠা চেটাৰ্জী, সতীশ কৌশিক আদিয়ে। ছবিখনত হলিউডৰ অভিনেতা কল পেন, মাৰ্টিন শ্বীন আদিয়ে ভূপাল ট্ৰেজেডীৰ সেই অভিশপ্ত প্ৰকল্প- ইউনিয়ন কাৰ্বাইড ইন্ডিয়া প্ৰাইভেট লিমিটেডৰ বিভিন্ন বিষয়ববীয়াৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ উপৰিও এগৰাকী সাংবাদিকৰ চৰিত্ৰ অভিনয় কৰিছে মিচ্চা বাৰ্টনে । ৰবি ৱালিয়াই প্ৰযোজনা কৰা ছবিখনৰ সংগীত এমী মনোনীত বেঞ্জামিন ৱাল্ফিছৰ । ছবিখনৰ “সুন জৰা” শীৰ্ষক গীতটোত কণ্ঠদান কৰিছে অংগৰাগ পাপন মহন্তই ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!